শুৰঁপোক অসমৰ বিভিন্ন জিলাত শালি ধানৰ খেতিত শুৰঁপোকৰ আক্ৰমন পৰিলক্ষিত হয়।শুৰঁপোক নিয়ন্ত্ৰন কৰিবলৈ নিম্নোক্ত ব্যৱস্থাসমূহ গ্ৰহন কৰাৰ বাবে কৃষক ৰাইজক অনুৰোধ জনোৱা হল। উপায়সমূহ হল: এডৰা খেতিৰ পৰা আন এডৰা খেতিলৈ শুৰঁপোকৰ বিস্তাৰ ৰোধ কৰিবলৈ খেতিডৰাৰ চাৰিওফালে পথাৰৰ আলিত মালাথিয়ন ৫ শতাংশ গুড়ি ঔষধ চটিয়াওক। ক্লৰপাইৰিফচ ২০ ইচি নামৰ দৰৱ ২ মিলিমিটাৰ নাইবা কুইনালফচ ২৫ই চি নামৰ দৰৱ ২,৫ মিলিমিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰক।প্ৰতি বিঘাৰ বাবে ৬০-৭০ লিটাৰ এনে দৰৱ মিশ্ৰনৰ প্ৰয়োজন।এই দৰৱ আবেলি পৰত স্প্ৰে কৰক। কীটনাশক দৰৱ প্ৰয়োগ কৰোতে আক্ৰান্ত পথাৰখনৰ চাৰিওফালৰ পৰা মাজভাগলৈ ঘুৰণীয়াকৈ লাহে লাহে আগবাঢ়ি দৰৱ স্প্ৰে কৰক। নিয়মিতভাৱে ধাননিডৰাত দেখা দিব পৰা বিভিন্ন ৰোগ/পোক-পৰুৱাৰ উপস্থিতি পৰ্যবেক্ষন কৰি বিভাগীয় বিষয়া-কৰ্মীৰ পৰামৰ্শ অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহন কৰক।। সৰ্তকতামুলক ব্যৱস্থা হিচাপে কীটনাশক দৰৱ প্ৰয়োগ কৰা পথাৰৰ পানীৰ পৰা ঘৰচীয়া জীৱ-জন্তক আতঁৰাই ৰাখক। সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ কৃষি সম্প্ৰসাৰন সহায়ক,কৃষি উন্নয়ন বিষয়া বা মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক। কৃষি বিভাগ,অসম চৰকাৰ উৎস:দৈনিক অসম