গোমধান গছৰ মাইকী পুষ্পবিন্যাসৰ (চমুকৈ মাইকী ফুলৰ) পৰা চুলি (ছিল্ক) ওলোৱাৰ এদিনৰ ভিতৰতে ফুলটোক ফচল হিচাপে চপাব পাৰি। এই ফুলটোৰ বাকলিবোৰ আৰু চুলিখিনি গুচাই পেলালে আঙুলিসদৃশ যিটো কোমল ডিল ওলাই পৰে তাকেই বেবীকৰ্ণ বা শিশু গোমধান বোলা হয়। বেবীকৰ্ণ এবিধ সোৱাদপূৰ্ণ পাচলি। ফুলকবি, বন্ধাকবি, বিলাহী, বেঙেনা, তিয়ঁহ আদিৰ সৈতে ইয়াৰ পুষ্টিকাৰতা সমপৰ্যায়ৰ হোৱাৰ লগতে ই ফছফৰাছৰো এটা ভাল উৎস। তৰপে তৰপে বাকলিৰে আবৃত্ত হৈ থকা বাবে বেবীকৰ্ণবোৰ খেতিত ব্যৱহৃত ৰাসায়নিক ঔষধৰ পৰা মুক্ত।

বেবীকৰ্ণৰ পৰা তৈয়াৰ কৰা সু-স্বাদু চুৰুহা, ছালাদ, আচাৰ, কেণ্ডী, পকোৰা, কোফটা , কাটলেট ইত্যাদি চহৰ-নগৰত বহুজনৰে প্ৰিয় খাদ্যলৈ পৰ্যবসিত হ’ব ধৰিছে। অমেৰিকা, জাপান, ছিংগাপুৰ, হংকং, অষ্ট্ৰেলিয়া, মালয়েছিয়া, কানাডা, ছৌদি আৰব, নিউজিলেণ্ড আৰু ইউৰোপীয় দেশসমূহৰ লগতে আমাৰ দেশতো বেবীকৰ্ণৰ চাহিদা ঊৰ্ধ্বগামী হৈছে। আন্তৰ্জাতিক বজাৰত বেবীকৰ্ণে এখন গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দেশতো বেবীকৰ্ণৰ উৎপাদন বঢ়োৱাটো আৱশ্যকীয় হৈছে। চহৰ-নগৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বেবীকৰ্ণৰ উৎপাদনৰ বাবে বেছি সুবিধাজনক, চপোৱাৰ পাছত ২-৪ ঘণ্টাৰ ভিতৰতে বেচিব পাৰিলে বা প্ৰচেছিং ফেক্টৰীলৈ পঠিয়াব পাৰিলে বেবীকৰ্ণৰ গুণগতমান ঠিকে থাকে। বেবীকৰ্ণৰ এখন বজাৰ আৰু প্ৰিজাৰ্ভেচন, প্ৰচেছিং, পেকেজিঙৰ সুবিধা- এই দুটা কথা নিশ্চিত হ’লেহে ব্যৱসায়িক ভিত্তিত বেবীকৰ্ণৰ খেতি সফল হ’ব। চৰকাৰী আঁচনি, ব্যক্তিগত উদ্যোগ আৰু দুয়োৰে যৌথ প্ৰচেষ্টাত গঢ় লৈ উঠা প্ৰচেছিং ফেক্টৰীলৈ বেবীকৰ্ণবোৰ কেঁচা সামগ্ৰী হিচাপে যোগান ধৰিও কৃষকসকল লাভৱান হ’ব পাৰে।

এডৰা মাটিত যিবিলাক কৃষি-প্ৰযুক্তিৰে বেবীকৰ্ণৰ উৎপাদন বঢ়াব পাৰি, সিবোৰৰ এটি চমু আভাস তলত দিয়া হ’ল-

জাত নিৰ্বাচন -

বেবীকৰ্ণৰ বাবে ছুটি শস্যকালৰ, একেডাল গছতে ২-৪ টাকৈ ডিল ওলোৱা, মধ্যমীয়া উচ্চতাৰ জাতৰ প্ৰয়োজন। এনে কেইটামান জাত হ’ল-ডি এল-৪২, আৰলি কম্পোজিত, প্ৰকাশ, পি ই এইচ এম-১ আৰু ২ , এইচ এম-৪, বিবেক-৯ ইত্যাদি।

বীজ সিঁচাৰ সময়:

অসমত খাৰিফ (গ্ৰীষ্মকালীন) আৰু ৰবি (শীতকালীন) এই দুয়োটা বতৰতেই গোমধানৰ খেতি কৰা হয়। কৃষি জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি খাৰিফ কালত অঞ্চলবিশেষে ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈকে আৰু ৰবি বতৰত ছেপ্টেম্বৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈকে বেবীকৰ্ণৰ বাবে গোমধানৰ বীজ সিঁচিব পাৰি।

বীজ সিঁচাৰ নিয়ম:

শাৰীৰ ব্যৱধান ৬০ ছে:মি: আৰু বীজৰ ব্যৱধান ১৫ বা ২০ ছে:মি: ৰাখিলে অধিক উৎপাদনৰ বাবে উপযুক্তসংখ্যক গছ পাব পাৰি।

বীজৰ পৰিমাণ -

হেক্টৰে প্ৰতি ২০-২২ কে:জি: গোমধানৰ বীজৰ প্ৰয়োজন।

সাৰ প্ৰয়োগ:

হাল বোৱাৰ আগতে মাটিত হেক্ট ৰে প্ৰতি ৫ টন জৈৱ সাৰ আৰু ২৫ কেজি জিংক ছালফেট সমভাৱে প্ৰয়োগ কৰিব লাগে। এই খেতিত হেক্টৰে প্ৰতি ১২০ কেজি নাইট্ৰ’জেন, ৬০ কেজি ফছফৰাছ আৰু ৪০ কেজি পটাছিয়াম প্ৰয়োগ কৰাৰ প্ৰয়োজন। গোটেইখিনি ফছফৰাছ আৰু পটাছ আৰু এক তৃতীয়াংশ নাইট্ৰ’জেন বীজ সিঁচাৰ আগত প্ৰয়োগ কৰিব লাগে। খাৰিফ বতৰত গছ আঁঠুমূৰীয়া হ’লে (বা সিঁচাৰ ২৫ দিন পাছত) নাইট্ৰ’জেনৰ এক তৃতীয়াংশ আৰু ফুল ফুলাৰ আগে আগে (বা সিঁচাৰ ৪০ দিন পাছত) অৱশিষ্ট নাইট্ৰ’জেনখিনি টপড্ৰেছ কৰি গছৰ গুৰিত মাটি চপাই থ’ব লাগে। ৰবি বতৰত নাইট্ৰ’জেনৰ এক তৃতীয়াংশই বীজ সিঁচাৰ ৩০-৩৫ দিন পাছত আৰু ৬০-৮০ দিন পাছত টপড্ৰেছ কৰি প্ৰতিবাৰতে গছৰ গুৰিত মাটি চপাই দিব লাগে।

অপতৃণ নিয়ন্ত্ৰণ -

বীজ সিঁচাৰ ঠিক পাছতেই বা গজালি মেলাৰ আগত এণ্ট্ৰাজিন বা চিমাজিন হেক্টৰে প্ৰতি ১-১.৫ কেজি ৫০০ -৬০০ লিটাৰ পানীত মিলাই মাটিত স্প্ৰে’ কৰিলে বহল পাতযুক্ত আৰু ঘাঁহজাতীয় অপতৃণৰ পৰা এমাহমানলৈ হাত সাৰিব পাৰি। ইয়াৰ পাছতো এবাৰ দুবাৰ কোৰ মাৰি বাকী অপতৃণখিনি নিয়ন্ত্ৰণ কৰিব পাৰি।

জলসিঞ্চন:

খাৰিফকালত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই বীজ সিঁচা হয় যদিও বতৰ খৰাং হ’লে জলসিঞ্চন কৰাৰ প্ৰয়োজন হয়। ৰবি শস্যত জলসিঞ্চনৰ অতি প্ৰয়োজন। ফুল ফুলাৰ ঠিক আগৰ সময়খিনিত জলসিঞ্চনৰ প্ৰয়োজন সৰ্বাধিক।

ৰোগ নিয়ন্ত্ৰণ:

প্ৰতি কিলোগ্ৰাম বীজক ৪ গ্ৰাম থিৰামেৰে শোধন কৰি লৈ সিঁচিলে বীজ আৰু মাটিত লুকাই থকা ভেঁকুৰে সৃষ্টি কৰা ৰোগৰ পৰা বেবীকৰ্ণৰ শস্যডৰা ৰক্ষা কৰিব পৰা পৰা যায়।

পোক নিয়ন্ত্ৰণ:

এণ্ড’ছালফান ৩৫ ই চি প্ৰতি লিটাৰ পানীত ২ মি: লি: কৈ মিহলাই ১০-১৪ দিনীয়া গছত স্প্ৰে’ কৰিলে মজা খোৱা পোকৰ পৰা হাত সাৰিব পাৰি।

মতা ফুল ছিঙা (ডিটাছেলিং): বেবীকৰ্ণৰ কোমলতা তথা গুণগতমান ঠিকে ৰাখিবলৈ গোমধান গছৰ মতা পুষ্পবিন্যাস (টাছেল) টো ওলোৱাৰ ঠিক পাছতেই ছিঙি পেলাব লাগে।

মাইকী ফুলৰ পৰা ছিল্কবোৰ ১ ছে:মি: ৩ ছে:মি: লৈকে ওলোৱা অৱস্থাতে পুষ্পবিন্যাসটো চপাব লাগে। এবাৰ বেবীকৰ্ণ চপোৱা আৰম্ভ হ’লে খাৰিফ শস্যত প্ৰতিদিনে আৰু ৰবি শস্যত এদিন এৰি এদিনকৈ শস্যডৰাৰ পৰা বেবীকৰ্ণ চপাব পাৰি। বেবীকৰ্ণ চপোৱাৰ বাবে পুৱাৰ সময়খিনি আটাইতকৈ ভাল।

অন্যান্য ফচল:

মুখ্য ফচল হিচাপে বেবীকৰ্ণখিনি চপোৱাৰ পাছত ৰৈ যোৱা সেউজীয়া গা-গছ, বেবীকৰ্ণৰ বাকলি, ছিল্ক আৰু টাচেল- এই সকলোবোৰেই পশুৰ বাবে হ’ল পুষ্টিকৰ আহাৰ।

উৎপাদন -

জাত, জলবায়ু আৰু ঋতুবিশেষে বেবীকৰ্ণৰ উৎপাদনৰ তাৰতম্য হয়। এক হেক্টৰ শস্যৰ পৰা ১৫-১৯ কুইণ্টলকৈ বেবীকৰ্ণ পোৱা যায়। সেউজীয়া ঘাঁহৰ উৎপাদন হ’ল হেক্টৰ প্ৰতি ২০০-৪০০ কুইণ্টল।

চপোৱাৰ পাছত ব্যৱস্থাপনা:

গছৰ পৰা চপোৱাৰ পাছত একেদিনাই বেবীকৰ্ণবোৰ বাকলি আৰু ছিল্ক গুচাই ডিলবোৰ ছাঁ পৰা, ঠাণ্ডা আৰু বায়ু চলাচলৰ সু-ব্যৱস্থা থকা ঠাইত থ’ব লাগে। এনে বেবীকৰ্ণবোৰ প্লাষ্টিকৰ বাস্কেট, বেগ, বস্তা আদিত ভৰাই থওঁতে চাব লাগে যাতে বেবীকৰ্ণখিনি ঠাহ খাই নাথাকে। এনেদৰে বেগত ভৰাই থোৱা বেবীকৰ্ণবোৰ অতি সোনকালে বজাৰলৈ নতুবা প্ৰচেছিং ফেক্টৰীলৈ পঠিওৱাৰ ব্যৱস্থা কৰা উচিত।

উৎস: অসমীয়া খবৰ