চৰাই আৰু শস্যৰ অনিষ্টকাৰী চৰাইৰ পৰিৱেশ মিত্ৰ ব্যৱস্থাপনা বৰ্তমানলৈকে বিভিন্ন শস্যৰ কীট নিয়ন্ত্ৰণত ৪৮ বিধ প্ৰজাতিৰ চৰাই বিশেষভাৱে জড়িত বুলি চিনাক্ত কৰা হৈছে। পতংগভোজী চৰাই জিৰাবৰ বাবে বিঘাই প্ৰতি ৫০ টাকৈ ‘T’ আখৰৰ দৰে গছৰ ডাল অথবা বাঁহ পুতি দিলে শালিকা আৰু ফেঁচু চৰায়ে পোক-পতংগ ধৰিবলৈ সুবিধা পায়। চৰাই খেদোৱা পৰম্পৰাগত পন্থাসমূহ ব্যৱহাৰ কৰি চৰাইৰ কোনো হানি নকৰাকৈ শস্য এডৰা ৰক্ষা কৰিব পৰা যায়। গোমধান খেতিৰ চাৰিওফালে গোমধান গছেৰে এখন বেৰ গঢ় তুলিলে মূল খেতিটো বহুলাংশ ভাটৌৰ আক্ৰমণৰ পৰা বচাব পৰা যায়। গোমধানৰ পাতেৰে গোমধানৰ আহ অংশ পুৰঠ হোৱাৰ সময়ত মেৰিয়াই দিলেও ভাটৌৰ আক্ৰমণ কম হোৱা দেখা যায়। পথাৰৰ বাহিৰৰ ফালে থকা তিনিশাৰী গোমধানৰ ৫০ শতাংশ বান্ধি দিলে ভাল ফল পোৱা যায়। চাপৰ শস্যৰ মাজে মাজে দুই এজোপা তুলনামূলকভাৱে ওখ গছ ৰোপণ কৰি পতংগভোজী চৰাই কিছুমানৰ বাবে জিৰণি লোৱাৰ সুবিধা কৰি দিব পাৰি। এনে গছে প্ৰাকৃতিক আশ্ৰয়স্থল গঢ়ি তোলে। সূৰ্য্যৰ পোহৰ প্ৰতিফলিত কৰা এফালে ৰঙা আৰু আনফালে ৰূপালী ৰঙৰ ‘পলিষ্টাৰ’ ফিটা ১.৫ ছে:মি: বহলকৈ ১৫-২০ মি: দীঘলকৈ কাটি শস্যৰ উচ্চতাতকৈ আধা মিটাৰ ওপৰত শস্যৰ সামন্তৰালকৈ ৫.০ মিটাৰ ব্যৱধানত বাঁহৰ খুটিত বান্ধি দিব পাৰি। এই পন্থাই অৱশ্যে প্ৰথম ১৫-২০ দিন মানলৈকেহে ভাল ফলাফল দিয়ে। উত্তৰ-দক্ষিণ মুৱাকৈ টানি দিলে ই সূৰ্য্যৰ পোহৰ ভালদৰে প্ৰতিফলিত কৰিব পাৰে। মৰাপাটৰ ৰচীও এনেদৰে ব্যৱহাৰ কৰিব পৰা যায়। নিম, কালমেঘ, বিহ কলমৌ আদিৰ পৰা নিষ্কাষিত পানী শস্যত ছটিয়ালে চৰাইক বিকৰ্ষণ কৰা দেখা যায়। নুনি, পলাশ, হেলেছ, পলশা, শিমলু, যম লাখুটি গছে বহু কেইবিধ পতংগভোজী, সৰ্বভক্ষী চৰাই আকৰ্ষণ কৰে। পতংগভোজী থলুৱা চৰাইৰ বংশবৃদ্ধিৰ বাবে বাকচ বাহ আমাৰ ঘৰৰ চৌহদত নিতৌ দেখা পোৱা, দৈনন্দিন খেতিৰ পথাৰৰ আশে-পাশে বিচৰণ কৰা, ঘৰৰ চুকে-কোণে, গছৰ ধোন্দত বাহ সাঁজি পোৱালি জগোৱা কিছুমান অতি উপকাৰী চৰাই বৰ্তমান সংকটত পৰিছে আৱাসস্থলৰ অভাৱত। উদাহৰণস্বৰূপে-ঘৰচিৰিকা, গছচিৰিকা, শালিকা, দহিকতৰা, ভদৰকলি, লক্ষীফেঁচা আদিৰ নাম ল’ব পাৰি। এনেবোৰ চৰায়ে নিৰ্দিষ্ট জোখৰ বাকচৰ বাহ সহজে গ্ৰহণ কৰি কণী পাৰি, পোৱালি জগোৱা দেখা যায়। প্ৰায়বোৰ চৰায়ে কাঠ আৰু মাটিৰ বাকচ আদি সহজে গ্ৰহণ কৰে যদিও ঘৰচিৰিকাই ডাঠ কাগজৰ জোতাৰ বাকচ ঘৰৰ ভিতৰত সংস্থাপন কৰিলে বাহ সাজি পোৱালি জগায়। উৎস: কৃষি বিভাগ, অসম