ধানৰ আমি বা সৈন্য পোক বা জাকত অহা পলু ধানখেতি আক্রমণ কৰা এবিধ পোক। সাধাৰণতে ছেগা-চোৰোকাকৈ ধানৰ পথাৰত আক্রমণ কৰা এই পোকবিধে কেতিয়াবা বিধ্বংসী ৰূপ ধাৰণ কৰি কৃষক ৰাইজক বিমোৰত পেলায়। একাধিক শস্য ভক্ষণ কৰিব পাৰে বাবে ধানৰ লগতে এই পোকবিধে অন্যান্য শস্যৰ ওপৰতো আক্রমণ কৰে। ভাৰতকে ধৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াকে ধৰি অষ্ট্রেলিয়া মহাদেশত এই পোকৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা যায়। বিগত দশকত দক্ষিণ ভাৰতত সন্ত্রাস সৃষ্টি কৰা এই পোকবিধে পূব ভাৰতত শালিধানত আক্রমণ কৰি কৃষক-বিজ্ঞানীক চিন্তান্বিত কৰি তুলিছে। আৰ্মি পোক চিনাক্ত কৰা অতি সহজ। প্রায় ৪ চেঃ মিঃ দৈর্ঘ্যৰ পূৰ্ণাংগ পোকটোৰ বৰণ ঢৌ-সেউজীয়া, মটিয়া বা মুগা বৰণৰ হয়। পিঠিত দীঘে দীঘে কেতবোৰ আঁচ আৰু ইংৰাজী চি আখৰটোৰ দৰে দুটা দাগ থাকে। এই পোকে পাতৰ আগ, কাষ, ঠাৰিকে ধৰি গুৰিলৈকে নিঃশেষ কৰি খাব পাৰে। সাধাৰণতে ধানৰ কঠীয়াতলীত আৰু মূল পথাৰত পোখা মেলা সময়ত এই পোকে আক্রমণ কৰা দেখা যায়। আৰ্মি পোকে সিঁচি কৰা খেতিত প্ৰধানকৈ আক্রমণ কৰে যদিও ৰোপণ খেতিতো ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে। ন-কৈ ফুটি ওলোৱা পলুবোৰে পাতবোৰ লেৰেলি শুকোৱা ধৰণৰ কৰে আৰু কুটি খায়। এই পোকবিধে তাৎক্ষণিকভাবে দেখা দিয়ে আৰু ৰাতিটোৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰি সৈন্যৰ দৰে এখন পথাৰৰ পৰা আন এখন পথাৰলৈ বিয়পি পৰে। অৱশ্যে পাছৰ সময়ত আক্রমণ কৰিলে খেতিডৰাৰ বৰ অনিষ্ট নহয়। আৰ্মি পোকৰ আক্ৰমণৰ ফলত ২০–১০০ শতাংশ উৎপাদন হ্রাস হ’ব পাৰে। ধানৰ উপৰি এই পোকে কবিজাতীয় শস্য, সৰিয়হ, কুঁহিয়াৰ, চেটেৰীয়া, পাৰা ঘাঁহকে আদি কৰি দূবৰি, কেঞা বন আদি খাই ধ্বংস কৰিব পাৰে। নতুনকৈ ফুটা পলুবোৰে ৰসাল কুমলীয়া পাতবোৰ খায়। পলুবোৰৰ ১৭-৩২ দিনীয় জীৱন চক্ৰত ৫-৬ টা স্তৰ থাকে। তৃতীয় স্তৰৰ পাছৰ পৰা ইহঁত ৰাতি চৰে আৰু দিনত লুকাই থাকে। ডাৱৰীয়া বতৰত পলুবোৰ দিনতো সক্রিয় হৈ থাকে। বয়সৰ লগে লগে পলুবোৰৰ বৰণ সলনি হৈ মুগা ৰংটো স্পষ্ট হৈ উঠে আৰু দুয়োকাষে কাঁচিজোনৰ দৰে ক’লা দাগবোৰ প্রকট হৈ পলুবোৰ ৩৫-৪০ মিঃ মিঃ দীঘল, শেতা বা ডাঠ বৰণৰ ওপৰত নিৰ্ভৰ কৰি পলুটোৰ বিকাশৰ স্তৰ অনুমান কৰিব পাৰি। দীর্ঘদিন ধৰি খৰাঙৰ পাছত অতিপাত বৃষ্টি হ’লে আৰ্মি পোকে বিধ্বংসী ৰূপ ল’ব পাৰে। খৰাং পৰিস্থিতিয়ে এই পোকৰ প্ৰাকৃতিক শত্ৰুবোৰ মাৰি পেলোৱাৰ বাবে এই পোকবিধে ধান গছত আশ্রয় লয় আৰু ধ্বংস কৰিব ধৰে। আৰ্মি পোকে বিধংসী ৰূপ ধাৰণ কৰাৰ মূল কাৰকসমূহ: দীৰ্ঘদিন ধৰি খৰাঙৰ পাছত অতিপাত বৃষ্টি। ধুমুহা-বতাহে এই পোকৰ পখিলাবোৰ ন ন ঠাইলৈ বিস্তাৰিত হোৱাত সহায় কৰে। পোকবিধ গোটেই বছৰজুৰি পথাৰত বিকল্প গছত থাকি বাৰিষা শালি ধানলৈ বিয়পি যায়। প্ৰবল বৃষ্টিপাতে পলুবোৰ মৰাত সহায় কৰে। পথাৰত ধান শেষ হোৱাৰ পাছত পোকবোৰ বিকল্প আশ্ৰয়কাৰী গছলৈ ধাৱমান হয়। পথাৰত নিৰীক্ষণেই এই পোকৰ প্ৰাদুৰ্ভাৱ বহু পৰিমাণে লাঘৱ কৰিব পাৰে। পোকবিধৰ আক্ৰমণ সোনকালে ধৰা পেলাই আশ্ৰয় থলীসমূহ ধ্বংস কৰাত বিশেষভাৱে গুৰুত্ব দিব লাগে। যিহেতু জেঠ মাহতেই এই পোকৰ আৱিৰ্ভাৱ হয়, সেয়ে জেঠ মাহৰ পৰাই পথাৰ পৰিদৰ্শন আৰু নিৰীক্ষণ একান্তই বাঞ্ছনীয়। প্ৰাথমিক নিৰীক্ষণত ইয়াক অপতৃণ যেনে দূবৰি বন, বিনয়বন বা কেঞা বনত আশ্ৰয় লৈ থকা দেখা যায়। ইহঁতে এই অপতৃণবিলাকৰ মধ্যসিৰা পৰ্য্যন্ত ভক্ষণ কৰি পেলায়। অপতৃণবিলাকত এই লক্ষণ দেখা পালেই এই পোকৰ উপস্থিতি নিশ্চিত হ’ব পাৰি। মাটিৰ তললৈ ৬-৯ ইঞ্চি খান্দি চাই লেটাবোৰ দেখা পালেও এই পোকৰ উপস্থিতি নিশ্চিত হ’ব পাৰি। পখিলাবোৰ পোহৰৰ প্ৰতি আকৰ্ষিত হয় বাবে আলোক ফাণ্ড ব্যৱহাৰ কৰি ই বিলাকৰ উপস্থিতি, জনসংখ্যা তথা সম্ভাব্য বিধ্বংসী আক্ৰমণৰ অনুমান কৰিব পাৰি। আর্মি পোকৰ সংহত ব্যৱস্থাপনা পৰম্পৰাগত পদ্ধতি সঘনাই আক্রান্ত অঞ্চলত শস্যাৱৰ্তন কৰি এই পোকৰ প্ৰাদুৰ্ভাৱ হ্রাস কৰিব পাৰি। ফাগুন-চ'ত মাহত দ কৈ হাল বাই থ’লে পথাৰৰ পৰা লেটাবোৰ চৰায়ে খোৱাত সহায়ক হয়। কঠীয়াতলীৰ পৰা অতিৰিক্ত কঠীয়া আৰু আলিবোৰৰ পৰা অপতৃণ ধংস কৰি পেলাব লাগে। কঠীয়াতলীসমূহ পানীৰে বুৰাই দিলে লেটাবোৰ ওপৰভাগলৈ উঠি আহে আৰু চৰায়ে খাব পাৰে। পথাৰত হাঁহ চৰিবলৈ দিলেও এই পোক নিয়ন্ত্ৰণত ৰাখিব পাৰি। পথাৰত জেং পুতি দিলে তাত চৰাই বহি পোকবোৰ খোৱাত সুবিধা হয়। অতিমাত্রা আক্রমণ কৰা অঞ্চলত আৰ্মি পোক বিয়পি পৰাৰ পৰা ৰোধ কৰিবলৈ আক্রান্ত পথাৰখনৰ চাৰিওকাষে দকৈ খাল খান্দি পানীৰে ভৰাই ৰাখিব লাগে। যান্ত্রিক পদ্ধতি আৰ্মি পোকৰ পলুবোৰে পানীত সাঁতুৰিব নোৱাৰে বাবে আক্রান্ত গছজোপাতেই ই আশ্রয় লৈ থাকে। সেয়েহে পথাৰৰ আলিৰে আবদ্ধ পানীত কেৰাচিন তেল (প্রতি হেক্টৰত দুই লিঃ হাৰত) প্রয়োগ কৰি এডাল দীঘল ৰহীৰ দুই মূৰ দুজনে ধৰি খোজ কাঢ়ি ধানগছৰ ওপৰেৰে চলাই গছবোৰ জোকাৰি দিলে পলুবোৰ কেৰাচিন মিহলি পানীত পৰি মৃত্যুমুখত পৰে। মালাথিয়ন ২% পাউডাৰ (প্রতি হেক্টৰত ২৫ কিঃ গ্রাঃ হাৰত) বা ক্লৰপাইৰিফছ পাউডাৰ (১.৫%) পথাৰৰ আলিবোৰত প্রয়োগ কৰিলে পোকবোৰ মৃত্যুমুখত পৰে আৰু কাষৰ পথাৰলৈ বিয়পিব নোৱাৰে। এই পদ্ধতি অতি ব্যয়সুলভ আৰু ফলপ্রসূ বুলি ইতিমধ্যে বিবেচিত হৈছে। ধান ৰোৱাৰ আগত এই পোকবোৰে সঘনাই আশ্ৰয় লৈ থকা পথাৰৰ কাষৰ অপতৃণবিলাক ধ্বংস কৰি পেলাব লাগে। আলোক ফাণ্ড ব্যৱহাৰ কৰিও এই পোকৰ পখিলাবোৰ ধৰি মাৰি পেলাব পাৰি। প্রাকৃতিক শত্ৰত ঘৰুৱা কাউৰী, ঢোৰা-কাউৰী, বগলী, কণামুচৰি, কাঠ-শালিকা, চুতীয়া শালিকাই আর্মি পোকৰ পলুবোৰ ভক্ষণ কৰে। সেয়েহে পথাৰত জেং পুতি দিলে তাত এই চৰাইবোৰ বহি পোকবোৰ খোৱাত সুবিধা হয়। ৰাসায়নিক পদ্ধতি ওপৰত উল্লিখিত পদ্ধতিৰে আৰ্মি পোকৰ আক্রমণ ৰোধিব নোৱাৰিলে ৰাসায়নিক পদ্ধতি অর্থাৎ কীটনাশক দ্রব্য ব্যৱহাৰৰ পথ বাছি ল’ব লাগে। ক্লৰপাইৰিফছ ২০ ই চি (প্রতি হেক্টৰত ২.৫ লিঃ হাৰত) বা কুইনালফছ ২৫ ই চি (প্রতি হেক্টৰত ২.০ লিঃ হাৰত) বা ট্রায়াজফছ। ৪০ ই, চি. (প্রতি হেক্টৰত ১.০ লিঃ হাৰত) বা ডাইক্ল’ৰভছ ৭৬ এছ এল (প্রতি হেক্টৰত ৬০০ মিঃ লিঃ হাৰত) ধাননি পথাৰত গধূলি স্প্রে’ কৰি সুফল পাব পাৰি। প্রতি হেক্টৰত ক্লৰপাইৰিফছ ১.৫% পাউডাৰ অথবা এণ্ডচালফান ৫% পাউডাৰ অথবা এণ্ডচালফান ৫% পাউদাৰ ছটিয়ায়ো এই পোকৰ আক্রমণ ৰোধ কৰিব পাৰি। আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতেই ঔষধ ছটিয়ালে এই পোকৰ পৰা বহু পৰিমাণে ৰক্ষা পাব পাৰি। লেখক: ৰূপজ্যোতি বড়া আৰু লেখিকা: প্রিয়ংকা দত্ত, দৈনিক জনমভূমি।