ধান চপোৱা, মৰণা মৰা আৰু মজুতকৰণঃ

* শালিধান চপোৱাৰ সময়। ধানবোৰ কল পকা দিয়াৰ লগে লগে চপাব লাগে।
*ধানৰ মুঠাবোৰ ভালদৰে শুকুৱাই লৈহে মৰণা মৰাৰ ব্যৱস্থা কৰিব লাগে। চপোৱাৰ পিছত ধানবোৰ কেতিয়াও গাপ লাগিবলৈ দিব নেলাগে। পানীত ভিজি থকা ধানবোৰ মুঠি হিচাপে কাটি বাঁহৰ ডালত মেলি দি ৰ’দত শুকুৱাই লব লাগে।
* ধান ভঁৰালত ভৰোৱাৰ আগতে ভালদৰে পৰিষ্কাৰ কৰি গোৱৰ আৰু বালি মাটিৰে বেৰ আৰু মজিয়া লেপি দিব লাগে। ভঁৰালৰ বেৰ আৰু মজিয়াত থকা সৰু / ডাঙৰ ফুটাবোৰ বন্ধ কৰি দিব লাগে। বেৰ আৰু মজিয়াত মালাথিয়ন-৫০ ই.চি. (১০ লিটাৰ পানীত ১০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। কঠীয়া ধানত মালাথিয়ন ৫% পাউদাৰ (১ কুইন্টল বীজৰ বাবে ২৫০ গ্ৰাম) মিহলাই থ’ব পাৰে।
* ভঁৰালত এন্দুৰ /নিগনিৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে তলত দিয়া ধৰণে বিষাক্ত টোপ তৈয়াৰ কৰিব পাৰি-
আটা-৮০ গ্ৰাম, গুড়-৮ গ্ৰাম, শুকান মাছ-১৫ গ্ৰাম, মিঠাতেল-২ গ্ৰাম আৰু জিংক ফছফাইড-২ গ্ৰাম

ধানৰ ভঁৰালত জৈৱিকভাৱে কীট-পতঙ্গ নিয়ন্ত্রণ:

১) শস্য মজুত কৰি ৰাখিব বিছৰা ভঁৰাল পৰিষ্কাৰ কৰি ৰাখিব লাগে। মাজে-সময়ে ভঁৰালত গোট খোৱা জাৱৰ-জোঠৰ আঁতৰাই ৰাখিব লাগে।
২) বেৰ, মজিয়া আৰু ছালত থকা ফাট নাইবা ফুটাবোৰ ভালকৈ বন্ধ কৰিব লাগে।
৩) বীজত থকা পানীৰ পৰিমাণ শতকৰা ১২ ভাগতকৈ অধিক হ’ব নালাগে।
৪) বস্তাবোৰ ৰাখোতে তাৰ মাজত যাতে বায়ু চলাচল কৰিব পৰা ফাক থাকে তাৰ প্ৰতি লক্ষ্য কৰিব লাগে।
৫) যদি দীৰ্ঘ সময়ৰ বাবে বস্তাত বীজ মজুত কৰিব লগীয়া হয় তেতিয়া ৩ মাহৰ মূৰে মূৰে বস্তাবোৰ ৰ’দত দিব লাগে।
৬)বস্তাবোৰ মজিয়াৰ পৰা কমেও ১ ফুট ওপৰত কাঠৰ ওপৰত ৰাখিব লাগে।
৭) যদি বীজ মাটিৰ কলহত ৰাখে তেতিয়া কলহৰ মুখখন নিমপাতেৰে তৈয়াৰী মলমেৰে বন্ধ কৰিব লাগে।
৮) সংৰক্ষণৰ আগেয়ে বীজবোৰত নিমতেল সানিব লাগে। ইয়াৰ প্ৰতি ১ কিলোগ্ৰাম বীজত ১০ মিলিলিটাৰ নিমতেল সানি ছাঁত শুকুৱাইহে সংৰক্ষণ কৰিব লাগে।
৯) বীজ ৰাখিব বিচৰা বস্তাবোৰ ১০ শতাংশ (১০ লিটাৰ পানীত ১ লিটাৰ) নিমগুটিৰ আৰকেৰে শোধণ কৰি লব লাগে। ইয়াৰবাবে বস্তাবোৰ ১৫ মিনিট সময়ৰ বাবে নিমগুটিৰ আৰকত ডুবাই ডুবাই ৰাখি ছাঁত শুকুৱাই লব লাগে। যদি বস্তাবোৰ নতুন হয় তেতিয়া আধাঘন্টা সময়ৰ বাবে তিয়াব লাগে।
১০) মজিয়া গোৱৰেৰে লেপোতে তাৰ লগত নিমতেল (১০ লিটাৰ পানীত ৫০ মিলিলিটাৰ) বা নিমগুটিৰ আৰক মিহলাব লাগে।
১১) যদি বাঁহেৰে সজা পাত্ৰত বীজ ৰখা হয় তেতিয়া বেৰবোৰ নিমগুটিৰ আৰকেৰে লেপি দিব লাগে।
১২)ভঁৰালত বা বস্তাত নিমপাত বা বিহলঙণিৰ বা কৰচ গছৰ পাত ভৰাই থব লাগে।
১৩) ভঁৰালত বায়ু চলাচল কৰিব পৰা হব লাগে।
১৪)ভঁৰালত সময়ে নিমপাত বা বিহলঙণিৰ পাতেৰে ৩০-৪০ মিনিট সময় ধোঁৱা দিব লাগে।

উৎস: সেউজ চিন্তা