অসমীয়া সমাজত তামোল-পাণৰ যথেষ্ট সমাদৰ আছে। মুখ শুদ্ধিৰ বাবে অসমীয়া মানুহৰ তামোল-পাণ নহ’লে নচলেগ। সেয়েহে তামোল বা পাণৰ খেতিও ব্যৱসায়িকভাৱে অসমীয়া সমাজত যথেষ্ট সমাদৰ লাভ কৰে। পাণ এবিধ অৰ্থ উপাৰ্জনকাৰী ফচল। অৰ্থনৈতিক গুৰুত্বও কম নহয়। অকল অসমেই নহয়, সমগ্ৰ দেশতে ইয়াৰ চাহিদাও যথেষ্ট। আনকি পাণৰ যথেষ্ট ঔষধী গুণো আছে যথেষ্ট বিদ্যমান। কিন্তু বিভিন্ন ৰোগৰ বাবে পাণৰ উৎপাদনত যথেষ্ট অন্তৰায় হৈ পৰে। পাণৰ গুৰি পচা, হালধীয়া পৰা, পাত পচি যোৱা ইত্যাদি বিভিন্ন ৰোগ হোৱা দেখা যায় পাণৰ। এই ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিলে পাণৰ উৎপাদনো যথেষ্ট বৃদ্ধি পাব। সেইবাবে পাণৰ কেইটামান ৰোগৰ লক্ষণ, কাৰণ আৰু প্ৰতিকাৰ সম্পৰ্কে উল্লেখ কৰা হ’ল- ৰোগৰ নাম: কাণ্ড পচা। ৰোগৰ কাৰণ - কেৰ’চিয়াম ৰফচি নামৰ এবিধ বীজাণু। সেই বীজাণুসমূহে মাটিত সিঁচৰতি হৈ বা অন্যান্য শস্যৰ জৰিয়তে পাণৰ আক্ৰমণ কৰে। মাটিত যদি জৈৱ সাৰৰ পৰিমাণ বেছি থাকে অথবা আবৰ্জনা থাকে সেইবোৰৰ জৰিয়তে সেই বীজাণুবোৰে বিস্তাৰ লাভ কৰে। ৰোগৰ লক্ষণ - ১)পাণ গছৰ যিকোনো অংশতে এই ৰোগে আক্ৰমণ কৰিব পাৰে। ২)গ্ৰীষ্ম কালত মাটিৰ ওপৰত বগাই যোৱা পাণত এই ৰোগ হয়। ৩)পাণ গছজোপাৰ এই ৰোগে আক্ৰমণ কৰে। লক্ষ্য কৰিলে দেখা যায় যে পাণ গছৰ গুৰিত বা মাটিৰ ওপৰত বগাই যোৱা গছজোপাৰ দুই-এঠাইত ক’লা বৰণ দেখা যায়। তাৰ পিছত পাতসমূহ হালধীয়া হৈ পৰা দেখা যায়। এনে অৱস্থাত পাণ সৰি পৰে। ৪)যদি পাণৰ পাতসমূহ হালধীয়া বা বাদামী ৰঙৰ হয় তেনেহ’লে তাৰ চৌপাশে অসংখ্য দানাৰ সৃষ্টি হয়। তাৰ পিছত পাণৰ গুৰি পচিবলৈ আৰম্ভ কৰে বা পাণজোপা মৰি যায়। ৰোগৰ প্ৰতিকাৰ - ৰোগাক্ৰান্ত পাতসমূহ তুলি পেলাব লাগে। ৰোগ প্ৰতিৰোধী পাণৰ জাত ব্যৱহাৰ কৰা উচিত। দ গাঁত খান্দি সেই মাটি শুকুৱাৰ পাছত পাণ ৰুব লাগে। সুস্থ-সবল ৰোগমুক্ত পাণৰ ডাল ৰোপণ কৰিব লাগে। পাণৰ গুৰি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। পাণ ৰোৱা ঠাইত প্ৰতিজোপা গছত পাঁচ গ্ৰাম হাৰত ট্ৰাইকোডাৰমা কম্পোষ্ট সাৰ ব্যৱহাৰ কৰিব লাগে। পাণৰ লতা ৰোপণৰ আগতে প্ৰতিলিটাৰ পানীত দুই গ্ৰাম হাৰত প্ৰোভে বা বেভিষ্টিনৰ দ্বাৰা শোধন কৰি ৰোপণ কৰিব লাগে। পাণত ৰোগে দেখা দিলে প্ৰতিলিটাৰ পানীত দুই গ্ৰাম হাৰত প্ৰোভে বা বেভিষ্টিনৰ দ্বাৰা পাণৰ লতা শোধন কৰি ৰুব লাগে। ৰোগৰ নাম: গুৰি পচা। ৰোগৰ কাৰণ: ৰাইজোকটনিয়া নামৰ এবিধ বীজাণুৰ বাবে এই ৰোগ হয়। মাটি, ফচলৰ পৰিত্যক্ত অংশ বা পানীৰ মাধ্যমেৰে এই ৰোগে বিস্তাৰ কৰে। ৰোগৰ লক্ষণ: মাটিৰ তলত থকা পাণৰ প্ৰতিটো অংশই এই ৰোগত আক্ৰান্ত হ’ব পাৰে। প্ৰাথমিক অৱস্থাত পাণ গছজোপাৰ পাতসমূহ মলিন হৈ হালধীয়া ৰূপ লয়। পাছত পাণত লগা ঈষৎ বিৱৰ্ণ হ’বলৈ আৰম্ভ কৰে আৰু মৰি যায়। এনে অৱস্থাত শিপাসমূহ ৰঙা পৰি ভাঙি ভাঙি যাবলৈ আৰম্ভ কৰে। ৰোগৰ প্ৰতিকাৰ: সম্ভৱ হ’লে মাটি শোধন কৰিব লাগে। ৰোগাক্ৰান্ত লতা বা পাত গা-গছৰ পৰা তুলি পেলাব লাগে। ৰোগ প্ৰতিৰোধী পাণৰ জাত ব্যৱহাৰ কৰা উচিত। ৰোগমুক্ত পাণৰ লতা ৰুব লাগে। সকলো সময়তে পাণৰ গুৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। পাণ ৰোৱাৰ আগতে প্ৰতিলিটাৰ পানীত দুই গ্ৰাম হাৰত প্ৰোভে বা বেভিষ্টিনৰ দ্বাৰা লতা শোধন কৰি ৰুব লাগে। পাণ গছজোপাত ৰোগে দেখা দিলে প্ৰোভে বা বেভিষ্টিন প্ৰতিলিটাৰ পানীত দুই গ্ৰামকৈ মিহলি কৰি পাণৰ গুৰিত স্প্ৰে কৰিব লাগে। লেখক: মনজিৎ তালুকদাৰ(নিয়মীয়া বাৰ্তা)