১) মৌ-মাখিৰ সঁচ/জাক ধৰি আনি মৌবাকচত ভৰাই বিজ্ঞানসন্মত পদ্ধতিৰে মৌপালন কৰি মৌজোল আহৰণ কৰাকে মৌপালন বোলা হয়৷ ২) মৌ-মাখিৰ প্ৰজাতি: মৌ পালনৰ বাবে মৌ-মাখিৰ দুবিধ পোহনীয়া প্ৰজাতি আছে৷ (ক) ভাৰতীয় প্ৰজাতি: ভাৰতীয় প্ৰজাতি সহজলভ্য৷ এই প্ৰজাতিৰ আদি বাসস্থান দক্ষিন পূৱ এছিয়া বুলিয়েই গণ্য কৰা হয় ৷ এই প্ৰজাতিৰ মৌ বৰ্ত্তমান উত্তৰ পুৱ ভাৰতত পালন কৰা হয়৷ (খ)পশ্চিমীয়া প্ৰজাতি: পশ্চিমীয়া প্ৰজাতিৰ মৌ প্ৰবৰ্ত্তনৰ বাবে আমাৰ কেন্দ্ৰৰ জৰিয়তে চেষ্টা চলাই থকা হৈছে ৷ ৩) মৌ-মাখিৰ সংগঠন: প্ৰবাহ মৌৰ পৰিয়ালত তিনি প্ৰকাৰৰ মৌ থাকে – (ক) ৰাণী মৌ; (খ) কৰ্মী মৌ আৰু (গ) মতা মৌ ৷ (ক) ৰাণী মৌ: ৰাণী মৌৰ প্ৰধান কাম হ’ল মৌ চাকত কণী পাৰি বংশ বৃদ্ধি কৰা৷ (খ) কৰ্মী মৌ: প্ৰজননৰ বাহিৰে কৰ্মী মৌৱে মৌ বাহৰ সকলোবোৰ কাম সম্পাদন কৰে৷ কৰ্মী মৌ বিলাকৰ বয়স অনুযায়ী কৰ্ম বিভাজন হয় ৷ মধু অৱলেহ তৈয়াৰ, পোৱালী বিলাকক খুউৱা, ৰাণীক আহাৰ খুউৱা আৰু ৰাণী শুশ্ৰুষা কৰা , মধুমম তৈয়াৰ কৰা, চাক সজা, মৌবাহ পৰিষ্কাৰ কৰা আদি কামবিলাক ধাত্ৰী মৌ (Nurse bee) য়ে কৰে ৷ তাৰোপৰি মৌবাহটোক শত্ৰুৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব প্ৰতিৰক্ষক মৌ (Guard bee) বিলাকে পালন কৰে ৷ মৌ-বাহৰ প্ৰয়োজনীয় ফুলৰ ৰস আৰু ৰেণুৰ সন্ধান কৰি ৰস, ৰেণু সংগ্ৰহ সংগ্ৰাহক মৌ (Gatherer bee) বিলাকে সম্পাদন কৰে ৷ (গ) মতা মৌ: মতামৌৰ কাম হ’ল ৰাণী মৌৰ লগত সঙ্গমত লিপ্ত হৈ প্ৰজননত সহায় কৰা৷ ৪) মৌ-মাখিৰ জীৱন বৃতান্ত: মৌ-মাখিৰ জীৱন বৃতান্তত চাৰিটা স্তৰ আছে-কণী, পলু, লেটা আৰু পূৰ্ণাঙ্গ৷ ৰাণী মৌ তিনি বছৰলৈ জীয়াই থাকিব পাৰে৷ মতা মৌৰ আয়ুস কাল ৪৫ দিন আৰু কৰ্মী মৌৰ আয়ুস কাল সক্ৰিয় ঋতুত ১-১১/২ মাহলৈকে থাকে৷ ৫) মৌপালনৰ সা-সজুলি: এবাহ মৌ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কিছুমান বিজ্ঞানসন্মত সা-সজুলিৰ প্ৰয়োজন হয় ৷ যেনে : মৌ বাচক থোৱা ষ্টেণ্ড; ওৰণী টুপি; জাল মোনা; হাত মোজা; মৌ ৰস উলিওৱা যন্ত্ৰ আৰু ধোঁৱা ভাটি; ছুৰী কটাৰী ৷ ৬)মৌ-মাখিৰ পৰিচালনা: মৌ পালনৰ সফলতা মৌ বাহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ওপৰত নিৰ্ভৰ কৰে৷ বিভিন্ন ঋতুত পৰিচালনা কৰিবলগীয়া কাৰ্য্যসমূহ হ’ল: বসন্তকালীন পৰিচালনা; গ্ৰীষ্মকালীন পৰিচালনা; জাক উৰুৱা প্ৰতিৰোধ; বৰ্ষাকালীন পৰিচালনা আৰু শীতকালীন পৰিচালনা ৷ বসন্তকালত ফুলৰ প্ৰাচুৰ্য্যতা বৃদ্ধি হোৱাৰ লগে লগে মৌ-বাহ অধিক কাৰ্য্যক্ষম হৈ পৰে৷ সেই সময়ত ৰাণীৰ প্ৰজনন কাৰ্য্য বৃদ্ধি হয়৷ ফলত মৌ-বাহত মৌৰ সংখ্যা বৃদ্ধি পোৱাত কৰ্মী মৌৱে ৰাণী কোষ সাজি নতুন ৰাণী জন্ম দিয়াত ব্যস্ত থাকে৷ বসন্ত কালত প্ৰধানকৈ জাক উৰোৱা ৰোধ কৰা বা মৌ-বাহৰ বিভাজন আৰু মৌ-জোল উৎপাদন কৰাই প্ৰধান কাম৷ এবাহ সৰল মৌৱে নৱেম্বৰ-ডিচেম্বৰ আৰু মাৰ্চ এপ্ৰিলত ৰাণী কোষ সজাত ব্যস্ত থাকে৷ সেয়ে মৌ-মাখিৰ জাক উৰোৱা কাৰ্য্য ৰোধ কৰিবলৈ হ’লে ৰাণি মৌৰ কোষ তৈয়াৰ হোৱাৰ লগে লগে মৌ-বাহটো সঘনে পৰীক্ষা কৰি ৰাণী মৌৰ পুৰঠ কোষ ভাঙি পেলাব লাগে৷ অথবা ৰাণী মৌৰ পুৰঠ কোষৰ লগতে কৰ্মী মৌ-যুক্ত ৪ খন চাক আন এটা বাকচলৈ স্থানান্তৰ কৰিব লাগে৷ বসন্তকালৰ তুলনাত গ্ৰীষ্মকালত মধুস্ৰাৱ বহু পৰিমাণে কমি যায়৷ এই সময়চোৱাত মৌ-বাহ বিলাক প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আংশিক গছৰ ছাঁলৈ স্থানান্তৰ কৰিব লাগে৷ বৰ্ষাকালত ফল-ফুল নথকাত মৌ-মাখিৰ খাদ্য নাটনীয়ে দেখা দিয়ে৷ প্ৰচুৰ আৰু লেঠাৰী নিচিগা বৰষুণে কৰ্মী মৌৰ কাৰ্য্যত যথেষ্ট ব্যাঘাত জন্মায় আৰু লগতে আৰ্দ্ৰতাও বৃদ্ধি পায়৷ আৰ্দ্ৰতা কমাবৰ বাবে মৌ বাকচত বায়ু চলাচল কৰিব পৰাকৈ বিন্ধা কৰি দিব লাগে৷ উক্ত সময়ছোৱাত খাদ্যৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি মৌ-বাহত কৃত্ৰিম আহাৰৰ যোগান ধৰিব লাগে৷ ১ লিটাৰ পানীত ৭৫০ গ্ৰাম চেনী, ১০০ গ্ৰাম মগু মিহি কৰি তাৰ ৰস মিহলাই কৃত্ৰিম আহাৰ তৈয়াৰ কৰি কাচঁৰ ঢাকনিত কপাহৰ লগত তিয়াই তিনি চাৰি দিনৰ অন্তৰে অন্তৰে দিব লাগে৷ শীত কালত মৌ-বাহ অধিক কাৰ্য্যক্ষম কৰিবলৈ হ’লে ছাঁৰ পৰা ৰ’দলৈ মৌ-বাকচটো স্থানান্তৰ কৰিব লাগে৷ শীতকালত শাক-পাচলি, তেল জাতীয় শস্যৰ ফুল ফুলাৰ বাবে মৌ-বাহৰ পূৰ্ণ বিকাশ ঘটাৰ লগতে মৌ-জোলৰ উৎপাদন বৃদ্ধি হয়৷ ৭)মৌ-মাখিৰ বেমাৰ আৰু শত্ৰু নিয়ন্ত্ৰণ: মৌ-মাখিৰ বেমাৰৰ ভিতৰত থাই-চেক্ ব্ৰুড্ (Thaisac brood disease) বেমাৰেই প্ৰধান৷ এই বেমাৰৰ লক্ষণ হৈছে পলুবিলাক শেতা পৰি মূগা বৰণৰ হৈ পাছলে ক’লা পৰি মৰি যায়৷ এই বেমাৰৰ লক্ষণ দেখা পালে প্ৰথলে আক্ৰান্ত হোৱা মৌ-বাহৰ ৰাণীজনী আতৰ কৰিব লাগে ৷ ফলত মৌ-বাহৰ কণী পৰা বন্ধ হয় আৰু কৰ্মী মৌৱে আক্ৰান্ত হোৱা পলু, লেতা সমূহ চাফা কৰাত সুবিধা পায় ৷ দহ পোন্ধৰ দিনৰ ভিতৰত ৰাণী মৌ কাষ তৈয়াৰ কৰি নতুন ৰাণী জন্ম দিয়ে৷ মৌ-মাখিৰ প্ৰধান শত্ৰু হৈছে মম পতঙ্গ, কদো, বৰল, জেঠী আৰু পৰুৱা ৷ মম পতঙ্গৰ মাইকী পখিলাজনীয়ে মৌ-বাহৰ চাকত কণী পৰাৰ পিছত পলু ওলাই চাকৰ ভিতৰত সুৰংগৰ সৃষ্টি কৰি চাকসমূহ নষ্ট কৰি দিয়ে ৷ এই পতঙ্গ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আক্ৰান্ত হোৱা মৌ-চাক সমূহ কাটি পুৰি বা পুতি পেলাব লাগে ৷ জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰে বিটি ফৰমুলেচনৰ দ্বাৰা এই পতঙ্গ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কদোৱে মৌ-বাহৰ যথেষ্ট ক্ষতি সাধন কৰে ৷ জেঠ মাহৰ পৰাই কদোৰ উপদ্ৰৱ বৃদ্ধি হয় ৷ এই সময় ছোৱাত কদো নিয়ন্ত্ৰণৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে ৷ আশে পাশে থকা কদো বাহ বিলাক ভাঙি পোলোৱাৰ ব্যৱস্থা কৰিব লগে ৷ মৌ-বাহলৈ অহা কদো বিলাক মৰিয়াই মাৰিব লাগে ৷ তাৰোপৰি তাঁৰৰ নেটেৰে বাকচৰ সন্মুখ ভাগ আবৰি ধৰাকৈ বান্ধি ৰাখিলে কদোৰ আক্ৰমণৰ পৰা মৌ বাকচটো ৰক্ষা কৰিব পৰা যায় ৷ ৮)মৌৰস আহৰণ: মৌ-মাখিয়ে মৌ-জোল মধুকক্ষত জমা কৰে ৷ মধুকক্ষৰ চাকৰ পৰা মৌবিলাক আতঁৰাই চাক বিলাকৰ ওপৰত থকা আৱৰণখন চুৰী কটাৰীৰে পাতলকৈ কাটি মৌপালন উলিওৱা যন্ত্ৰত ভৰাব লাগে ৷ মৌ পেৰা যন্ত্ৰত চাৰিখন বিচনী সুমুৱাই হেণ্ডেলত ধৰি জোৰেৰে ঘূৰাই দিলে কোষত থকা ৰস চিটিকি ওলাই যন্ত্ৰটোৰ বেৰত খুন্দা খাই তলত জমা কৈ থকা ৰস বাহিৰলৈ ওলায় আহে৷ ৰস উলিওৱাৰ পাছত খালি বিচনীবোৰ পুনৰ মৌবাহৰ মধুকক্ষত বহুৱাই দিব লাগে ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।