১) ল’ৰা-ছোৱালীয়ে বিছাৰি নোপোৱা ঠাইত কীটনাশক ঔষধ সাৱধানে ৰাখিব৷ ২) দৰবৰ বিষাক্ত গুণ সৰ্ম্পকে পৰিয়ালৰ সকলোৱে অবগত কৰাব ৷ ৩) দৰব ব্যৱহাৰ কৰাৰ পূৰ্বে দৰবৰ পাত্ৰত লিখা নিৰ্দেশ সমুহ ভালকৈ পঢ়ক ৷ ৪) দৰব স্প্ৰে কৰা যন্ত্ৰটি ভালকৈ পৰীক্ষা কৰি লব ৷ স্প্ৰেয়াৰ বেয়া হ’লে ভাল কৰি লব ৷ ৫) দৰব প্ৰয়োগৰ সময়ত মূখা, এপ্ৰন ও ৰবৰৰ হাতমোজা ইত্যাদি পিন্ধি লব ৷ ৬) সঠিক মাত্ৰাত দৰব পানীত মিহলাই স্প্ৰে কৰিব ৷ ৭) পথাৰত দৰব প্ৰয়োগ কৰা সময়ত পানী বা খাদ্য নাখাব, ধুমপান নকৰিব অথবা চকু নোমোহাৰিব ৷ ৮) বতাহ বলা ফালে দৰব প্ৰয়োগ কৰিব ৷ ৯) বতাহৰ ওলতা ফালে দৰব প্ৰয়োগ কৰিলে দৰববোৰ আপোনাৰ গাত পৰি অনিষ্ট কৰিব ৷ ১০)স্প্ৰেয়াৰ নলী বন্ধ হ’লে মুখেৰে নুফুৱাব, এডাল তাঁৰেৰে বন্ধ কৰি চাফা কৰিব ৷ ১১) সাধাৰণতে দৰব ৰাতিপুৱা বা গধুলি সময়ত প্ৰয়োগ কৰিব৷ কীটনাশক দৰব প্ৰয়োগৰ পিচত লবলগীয়া সাবধানতা ১) স্প্ৰেয়াৰত থকা দৰবৰ মিশ্ৰণ সম্পৰ্কে ভাবে শেষ কৰিব ৷ ২) প্ৰয়োগৰ পাচত দৰবৰ খালি টেমা, বটল পুতি পেলাই ধবংশ কৰিব ৷ ৩) যন্ত্ৰপাতি বোৰ ভালকৈ ছাফা কৰিব আৰু মানুহে সহজে পাব নোৱাৰা ঠাইত সযত্নে ৰাখিব ৷ ৪) দৰব প্ৰয়োগ কৰাৰ কিছুসময়ৰ পাচলৈ যাতে মানুহ, গৰু ইত্যাদি সোমাব নোৱাৰে তালৈ লক্ষ্য ৰাখিব ৷ ৫) পিন্ধা কাপোৰবোৰ ধুই পেলাব ৷ ৬) নিজৰ শৰীৰ চাবোনেৰে ধুই পৰিস্কাৰ কৰিব যাতে বিষাক্ত বাষ্পিকণা বিয়পিব নোৱাৰে ৷ ৭) পিন্ধা কাপোৰ আৰু যন্ত্ৰপাতি পানী খোৱা পুখুৰীত কেতিয়াও নুধুব ৷ ৮) দৰব প্ৰয়োগ কৰা পথাৰখনলৈ সদায় চকু দিব ৷ ৯) দৰব প্ৰয়োগৰ পিচত নিৰ্দ্ধাৰিত সময় পাৰ নোহোৱা পৰ্যন্ত গছৰ পৰা ফল বা পাচলি নিচিঙিব ৷ ১০) দৰবৰ পৰা মানুহৰ শৰীৰত বিষক্ৰিয়া হ’লে পিন্ধা কাপোৰ খুলি উশাহ লবলৈ আৰু বমি কৰিবলৈ মানুহজনক সহায় কৰিব ৷ ১১) ইয়াৰ পাচত ব্যক্তিজনক ডাক্তৰৰ ওচৰলৈ বা হস্পিতাললৈ নিব উৎস: অসম কৃষি বিশ্ববিদ্যালয়।