৪০ টা প্ৰযুক্তি উদ্ভাৱন

কাঁহিকুছিৰ উদ্যান শস্যৰ গৱেষণা কেন্দ্ৰৰ প্ৰমুখ বিজ্ঞানী ড° সুনীল কুমাৰ বৰাৰ পৰা জানিব পৰা মতে, বিগত শতিকাৰ নব্বৈৰ দশকৰ পৰাই উদ্যান শস্য গৱেষণা কেন্দ্ৰটোত ছেগা-চোৰাকৈ ফুল সম্পৰ্কে গৱেষণা হৈছিল যদিও ২০০১ চনৰ এপ্ৰিল মাহত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদনত কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰত সৰ্বভাৰতীয় পুষ্প প্ৰযুক্তি প্ৰকল্পৰ কাম আৰম্ভ হয়| এই প্ৰকল্পটোৱে হৈছে উত্তৰ পুৱ ভাৰতৰ ৰাজ্যিক কৃষি বিশ্ব বিদ্যালয় সমুহে অনুমোদন পোৱা একমাত্ৰ প্ৰকল্প| প্ৰকল্পটোৰ অনুমোদনৰ লগে লগে বিজ্ঞানী সকলৰ নিৰলস প্ৰচেষ্টাত ফুলৰ গৱেষণাই অসমত এক নতুন দিগন্তৰ সূচনা কৰে| সম্প্ৰতি কেন্দ্ৰটোত উত্তৰ-পূৱ ভাৰতৰ জলবায়ুৰ লগত খাপ খোৱা ফুলৰ বিস্তৃত গৱেষণা কৰাৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া বুলি জানিব পৰা গৈছে| এই ফুলবোৰ গৈছে- ৰজনী গন্ধা, গ্লেডিঅ’লচ, জাৰবেৰা, এণ্ঠুৰিয়াম, অৰ্কিড, ক্ৰাইছেনথিয়াম, নাৰ্জী, হেলিক’নিয়া, ৱাৰ্ড অব্ পেৰাডাইজ, থলুৱা পাতফুল আদি| অসমত ফুল খেতিৰ উৎকৰ্ষ সাধনত এই গৱেষণা কেন্দ্ৰটোৰ অৰিহণা উল্লেখযোগ্য| ড° বৰাৰ পৰা জানিব পৰা মতে, দুটা দশকৰ আগলৈ বাহাল থকা প্ৰায় ১ কোটি টকাৰ ফুলৰ বজাৰ খন আজি ৫৯.৫ কোটি টকাৰ বজাৰলৈ সম্প্ৰসাৰিত হৈছে| অতীজৰ পৰা নাৰ্জী, পদুম, ভেট আৰু দুই-এবিধ থলুৱা ফুলৰ খেতি কৰা কৃষক সকলে বৰ্তমান গোৱালপাৰাৰ বাহিৰে অসমৰ বজাৰত উপলব্ধ সকলো ফুলৰ খেতি কৰি মুল বজাৰৰ অংশীদাৰ হ’বলৈ সক্ষম হৈছে|

বৰ্তমান এই কেন্দ্ৰটোত নিৰ্দ্ধাৰিত ফুলকেইবিধৰ সংগ্ৰহ, সংৰক্ষণ, পৰিবৰ্দ্ধন আৰু সংসাধনৰ লগতে ইয়াৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰযুক্তি কৌশল উদ্ভাৱনৰ কাম নিৰবিচ্ছিন্ন ভাৱে কৰি থকা দেখা গৈছে| ২০০১ চনৰ পৰা কমেও ৪০ টা প্ৰযুক্তি কাঁহিকুছিৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিছে| লগতে ৰজনীগন্ধা, জাৰবেৰা, গ্লেডিঅ’লাচ, অৰ্কিড, এণ্ঠুৰিয়াম আৰু লিলিয়ামৰ সম্ভাৱনাপুৰ্ণ জাতসমুহ কৃষকৰ বাবে অনুমোদন কৰিছে আৰু ইয়াৰ সম্প্ৰসাৰনৰ কাম কেন্দ্ৰটোৰ গাতে লাগি থকা কৃষি বিজ্ঞান কেন্দ্ৰ, ৰাজ্যৰ কৃষি বিভাগ আৰু প্ৰকল্পত কৰ্মৰত বিজ্ঞানীকেইজনৰ পোনপটীয়া সহযোগিতাৰ ফলত সম্ভৱপৰ হৈ উঠিছে|

এই প্ৰকল্পৰ জৰিয়তে গৱেষণা কেন্দ্ৰটোত হোৱা উল্লেখনীয় কামবোৰৰ ভিতৰত অন্যতম হৈছে প্ৰথম বাৰৰ বাবে আমাৰ দেশত ফুলৰ মাজত শাক-পাচলিৰ মিশ্ৰিত খেতি কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন কৰিব পৰাতো| এই প্ৰযুক্তিৰ ধাৰণাত অন্তৰ্ভুক্ত হৈছে চহৰাঞ্চলত কম পৰিসৰত পৰিপুষ্ট আৰু সৌন্দৰ্য্য বোধৰ সমাহৰ ঘটাই ফুলনি বাগিচা গঢ়ি তোলা, অবতৰীয়াকৈ গ্লেডিঅ’লাচৰ খেতি কৰি লাভৱান হোৱা, লিলিয়াম ফুলৰ প্ৰযুক্তি নিৰ্দ্ধাৰণেৰে শীত আৰু গ্ৰীষ্মকালত ইয়াৰ খেতি কৰা, ৰজনীগন্ধা, জাৰবেৰা, এণথুৰিয়াম আৰু ডেনদ্ৰবিয়ামৰ খেতি অসমত সৰ্বব্যাপী সম্প্ৰসাৰণ কৰা, ফুল খেতিৰ সম্প্ৰসাৰণত ৰাজ্য চৰকাৰৰ বিভিন্ন পৰিকল্পনাত পৰামৰ্শদাতা হিচাপে আগভাগ লোৱা আদি|

লেখক:- অনিল কলিতা

উৎস:- দৈনিক অসম|