অমিতা এবিধ সোনকালে চপাব পৰা ফল। ইয়াৰ কৃষি পদ্ধতিও সহজ। পকা অমিতা এবিধ উৎকৃষ্ট ফল আৰু কেঁচা অমিতা এবিধ নিৰোগী আৰু গুনসম্পন্ন পাচলি। অমিতাৰ ফলত ‘পেপেইন’() নামৰ এবিধ পদাৰ্থ থাকে আৰু ই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। আহক আজি আমি এই অমিতাৰ খেতিৰ কৃষি প্ৰণালীসমূহ চমুকৈ আলোচনা কৰোঁহক:

মাটি -

পানী ওলাই যোৱাৰ সুবিধা থকা সাৰুৱা আৰু অলপ আলতীয়া মাটিত অমিতাৰ খেতি ভাল হয়। পলসুৱা আৰু বালিচহীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। কিন্তু লুণীয়া আৰু খাৰুৱা মাটিত এই খেতি ভাল নহয়।

জাত:

একলিংগী -

*চি অ’-১,

*চি অ’-২,

*ৱাছিংটন,

*ৰাঁচী,

*হাফলং।

উভলিংগী-

*চলো,

*পেপেয়াজ,

*কুৰ্গ,

*হনিডিউ।

সময়:

জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অমিতাৰ খেতি কৰিব পাৰি।

কঠীয়াতলী প্ৰস্তুত -

নতুনকৈ চিঙি অনা পকা অমিতাৰ গুটিৰপৰ ইয়াৰ বীজ সংগ্ৰহ কৰিব লাগে। বালি, পলসুৱা মাটিত ওখ কঠীয়াতলী প্ৰস্তুত কৰি বীজবোৰ ১ ছেন্টিমিতাৰ দ’ত আৰু ২.৫ ছেন্টিমিটাৰ আঁতৰে আঁতৰে পুতিব লাগে। সিঁচাৰ ১৫ দিনৰ পিছতে বীজবোৰ অংকুৰিত হয়। পুলিবোৰ এমাহলৈকে কঠীয়াতলীত ৰাখিব লাগে। ৯০ ছেন্টিমিটাৰ বহল আৰু ১৮০ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ এনে একোখন বীজতলীৰপৰা প্ৰায় ২০০ জোপা অমিতাৰ পুলি পাব পাৰি। পুলিবোৰ ২০-৩০ ছেন্টিমিটাৰ ওখ হ’লেহে ৰুবৰ বাবে উপযুক্ত হয়। মন কৰিবলগীয়া কথা যে পুলিবোৰ উভালি নিয়াৰ আগেয়ে শিপাই কষ্ট নাপাবৰ বাবে বীজতলীত অলপ পানী দি ল’ব লাগে।

ৰোৱাৰ পদ্ধতি -

প্ৰকৃততে বছৰৰ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বাহিৰে যিকোনো সময়তে ইয়াৰ খেতি কৰিব পৰা যায় যদিও জুন মাহৰপৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰোৱা অমিতাৰ পুলিবোৰ সোনকালে সজাল ধৰে আৰু বলৱান হয়। পুলিবোৰ ৰোৱাৰ বাবে ১.৮ মিটাৰ দূৰত্বত ৪৫ ছেন্টিমিটাৰ*৪৫ ছেন্টিমিটাৰ আকাৰত গাঁত খান্দি প্ৰতিটো গাঁতত একলিংগী সঁচৰ পুলি চাৰিডালকৈ আৰু উভলিংগ সঁচৰ পুলি এটাকৈ ৰুব লাগে।

সাৰ প্ৰয়োগ -

প্ৰতিজোপা গছত ইউৰিয়া ৪০ গ্ৰাম, ছুপাৰ ফছফেট ৬০ গ্ৰাম আৰু মিউৰিয়েট অব পটাছ সাৰ ২০ গ্ৰাম প্ৰয়োগ কৰিব লাগে। এই সাৰখিনি দুভাগ কৰি এভাগ ৰোৱাৰ দুমাহ পিছত আৰু দ্বিতীয়ভাগ প্ৰথমবাৰ ফল ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। তদুপৰি ৰোৱাৰ আগেয়ে গাঁতত পাঁচ কিলোগ্ৰাম পচন সাৰ আৰু ১২০ গ্ৰাম খলিহৈ প্ৰয়োগ কৰিব লাগিব।

প্ৰতিপালন -

অমিতা গছত কেৱল মতা বা মাইকী ফলহে ফলে। মতা অমিতা গছৰ ফুলৰপৰা কলি নোলায়। কিন্তু মাইকী গছৰ ফুলৰ কলি লগাবৰ বাবে মতা গছৰ ফুলৰ আৱশ্যক হয়। সেয়েহে প্ৰতি ১০ জোপা মাইকী ফুলৰ গছৰ বিপৰীতে দুজোপাকৈ মতা গছ কাটি পেলাই দিব লাগে। বন-বাত হ’লে চিকুণাই দিব লাগে।

চপোৱা:

ৰোৱাৰ ছমাহ পিছত অমিতা গছত ফুল ধৰে। এবছৰৰ পিছত যিকোনো সময়তে ফল চপাব পৰা হয়।

উৎপাদন:

প্ৰতিজোপা অমিতা গছত বছৰত গড়েফ ৫০ টাকৈ অমিতা পোৱা যায়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)