কুঁহিয়াৰ এবিধ অৰ্থকৰী শস্য। অতি প্ৰাচীন কালৰে পৰাই অসমত কুঁহিয়াৰ খেতি কৰি অহা হৈছে। অসমৰ জলবায়ু কুঁহিয়াৰ খেতিৰ বাবে অতি অনুকূল আৰু এই খেতিয়ে অসমৰ কৃষি অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বৰ্তমান অসমত যিবিলাক অঞ্চলত কুঁহিয়াৰ খেতি কৰে, সেই অঞ্চলৰ কৃষক ৰাইজৰ বাবে গুড় উত্পাদনেই এই খেতিৰ মূল লক্ষ্য। দৰাচলতে কুঁহিয়াৰৰ পৰা চেনি বা গুড় তৈয়াৰ কৰাৰ উপৰি চেনি উদ্যোগ বিলাকত গৰু-ম’হৰ দানা, তেল, কাগজ, মমজাতীয় পদাৰ্থ, জৈৱিক সাৰ, চক মাটি, ৰং, এলকহল, এচিড, বিভিন্ন ৰাসায়নিক পদাৰ্থ আদি পাব পৰা যায়। বৰ্তমান অসমত চেনি উদ্যোগ নথকাৰ বাবে এইবিলাকৰ বিষয়ে আমাৰ কৃষক ৰাইজ একেবাৰে জ্ঞাত নহয়। বৰ্তমান অসমত প্ৰায় ২৮.৪ হেজাৰ হেক্টৰ মাটিত কুঁহিয়াৰ খেতি কৰা হয়। গড় উত্পাদন প্ৰতি বিঘাত প্ৰায় ৩৭ টন। কিন্তু এই উত্পাদন সৰ্বভাৰতীয় গড় উত্পাদনৰ তুলনাত যথেষ্ট কম। ইয়াৰ মূল কাৰণ বিজ্ঞানসন্মত কৃষি প্ৰণালী অনুকৰণৰ অভাৱ। বিজ্ঞানসন্মত কৃষি প্ৰণালী বুলিলে সাধাৰণতে অনুমোদিত জাতৰ ব্যৱহাৰ, কৃষি ৰোপণ আৰু পৰিচৰ্যা, অনুমোদিত হাৰত সাৰৰ প্ৰয়োগ, সুসমন্বিত কীট-পতংগ আৰু বেমাৰ-আজাৰ নিয়ন্ত্ৰণ পদ্ধতি ইত্যাদি সকলোবোৰকে বুজায়। এই সকলোবোৰৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল সঠিক জাতৰ নিৰ্বাচন। অসমত কুঁহিয়াৰ খেতিৰ উত্পাদন বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, বুঢ়ালিকচনে বহু বছৰ গৱেষণাৰ ফলস্বৰূপে কৃষক ৰাইজৰ বাবে আঠটা অধিক উত্পাদনক্ষম জাত অনুমোদন কৰিছে। সেইকেইটা হ’ল- দৰিয়া, কলং, বৰাক, লোহিত, ধনশিৰি, নামবৰ, কপিলীপাৰ আৰু দৈয়াং। এই জাতসমূহৰ গড় উত্পাদন প্ৰতি হেক্টৰত ৭০-৮০ টন অৰ্থাত্ প্ৰতি বিঘাত ৯.৩-১০.৬ টন। এই জাতসমূহৰ ৰসত চুক্ৰজৰ পৰিমাণ প্ৰায় ১৮-১৯ শতাংশ হোৱা বাবে ইয়াত উত্পাদন হোৱা গুড়ৰ মান উন্নত আৰু সুস্বাদু হয়। ইয়াৰ উপৰি অন্যান্য থলুৱা জাতৰ তুলনাত এই জাতসমূহৰ গুড়, চেনিৰ পৰিমাণ অধিক হয়। প্ৰায় ১০-১২ শতাংশ।

কৃষিকাল অনুযায়ী এই জাতসমূহ দুটা ভাগত ভগোৱা হৈছে- আগতীয়া জাত, মধ্যমীয়া আৰু শেহতীয়া জাত।

আগতীয়া জাতঃ

আগতীয়া জাত হিচাপে দৰিয়া, কলং, বৰাক আৰু নামবৰ এই জাতকেইটা অন্তৰ্ভুক্ত কৰা হৈছে। এই জাতসমূহৰ কৃষিকাল প্ৰায় ৩০০ দিন অৰ্থাত্ মাৰ্চ-এপ্ৰিল মাহত যদি ৰুৱা হয় তেন্তে ডিচেম্বৰ-জানুৱাৰী মাহত চপাব পৰা যায়। কিন্তু কাৰণবশতঃ যদি ডিচেম্বৰ-জানুৱাৰী মাহত চপাব নোৱাৰে তেন্তে ৰসত চুক্ৰজৰ পৰিমাণ কমি যায় অৰ্থাত্ গুণগত গুড় পোৱা নাযায়। এই জাতকেইটাৰ আটাইকেইটাৰে আগবিন্ধোৱা আৰু গা-গছ বিন্ধোৱা পোকৰ বাবে কিছু পৰিমাণে প্ৰতিৰোধ ক্ষমতা আছে। এই জাতকেইটাই যথেষ্ট পৰিমাণে পোখা মেলে আৰু মূঢ়া কুঁহিয়াৰৰ বাবেও যথেষ্ট উপকাৰী জাত। ইয়াৰে বৰাক নামৰ জাতটোৰ কুঁহিয়াৰ পৰি যোৱাৰ সম্ভাৱনীয়তা আন জাতৰ তুলনাত কম। নাবৰ নামৰ আগতীয়া জাতবিধ পানী জমা হ’ব পৰা তথা বানপানী হোৱাৰ সম্ভাৱনা থকা অঞ্চলৰ বাবে উপযোগী জাত হিচাপে অনুমোদন কৰা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল পথাৰত জুনৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত গছৰ ১০-৩০ ছেঃ মিঃ উচ্চতালৈ পানী জমা হ’লেও কোনো ক্ষতিসাধন নহয়।

মধ্যমীয়া আৰু শেহতীয়া জাতঃ

লোহিত, ধনশিৰি, কপিলীপাৰ আৰু দৈয়াং এই জাতকেইটা মধ্যমীয়া আৰু শেহতীয়া জাত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই জাতকেইটাৰ কৃষিকাল প্ৰায় ৩৬০ দিন অৰ্থাত্ ১২ মাহ। যদি এই জাতসমূহ মাৰ্চ-এপ্ৰিলত ৰুৱা হয় তেন্তে ফেব্ৰুৱাৰী-মাৰ্চ মাহত চপাব পৰা হয়। ৰসত চুক্ৰজৰ পৰিমাণ ১৮-২০ শতাংশ হোৱা বাবে গুড়ৰ মান অধিক হয়। এই জাতসমূহৰ ভিতৰত লোহিত আৰু ধনশিৰি নামৰ জাত দুটাৰ যথেষ্ট পোখা মেলে আৰু মূঢ়া কুঁহিয়াৰ হিচাপে যথেষ্ট ভাল হয়। ইয়াৰে ধনশিৰি জাতটো কিছু পৰিমাণে মাজে মাজে পানী জমা হোৱা অঞ্চলৰ বাবে অনুমোদন কৰা হৈছে। কপিলীপাৰ এই জাতবিধ পানী জমা হোৱা অৰ্থাত্ জুলাই-আগষ্ট মাহত বানপানীৰ ফলত পানী জমা হোৱা অঞ্চলৰ বাবে অনুমোদন কৰা হৈছে। ১০-৩০ ছেঃ মিঃ দলৈ পানী জমা হ’লেও উত্পাদনৰ মাত্ৰা হ্ৰাস নহয়। কিন্তু পুলি অৱস্থাত বা ৰোৱাৰ পাছত পানী জমা হ’লে ক্ষতিসাধন কৰিব।

ইয়াৰ উপৰি শৰত্ কালত ৰুব পৰাকৈ দৈয়াং এই জাতবিধ অনুমোদন কৰা হৈছে।

ওপৰত উল্লেখ কৰা সকলোবিধ জাত বুঢ়ালিকচনস্থিত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত পোৱা যায়। উন্নত জাতৰ কুঁহিয়াৰৰ খেতি কৰিব বিচৰা কৃষকে কৃষি গৱেষণা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিলে জাত সংগ্ৰহৰ লগতে সঠিক কৃষি প্ৰণালী সম্পৰ্কত বিশদভাৱে জানিবলৈ সক্ষম হ’ব।

উত্সঃ অসমীয়া খবৰ, মহিমা বেগম