স্বাস্থ্যই হৈছে মানৱ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ৷ সু-স্বাস্হ্যৰ অৰ্থ কেৱল বেমাৰ-আজাৰৰ পৰা মুক্ত থকাটোৱেই নহয়৷ লগতে ই শাৰিৰীক, মানসিক আৰু অনুভূতিক সক্ষমতাও বুজায়৷ স্বাস্থ্যৰ লগত খাদ্য বা আহাৰৰ ওতপ্ৰোত সমন্ধ আছে৷ সুস্হ শৰীৰ লাভ কৰিবলৈ হ’লে সুষম আহাৰৰ অতি প্ৰয়োজন আৰু সুষম আহাৰৰ পৰিকল্পনা আৰু গ্ৰহণত শাক-পাচলি ও ফলমূলে প্ৰধানতঃ খদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ যোগান ধৰি আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে ৷ ইয়াৰ অভাৱ, অপৰিমিত বা অসমতা হলে শৰীৰত নানা ৰোগে দেখা দি জটিল অৱস্হাৰ সৃষ্টি কৰে৷ খদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থ সমূহ সতেজ শাক-পাচলিৰ পৰাই আহৰণ কৰিব পাৰি৷ শৰীৰৰ বৃদ্ধি অঅৰু বিকাশৰ বাবে চকু, স্নায়ু আৰু ছাল সুস্থভাৱে ৰাখিবলৈ, হাড় আৰু দাঁতৰ গঠন আৰু সংৰক্ষণৰ বাবে খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন৷ তেজৰ গঠন, শৰীৰৰ বিভিন্ন ক্ৰিয়া যেনে মাংসপেশীৰ সংকোচন, স্নায়ু উদ্দীপনা, শৰীৰটো ৰোগ সংক্ৰমণৰ পৰা নিৰাপদে ৰখাত খাদ্যপ্ৰাণ ও খনিজ পদাৰ্থই সহায় কৰে ৷ ইয়াৰ উপৰিও আহাৰত প্রর্য্যাপ্ত পৰিমাণে আঁহজাতীয় পদাৰ্থ থকা উচিত যিটো শাক-পাচলিৰ পৰাই আহৰণ কৰিব লগা হয়৷ আধুনিক পুষ্টি সম্পকীয় গৱেষণাৰ পৰা পুষ্টিবিজ্ঞানী সকলে মত প্ৰকাশ কৰিছে যে শাক-পাচলি আৰু ফলমূলত খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ ও আঁহজাতীয় পদাৰ্থৰ উপৰিও এনে কিছুমান ৰাসায়নিক পদাৰ্থ (Antioxidant and Phytochemicals) আছে যাক একৈশ শতিকাৰ খাদ্যপ্ৰাণ বুলিব পাৰি ৷ এইবিলাকে কৰ্কট ৰোগ, হৃদৎপিণ্ডৰ ৰোগ আৰু বয়সত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে৷ এনে মূল্যবান পুষ্টিকাৰক শাক-পাচলি ও ফলমূল পতিদিনে প্ৰতিসাজ আহাৰত অন্তভূক্তি কৰাটো অতি প্ৰয়োজনীয়৷ বিভিন্ন শাক-পাচলি বেলেগ বেলেগ পুষ্টিকাৰকৰ উৎস আৰু এইবিলাকে শৰীৰত কিছুমান বিশেষত্বমূলক কাম সমাধা কৰে ৷ সেয়ে আমাৰ আহাৰৰো বিভিন্ন ধৰণৰ বতৰীয়া সতেজ শাক-পাচলি থকা উচিত ৷ খেতিক বতৰৰ ওপৰত ভিত্তি কৰি শাক-পাচলিক গ্ৰীষ্মকালীন আৰু শীতকালীন হিচাপে বিভাজন কৰিব পাৰি ৷ ভেন্দি, জিকা, তিয়ঁহ, লেচেৰামাহ, মৰিচা, ধুন্দুলি, ভোল আদি গ্ৰীষ্মকালীন আৰু ফুলকবি, বন্ধাকবি, ওলকবি, পালেং, লাই, লফা, বাবৰি, চুকাশাক, মুলা, মেথি, বিন, মটৰ, বিলাহী, ধনীয়া, আদি শীতকালীন শাক-পাচলি৷ ইয়াৰ উপৰিও অমিতা, বেঙেনা, ৰঙালাও, পুৰাকল আদি কিছুমান পাচলি বছৰৰ যিকোনো সময়তে পাব পাৰি৷ সকলো শাকপচলিৰে পুষ্টিকৰ মূল্য মনত ৰখা সহজ কথা নহয়৷ সেয়ে পুষ্টিকাৰক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰিও শাক-পাচলি বিলাকক কিছুমান গোটত ভগাই লব পাৰি ৷ যেনে হালধীয়া ও কমলা ৰঙৰ শাক-পাচলি ও ফলমূল ও গাঢ় সেউজীয়া শাক খাদ্যপ্ৰাণ ‘ক’ৰ উৎস৷ উদাহৰণ স্বৰূপে, গাজৰ, পকা অমিতা, খুতৰা, কচুশাক, ধনিয়া, নৰসিংহ পাত চজিনাপাত ইত্যাদি ৷ সেউজীয়া শাক লৌহ পদাৰ্থৰ ও কেলচিয়ামৰো উত্তম উৎস৷ আকৌ সেউজীয়া শাক-পাচলি আৰু টেঙাজাতীয় ফলমূল যেনে – আমলখি, নেমু, মধূৰিআম, কমলা, অনাৰস, বন্ধাকবি, ধনিয়া পাত, কলমৌ শাক, চজিনা পাত খদ্যপ্ৰাণ ‘গ’ ৰ যোগান ধৰে৷ কিছুমান সেউজীয়া শাক-পাচলিয়ে খাদ্যপ্ৰাণ ‘খ’ বৰ্গ, খাদ্যপ্ৰাণ ‘কে’, ফলিক এচিদ আদিৰ যোগান ধৰে ৷ অন্যান্য সকলো সতেজ শাক-পাচলি ও ফলমূল কমবেছি পৰিমাণে আমাৰ প্ৰয়োজনীয় সকলোখিনি খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ আৰু আঁহজাতীয় পদাৰ্থৰ উৎস৷ সেয়ে আমাৰ দৈনন্দিন আহাৰত কিছু পৰিমাণে হালধীয়া ও কমলাৰঙৰ, কিছু পৰিমাণে সেউজীয়া শাক পাত আৰু কিছু পৰিমাণে অন্যান্য শাক-পাচলি থাকিলে আমাৰ শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ হয়৷ সকলোবিলাক শাক-পাচলিৰ ভিতৰত সেউজীয়া পাত জাতীয় শাক-পাচলি অতি পুষ্টিকাৰক৷ এই বিলাক অতি কম দামতে পাব পাৰি আৰু অতি সহজে ঘৰতে কৰিব পাৰি৷ শাক-পাচলি বাছনি কৰোতে মনত ৰখা উচিত যে বতৰৰ শাক-পাচলিত যথেষ্ট পৰিমাণে পুষ্টিকাৰক উপাদান ও উত্তম সোৱাদ থাকে আৰু দামো কম৷ আবতৰীয়া শাক-পাচলি শীতল ভৰালত মজুত কৰি থোৱাৰ বাবে সংৰক্ষণৰ প্ৰক্ৰিয়া কালত পুষ্টিকাৰক গুণাগুণ হ্ৰাস পায়৷ দামো বেচি হয় আৰু সোৱাদো কিছু পৰিমাণে কমি যায়৷ আমাৰ মাজত এটা ভ্ৰান্ত ধাৰনা আছে যে দামী শাক-পাচলি বা ফলমূলহে অধিক পুষ্টিকাৰক৷ পকৃততে কিছুমান খাদ্য সস্তা হলেও অধিক পুষ্টিকাৰক যেনে আপেল বা আঙুৰৰ তুলনাত আমলখি বা মধূৰীআম খাদ্যপ্ৰাণ ‘গ’ অধিক পোৱা যায়৷ সেয়ে এইবিলাক পুষ্টিকাৰক সমন্ধেও সাম্যক জ্ঞান থকা উচিত৷ পৰিপুষ্টি অটুত ৰাখিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত৷ ১) শাকপাচলি কটাৰ আগতে ভাল দৰে ধুই লব লাগে৷ কটাৰ পাছত ধুলে পানীত দ্ৰৱনীয় পুষ্টিকাৰক সমূহ নষ্ট হয় ৷ ২) ৰন্ধাৰ আগে আগেহে শাক-পাচলি কাটিব লাগে৷ বেচি সময়ৰ আগতে কাটি থৈ দিলে বতাহৰ সংস্পর্শতো খাদ্যপ্ৰাণ নষ্ট হয় ৷ ৩) যিমান পাৰি দাঙৰ আকাৰত শাক-পাচলি কাটিব লাগে আৰু কেতিয়াও পানীত তিয়াই থব নালাগে ৷ ৪) ৰান্ধিবৰ কাৰণে কম পানী ব্যৱহাৰ কৰিব লাগে ৷ বেছি পানীত ৰান্ধিব লগা হ’লে থাকি যোৱা পানীখিনি দাইল, চুপ বা আটা মৰাত ব্যৱহাৰ কৰিব পাৰি৷ ৫) ৰন্ধনত খোৱা চ’দা ব্যৱহাৰ কৰা অনুচিত৷ ৬) কম সময়ৰ বাবেহে শাক-পাচলি ৰান্ধিব লাগে, সিদ্ধ হোৱাৰ পাছত অধিক সময় ৰান্ধি থাকিব নালাগে ৷ কেইবিধমান সহজে পোৱা শাকৰ পুষ্টিকাৰক মূল্য পুষ্টিকাৰক পদিনা মৰিচা পালেং চজিনা পাত ধনীয়া পাত টেঙামৰা শক্তি ৪৮ ৪৫ ২৬ ৯২ ৪৪ ৫৬ প্ৰটিন ৪.৮ ৪.০ ২.০ ৬.৭ ৩.৩ ১.৭ কেলচিয়াম ২০০ ৩৯৭ ৭৩ ৪৪০ ১৮৪ ১৭২০ (আইৰন) লৌহ পদাৰ্থ অনুগামী ২৫.৬ ২৫.৫ ১০.৯ ৭.০ ১৮.৫ ২.২৮ খাদ্যপ্ৰাণ ‘ক’ ২৬২০ ৫৫২০ ৫৫৮০ ৬৭৮০ ৬৯১৪ ২৮৯৮ খাদ্যপ্ৰাণ ‘গ’ ২৭.০ ৯৯.০ ২৮ ২২০ ১৩৫ ২০.০ আহাৰত থকা কেইবিধমান পৌষ্টিক উপাদানৰ, অভাৱত ৱহাৱা সাম্ভাৱ্য ৰোগ আৰু নিয়ন্ত্ৰনৰ বাবে খাব লগা শাক-পাচলি পৌষ্টিক উপাদান সাম্ভাব্য ৰোগ নিয়ন্ত্ৰনৰ বাবে খাব লগা শাক-পাচলি ১) খাদ্যপ্ৰাণ ক(A) কুকুৰী কণা (চকুৰ বগা অংশ শুকাই যায় আৰু চকুৰ মনিলৈও বিয়পি যায় ৷ ত্ৰিকোন আকৃতিৰ দাগ পৰে(Bitot’s Spot), অন্ধ হব পাৰে ৷ গাজৰ, অমিতা, কমলা, ৰঙালাও, মেতি শাক, ঢেৰুৱা, চজিনাপাত, নৰসিংহ, পদিনা, ইত্যাদি ডাঠ সেউজীয়া শাক ৷ ২) খাদ্যপ্ৰাণ গ (C) দাঁত আৰু চালৰ বেমাৰ স্কাৰ্ভি (Scurvy), ঘাঁ শুকুৱাৰ দেৰি হয় ৷ আমলখি, নেমু, কমলা, মৌচুমী, বন্ধাকবি, গাজি মাহ, মিঠাআলু, বাঁহ গাজ ৷ ৩) খাদ্যপ্ৰাণ খ১ (B1) (থায়মিন) শাৰীৰিক আৰু মানসিক দুৰ্বলতা, এলাহ ভাৱ, স্মৰণ শক্তি হ্ৰাস, খিংখিঙিয়া হয় ৷ বেছি অভাৱ হলে বেৰী বেৰী নামৰ ৰোগ হয় ৷ সেউজীয়া শাক-পাচলি, মূলাজাতীয় পাচলি খাদ্যপ্ৰাণ খ২ (B2) (ৰায়ব’ফ্লবিন) মুখৰ কোৱাৰি আৰু জিভাত ঘাঁ লাগে ৷ সেউজীয়া শাক-পাচলি ৷ লৌহ পদাৰ্থ ৰক্তহীনতা, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় ৷ সেউজীয়া শাক-পাচলি যেনে মৰিচা, নিমপাত, লাইশাক, বিটৰুট, কাচকল আদি ৷ কেলচিয়াম হাড় আৰু দাঁতৰ গঠনত বাধা প্ৰাপ্ত হয়৷ স্নায়ুৰ ৰোগ হয়৷ সেউজীয়া শাক যেনে – চজিনা পাত, নিম আলুৰ পাত কলমৌ, কাঠফুলা ভেন্দি আদি ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।