বৰ্তমান কৃষিকাৰ্যত পুষ্টিমৌল যোগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ’ল- কেঁচুসাৰ বা ভাৰ্মিকমপষ্ট। বছৰ ধৰি মাটিৰ গুণাগুণ নষ্ট নোহোৱাকৈ শস্যত পুষ্টিমৌল যোগানৰ এক উৎকৃষ্ট আৰু ফলপ্ৰসূ ব্যৱস্থা। নিজৰ চৌহদতে নাইবা মাটিৰ পাত্ৰ, পকী বা প্লাষ্টিকৰ টাব আদিতে অনায়াসে এই সাৰ প্ৰস্তুত কৰি ল’ব পাৰি। সকলো কেঁচুৱেই কেঁচুসাৰৰ বাবে উপযুক্ত নহয়। কেঁচুসাৰৰ বাবে উপযুক্ত কেইবিধমান কেঁচুৰ বৈজ্ঞানিক নাম হ’ল- ১)আইচেনিয়া ফ’টিদা, ২)এমাইনথেচ ডিকিৰিনজেনচ, ৩)লেমপিট মৰিচি, ৪)ইউড্ৰিলাচ ইউজেনি আদি। কেঁচুসাৰ কেনেকৈ উৎপাদন কৰিব: *কেঁচুসাৰ উৎপাদন কৰিবলৈ হ’লে ওখ, পানী জমা নোহোৱা মাটিত ৪০ ফুট দীঘল, ১০ ফুট বহল আৰু ২.৫ ফুট ওখ আকাৰৰ পকী নাইবা বাঁহেৰে এটা টেঙ্কি তৈয়াৰ কৰি ল’ব লাগে। এনে আকাৰৰ টেঙ্কিৰ পৰা প্ৰায় ১০০-১৫০ কুইন্টল কেঁচুসাৰ পোৱা যায়। প্ৰয়োজনমতে, টেঙ্কিৰ আকাৰ সৰু, ডাঙৰ কৰি ল’ব পাৰি। *টেঙ্কিৰ তলিভাগত ৮-১০ ইঞ্চিৰ সৰু সৰু শিলগুটি বা ভগা ইটাগুটিৰে এটা তৰপ দিব লাগে। *তাৰ ওপৰত ১-১.৫ ইঞ্চিৰ এটা মোটা বালিৰ তৰপ দিব লাগে আৰু ইয়াৰ ওপৰত ৮-১০ ইঞ্চিৰ সেমেকা পলসুৱা মাটিৰ ওপৰত দিব লাগে। *এতিয়া প্ৰায় ১৫-২০ কিলোগ্ৰাম কেঁচু এৰি দিব লাগে। তাৰ ওপৰত গোৱৰত ৩-৪ ইঞ্চিৰ এটা তৰপ দিব লাগে। তাৰ ওপৰত ২-৩ ইঞ্চিৰ শুকান ঘাঁহ-বনৰ এটা তৰপ দিব লাগে। *এতিয়া এই তৰপবোৰক সিক্ত কৰি ৰাখিবৰ বাবে পানী চটিয়াই থাকিব লাগে। *৩০ দিনৰ পিছত পুনৰ আগৰ দৰেই গোৱৰ আৰু শুকান ঘাঁহ-বনৰ তৰপ সপ্তাহত দুদিনকৈ জাপিব লাগে। প্ৰায় ২-৩ মাহৰ ভিতৰত কেঁচুসাৰ তৈয়াৰ হয়। *মাজে-সময়ে তৰপবোৰ লুটিয়াই বগৰাই দিব লাগে। কেঁচুসাৰ সংগ্ৰহ কৰাৰ ২-৩ দিনৰ আগেয়ে পানী দিয়াটো বন্ধ কৰিব লাগে। *সংগ্ৰহ কৰা কেঁচুসাৰখিনি ছাঁত শুকুৱাই লৈ চালনীৰ সহায়ত তাঁত থকা কেঁচু, কেঁচুৰ কণী বা অন্য মোটা জৈৱিক পদাৰ্থ আদি আঁতৰাই পেলাব লাগে। কেঁচুসাৰৰ পুষ্টি মৌল: Organic carbon 9.5-17.98% Nitrogen 0.5-1.50% Phosphorous 0.1-0.30% Potassium 0.15-0.56% Sodium 0.06-0.30% Calcium and Magnesium 22.67 to 47.60 meq/100 g Copper 2-9.50 mg kg-1 Iron 2-9.30 mg kg-1 Zinc 5.70-11.50 mg kg-1 Sulphur 128-548 mg kg-1 উৎস: সেউজ চিন্তা