গাজৰ এবিধ উন্নতমানৰ খাদ্যপ্ৰাণ থকা পাচলি। ইয়াক সাধাৰণতে সিজাই, ভাজি বা বিভিন্ন আঞ্জা তৈয়াৰ কৰি খোৱা হয় যদিও কেঁচাই চালাদ কৰি খালে স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী। ইয়াৰপৰা ভাল সুস্বাদু মিঠায়ো প্ৰস্তুত কৰা হয়। বৰ্তমান বজাৰত সকলো সময়তে পোৱা এইবিধ পাচলিৰ খেতি অসমত শীতকালতহে কৰা হয়। এইবিধ শস্যৰ খেতিৰ কৃষি প্ৰণালী চমুকৈ এনেধৰণৰ- মাটি: পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা আৰু মাটিত অধিক জৈৱিক গুণ থকা আৰু মাটিৰ অম্লতা ৬.৫ থকা, বালিচহীয়া, পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী। জাত: অনুমোদিত জাতসমূহ হ’ল- নান্টেছ, পুছা, কেশৰ, চানটেনে। জাতবোৰৰ বৈশিষ্ট্য হৈছে- নান্টেছ: মজলীয়া, দীঘল, কমলা ৰঙৰ, সোৱাদযুক্ত, কোমল; ১১০-১২০ দিনৰ ভিতৰত পূৰঠ হয়। পুছা কেশৰ: পাত কম, শিপা ৰঙা, দীঘল আৰু প্ৰচুৰ পৰিমাণে কেৰাটিন থাকে। উৎপাদন ভাল। ৯৫-১১০ দিনত পূৰঠ হয়। চানটেনে: শিপা ১১.৫ ছেন্টিমিটাৰ- ১৫ ছেন্টিমিটাৰ দীঘল, ৩-৫ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধৰ। মজুত ৰখাৰ বাবে উত্তম জাত। মাটি প্ৰস্তুতকৰণ: ৩-৪ বাৰ হাল বাই মাটিডৰা মিহিকৈ চাহ কৰি, মৈয়াই সমান কৰি মাটিত নিৰ্দ্ধাৰিত পচন সাৰ প্ৰয়োগ কৰিব লাগে। মাটিত অম্লতা বেছি থাকিলে চূণ প্ৰয়োগ কৰি ল’ব লাগে। বীজৰ পৰিমাণ: বিঘাই প্ৰতি ৮০০ গ্ৰাম- ১ কিলোগ্ৰাম। বীজ সিঁচাৰ সময়: অক্টোবৰ মাহৰ মাজভাগৰপৰা নৱেম্বৰ মাহলৈ। সাৰ প্ৰয়োগ: প্ৰতি বিঘাত ১.৩ টন পচন সাৰ, ইউৰিয়া ১৬ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ ২০ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। ইয়াৰে ইউৰিয়া সাৰৰ আধা অংশ ৰাখি বাকী সমুদায় সাৰখিনি চাহ কৰোঁতে প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে। ৰাখি থোৱা ইউৰিয়াখিনি বীজ সিঁচাৰ ৩০ দিন পিছত টপড্ৰেছ কৰিব লাগে। ব্যৱধান: শাৰীবদ্ধভাৱে পথাৰত ৩০ ছেন্টিমিটাৰ আঁতৰে আঁতৰে ১.৫ ছেন্টিমিটাৰ দত বীজবোৰ সিঁচিব লাগে। পুলি ওলালে ১০ ছেন্টিমিটাৰ দূৰে দূৰে পাতলাই দিব লাগে। প্ৰতিপালন: মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ১০-১৫ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে। সিঁচাৰ ২০ দিনৰ পিছত আৰু ৪০ দিনৰ পিছত বন-বাত নিৰাই দিব লাগে। উৎপাদন: হেক্টৰে প্ৰতি ২০০-২৫০ কুইন্টল। লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)