আমাৰ দৈনন্দিন খাদ্য তালিকাত শাক-পাচলিৰ এক অতি গুৰুত্বপূৰ্ণ স্থান আছে।

শাক-পাচলিৰপৰাই আমাৰ দেহৰ বাবে অত্যাৱশ্যকীয় -

*ভিটামিন,

*মাংসসাৰ,

*শ্বেতসাৰ,

*লৌহ পদাৰ্থ আদি আহৰণ কৰোঁ।

শাক-পাচলিৰ খেতিক ঋতু অনুযায়ী প্ৰধানকৈ গ্ৰীষ্মকালীন আৰু শীতকালীন এই দুভাগত ভাগ কৰা হয়।

আমি আজিৰ আলোচনাত বিলাহী, বেঙেনা আৰু কবিৰ বাবে অপকাৰী পোক-পতংগ নিয়ন্ত্ৰণৰ বিভিন্ন দিশসমূহ অৱদ্গত কৰিম।

বিলাহীৰ শস্যৰক্ষা ব্যৱস্থাপনা -

বিলাহী উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতত বছৰি গড়ে প্ৰায় ১৭.৫ নিযুত টন বিলাহী উৎপাদিত হয়। বিলাহীত পৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক প্ৰতিজাৰক ‘কেৰটিন লাইক’পিন’ পোৱা যায়।

সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰপৰা লাইক’পিনে মানৱ-ছালক সুৰক্ষা দিয়ে। ইপিনে, বিলাহীত প্ৰচুৰ পৰিমাণে-

*পটাছিয়াম,

*খনিজ পদাৰ্থৰ লগতে

*ভিটামিন ‘ক’ আৰু ‘গ’ থাকে।

ইয়াক কেঁচাই আৰু ৰান্ধি দুইধৰণেই পৰিৱেশন কৰা হয়। সাধাৰণতে চুপ, চালাড, চছ, আচাৰ আদি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যৱহৃত হয়।

বিলাহীৰ অপকাৰী কীট-পতংগসমূহৰ ভিতৰত -

*ফল বিন্ধোৱা পোক(Helicoverpa armigera),

*পাতখোৱা পলু(Spodoptera litura),

*বগা মাখি(Bemisia tabaci),

*পাত সুৰংগি পোক(Liriomyza trifolii),

*পাত ওকনি(Thrips tabaci),

*চাঁহি(Tetranychus spp) আদিয়েই অন্যতম।

পুলি ৰোপণৰ পূৰ্বে মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে-পাজৰে থকা বন-বাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ আঁতৰ যায়।

কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে। লগতে শস্যৰ অনিষ্টকাৰী পতংগৰ পলু দেখিলে হাতেৰে ধৰিও মাৰিব পাৰি।

এনে পলুৰ ভিতৰত আছে-

*পাতখোৱা পলু,

*ফল বিন্ধোৱা পোক আৰু

*পাত সুৰংগি পোক ইত্যাদি।

তদুপৰি, কীট-পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমূহ যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

বিলাহী খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন।

উল্লেখ্য যে শস্যত আৱশ্যক মাত্ৰাতকৈ অধিক নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।

তাৰপৰা ৰক্ষা পাবলৈ প্ৰতি ১৫ শাৰী বিলাহী পুলিৰ মাজে মাজে ওখ জাত নাৰ্জীফুলৰ এটাকৈ শাৰী ৩০ দিনৰ পূৰ্বে ৰোপণ কৰিব লাগে।

নাৰ্জীফুলে ফল বিন্ধোৱা পোকৰ পূৰ্ণাংগ চকৰীবোৰক আকৰ্ষণ কৰি ডিম্ব প্ৰসৱ কৰোৱাৰ ফলত মূল শস্য পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।

একেদৰে ‘ট্ৰাইক’গ্ৰামা প্ৰিটিয়’চাম’ নামৰ ডিম্ব পৰজীৱীক প্ৰতিবিধা মাটিত ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে ফল বিন্ধোৱা পোকৰ আক্ৰমণ বহুত পৰিমাণে হ্ৰাস পায়।

বিলাহীৰ পাতখোৱা পোৰ্ক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড(Yellow Sticky বা YST) ব্যৱহাৰ কৰিও বিলাহী গছৰ পাতৰ ওকনি আৰু বগামাখি নিয়ন্ত্ৰণ কৰিব পাৰি।

‘হেলিলিউৰ’(ফল বিন্ধোৱা পোকৰ বিৰুদ্ধে) যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বিলাহীৰ পতংগৰ চাল-চলন নিৰীক্ষণ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি।

নিমজাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰপৰা বিলাহীৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।

লগতে, পাঁচ মিলিলিটাৰ ভেঁকুৰজাত ঔষধ(বিউভেৰিয়া বেচিয়ানা) প্ৰতি লিটাৰ পানীত মিহলাই পখিলাজাতীয় পতংগৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পাৰি।

পৰিস্থিতি সাপেক্ষে বগামাখিৰ আক্ৰমণৰপৰা বিলাহী খেতি ৰখা কৰিবৰ বাবে এক মিলিলিটাৰ ইমিডাক্ল’প্ৰিড ৭৮ এছ এল ৫ লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰে অন্তৰে ছটিয়াব লাগে।

অপকাৰী পতংগৰ পলুৰ আক্ৰমণৰপৰা বিলাহীডৰাক বচাবলৈ মালাথিয় ৫০ ই চি(এক মিলিলিটাৰ)/ডাইমিথয়েট ৩০ ই চি(দুই মিলিলিটাৰ)ক প্ৰতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত ২-৩ বাৰ প্ৰয়োগ কৰিব লাগে।

বেঙেনাৰ শস্যৰক্ষা ব্যৱস্থাপনা:

ৰান্ধি খোৱা পাচলিৰ ভিতৰত বেঙেনা উল্লেখনীয়। উদ্ভিদবিদ্যাৰ দৃষ্টিৰে ই বিলাহী আৰু আলুৰ সৈতে একেটা গোত্ৰৰ।

বেঙেনাৰ গুৰুত্বপূৰ্ণ কীট-পতংগসমূহ হৈছে -

ক)বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক(Shoot and fruit borer),

খ)ফুটুকী পোক(Lady Bird Beetle),

গ)মোৱা পোক(Aphid) আৰু

ঘ)শোহনি পোক(Jassid) আদি।

এই কীট-পতংগসমূহ নিয়ন্ত্ৰ্ণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত।

শস্যচক্ৰৰ অধিনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি বেঙেনা ৰাখিব নালাগে।

বেঙেনাৰ পুলি ৰোৱাৰ পূৰ্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে-পাজৰে থকা বন-বাত নিৰাই ল’ব লাগে।

এনে কৰিলে মাটিৰ তলত লেটা বন্ধা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়। কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমূহ, বিশেষফকৈ গছৰ আগ আৰু ফল যথাসফম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

বেঙেনা খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন। মন কৰিবলগীয়া কথাটো হ’ল শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।

ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰাম কাইল’নিজ’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে ছেঁই বিন্ধোৱা পোকৰ আক্ৰমণ বহুত পৰিমাণে হ্ৰাস পায়।

বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি। আঠাযুক্ত হালধীগ্যা আকৰ্ষক কাৰ্ড(Yellow Sticky Trap বা YST) ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

‘লিউচি লিউৰ’যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।

নিমজাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰপৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি। পৰিস্থিতি সাপেক্ষে বেঙেনাপুলি ৰোপণৰ ২৫-৩০ দিনৰ পিছত, দানাজাতীয় কীটনাশক কাৰ্বফোৰান ৩ জি প্ৰতিজোপা গছৰ গুৰিত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

তদুপৰি ২ মিলি লিটাৰ প্ৰফেন’ফজ ৫০ ই চি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনাখেতিত প্ৰয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

অৱশ্যে পূৰঠ বেঙেনাতলীত বেঙেনা চিঙাৰ আগেয়ে কৃত্ৰিম ৰাসায়নিক সাৰ প্ৰয়োগ কৰা অনুচিত।

কবিজাতীয় পাচলিৰ শস্যৰক্ষা ব্যৱস্থাপনা -

কবিজাতীয় পাচলি, বিশেষকৈ বন্ধাকবি আৰু ফুলকবি আদিত পখিলাজাতীয় পোকৰ পলুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে।

এই পোকৰপৰা ৰক্ষা পাবলৈ ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা পিৰিডি’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগে এই পোকক বিকৰ্ষণ কৰে কবিখেতিৰ কাষে কাষে থলুৱা সৰিয়হ ৰোপণ কৰিলে মোৱা পোক আৰু কিছুমান পখিলাজাতীয় পোক সৰিয়হলৈ ধাপলি মেলাত মূলশস্য কবি ৰক্ষা পৰে।

উৎস: দৈনিক অসম(ৰুদ্ৰ নাৰায়ণ বৰকাকতি, দিলীপ কুমাৰ শইকীয়া)