বছৰটোৰ প্ৰায় সকলো সময়তে উপলদ্ধ এই লেচেৰা মাহৰ জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলে কিছু কথা জানি লোৱাতো অতি দৰকাৰ। কিয়নো এই লেচেৰা মাহ এবিধ জনপ্ৰিয় পাচলি আৰু গ্ৰাহকসকলে ইয়াক সৰ্বাধিক ব্যৱহাৰ কৰে। বিভিন্ন জাতৰ লেচেৰা মাহৰ খেতি কৰা হয় যদিও সাধাৰণতে তিনিপ্ৰকাৰৰ পৰা জাতৰ খেতি কৃষকসকলে কৰে- ১। জোপোহা জাতীয় ২। আংশিক ভাবে বগাই যোৱা ৩। দীঘল চেঁই জাতীয় বীজত উপকাৰী ৰাইয’বিয়াম বেক্টেৰীয়া সংস্থাপন আৰু চূণৰ প্ৰলেপ সনা বীজত উপকাৰী ৰাইয’বিয়াম বেক্টেৰীয়া সংস্থাপন :- প্ৰতি বিঘা মাটিৰ বাবে দৰকাৰী হোৱা বীজত ৩৫-৫০ গ্ৰাম ৰাইয’বিয়াম বেক্টেৰীয়াৰ প্ৰয়োজন হয়। ৰাইয’বিয়াম বেক্টেৰীয়াৰৰ পেকেটৰ ম্যাদ কাল চাই লব লাগে। ম্যাদ ওকলা পেকেট ব্যৱহাৰ কৰিব নেলাগে। পেকেট নাইবা বেক্টেৰীয়া মিশ্ৰণখিনি কেতিয়াও প্ৰত্যক্ষ ৰ’দ নাইবা উত্তাপৰ সংস্পৰ্শলৈ আহিবলৈ দিব নেলাগে। উক্ত বেক্টেৰীয়া মিশ্ৰণখিনি আৰু সিঁচিবলগীয়া বীজখিনি ঠাণ্ডা কৰি লোৱা ভাতৰ নিসনিত মিহলাই ছাঁ পৰি থকা ঠাইত কাগজৰ ওপৰত মেলি শুকুৱাব লাগে আৰু লগে লগে পথাৰত সিঁচাৰ ব্যৱস্থা কৰিব লাগে। উক্ত বেক্টেৰীয়া মিশ্ৰিত বীজখিনি কেতিয়াও ৰাসায়নিক সাৰৰ সংস্পৰ্শলৈ আহিবলৈ দিব নেলাগে। ভাতৰ নিসনিৰ সলনি কেঁচুসাৰো ব্যৱহাৰ কৰিব পাৰি । বীজত চূণৰ প্ৰলেপ সনা - খুউব ভালদৰে মিহি কৰা কৃষি চূণ (কেলচিয়াম কাৰ্বনেট) ৰাইয’বিয়াম বেক্টেৰীয়া মিশ্ৰিত বীজখিনিত মিহলাই দিব লাগে। বীজৰ আকাৰত নিৰ্ভৰ কৰি নিম্নলিখিত পৰিমাণে চূণ প্ৰয়োগ কৰিব লাগে- সৰু আকাৰৰ – প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে ১ কিলোগ্ৰাম । মধ্যমীয়া আকাৰৰ – প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে ০.৬ কিলোগ্ৰাম । ডাঙৰ আকাৰৰ – প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে ০.৫ কিলোগ্ৰাম । চূণৰ প্ৰলেপ দিয়া বীজখিনি এখন চাফা কাগজত মেলি দিব লাগে যাতে চূণখিনি সোনকালে টান হয়। যিমান পাৰি সোনকালে বীজখিনি পথাৰত সিঁচিব লাগে। অৱশ্যে চূণৰ প্ৰলেপ দিয়া বীজ এসপ্তাহলৈ ঠাণ্ডা ঠাইত ৰাখিব পাৰি। মনত ৰাখিবলগীয়া কথা - আম্লিক মাটিতহে চূণৰ প্ৰলেপ দিয়া বীজ সিঁচিব লাগে। সৰ্বসাধাৰণতে ব্যৱহাৰ কৰা চূণ প্ৰলেপৰ বাবে সঠিক নহয়। চূণৰ প্ৰলেপটো বীজত টানকৈ লাগি ধৰিব লাগে । চূণৰ প্ৰলেপ দিয়া বীজ ৰাসায়নিক সাৰৰ লগতো ব্যৱহাৰ কৰিব পাৰি যদিও খুউব কম সময়ৰ বাবে সংস্পৰ্শত আহিব লাগে। চূণৰ প্ৰলেপ দিয়া বীজ কেতিয়াও শুকান পথাৰত সিঁচিব নেলাগে। জৈৱিক সাৰ কিমান পৰিমাণে প্ৰয়োগ কৰিব :- পাম সাৰ : প্ৰতিবিঘাত ২৫- ৩০ কুইন্টল চূণ: প্ৰতিবিঘাত ৩০ কিলোগ্ৰাম প্ৰথম চাহ হাল বাওতে নিম্নলিখিত মিশ্ৰণ সাৰখিনিৰ যিকোনো এবিধ প্ৰয়োগ কৰিব লাগে:- পামসাৰ/ গোৱৰ ২.৬৫ কুইন্টল + ৰক ফছফেট – ১৩.৫ কিলোগ্ৰাম পচন সাৰ ৫.৩ কুইন্টল + ৰক ফছফেট – ৯.৩ কিলোগ্ৰাম কেঁচু সাৰ ২.৬৫ কুইন্টল + ৰক ফছফেট – ১৪.৬ কিলোগ্ৰাম সেউজ সাৰ ৪.৬ কুইন্টল + ৰক ফছফেট – ১৩.৩ কিলোগ্ৰাম কুকুৰাৰ মল ২.০ কুইন্টল + ৰক ফছফেট – ৬.৬ কিলোগ্ৰাম জীৱাণুসাৰ প্ৰয়োগ: মাইক’ৰাইঝা / ফচফৰাছ দ্ৰৱিত জীৱাণু প্ৰতিজোপা শস্যত ১ গ্ৰামকৈ প্ৰয়োগ কৰিলে শস্যৰ বাবে প্ৰয়োজনীয় ফচফৰাচ উপলভ্য হয়। শস্যৰ বাঢ়ন বৃদ্ধিকাৰক প্ৰতি ১৫ দিনৰ অন্তৰত পঞ্চগব্য বা ভাৰ্মিৱাচ পাতত প্ৰয়োগ কৰিব লাগে শস্য ৰক্ষা: অনিষ্টকাৰী কীট - মোৱা পোক: আঝাৰাদিৰেকটিন ১% প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ হিচাপে মিহলাই ১৫ দিনৰ মূৰে স্প্ৰ কৰিব লাগে টোকমা তিতা বা বিলাতী তুলসী (Hyptis suaveolens) ৰ ৰস – ১লিটাৰ + ৬০ গ্ৰাম চাবোন (আধা লিটাৰ পানীত মিহলাই)+ ৮.৫ লিটাৰ পানী – উক্ত মিশ্ৰণটো পাতত স্প্ৰে কৰিব লাগে। উপৰোক্ত মিশ্ৰণৰ ধৰণেই নাক-ভূমিকা বা মচুৰী কেন্দু (Strychnos nuxvomica) গছৰ পাতৰ ৰসো স্প্ৰে কৰিব পাৰি। বগা মাখি, জেছিদ: নিম গুটিৰ শাহৰ ৰস (১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। পাত সুৰঙ্গী পোক: ১। আশ্ৰয়কাৰী বন-বাতবোৰ পৰিষ্কাৰকৈ ৰাখিব লাগে ২। নিমতেল (১ লিটাৰ পানীত ২৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে ছেঁই বিন্ধা কৰা পোক: গৰু মূত + হিং+ কণ জলকীয়া) ৰ মিশ্ৰণ পনীয়া কৰি স্প্ৰে কৰিব লাগে নিম গুটিৰ শাহৰ ৰস (১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। নিমৰ খলিহৈ প্ৰতি বিঘাত ৩৫ কিলোগ্ৰামকৈ ফুল ফুলিবলৈ ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পাত মেৰোৱা পোক: মেৰখোৱা পাতবোৰ সংগ্ৰহ কৰি আঁতৰত মোহাৰি পলুবোৰ মাৰি পেলাব লাগে। ছেঁই খোৱা উৰহজাতীয় পোক: পোক ধৰা জালৰ সহায়ত বিভিন্ন অৱস্থাৰ উৰহজাতীয় পোক ধৰি মাৰিব লাগে শস্যৰ আগ অংশবোৰ ভিজাই ৰাখিব লাগে আশ্ৰয়কাৰী বন-বাতবোৰ আঁতৰাই পেলাব লাগে নিম গুটিৰ শাহৰ ৰস (১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। ৰঙা চাঁহি পোক :- নিমতেল (১ লিটাৰ পানীত ৫০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে ৰোগ: মাটিৰ পৰা হোৱা ৰোগ আৰু শস্যকৃমি - ১৫০ গজ ডাঠ স্বচ্ছ পলিথিনেৰে মাটি সৌৰকৰণ আংশিক সিক্ত কৰি ৰ’দ ওলোৱা দিনত এসপ্তাহৰ বাবে ঢাকি ৰাখিব লাগে। পুলি ৰোপনৰ আগে আগে মাটিখিনিত চিউড’মনাচেৰে ( ১ লিটাৰ পানীত ২০ মিলিলিটাৰ) ভিজাই লব লাগে ঠাৰি পচি যোৱা আৰু ব্লাইট ৰোগ :- নিমৰ খলিহৈ প্ৰতি বিঘাত ৩৫ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। মাটিখিনি অত্যধিক পৰিমাণে সেমেকি থাকিব নেলাগে জৈৱিক সাৰৰ লগত ট্ৰাইক’দাৰমা ভিৰিদি মিহলাই প্ৰয়োগ কৰিব লাগে, মাটি চিউড’মনাচেৰে ( ১ লিটাৰ পানীত ২০ মিলিলিটাৰ) ভিজাই লব লাগে। লেখক :- নয়ন কুমাৰ বৰা উৎস :- সেউজ চিন্তা