হাঁহ আৰু মাছ পালন পদ্ধতিত নিৰ্দিষ্ট পানীকালিৰ বাবে নিৰ্দিষ্ট সংখ্যাৰ হাঁহ পুখুৰীত পালন কৰি মাছ পালন কৰা হয়। এই পদ্ধতিত হাঁহৰ মল মাছ পালনৰ বাবে ব্যৱহাৰ কৰি কম খৰচতে মাছ উৎপাদন কৰিব পাৰি। মাছৰ উপৰি একক ভূমিক্ষেত্ৰৰ পৰা কণী আৰু মাংসও উৎপাদন হয়। হাঁহ আৰু মাছ পালনৰ বিশেষ সুবিধাসমূহ হ’লঃ হাঁহৰ ঘৰটো পুখুৰীৰ ওপৰত বা পুখুৰীৰ পাৰত নিৰ্মাণ কৰা হয় বাবে বেলেগ মাটিৰ প্ৰয়োজন নহয়। হাঁহে ৫০ শতাংশ খাদ্য পুখুৰীৰ পৰা সংগ্ৰহ কৰি লয় আৰু ৫০ শতাংশ খাদ্যহে গৰালত যোগান ধৰিব লাগে। সেইবাবে হাঁহ পালনত ব্যয় হ্ৰাস হয়। হাঁহৰ মল মাছৰ উৎকৃষ্ট খাদ্য হোৱাৰ উপৰি ইয়াৰ মলে পুষ্টিদ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰি পুখুৰীৰ উৎপাদকতা বঢ়ায়। হাঁহে পুখুৰীৰ মাটি খুঁচৰি আৱদ্ধ পুষ্টিদ্ৰব্য মুক্ত কৰাৰ উপৰি হাঁহ চলাচলৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়। ছাৰাছেম্বেলী অথবা খাকী কেম্পবেল আৰু পাতিহাঁহৰ বৰ্ণসংকৰ হাঁহ এই পদ্ধতিৰ বাবে অতি উপযোগী। সাধাৰণতে হাঁহৰ গৰাল পানীৰ ওপৰত সজা হয়। প্ৰায় দুবিঘাৰ পুখুৰীৰ ক্ষেত্ৰত তেলৰ খালী ড্ৰাম বা ডাঙৰ গাড়ীৰ টিউব-টায়াৰৰ সহায়ত গৰালটো পানীত ওপঙাই ৰখা হয়। ইয়াৰ উপৰি পুখুৰীৰ এচুকত খুঁটা পুতি গৰাল সজা হয়। স্থানীয়ভাৱে উপলভ্য খেৰ,বাঁহৰ দ্বাৰা হাঁহৰ গৰাল সাজিব পাৰি। বাঁহৰ কামিৰে সজা চাঙৰ দ্বাৰা গৰালত মজিয়াৰ ব্যৱস্থা কৰিব লাগে। চাংখনত সৰু সৰু আকাৰৰ ফুটা ৰাখিব লাগে। কামিৰ বুকুফাল তলমুৱাকৈ ৰাখিব লাগে। চাংখন নিমজ হ’লে হাঁহৰ মল সহজে পুখুৰীত পৰে আৰু হাঁহৰ পতাত ঘাঁ নালাগে। চাংখন পানীৰ পৰা ১-১.৫ মিটাৰ উচ্চতাত স্থাপন কৰিব লাগে আৰু চাঙৰ পৰা মূধচক লৈ ঘৰৰ উচ্চতা ১.৫ মিটাৰ হ’ব লাগে। মজিয়াৰ কালি হাঁহৰ সংখ্যা অনুপাতে নিৰূপণ কৰা হয় আৰু প্ৰত্যেক হাঁহৰ বাবে ০.৩-০.৫ বৰ্গমিটাৰ ঠাই ৰাখিব লাগে। হাঁহে পানীৰ পৰা চাঙলৈ উঠিবলৈ দুখন দলং থাকিব লাগে। এখন দলং গৰালৰ পৰা পাৰলৈ আৰু আনখন পাৰৰ পৰা পানীলৈ দিব লাগে। প্ৰতিবিঘা পানীকালিত ৩০-৪০ টা হাঁহ ৰাখিব লাগে। পুখুৰীলৈ অনাৰ সময়ত হাঁহৰ বয়স ৪-৫ মাহ হ’ব লাগে। দুবছৰ পালনৰ পাছত নতুন হাঁহ আনিব লাগে। প্ৰতিজনী প্ৰাপ্তবয়স্ক হাঁহৰ বাবে বজাৰত উপলভ্য লেয়াৰ্চ ফিড আৰু চাউলৰ মল ১:২ অনুপাতত মিহলাই ১০০ গ্ৰাম হিচাপত যোগান ধৰিব লাগে। খাদ্যখিনি সমানে ভগাই অন্ততঃ দুবাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। হাঁহৰ কিছু মাৰাত্মক ৰোগ যেনে- ডাক প্লেগ, ডাক কলেৰা, কৃমি আদি প্ৰতিষেধকৰ বাবে পশু চিকিৎসকৰ পৰামৰ্শ অনুসাৰে ব্যৱস্থা ল’ব লাগে। মাছ পালনৰ ব্যৱস্থাৱলীঃ পুখুৰীটো ভালকৈ প্ৰস্তুত কৰি চূণ প্ৰয়োগ কৰিব লাগে আৰু প্ৰথম কিস্তি চূণ প্ৰয়োগ কৰাৰ ৭ দিন পাছত গৰাললৈ হাঁহ আনিব লাগে। হাঁহ অনাৰ এমাহৰ পাছত পুখুৰীত মাছৰ পোনা মেলা হয়। প্ৰতিবিঘা পানীকালিৰ পুখুৰীৰ বাবে ৮০০ টা ডাঙৰ আকৃতিৰ মীন পোনা (৪০-৫০ গ্ৰাম ওজনৰ) নিৰ্দিষ্ট অনুপাতত মেলা হয়। জলপৃষ্ঠত সেউজ বা ৰঙা মুগা চামনি পৰিলে পুখুৰীত হাঁহৰ মল পৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব লাগে। গৰালৰ মজিয়াত পলিথিন পাৰি অথবা তলত বস্তা তৰি পুখুৰীত মল নপৰাৰ ব্যৱস্থা কৰিব পাৰি। গ্ৰাছকাৰ্পৰ বাবে নিয়মিতভাৱে কলপাত অথবা পুষ্টিকৰ ঘাঁহৰ যোগান ধৰিব লাগে। হাঁহৰ লগত মীন পালনৰ জৰিয়তে বছৰেকত ৪০০ কিলোগ্ৰাম মাছ, ৩০ কিলোগ্ৰাম মাংস আৰু ৩,০০০ টা কণী পোৱা যায়। উৎসঃ অসমীয়া খবৰ