ফলমূলৰ গছৰ পৰা অধিক উৎপাদন লাভ কৰাৰ লগতে গছজোপাক নিৰোগী আৰু সুস্থ কৰি ৰাখিবলৈ অলাগতিয়াল ডাল-পাত সময়মতে চিকুনাই থকাটো অতি জৰুৰী। আপোনাৰ ঘৰৰ নেমু গছকেইজোপাও ইয়াৰ ব্যতিক্ৰম নহয়। নেমু গছ চিকুণাবলৈ তলত দিয়া ধৰণে ব্যৱস্থা লওক: নেমু গছৰ সবল, কাইটিয়া কাণ্ডবোৰৰ উৎপাদন ক্ষমতা প্ৰায় শূণ্য। এনে ডাল পাতবোৰ কাটি পেলাওক। নেমু গছ দুবছৰমান হোৱাৰ পৰাই ইয়াৰ অলাগতিয়াল ডাল-পাতবোৰ কাটিব লাগে। এই অৱস্থাৰ পৰা ডাল পাত চিকুণালে গছজোপাক সুন্দৰ আকাৰ দিব পাৰি। মাটিৰ পৰা ৬৫ ছেন্টিমিটাৰ ওপৰত ডাল বাঢ়িবলৈ দিব লাগে আৰু গছজোপাত মুখ্য ডালৰ সংখ্যা ৩-৫ ডাল ৰাখিব লাগে। নেমু গছৰ মাজভাগ বতাহৰ পৰা অধিক সুৰক্ষিত। সেয়েহে গছজোপাৰ মাজভাগৰ ডালত ফল ধৰিব পৰাকৈ গছজোপা চিকুণাব লাগে। পৈণত গছৰ ৰুগ্ন, মৃতপ্ৰায় আৰু বাঢ়িবলৈ এৰি দিয়া ডালবোৰ কাটি পেলাব লাগে। ওপৰা-ওপৰিকৈ বাঢ়িবলৈ লোৱা ডাল-পাতবোৰ কাটি দিব লাগে। গছৰ উচ্চতা আৰু প্ৰস্থ কমাই ৰাখিব লাগে। সূৰ্য্যৰ পোহৰ সমানে পৰিব পৰাকৈ গছজোপাৰ সকলো অংশতে ডাল-পাতবোৰ কাটিব লাগে। পুৰণি গছৰ প্ৰধান ডালবোৰ কাটি দিলে তাৰ ঠাইত নতুন ডালৰ সৃষ্টি হয়। প্ৰথমতে এটা ফালৰ এনে ডাল কাটি ১-২ বছৰ পাছত আনটো ফালৰ ডাল কাটিব লাগে। ডাল কটাৰ বাবে ব্যৱহাৰ কৰা দা বা কটাৰীখন ৩ শতাংশ শক্তিযুক্ত ছ’ডিয়াম হাইপ’ক্ল’ৰাইড মিশ্ৰণত তিয়াই বীজাণুমুক্ত কৰি ল’ব লাগে। গ্ৰীষ্মকালত ডাল বেছিকৈ কাটিব নালাগে। ফুল ফুলাৰ সময়তো ডাল কটা উচিত নহয়। উৎস: কৃষি বিভাগ, অসম