আলুগছৰ অনিষ্টকাৰী কীট–পতঙ্গসমুহ চাৰিটা ভাগত ভগাব পাৰি মাটিত থকা কীট – পতঙ্গ পাতখোৱা কীট – পতঙ্গ ৰসশোহা কীট – পতঙ্গ সংৰক্ষিত আলুৰ কীট – পতঙ্গ৷ আলুগছ আৰু সংৰক্ষিত আলুত আক্ৰমণ কৰা কেইবিধমান প্ৰধান কীট – পতঙ্গৰ আক্ৰমণৰ লক্ষণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে তলত আলোচনা কৰা হ’ল ৷ (ক) মাটিত থকা কীট–পতঙ্গ ১) ভূঁৰ পোক (কাট ৱাৰ্ম) আক্ৰমণৰ লক্ষণ পলুবোৰ দিনৰ ভাগত মাটিৰ তলত লুকাই থাকে ৷ নিশাৰ ভাগত ইহঁত ওলাই আহি সৰু অৱস্হাতে গছবোৰ গুৰিতে কাটি দিয়ে আৰু কটা অংশত থকা পাত, ঠাৰিবোৰ খায় ৷ ইহঁতে আলুগুটিবোৰলৈও ফুটা কৰি সোমাই যায় আৰু বিতৰি ভিতৰি খায় যথেষ্ট অনিষ্ট কৰে ৷ আক্ৰান্ত আলুবোৰ খাবৰ বাবে অনুপযুক্ত হয় ৷ পথাৰতে ১২-৪০ শতাংশ আলু এই পোকৰ দ্বাৰা নষ্ট হ’ব পাৰে ৷ নিয়ন্ত্ৰণ জহকালি মাটি টুকুৰা ভালদৰে চহাই থলে ভূঁৰ পোকৰ সুপ্ত অৱস্হাত থকা পলু বা লেটা বোৰ মৰি যায় নাইবা পতঙ্গভোজী চৰাই আদিয়ে খায় ৷ এই পোকৰ পখিলাবোৰ পোহৰৰ উৎসৰ ফাললৈ আকৰ্ষিত হয়৷ গতিকে পথাৰত গধুলি কিছুসময় জোৰ জ্বলাই ৰাখি বা অন্য কোনো পোহৰৰ উৎস (লেম্প, লাইটট্ৰেপ) ৰাখি ইহঁতক আকৰ্ষিত কৰি পাতত নিধন কৰিব পাৰি ৷ ক্ল’ৰ পাইৰিফচ্ , এন্দোচালফান, বা কাৰ্বাৰিল হেক্টৰে প্ৰতি ১.৫ লিটাৰ ৫০০-৬০০ লিটাৰ পানীত মিহলাই গছবোৰত আৰু লগতে আলুভেটি বোৰ তিতি যোৱাকৈ স্প্ৰে কৰিব ৷ আলুত মাটি চপোৱাৰ সময়ত ফৰেট ১০ জি হেক্টৰে প্ৰতি ১৫ কেজি হিচাবে মাটিৰ লগত মিহলাই দিব ৷ নাইবা মালাথিয়ন ৫% গুৰি হেক্টৰে প্ৰতি ৪০ কেজি হিচাবে চপোৱা মাটিৰ লগত মিলাই দিব ৷ ২) ৰঙা পৰুৱা (ৰেদ এন্ট) আক্ৰমণৰ লক্ষণ ৰঙা পৰুৱাৰ কৰ্মীবোৰে মাটিৰ তলত থাকি আলুবোৰ ফুটা কৰি সৰু বৰ গাঁতৰ সৃষ্টি কৰে ৷ আক্ৰান্ত আলুবোৰ গেলি যাব ধৰে আৰু খাবৰ বাবে অনুপযুক্ত হয় ৷ নিয়ন্ত্ৰণ খলিহৈ হেক্টৰে প্ৰতি ১৫০ কেজি হিচাবে মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব ৷ ক্ল’ৰ পাইৰিফচ্ , এন্দোচালফান, কাৰ্বাৰিল, মালাথিয়ন নাইবা ফৰেট শুৰ পোকৰ বাবে অনুমোদন কৰাৰ দৰেই প্ৰয়োগ কৰিব ৷ ৩) বগা পলু (হোৱাইট গ্ৰাব) আক্ৰমণৰ লক্ষণ বগা পলুৰ ২য় আৰু ৩য় স্তৰৰ পলুবোৰে আলুবোৰ ফুটা কৰি ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰে ৷ আক্ৰান্ত আলুবোৰ খাবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি৷ নিয়ন্ত্ৰণ ভূঁৰপোক নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্হা গ্ৰহণ কৰক ৷ বগাপলুৰ দ্বাৰা আক্ৰান্ত মাটিত প্ৰতিবছৰে আলু খেতি নকৰিব ৷ শস্যাৱৰ্ত্তনৰ ব্যৱস্হা ল’ব পাৰিলে মাটিডৰাত এই পোকৰ আক্ৰমণ হ্ৰাস পায় ৷ পূৰ্ণাংগ গুবৰুৱাবোৰ মে-জুন মাহত লেটাৰ পৰা ওলাই ৰাতিৰ ভাগত চজিনা, মধুৰী আদি গছৰ পাত খায় থাকে ৷ এই গছবোৰৰ ডাল জোকাৰি গুবৰুৱাবোৰ মাটিলৈ পেলাই মোহাৰি নিধন কৰিব পাৰি ৷ ৪) উঁই (টাৰমাইট) আক্ৰমণৰ লক্ষণ ইহঁতৰ কৰ্মীবোৰে অলুবোৰত ফুটা কৰি ভিতৰত সুৰঙ্গৰ সৃষ্টি কৰে৷ এই সুৰঙ্গবোৰ প্ৰায়েই মাটিৰে পূৰ্ণ হৈ থাকে ৷ আক্ৰান্ত আলুবোৰ খাবৰ বাবে অনুপযুক্ত হয় ৷ নিয়ন্ত্ৰণ ভূঁৰ পোকৰ বাবে লোৱা ব্যৱস্হা গ্ৰহণ কৰিব ৷ (খ) পাতখোৱা কীট – পতঙ্গ ১) এপিলাকণা গুবৰুৱা (এপিলাক্না বিটল) আক্ৰমণৰ লক্ষণ বৰুৱা আৰু পলুবোৰে পাতৰ সেউজীয়া অংশ খায় পেলায়, ফলত পাতবোৰৰ শিৰা উপশিৰাবোৰ ওলাই পৰে আৰু ডালৰ দৰে হয় ৷ আক্ৰান্ত পাতবোৰ মৰহি শুকাই যায় ৷ নিয়ন্ত্ৰণ আক্ৰমণৰ আৰম্ভণিতে পাতত থকা কণীৰ থোপা, পলু আৰু গুবৰুৱাবোৰ হাতেৰে বুটলি কেৰাচিন মিহলি পানীত ডুবাই মাৰিব পাৰি ৷ এন্দোচালফান, কাৰ্বাৰিল, ডাইমিথয়েট বা ক্ল’ৰ পাইৰিফচ্ , প্ৰতি লিটাৰ পানীত ১ মি:লি: হিচাবে মিহলাই স্প্ৰে কৰিব৷ এই গুবৰুৱাৰ বাদেও মটৰ মাহৰ চেমি লুপাৰ আৰু বুটমাহৰ চেঁইবিন্ধোৱা পোকে মাজে মাজে আলুৰ পাত খাব পাৰে ৷ ইঁহতে সাধাৰণতে বিশেষ অনিষ্ট সাধন নকৰে, গতিকে কীটনাশক দ্ৰৱ্য প্ৰয়োগৰ প্ৰয়োজন নহয় ৷ (গ) ৰস শুহি খোৱা কীট–পতঙ্গ ১) মোৱা পোক (এফিদ্) আক্ৰমণৰ লক্ষণ পোৱালি বা পূৰ্ণাংগবোৰে পাত, ঠাৰি আদিৰ পৰা ৰস শুহি খায় ৷ ফলত গছৰ বৃদ্ধি বাধা প্ৰাপ্ত হয় ৷ পাতবোৰ হালধীয়া পৰে আৰু তললৈ ঘোৰ খায় ৷ ইহঁতে আলুগছৰ ভাইৰাছ ৰোগ (পটেটো ভাইৰাছ ওৱাই আৰু পটেটো লিফৰোল ভাইৰাছ) বিয়পায় ৷ নিয়ন্ত্ৰণ এন্দোচালফান, ডাইমিথয়েট, কাৰ্বাৰিল নাইবা মন’ক্ৰট’ফচ প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ হিচাবে মিহলাই স্প্ৰে কৰিব ৷ ফৰেট ১০ কেজি, হেক্টৰে প্ৰতি ১৫ কি:গ্ৰামকৈ মাটি চপোৱাৰ সময়ত মাটিৰ লগত মিহলাই দিলেও আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷ ২) বগা মাখি (হোৱাইট ফ্লাই) আক্ৰমণৰ লক্ষণ পোৱালি বা পূৰ্ণাংগবোৰে পাতৰ তল পিঠিৰ পৰা ৰস শুহি খায় ৷ পাতবোৰত ইহঁতে ক্ষৰণ কৰা মৌ কণা (হনি দিউ) পৰে বাবে আঠালতীয়া এটা আৱৰণৰ সৃষ্টি হয়, পাতবোৰ মৰহি শুকাই যায় ৷ নিয়ন্ত্ৰণ মোৱা পোকৰ বাবে দিয়া ব্যৱস্হা গ্ৰহণ কৰক ৷ (ঘ) সংৰক্ষিত আলুৰ পোক ১) আলুপখিলা বা কেৰোণ পোক (পটেটো টিউবাৰ মথ) আক্ৰমণৰ লক্ষণ সৰু সৰু পলুবোৰে পাত বা ঠাৰিত সুৰঙ্গ কৰি খায় ৷ ফলত পাতবোৰ মৰহি যায় ৷ আলুতলিত মাটিৰ ওপৰত ওলাই থকা আলুবোৰতো ইহঁতে আক্ৰমণ কৰি ফুটাই পেলায় আৰু বিতৰত সুৰংগ কৰি খায় থাকে ৷ এনে আলু চপোৱাৰ পিছত সংৰক্ষণ কৰিলে সংৰক্ষিত অৱস্হাতো আক্ৰমণ চলি থাকে আৰু ভাল আলুলৈও আক্ৰমণ বিস্তাৰিত হয় ৷ সংৰক্ষিত আলুবোৰ আক্ৰমণ কৰি ভিতৰৰ মঙহাল অংশ খায় সুৰঙ্গৰ সৃষ্টি কৰে আৰু সুৰংগবোৰ ইহঁতৰ লাদেৰে পূৰ্ণ হৈ তাকে ৷ আক্ৰান্ত আলুবোৰ গেলিবলৈ ধৰে আৰু খাবৰ বাবে বা ৰোবৰ বাবে অনুপযুক্ত হয় ৷ দুই তিনিমাহৰ ভিতৰতে ইহঁতে সম্পূৰ্ণ আলু নষ্ট কৰিব পাৰে ৷ নিয়ন্ত্ৰণ আলুত মাটি চপাওতে সাৱধান হব লাগে যাতে কোনো আলু বাহিৰলৈ ওলাই নাথাকে৷ এনে আলুত পলুৰ আক্ৰমণ হোৱাৰ উপৰিও পখিলাবোৰে কণীও পাৰিব পাৰে৷ চপোৱাৰ পিছত আলুবোৰ পথাৰতে পেলাই নথব৷ এনে কৰিলে পখিলাবোৰে আলুত কণী পাৰিব পাৰে৷ কণী থকা আলু সংৰক্ষণ কৰিলে আক্ৰমণ বেছিকৈ হয়৷ পথাৰত আলুগছত ইহঁতৰ আক্ৰমণ দেখিলেই মন’ক্ৰট’ফচ বা ডাইমিথ’য়েট প্ৰতি লিটাৰ পানীত ১ মি:লি: হিচাবে মিলাই স্প্ৰে কৰক ৷ আলুডৰাৰ ওচৰে পাজৰে ইহঁতৰ বিকল্প খাদ্য গছ যেনে – বেঙেনা, বিলাহী আদি থাকিলে এই পোকৰ আক্ৰমণ বেছিকৈ হয় ৷ গতিকে পৰাপক্ষত আলুডৰাৰ ওচৰত এনে পাচলি নথকা ভাল ৷ আলু সংৰক্ষণ কৰা ঠাই টুকুৰা বা যতনটো ভালদৰে পৰিষ্কাৰ কৰি লব যাতে তাত পুৰণা আক্ৰান্ত আলু বা সুপ্ত অৱস্হাত ইহঁতৰ লেটা নাথাকে ৷ সংৰক্ষিত আলুৰ ওপৰে তলে ইউকেলিপটাছ বা লেন্টানাৰ শুকান পাতৰ গুৰি চটিয়াই থলে আক্ৰমণ কম হয় ৷ বীজৰ বাবে ৰখা আলুত মালাথিয়ন ৫ শতাংশ প্ৰতি ১০০ কেজি আলুৰ লগত ১২৫ গ্ৰাম হিচাবে মিলাই ৰাখিলে আক্ৰমণ নহয় ৷ খাবৰ বাবে ৰখা আলুত কোনো কীট নাশক ব্যৱহাৰ নকৰিব ৷ ওপৰোক্ত কীট-পতংগ সমুহৰ বাদেও আলুগছত মাজে সময়ে ওৱাইয়াৰৱৰ্ম, উইভিল, পাত গুবৰুৱাৰ আদিয়ে আক্ৰমণ কৰিব পাৰে ৷ সাধাৰণতে ইহঁতৰ আক্ৰমণ ক্ষতিকাৰক নহয় ৷ সেইকাৰণে বিশেষ কোনো ব্যৱস্হা লোৱাৰ প্ৰয়োজন নহয় ৷ লিখক: ড০ ৰবীন গগৈ, অসম কৃষি বিশ্ববিদ্যালয়।