ৰাজ্যিক জৈৱ নিয়ন্ত্রণ পৰীক্ষাগাৰত প্রস্তুত কৰা স্থানীয়ভাৱে চিনাক্তকৰণ কৰা আতি উচ্চ মানবিশিষ্ট

বেক্টেৰীয়া আৰু ভেকুঁৰজনিত উইল্ট ৰোগ নিয়ন্ত্রক

শস্য: বেঙেনা, বিলাহী, জলকীয়া আৰু কেপচিকাম।

প্রয়োগ প্রণালীসমূহ

(ক) পুলিৰ শিপা শোধন

পৰিমাণ: প্রতি ১২৫০ টা পুলিৰ বাবে ২০০ গ্রাম চিউড’মনাচ ফ্লৰেচুে

কেনেকৈ প্রয়োগ কৰিব?

প্রথমেত, ২০০ গ্রাম চিউড’মনাচ ফ্লৰেচুচেন্স ২০০ মিঃ লিঃ ঠাণ্ডা ভাতৰ মাৰৰ সৈতে মিহলাওক। দ্বিতীয়তে, উভালি অনা পুলিৰ শিপা অংশ ওপৰৰ মিশ্রণত ডুবাওক আৰু ২০ মিনিট অপেক্ষা কৰক। তৃতীয়তে, পুলিটো ছাত ২০ মিনিট শুকাবলৈ দিয়ক।

চতুৰ্থতে, পথাৰত পুলি ৰোপণ কৰক।

(খ) পুলি ৰোৱাৰ সময়ত মাটি শোধন

পৰিমাণ: প্রতি বিঘাত এক কিঃ গ্রাঃ চিউড’মনাচ ফ্লৰেচুচেন্স।

অনুপাত: ১: ২০ অর্থাৎ ১ চিউড'মনাচ ফ্লৰেচুচেন্স ২০ পচা গোবৰ সাৰ

প্রয়োগ প্রণালী: প্রথমেত, ভালকৈ পচা গোবৰখিনি ছালি লওক।

দ্বিতীয়তে, এক কিলোগ্রাম চিউড'মনাচ ফ্লৰেচুচেন্স ২ কিঃ গ্রাঃ ছালি থোৱা পচা গোবৰৰ সৈতে মিহলাওক।

তৃতীয়তে, এই মিশ্রণ (২ + ১) ৩ কিঃ গ্রাঃ আগেত ছালি থোৱা ১৮ কিঃ গ্রাঃ পচা গোবৰৰ সৈতে ভালকৈ মহলাওক।

চতুৰ্থতে, কমেও ২ লিটাৰ পানী মিহলাওক যাতে মিশ্রণটো জেকা লগা বা লেপলেপীয়া ধৰণৰ হয়। পঞ্চমতে, ওখ চিপৰ দৰে কৰি ছাত পলিথিন বা বস্তাৰে ঢাকি থওক। ৩ ৰ পৰা ৬ দিন অপেক্ষা কৰক। ষষ্ঠতে, পুলিৰোৱাৰ বাবে প্ৰতিটো গাঁতত ২০ গ্ৰামকৈ মিশ্রণটো প্রয়োগ কৰি পুলি ৰোপণ কৰক আৰু লগে লগে মাটিৰে ঢাকি দিয়ক।

(গ) পুলি ৰোপণ কৰাৰ ৩০ দিনৰ ভিতৰত মাটি শোধন

পৰিমাণ: প্রতি বিঘাত ২ কিঃ গ্রাঃ চিউড'মনাচ ফ্লৰেচুচেন্স।

প্রয়োগ প্রণালী: পদ্ধতি (খ) ত উল্লেখ কৰাৰ দৰে মিশ্রণটো প্রসত্তত কৰি লওক।

পুলিবোৰৰ গুৰিৰ চাৰিওফালৰ কিছু মাটি আতৰাই উপৰুৱা শিপা বিলাক উদঙাই লওক। এতিয়া,

মিশ্রণটোৰ ৪০ গ্ৰামকৈ প্ৰতিটো পুলিৰ শিপাত লগাকৈ প্রয়োগ কৰক আৰু লগে লগে মাটিৰে ঢাকি দিয়ক। বিঃ দ্রঃ ক, খ বা গ যিকোনো এটা পদ্ধতিৰে চি ফ্ল, প্রয়োগ কৰিব পাৰি। তিনিওটা পদ্ধতিৰ ভিতৰত খ পদ্ধতিটো উৎকৃষ্ট বুলি বিবেচিত হৈছে।

উৎস: ৰাজ্যিক জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰ, অসম।