আমাৰ নিত্য প্ৰয়োজনীয় মচলাবোৰৰ ভিতৰত হালধি এবিধ অপৰিহাৰ্য মচলা হিচাপে ব্যৱহৃত হৈ আহিছে। ইয়াৰ উপৰি নানান প্ৰসাধন সামগ্ৰী আৰু ঔষধ প্ৰস্তুতকৰণতো হালধি ব্যৱহাৰ কৰা হয়। বভিন্ন ধৰ্মীয় উত্সৱো হালধি অবিহনে সম্পূৰ্ণ নহয়। হালধিৰ মাটিৰ তলত বাঢ়ি যোৱা (মৃদগত) কাণ্ডভাগক ৰাইজম বুলি কোৱা হয়। এই ৰাইজমত ১.৮ৰ পৰা ৫.৪ শতাংশ কুৰকুমিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে।

ভাৰতবৰ্ষত ১,০৪,৫০০ হেক্টৰ মাটিত হালধি খেতি কৰা হয় আৰু মুঠ উত্পাদন হয় প্ৰায় ৩,২৩,৮০০ টন। অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, কেৰেলা আৰু বিহাৰত ইয়াৰ খেতি যথেষ্ট পৰিমাণে হয়। অসমত হালধি খেতি মুঠ ১.০১ হেজাৰ হেক্টৰ মাটিত কৰা হয় আৰু উত্পন্ন হোৱা হালধিৰ পৰিমাণ ৭০০০ টন। অসমত ব্যৱসায়িক ভিত্তিত হালধি খেতি কৰা দেখা নাযায়। খেতিয়কসকলে নিজৰ প্ৰয়োজনীয় হালধিখিনিহে ঘৰতে উত্পন্ন কৰি লয়। আমাৰ কৃষকসকলে যদি উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ লয় তেতিয়া হালধিৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰিব।

মাটি আৰু জলবায়ুঃ

হালধি খেতি বিভিন্ন প্ৰকাৰৰ মাটিত কৰিব পাৰি যদিও বালিচহীয়া মাটি বাছনি কৰিব লাগে যাতে পানী জমা হৈ নাথাকে। হালধি ৰুবলৈ ব্যৱহাৰ কৰা মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱসাৰ থকাটো অতি আৱশ্যকীয়। ইয়াৰ খেতি সমতল তথা পাহাৰীয়া মাটিত কৰিব পাৰি। হালধিক বছৰি দৰকাৰ হোৱা বৰষুণ আৰু উষ্ণতাৰ পৰিমাণ ক্ৰমে ১৫০ ছেঃ মিঃৰ পৰা ২২৫ ছেঃ মিঃ আৰু ২০০-৩০০ চেলছিয়াছ।

জাত নিৰ্বাচনঃ

হালধিৰ বহুতো উন্নত জাত আছে আৰু এইসমূহ শস্যকালৰ ওপৰত নিৰ্ভৰ কৰি তিনিভাগত ভগোৱা হৈছে, যেনে- হ্ৰস্বকালীন (৭ মাহ), মধ্যকালীন (৮ মাহ) আৰু দীৰ্ঘকালীন (৯ মাহ) জাত। আমাৰ অসমত সঘনে ব্যৱহাৰ হোৱা জাত কেইবিধমান হ’ল- শ্বিলং জাত, টলক্ল’ন, চি এল-২৪, পি টি চি-৩৮, পি টি চি-১৩ আৰু ডি কে-১৪৫। ইয়াৰ উপৰি বিভিন্ন ৰাজ্যৰ বাবে অনুমোদিত জাতসমূহ হ’ল- ৰশ্মি, ৰ’মা, শোভা, সুদৰ্শনা, সুগন্ধম, সুগুণা, সুৱৰ্ণ আৰু বি এছ আৰ-১।

ৰোৱা সামগ্ৰী আৰু শোধনঃ

হালধি খেতিত ৰোৱা সামগ্ৰী হ’ল ৰাইজম। মাতৃ ৰাইজম নতুবা ঠেঙুলি ৰাইজম যিকোনো এটাই ব্যৱহাৰ কৰিব পাৰি। ৰাইজমবোৰ নিৰোগী আৰু সবল হোৱা উচিত। জয়’থেন এম ৪৫ নামৰ ভেঁকুৰনাশক ঔষধবিধৰ ৩ গ্ৰাম ১ লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈ ৰাইজমবোৰ এনে মিশ্ৰণত আধা ঘণ্টামান ডুবাই ৰাখিলে ৰাইজমবোৰৰ শোধন হয়। এনেদৰে শোধন কৰিলে হালধিৰ ৰাইজম পচা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। শোধন কৰাৰ পাছত ৰাইজমবোৰ ভালদৰে ছাঁত শুকুৱাই লৈ আগতে তৈয়াৰ কৰি ৰখা ভেটিত ৰুব লাগে। এক হেক্টৰ মাটি ৰুবৰ কাৰণে ২৫ কুইণ্টল পৰিমাণৰ ৰাইজমৰ প্ৰয়োজন। ৰোৱাৰ সময় হ’ল এপ্ৰিল মাহ।

মাটি প্ৰস্তুতকৰণঃ

হালধি খেতিৰ বাবে নিৰ্বাচন কৰা মাটি টুকুৰা ভালদৰে তিনি-চাৰিবাৰ হাল বাই মৈয়াই সমান কৰি লব লাগে। অলাগতিয়াল বন-বাতবোৰ আঁতৰাই পেলাই প্ৰথম প্ৰাক্ মৌচুমী আৰম্ভ হোৱাৰ লগে লগে একৰ পৰা ডেৰ মিটাৰ বহল, পোন্ধৰ ছেঃ মিঃ ওখ আৰু নিজৰ প্ৰয়োজনৰ দৈৰ্ঘ্য অনুসাৰে ভেটি তৈয়াৰ কৰি ল’ব লাগে। দুটা ভেটিৰ মাজৰ দূৰত্ব ৪০ৰ পৰা ৫০ ছেঃ মিঃ ৰখা হয়। এতিয়া প্ৰত্যেক ভেটিতে ৪৫ ছেঃ মিঃ দূৰত্বত একোটা লোৰ খান্দি লৈ ৰোৱাৰ বাবে নিৰ্বাচন কৰা ৰাইজমবোৰ ২৫ ছেঃ মিঃ ব্যৱধানত আৰু ১০ ছেঃ মিঃ গভীৰতাত ৰোপণ কৰিব লাগে। ইয়াৰ পাছত মাটিৰ লগত শুকান পাত, পচা জাবৰ-জোঁথৰ আদিৰে পাতলীয়াকৈ ঢাকি দিব লাগে।

উৎস: অসমীয়া খবৰ