চমু বিৱৰণ

কাঠফুলা নিৰামিষ ভোজনৰ এবিধ উৎকৃষ্ট খাদ্য| অসমৰ জলবায়ুত কাঠফুলা গোটেই বছৰ জুৰি কৰিব পৰা যায়| কিয়নো এই খেতিৰ আৱশ্যকীয় ধান খেৰ আৰু নৰা অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়|

ইয়াৰ খেতি পদ্ধতি সমূহ

কাঠফুলাৰ জাত কেইবাপ্ৰকাৰৰো আছে| অসমত সাগৰীয় শামুকীয়া কাঠফুলা জাতৰ কাঠফুলাৰ খেতি সহজে কৰিব পাৰি| কিন্তু কাঠফুলাৰ বীজ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে ক্ৰয় কৰা উচিত|

প্ৰথমতে এক কিলোগ্ৰাম ধান খেৰ বা নৰা চুটি চুটিকৈ কাটি ল’ব লাগে| কটা খেৰখিনি পানীত এনিশা তিয়াই থ’ব লাগে| পিছদিনা পানীখিনি নিগৰাই পেলাই দিব লাগে| নাইবা ভিজা খেৰ আধা ঘণ্টা মান ভাপত দিব পাৰি অথবা উতলা পানীত সিজাই ল’বও পাৰি| সিজোৱা খেৰখিনি ঠাণ্ডা হ’বলৈ পৰিষ্কাৰ মজিয়াত বা ঢাৰিৰ ওপৰত মেলি দিব লাগে| তাৰ পিছত ৪০*৬০ ছেণ্টিমিটাৰ জোখৰ পলিথিনৰ মোনা এখন লৈ মোনাখনৰ গাত বুটামৰ জোখত সৰু সৰু ফুটা কেইটামান কৰি ল’ব লাগে| সংগ্ৰহ কৰা কাঠফুলাৰ বীজখিনি জৰজৰিয়াৰ কৰি ল’ব লাগে|

এতিয়া পলিথিনৰ মোনাখনত ঠাণ্ডা হোৱা খেৰেৰে ৪ ইঞ্চিৰ এটা তৰপ কৰিব লাগে| তৰপটোৰ ওপৰত এমুঠি বীজ সিঁচিব লাগে| তাৰ ওপৰত খেৰৰ দ্বিতীয়টো তৰপ কৰি পুনৰ এমুঠি বীজ সিঁচি দিব লাগে| এইদৰে মোনাখনত খেৰ আৰু বীজৰ চাৰিটা তৰপ কৰি ওপৰৰ বীজখিনি খেৰেৰে পাতলকৈ ঢাকি দিব লাগে|

তাৰ পিছত মোনাখনৰ মুখখন বান্ধি ১৫ দিন ছাঁত থৈ দিব লাগে| ১৫ দিন পিছত মোনাখন কাটি বা খুলি পেলাই থ’ব লাগে| ৫ দিন পিছত পৈণত হোৱা কাঠফুলা প্ৰথমবাৰৰ বাবে চপাব পাৰি| তাৰ পিছৰ দিনৰ পৰা কাঠফুলাৰ পালেঙত প্ৰতিদিনে প্ৰয়োজন অনুপাতে পানী চতিয়াব লাগে| এনেদৰে ৭ দিনৰ অন্তৰে অন্তৰে দুবাৰ বা তিনিবাৰ খেতি চপাব পৰা যায়| চপোৱা কাঠফুলাখিনি কোঠালিৰ উষ্ণতাত এদিনতকৈ বেছি সময় ৰাখিব নালাগে| ৰিফ্ৰীজেৰেটৰত অৱশ্যে তিনি বা চাৰি দিনলৈ ৰাখিব পৰা যায়| বৰ্তমানে বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা বহুদিনলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থাও আছে|

লেখক:- প্ৰবোধ চন্দ্ৰ শৰ্মা

উৎস:- দৈনিক অসম