<p style="text-align: justify; ">প্লুমেৰিয়া পিউডিকা হৈছে প্লুমেৰিয়া জাতিৰ এটা প্ৰজাতি| গুলচ বা গুলঞ্চ জাতীয় এইবিধ ধুনীয়া ফুল পানামা, কলম্বিয়া আৰু ভেনিজুৱেলাৰ স্থানীয় আৰু আমাৰ দেশৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ ফুলনিত ৰোৱা হয়| ইংৰাজী নাম ব্ৰাইডেল বাকেট, এভাৰগ্ৰীণ হোৱাইট ফ্ৰেঞ্জিপানি, ফিডেল লিফ্ প্লুমেৰিয়া আদি| ইয়াৰ গছ চাৰি মিটাৰমানলৈকে ওখ হয় যদিও ডালবোৰ কাটি চাপৰ কৰি ৰাখিব পাৰি| গছ চিৰসেউজ, সৰু আৰু সাধাৰণতে মূল কাণ্ডৰ পৰা মাটিৰ অলপ ওপৰত দুটা বা তিনিটা ডাল বা শাখা ওলায়|<img class="image-right" src="https://static.vikaspedia.in/media_vikaspedia/as/images/agriculture/SashyaUtpadan/copy_of_plumeria.jpg" />ডালকেইটাৰ পৰা পুনৰ ঘাইকৈ শাখা-প্ৰশাখা ওলাই ওপৰৰ অংশত জোপোহা বা মুকুট গঠন কৰে| প্ৰশাখাবোৰৰ আগ অংশত পাতবোৰ ঘনকৈ সজোৱা থাকে| চুটী ঠাৰিযুক্ত পাতবোৰ উজ্জ্বল, গাঢ় সেউজীয়া, ঠেক, দীঘলীয়া, আগ অংশৰ একাংশ বহল, আগটো জোঙা আৰু তেৰ চেণ্টিমিটাৰলৈকে দীঘল হয়| কাণ্ডৰ আগ অংশৰ পত্ৰ কক্ষৰ পৰা থিয় দীঘল মঞ্জুৰী ওলাই শীৰ্ষত নিয়তাক্ষীয় পুষ্পবিন্যাসত কেইবাপাহো ফুল ফুলে| বছৰৰ প্ৰায় সকলো ঋতুতে ইয়াৰ ফুল ফুলে| ফুল চাৰি চেণ্টিমিটাৰতকৈও অধিক বহল, উজ্জ্বল বগা আৰু মাজৰ ক্ষুদ্ৰ অংশ হালধীয়া| ফুলৰ পাহি পাঁচটা| এটা পাহিৰ কাষত আন এটা পাহিৰ এটা কাষ ওপৰা-উপৰিকৈ থাকে আৰু পাহিবোৰৰ নিম্নাংশ লগ হৈ সৰু চুটী নলিকা গঠন কৰে|ফুলবোৰ সুগন্ধি যদিও মৌহীন| ৰাতি গোন্ধৰ তিব্ৰতা বাঢ়ে আৰু মথ জাতীয় পতংগ আকৰ্ষিত হৈ ফুলে ফুলে পৰে আৰু পৰাগ সংযোগ ঘটে| ফুলাৰ পিছত কেতিয়াবা যোৰ পাতি সৰু দীঘলীয়া ফল ধৰে| ফলত পাতল আৱৰণৰ মাজত সৰু সৰু মুগা বৰণীয়া চেপেটা বহুতো গুটি ধৰে| পূৰঠ গুটিৰ পৰা পুলি হয়| ডাল কাটি ৰুলেও ইয়াৰ সহজে পুলি হয়| টাব আদি পাত্ৰটো ইয়াৰ গছ ৰুব পাৰি|</p> <p style="text-align: justify; "><b>উৎস:-দৈনিক অসম|</b></p>