কলমৌ শাকৰ খেতিও হ’ব পাৰে লাভজনক -

অসমৰ নৈ, বিল, পিতনি, খাল-ডোং, পুখুৰী আদিত খুউব সহজতে হোৱা কলমৌ আমি সকলোৱে দেখি আহিছো। বৰ্তমান নগৰ-চহৰসমূহত অন্যান্য থলুৱা শাকৰ নিচিনাকৈ কলমৌ শাকৰো চাহিদা যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে, চাহিদা অণুপাতে ইয়াৰ যোগান কম। কাৰণ, এই কলমৌ শাক প্ৰাকৃতিকভাবেই উত্পাদন হোৱাৰ বাহিৰে বাণিজ্যিকভাবে ইয়াৰ উৎপাদন নহয়। এই কলমৌ শাক চীন, থাইলেণ্ড আদি দেশত বহু হেজাৰ হেক্টৰ এলেকাত বাণিজ্যিকভাবে খেতি কৰে আৰু অন্যান্য দেশলৈ ৰপ্তানিও কৰে।

কলমৌৰ উদ্ভিদ বৈজ্ঞানিক নাম Ipomoea aquatica। ইংৰাজীত Water Spinach বুলি জনা যায়। দক্ষিণ-পশ্চিম এচিয়াত প্ৰধানকৈ এই কলমৌ পোৱা যায় যদিও পৃথিৱীৰ অন্যান্য অঞ্চলতো ইয়াক পোৱা যায়।

কলমৌত কি থাকে ?

প্ৰতি ১০০ গ্ৰাম কলমৌত-

শক্তি - ১৯ কিলো কেলৰি

শৰ্কৰা- ৩.১৪ গ্ৰাম

খাদ্য আঁহ- ২.১ গ্ৰাম

চৰ্বি- ০.২ গ্ৰাম

প্ৰটিন- ২.৬ গ্ৰাম

ভিটামিন -

ভিটামিন- এ- ৩১৫ মাইক্ৰগ্ৰাম (৩৯ %)

থায়ামিন (বি-১)- ০.০৩ মিলিগ্ৰাম (৩ %)

ৰাইব’ফ্লেভিন (বি-২)- ০.১ মিলিগ্ৰাম (৮ %)

নিয়াচিন (বি-৩)- ০.৯ মিলিগ্ৰাম (৬ %)

পেন্টথেনিক এচিড (বি-৫)- ০.১৪১ মিলিগ্ৰাম (৩ %)

ভিটামিন- বি-৬ ০.০৯৬ মিলিগ্ৰাম (৭ %)

ফলেট (বি-৯)- ৫৭ মাইক্ৰগ্ৰাম (১৪ %)

ভিটামিন- চি- ৫৫ মিলিগ্ৰাম (৬৬ %)

খনিজ লৱণ -

কেলচিয়াম- ৭৭ মিলিগ্ৰাম (৮ %)

লো- ১.৬৭ মিলিগ্ৰাম (১৩ %)

মেগনেছিয়াম- ৭১ মিলিগ্ৰাম (২০ %)

মেঙ্গানিজ - ০.১৬ মিলিগ্ৰাম (৮ %)

ফছফৰাচ - ৩৯ মিলিগ্ৰাম (৬ %)

পটেছিয়াম - ৩১২ মিলিগ্ৰাম (৭ %)

চডিয়াম- ১১৩ মিলিগ্ৰাম (৮ %)

জিংক - ০.১৮ মিলিগ্ৰাম (২ %)

উৎস: Internet: USDA Nutrition Database

কলমৌ হল এবিধ জলজ বা অৰ্ধ-জলজ বহুবৰ্ষী বনৌষধি জাতীয় উদ্ভিদ। এই কলমৌৰ উত্পত্তিস্থল দক্ষিন-পূব এছিয়া। কোনোৰ মতে, পূব ভাৰতেই ইয়াৰ উত্পত্তিস্থল।

কলমৌৰ খেতি কেনেকৈ কৰিব?

শুকান মাটিত বীজ সিঁচি আৰু বোকা মাটিত কলমৌৰ কলম ৰুই দুই প্ৰকাৰে ইয়াৰ খেতি কৰিব পাৰি। গোটেই বছৰ জুৰি এই কলমৌৰ খেতি কৰিব পাৰি। খেতি কৰিব বিচৰা মাটিখিনিত প্ৰচুৰ পৰিমাণে জৈবিক পদাৰ্থ থাকিব লাগে। মাটিৰ অম্লতা (pH)- ৫.৫-৭.০ হব লাগে।

*যদিও কলমৌ বছৰৰ যিকোনো সময়ত কৰিব পাৰি, বাৰিষা আৰম্ভ হোৱাৰ লগে (মাৰ্চ-এপ্ৰিল) ইয়াৰ খেতি আৰম্ভ কৰিলে ভাল।

*বীজ সিঁচি কৰিলে প্ৰতি ১০ বৰ্গমিটাৰ এলেকাৰ বাবে ৬০-১০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। বিঘাই প্ৰতি ৮-১২ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। সিঁচাৰ আগেয়ে বীজখিনি ১২ ঘন্টা সময়ৰ বাবে পানীত তিয়াই লব লাগে।

*বোকা কৰি সিঁচা বা ধান খেতিৰ মাজত কলমৌৰ খেতি কৰিলে কলমৰ পৰা কৰিব লাগে। অৱশ্যে, নাৰ্চাৰীত পুলি প্ৰস্তুত কৰি লৈ ৬-৭ সপ্তাহৰ পুলি ৰোপন কৰিব লাগে।

*পুখুৰী বা নদীত কলমৌৰ খেতি কৰিলে বাঁহৰ ফ্ৰেমত কলম ৰুই পানীত উপঙাই ৰখা হয়। ৰোৱাৰ ৪০-৫০ দিনমানৰ পিছতে কলমৌ শাক কাটিব পৰা হয় আৰু পুনৰ ৩০ দিনৰ মূৰে মূৰে চপাব পাৰি। প্ৰতি বৰ্গমিটাৰ এলেকাৰ পৰা ১.৫-২.০ কিলোগ্ৰাম কলমৌ শাক পাব পাৰি।

*পাত্ৰত কলমৌ ৰুলে ৮ ইঞ্চি ওখ আৰু ৮ ইঞ্চি ব্যাসৰ টিনৰ, মাটিৰ বা প্লাষ্টিকৰ পাত্ৰত সাৰুৱা পলসুৱা মিহি মাটি ভৰাই লব লাগে। পাত্ৰটো আংশিক ৰ’দ পৰা নাইবা সম্পূৰ্ণ ৰ’দ পৰা স্থানত দিনটোৰ কমেও ৪ ঘন্টা সময় ৰ’দ পৰা হব লাগে। বীজ সিঁচি নাইবা কলম ৰুই যিকোনো এক প্ৰকাৰে পাত্ৰত খেতি কৰিব পাৰি। কলম ৰুবৰ বাবে কলমৌ ঠাৰি ডালৰ আগ অংশৰ পৰা ৬ ইঞ্চি বাদ দি তলৰ অংশৰ ১ ফুট দীঘলকৈ কলম তৈয়াৰ কৰিব লাগে। পাত্ৰৰ আকাৰ ডাঙৰ কৰিলে কলমৌ আৰু বায়ুশ্বাসী মাছ যেনে, কাৱৈ মাছৰ পালন একেলগে কৰিব পাৰি। ১ বৰ্গমিটাৰ এলেকাত প্ৰায় ২০০ মাছ পালন কৰিব পাৰি আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় কলমৌ শাকখিনিও পাব পাৰি।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা