আমাৰ অতি হেঁপাহৰ ধানখেতিত সাধাৰণতে দেখা দিয়া বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰসমূহ তলত আলোচনা কৰা হ’ল-

ব্লাষ্ট্ ৰোগঃ

ই ধানখেতিত হোৱা এবিধ প্ৰধান ৰোগ। ইয়াৰ ফলত গছৰ এটা অংশ বা সম্পূৰ্ণ গছজোপাৰ মৃত্যু হয়। ইয়াৰ লক্ষণ চাৰি প্ৰকাৰৰ- পাতৰ ব্লাষ্ট, কাণ্ডৰ গাঁঠিৰ ব্লাষ্ট, স্কন্ধৰ ব্লাষ্ট আৰু শীহৰ গুড়িৰ ব্লাষ্ট। এই ৰোগত ধানৰ পাতত মাকোৰ নিচিনা দুয়োমূৰে জোঙা দীঘলীয়া দাগ দেখা যায়। দাগবোৰৰ দুয়োমূৰ মুগা বৰণীয়া আৰু মাজত ধোঁৱাবৰণীয়া ৰং দেখা যায়। বহুতো দাগ একেলগ হৈ পাতখন মুগা হৈ শুকাই যায়। গাঁঠিৰ ব্লাষ্টৰ ক্ষেত্ৰত, ধানগছৰ গাঁঠিয়ে গাঁঠিয়ে ক’লা পৰি পচি ভাগি যায়। নেক ব্লাষ্টৰ ক্ষেত্ৰত ধানৰ থোক ওলোৱাৰ পাছত থোকটোৰ গুৰিতে ক’লা পৰি ছিঙি পৰে বা দোঁ খাই যায়। প্ৰতিকাৰ হিচাপে ৰোগ সহনক্ষম জাত যেনে- মনোহৰ শালি, পংকজ, ৰঞ্জিত, বাহাদুৰ, কেতেকী জহা আদি কৰিব লাগে। বীজ শোধনৰ বাবে ট্ৰাই চাইক্লাজল বা বিম নামৰ ঔষধ ৪ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ হাৰত মিহলাই শোধন কৰিব লাগে। ইণ্ডোফিল এম-৪৫ বা কেপটাফ ঔষধৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই বীজ শোধন কৰিব লাগে। ইয়াৰ উপৰি ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে হিনচান, টপচিন বা ডেৰ’চাল নামৰ ঔষধৰ ১ মিলিলিটাৰ বা বেভিষ্টিন ঔষধৰ ১ গ্ৰাম প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।

ছিথ ব্লাইটঃ

এই ৰোগত ধানৰ পাতৰ ছিথ বা গুৰি অংশত প্ৰথমে বগা চকলা-চকল যেন দেখা যায়। এনে দাগৰ মাজত কিছু সেউজীয়া নিৰোগী পাতৰ অংশও দেখা যায়। ৰোগৰ বৃদ্ধিৰ লগে লগে ৰোগৰ কাৰক ভেঁকুৰবিধে তৈয়াৰ কৰা প্ৰসুপ্ত ৰেণু বা স্কেৰ’ছিয়া ধানগছজোপাত লাগি থকা দেখা যায়। প্ৰতিকাৰ হিচাপে অপতৃণ ৰোধ কৰিব লাগে, কাৰণ ধানগছৰ অনুপস্থিতিত পথাৰৰ আলিত গজি থকা ঘাঁহ-বনত আশ্ৰয় লৈ ই জীয়াই থাকে। পথাৰত ধেইনচা আদি সেউজ সাৰ প্ৰয়োগ কৰিব লাগে। ৰোগৰ লক্ষণ দেখা দিলে ছিথমাৰ ঔষধৰ ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই বা বেভিষ্টিন ১ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ব্লাষ্ট আৰু ছিথ ব্লাইট একে সময়তে পথাৰত দেখা দিলে কনটাফ বা টিলট নামৰ ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। জৈৱিকভাৱে চিউডমনাছ ফ্লৰেছেনছ নামৰ জৈৱ নিয়ন্ত্ৰক কিনি আনি ধান ৰোৱাৰ ৪৫ দিন পিছৰে পৰা ১০ দিনৰ মূৰে মূৰে তিনিবাৰ স্প্ৰে’ কৰিব লাগে।

ধান মুগাবৰণীয়া দাগ পৰা ৰোগঃ

এই ৰোগত পাতত মুগা বৰণীয়া, গোলাকাৰ তিলটোৰ দৰে দাগ পৰা দেখা যায়। অসংখ্য সৰু সৰু দাগে পাতৰ বেছিভাগ অংশই আৱৰি ধৰে। এই ৰোগ ধানৰ ছিৰাটোত বা ধানতো হোৱা দেখা যায় আৰু ধানটো প্ৰথমে সোণোৱালী ৰঙৰ পৰা ক’লা হৈ পৰে।

প্ৰতিকাৰ হিচাপে মাটিত উপযুক্ত পৰিমাণে সাৰ প্ৰয়োগ কৰিব লাগে। এগ্ৰোচান, চেৰেচান আদি ঔষধেৰে বীজ শোধন কৰিব লাগে। ইয়াৰ উপৰি ধানৰ থোক মেলাৰ সময়ত ডাইথেন এম-৪৫ ঔষধৰ ২.৫ গ্ৰাম বা হিনচান ঔষধৰ ১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।

বেক্টেৰিয়াজনিত ব্লাইট ৰোগঃ

এই ৰোগ ধানৰ গেঁৰ ধৰা আৰু থোক ওলোৱাৰ মাজৰ সময়খিনিতে ই প্ৰধানকৈ হোৱা দেখা যায়। প্ৰথমে পাতত শেঁতা, জলসিক্ত বা হালধীয়া বৰণৰ দাগ দেখা যায়। পাতৰ কাষে কাষে এই দাগ তললৈকে আগবাঢ়ি আহে আৰু হালধীয়া পৰা অংশবোৰ খেৰৰ দৰে শুকাই যায়। পাতৰ সেউজীয়া অংশৰ কাষতে লাগি থকা আক্ৰান্ত অংশৰ কাষবোৰ ঢৌ খেলোৱা হোৱা দেখা যায়। এই ৰোগত আক্ৰান্ত পথাৰত ধানৰ পাতৰ কাষত কিছুমান ধূসৰ বৰণৰ টোপাল দেখা যায় আৰু ৰ’দত শুকাই গ’লে ই কৰকৰীয়া হৈ পাতৰ কাষবোৰ খহটা কৰে। ইয়াৰ উপৰি আক্ৰান্ত ধানপাত এখিলা আধা কাটি এগিলাছ পৰিষ্কাৰ পানীত ১০-১৫ মিনিট সময় থৈ পোহৰৰ দিশত লক্ষ্য কৰিলে কটা অংশৰ পৰা পানীলৈ নিৰৱচ্ছিন্নভাৱে ধোঁৱাৰ দৰে বেক্টেৰিয়া নিৰ্গত হোৱা দেখা যায়। প্ৰতিকাৰ হিচাপে এগ্ৰিমাইচিন (০.২৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা চেৰাচেন (০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই বীজখিনি এই মিশ্ৰণত ৮ ঘণ্টা তিয়াই থব লাগে। তাৰ পাছত ৫২-৫৪ ডিগ্ৰী ছেণ্টগ্ৰেডমান উষ্ণতাৰ গৰম পানীত ১০ মিনিট সময় ডুবাই বীজ শোধন কৰিব লাগে। ষ্ট্ৰেপটচাইক্লিন ঔষধৰ ৩ গ্ৰাম ১১ লিটাৰ পানীত মিহলায়ো বীজ শোধন কৰিব পাৰি।

ধানৰ টুংগ্ৰ ৰোগঃ

ই এবিধ ভাইৰাছজনিত ৰোগ। এই ৰোগত পাত হালধীয়া পৰে আৰু গছবোৰ চাপৰ হয়। কেতিয়াবা মামৰৰ দৰে ৰং পাতৰ আগৰ পৰা তললৈ বৈ যোৱাৰ দৰে হোৱা দেখা যায়। প্ৰতিকাৰ হিচাপে ৰোগ বিয়পোৱা সেউজীয়া হপাৰজাতীয় পোক নিয়ন্ত্ৰণ কৰিব লাগে। ইয়াৰ বাবে ডাইমেক্ৰন নামৰ ঔষধৰ ৫ মিলিলিটাৰ ৮-১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

ধানৰ লখিমী ৰোগ বা ফল্ছ স্মাটঃ

এই ৰোগত ধানৰ থোকটোৰ কিছুমান ধানত, ধানৰ পৰিৱৰ্তে ভেঁকুৰৰ ৰেণু বলৰ দৰে ওলমি থকা দেখা যায়। বলবোৰ সেউজীয়া বা কজলা বৰণৰ হয় আৰু ভিতৰফালে হালধীয়া বা কমলা ৰঙৰ ৰেণু দেখা যায়। প্ৰতিকাৰ হিচাপে কব’চ, ফলটাফ, ইণ্ডোফিল এম-৪৫ ঔষধৰ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।

বাকানি ৰোগঃ

এই ৰোগত কঠীয়া বা মূল শস্যও অস্বাভাৱিকভাৱে ওখ, ক্ষীণ আৰু সেয়ে বাকী ধানবোৰৰ মাজত জিলিকি থাকে। ধানৰ থোক মেলাৰ আগতেই গছবোৰ মৰি যায় বা থোক মেলিলেও ধানবোৰ পতান হয়। প্ৰতিকাৰ হিচাপে টপচিন এম (২ গ্ৰাম) বা বেভিষ্টিন (১ গ্ৰাম) ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই বীজখিনি ২৪ ঘণ্টা সময় তিয়াই শোধন কৰিব লাগে।

বেক্টেৰিয়াজনিত পাতত আঁক পৰা ৰোগঃ

এই ৰোগত পাতৰ দুই সিৰাৰ মাজত জলসিক্ত আঁক পৰে আৰু পিছলৈ হালধীয়া হৈ পাতৰ আগলৈকে বাঢ়ি যায়। বহুতো আঁক লগ হৈ বহল হৈ পৰে। প্ৰতিকাৰ হিচাপে ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে ষ্ট্ৰেপটচাইক্লিন ঔষধৰ ১৫ গ্ৰাম ৫০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰি সুফল পাব পাৰি।

লেখকঃ ভাৰত চন্দ্ৰ নাথ

উত্সঃ অসমীয়া খবৰ