নিৰামিষাহাৰীসকলৰ বাবে ছয়াবিন এবিধ উত্তম খাদ্য শস্য। ছয়াবিনত শতকৰা ৪০ ভাগ প্ৰ’টিন, ২০ ভাগ উচ্চমানৰ তেল থাকে। তদুপৰি এইবিধ খাদ্য শস্যত প্ৰচুৰ পৰিমাণে ‘বি’ ভিটামিন, থিয়ামিন আৰু ৰাইবোফ্লোৰিন থাকে। সেয়েহে ইয়াক হাড় নোহোৱা মাংস বুলি কোৱা হয়। এই খাদ্য শস্যবিধৰপৰা বিভিন্ন প্ৰকাৰৰ খাদ্য প্ৰস্তুত কৰি খাব পাৰি। কেঁচা সেউজীয়া ছয়ামিন মটৰ মাহৰ দৰেই ব্যৱহাৰ কৰি খাব পাৰি। ইয়াক ছালাদ হিচাপেও খাব পাৰি। ইয়াৰ পৰা গাখীৰ আৰু দৈ তৈয়াৰ কৰিও খাব পাৰি। ৰাসায়নিক পদ্ধতিৰে বহুদিনলৈব পেকেটত সংৰক্ষণ কৰি ৰখা ছয়াবিনৰ আঞ্জাৰ সোৱাদৰ কথা ক’বই নালাগে। আজি এইবিধ উপাদেয় খাদ্য শস্যৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ কোৱা হ’ব- মাটি: - ছয়াবিনৰ খেতি বিভিন্ন ধৰণৰ মাটিত কৰা হয় যদিও সাৰুৱা, পানী বন্ধ নোহোৱা বালিঅঁহীয়া মাটিত ইয়াৰ খেতি ভাল হয়। মাটিত অম্লতাৰ পৰিমাণ ৭ ভাগতকৈ কম থাকিলে বীজ সিঁচাৰ ৭ দিন আগেয়ে প্ৰতি হেক্টৰত দুই টন চূণ প্ৰয়োগ কৰা প্ৰয়োজন। পথাৰ প্ৰস্তুত: মাটিডৰা ৩-৪ বাৰ হাল-বাই-মৈয়াই মিহিকৈ চাহ কৰি পানী ওলাই যাব পৰাকৈ নলা খান্দি ল’ব লাগে। অনুমোদিত জাত - ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ- জে এছ-২, ডি এছ ৭৩-১৬, পি কে ৩২৭+, পি কে ২৭১+, মোটি, কালিটুৰ। ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল- জে এছ-২, পি কে ৭১-২১(অলংকাৰ), অংকুৰ, ইউ পি এছ এম- ১৯, ডি এছ ৭৩-১৬, পি কে ২৭১+, পি কে ২৬২+, পি কে ৩০৮, মোটি, কালিকুট। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চল- ব্ৰেগ, ডি এছ ৭৩-১৬(পুছা ছয়াবিন), মোটি, কালিটুৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চল- ব্ৰেগ, জে এছ-২, অংকুৰ, কালিটুৰ। বৰাক উপত্যকা- পি কে ৩২৭+, পি কে ২৬২+, কালিটুৰ। পাৰ্বত্য পৰিমণ্ডল- ব্ৰেগ, জে এছ ২, পি কে ৭১-২১, অংকুৰ, ইউ পি এছ ১৯, ডি এছ ৭৩-১৬, পি কে ৩২৭+, পুছা ছয়াবিন, কালিটুৰ, পি কে ২৭১+, পি কে ২৬২+, মোটি। বীজ সিঁচাৰ সময় - উত্তৰ পাৰ: মে’-জুন, উজনি অঞ্চল: মে’-জুন, মধ্য অঞ্চল: মে’-জুন, নামনি অঞ্চল: জুন, বৰাক উপত্যকা: এপ্ৰিল-মে’, পাৰ্বত্য অঞ্চল: মে’-জুন। সাৰ প্ৰয়োগ - বিঘাই প্ৰতি ইউৰিয়া ৬.৫ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৩৫.৫ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ ১০.৫ কিলোগ্ৰাম। মনত ৰখা ভাল যে সাৰখিনি মাটিত ছটিয়াই হাল বাই মাটিৰ লগত মিহলাই দিব লাগে, যাতে বীজৰ সংস্পৰ্শলৈ নাহে। বীজৰ পৰিমাণ: আগতীয়া, নিয়মীয়া আৰু অলপ পলমকৈ কৰা জোপোহা জাতৰ ছয়াবিনৰ খেতিৰ(ব্ৰেগ, অলংকাৰ, অংকুৰ, শিলাজিত, পি কে ৩২৭, পি কে ২৭১ আৰু পি কে ২৬২) এবিঘা মাটিৰ বাবে ৮.৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। শেহতীয়াকৈ সিঁচিলে বিঘাই প্ৰতি ১০.৫ কিলোগ্ৰামৰ প্ৰয়োজন হয়। সিঁচাৰ পদ্ধতি - শাৰী-শাৰীকৈ গুটিবোৰ সিঁচিব লাগে আৰু শাৰীৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ আৰু বীজৰ ব্যৱধান ৫-১০ ছেন্টিমিটাৰ হ’ব লাগে। ৪ ছেন্টিমিটাৰ দকৈ বীজবোৰ সিঁচাৰ প্ৰয়োজন। প্ৰতিপালন - বীজ সিঁচাৰ ১৫ দিন পিছত এবাৰ আৰু ৩৬ দিন পিছত এবাৰ বন-বাতবোৰ হাতেৰে উভালি দিব লাগে। পাতত বগোৱা বিছা পোক, পাত মেৰোৱা পোক, গুবৰুৱা পোক আৰু লেছেৰি পোক দমনৰ বাবে ক্লৰ’পাইৰিফাছ ২০ ই চি ঔষধ(১০ মিলিলিটাৰ*১ লিটাৰ পানীৰ লগত মিশ্ৰণ কৰি) ছটিয়াব লাগে। খেতি চপোৱা: বীজ সিঁচাৰ ৯০-১২৫ দিনৰ ভিতৰত গছবোৰ পূৰঠ হ’লে পাতবোৰ হালধীয়া হৈ সৰি পৰে আৰু গছবোৰত ছেঁইবোৰহে থাকে। সেই সময়তহে গছবোৰ কাটি নাইবা গুৰিতে উভালি খেতি চপাব লাগে। উৎপাদন: বিঘাই প্ৰতি ৩-৩.৫ কুইন্টল। লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)