অতীজৰে পৰা মৰাপাটে অসমৰ অৰ্থনীতি টনকিয়াল কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ধুবুৰী, গোৱালপাৰা, বৰপেটা, দৰঙকে আদি কৰি অসমৰ কেইবাখনো জিলাত মৰাপাটৰ খেতি কৰা হয়। কিন্তু মৰাপাটৰ বিভিন্ন ৰোগ আৰু পোক-পতংগৰ আক্ৰমণৰ ফলত কৃষক ৰাইজ যথেষ্ট ক্ষতি হয়। প্ৰতি বছৰে হোৱা নানা ৰোগৰ আক্ৰমণৰ ফলত প্ৰায় উত্পাদনৰ শতকৰা ১০-২০ ভাগ ক্ষতি হয়। ৰোগৰ প্ৰাদুৰ্ভাৱৰ ওপৰত নিৰ্ভৰ কৰি এই ক্ষতিৰ পৰিমাণ অনেক বেছিও হ’ব পাৰে। সাধাৰণতে ক্ষতি বুলিলে গছ মৰি যোৱা বা উত্পাদন হ্ৰাস বুজাই যদিও বাচি থকা আক্ৰান্ত গছজোপাৰ পৰা আহৰণ কৰা আঁহৰ মানদণ্ড নিম্নমানৰ হোৱাৰ ফলত কৃষকে সঠিক দাম নাপায়।

মৰাপাটৰ বিভিন্ন ৰোগসমূহৰ ভিতৰত পুলি লেৰেলি যোৱা, গুৰি পচা, কাণ্ড পচা, এনথ্ৰেকন’জ মোজাইক বা শিপাত গাঁঠি বন্ধা আদিয়েই প্ৰধান। এই ৰোগসমূহ পৰজীৱী ভেঁকুৰ, বেক্টেৰীয়া, ভাইৰাছ, কৃমি আদি আক্ৰমণৰ ফলত হয়। ৰোগসমূহ হ’ল- পুলি পঁচা ৰোগ, গুৰি পচা, কাণ্ড পচা, এনথ্ৰেকনজ, পচা ৰোগ, ক’লা পটি, আগ শুকাই যোৱা, পাউডাৰ মিলদিউ, মোজাইক, শিপাত গাঁঠি বন্ধা।

তলত মৰাপাটৰ প্ৰধান ৰোগ কিছুমানৰ আলোচনা কৰা হ’ল-

পুলি পচা ৰোগঃ

লক্ষণঃ বীজ অংকুৰণৰ পাছৰ পৰা প্ৰথম এমাহ পৰ্যন্ত এই ৰোগে দেখা দিব পাৰে। এই ৰোগৰ কাৰক ভেঁৰবিধ মাটিতেই থাকে। আক্ৰান্ত পুলিৰ গুৰিত ক’লা দাগ হয় আৰু পচি যায়।

গুৰি পচাঃ

লক্ষণঃ লহপহকৈ বৈঢ়ি অহা গছজোপা হঠাতে দো খাই লেৰেলি যায়। পুলি বা ডাঙৰ যিকোনো অৱস্থাতে এই ৰোগ হ’ব পাৰে।

কাণ্ড পচাঃ

লক্ষণঃ পুলিবোৰ যেতিয়া ৬-৮ ইঞ্চি ওখ হয় তেতিয়াৰ পৰা পূৰঠ গছলৈকে এই ৰোগ হোৱা দেখা যায়। পাত তথা কাণ্ডত গাঢ় বাদামী ৰঙৰ দাগ গুৰিৰ পৰা যিকোনো অংশত দেখা যায়। ভালকৈ লক্ষ্য কৰিলে এই দাগবোৰত অসংখ্য ক’লা বিন্দু দেখা যায়। এইবোৰেই হ’ল ভেঁকুৰৰ জীৱাণু। ই বতাহ বা বৰষুণৰ পানীৰ দ্বাৰা সুস্থ গছলৈ ৰোগ বিয়পায়। কেতিয়াবা আক্ৰান্ত অংশত গছজোপা ভাগি যায়।

এনথ্ৰেকন’জঃ

লক্ষণঃ আক্ৰান্ত কাণ্ডত কিছুমান কোণীয়া বা ঘূৰণীয়া দাগ হয়। পাছলৈ এই দাগবোৰে মুগা বৰণৰ ডাঙৰ দাগৰ সৃষ্টি কৰে আৰু পাছলৈ শুকাই টান হয়। আক্ৰান্ত অংশ ফাটি যায়। গছজোপা মৰি নগ’লেও মৰাপাটৰ গুণগত মান কমে।

ক’লা পটিঃ

লক্ষণঃ এই ৰোগৰ লক্ষণ কাণ্ড পচা ৰোগৰ দৰে একেই। কাণ্ডত ক’লা ৰঙৰ পটিৰ দৰে দাগ দেখা যায়। আক্ৰান্ত অঞ্চলত হাতেৰে ঘঁহিলে হাতত ক’লা গুৰিৰ দাগ লাগে। পাছলৈ গছজোপা শুকাই মৰি যায়।

আগ শুকাই যোৱাঃ

লক্ষণঃ আক্ৰান্ত গছজোপা আগৰ পৰা শুকাই মৰি যায়। সচৰাচৰ ফুল অহাৰ সময়ত এই ৰোগৰ আক্ৰমণ বেছি হোৱা দেখা যায়।

প্ৰতিকাৰঃ ওপৰোক্ত বেমাৰকেইটাৰ প্ৰতিকাৰৰ উপায় তলত উল্লেখ কৰা হ’ল-

পানী জমা হ’বলৈ দিব নালাগে।

আক্ৰান্ত পুলি দেখিলে ওপৰোক্ত ভেঁকুৰনাশক দুয়োবিধ একেলগে মিহলাই কৰা মিশ্ৰণ ০.১ শতাংশ গাঢ়তাত মাটিত প্ৰয়োগ কৰিব লাগে।

ৰোগৰ প্ৰাদুৰ্ভাৱ অনুসৰি ভেঁকুৰনাশক ঔষধ গছত ছটিয়াব লাগে।

মৰাপাট খেতিৰ পাছত শস্যক্ৰমত ধান, গোম, মাকৈ, সৰিয়হ, পিঁয়াজ, নহৰু, মটৰ আদি অন্তৰ্ভুক্ত কৰিলে ৰোগৰ প্ৰাদুৰ্ভাৱ পাছলৈ কমে।

প্ৰতিৰোধ ব্যৱস্থা হিচাপে নিৰোগী গছৰ বীজহে ব্যৱহাৰ কৰিব লাগে।

পাউডাৰি মিলদিউঃ

লক্ষণঃ প্ৰথমে পাতৰ তলফালে চবকা-চবককৈ বগা বগা পাউডাৰৰ দৰে কিছুমান দাগ ধৰে। পাছলৈ পাতৰ ওপৰফালেও দেখা যায়। বেছিকৈ আক্ৰান্ত পাতবোৰ লাহে লাহে মৰহি গৈ সৰি পৰে।

প্ৰতিকাৰঃ এই ৰোগ প্ৰতিৰোধৰ বাবে দুবাৰ বা তিনিবাৰ গন্ধক ০.২ শতাংশ বা কেৰেথেন ০.৫ শতাংশ বেভিষ্টিনৰ ০.১ শক্তিৰ মিশ্ৰণ ছটিয়াব লাগে।

মোজাইকঃ

লক্ষণঃ ভাইৰাছজনিত কাৰণত হোৱা এই ৰোগৰ প্ৰাথমিক লক্ষণ কুমলীয়া পাততহে পৰিলক্ষিত হয়। ৰোগাক্ৰান্ত পাতবোৰত সেউজীয়া আৰু হালধীয়া বৰণৰ চবকা-চবক কিছুমান দাগ পৰে। পাতবোৰৰ আকাৰ সৰু হয় আৰু তলৰফালে ঘোৰ খায়। বগামাখিয়ে এই ৰোগ সংক্ৰমণ কৰে।

প্ৰতিকাৰঃ

প্ৰতিৰোধক ব্যৱস্থা হিচাপে নিৰোগী গছৰ বীজহে ব্যৱহাৰ কৰিব লাগে।

আক্ৰান্ত গছবোৰ উঘালি পুতি বা পুৰি পেলাব লাগে।

ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ কীটনাশক প্ৰয়োগ কৰিব লাগে।

শিপাত গাঁঠি বন্ধা ৰোগঃ

লক্ষণঃ

আক্ৰান্ত পুলি বা গছবোৰ বাঢ়িব নোৱাৰি নিৰোগী গছতকৈ তুলনামূলকভাৱে চাপৰ আৰু নিশকতীয়া হয়।

বৰকৈ আক্ৰান্ত শস্যৰ পাতবিলাক পত্ৰপৰিত্হীন হৈ বগা হয়, হালধীয়া পৰে আৰু আকৃতিত সৰু হয়।

এই শস্যকৃমিৰ আক্ৰমণৰ ফলত শিপাত গাঁঠি বান্ধে।

শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত মৰাপাটবোৰ জীয়াই থাকে যদিও উত্পাদন যথেষ্ট হ্ৰাস পায়।

প্ৰতিকাৰঃ এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্বফুৰাণ @ ৩ জি ২ কিঃ গ্ৰাঃ এ আই/হেক্টৰ অৰ্থাত্ প্ৰতিবিঘা মাটিত ৮ কিঃ গ্ৰাঃ প্ৰথমতে প্ৰয়োগ কৰিব লাগে।

লেখকঃ ড০ ভৱেশ চন্দ্ৰ ডেকা

উৎস: অসমীয়া খবৰ