হাঁহ-কুকুৰাৰ পালনত উপযুক্ত পৰিমানৰ গুণবিশিষ্ট দানা যোগান বৰ দৰকাৰী৷ অৱশ্যে হাঁহ পালনত, হাঁহে দিনতো মুকলি অৱস্থাত থাকি যথেষ্টখিনি খাদ্যৰ যোগান পায়৷ কিন্তু কুকুৰা পালনত উচ্চহাৰত কণী উৎপাদন পাবলৈ হ’লে বা ব্ৰইলাৰ পালনৰ পৰা লাভৱান হবলৈ গুণবিশিষ্ট দানা যোগান অতি দৰকাৰ৷ দ্বিতীয়তে কণী উৎপাদনৰ ৭০-৮০ শতাংশ ব্যয় দানা যোগানতে ধৰিব পাৰি৷ আজি কালি সকলো বয়সৰ কুকুৰাৰ বাবে উপযুক্ত দানা প্ৰস্তুত কৰা আৰু যোগান ধৰা হয়৷ হাঁহ-কুকুৰাৰ দানা প্ৰস্তুত কৰোতে বিভিন্ন পুষ্টিবোৰ তলত দিয়া ধৰণে স্থিৰ কৰা হয়: উপাদান সমূহ পোৱালী কুকুৰা ডেকেৰুৱা কুকুৰা কণী পৰা কুকুৰা ব্ৰইলাৰ কুকুৰা (%) (০-৮ সপ্তাহ) (৯-২০ সপ্তাহ) (২০-৭২ সপ্তাহ) (০-৮ সপ্তাহ) ১) মাংসসাৰ (প্ৰটিন) ২০-২১ ১৫-১৭ ১৮-১৯ ২২-১৩ ২) শক্তিদায়ক(কি:কেলৰি/কি:গ্ৰা: দানা) ২৭০০ ২৬০০ ২৮০০ ২৯০০-৩১০০ ৩) আঁহু জাতীয় ৭ ৮ ৮ ৬ গতিকে হাঁহ-কুকুৰাৰ দানা প্ৰস্তুত কৰোতে বিভিন্ন সামগ্ৰীবোৰ ভালদৰে চোৱাচিতা কৰি, খাদ্যগুণ, দাম, গঠন আদি চাইহে লাগতিয়াল অনুপাতত ব্যৱহাৰ কৰি গুণবিশিষ্ট দানা প্ৰস্তুত কৰা দৰকাৰ ৷ অৱশ্যে কুকুৰাৰ দানা প্ৰস্তুত প্ৰণালী আজিকালি কিছু জটিল ৷ ইয়াত বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰৰ উপৰিও বহুবিধ পুষ্টিকে ধৰি বিভিন্ন ধৰণৰ উপাদান ব্যৱহাৰ কৰা দেখা যায় ৷ আনহাতে স্থানভেদে সকলোবোৰ খাদ্য সামগ্ৰীও সকলো ঠাইতে পোৱা নাযায় ৷ গতিকে কুকুৰা পালকে বজাৰত পোৱা গুনবিশিষ্ট দানা ব্যৱহাৰ কৰিয়েই শ্ৰেয় বুলি গণ্য কৰা হয় ৷ অৱশ্যে সকলোবোৰ সুবিধা হ’লে ঘৰতে গুণবিশিষ্ট দানা প্ৰস্তুত কৰা কোনো অসুবিধা নহয় ৷ তলত বিভিন্ন সামগ্ৰী ব্যৱহাৰৰ একোখন তালিকা দিয়া হৈছে ৷ বজাৰত যি যি উপাদান পোৱা যায় তাৰ পৰাই কুকুৰা পালকে দানা প্ৰস্তুত কৰিব পাৰিব৷ খাদ্য সামগ্ৰী (%) পোৱালী কুকুৰা ডেকেৰুৱা কুকুৰা কণী পৰা কুকুৰা ব্ৰইলাৰ কুকুৰা ভজা মাকৈ ৪৫-৫০ ২৫-৩০ ৪০-৪৫ ৫০-৫৫ তুঁহ গুৰি ৫-৬ ২০-৩০ ১০-২০ ------ বাদামৰ খলিহৈ ১০-১৫ ৫-১০ ১০-১৫ ১০-২০ তিলৰ খলিহৈ ১০-১৫ ৫-১০ ১৫-২০ ১০-১৫ সৰিয়হৰ খলিহৈ ০-৫ ৫-৬ ৫-৭ ------ শুকান মাছৰ গুৰি ৭-১০ ৫-৬ ৭-৮ ১০-১২ ভিটামিন ------- ------- -------- ------- পিউপামিল ৩-৫ ০-১ ০-৩ ৩-৫ খুদ চাউল ১০-১৫ ১৫-২০ ১৫-২০ ১৫-২০ ব'নামিল ০.৫-১.০ ০.৫-১.০ ১.০-১.৫ ০.৭৫-১.০ খনিজ ২-৩ ২-৩ ২-৩ ২-৩ নিমখ ০-৫ ০-৫ ০-৫ ০-৫ শামুকৰ খোলা -------- -------- ১.৫-২.০ ---------- অতিৰিক্ত ভিটামিন, বিভিন্ন ঔষধ, খনিজ আদি নিৰ্দ্দিষ্ট জোখত দিয়াৰ নিৰ্দ্দেশনা আছে দানা প্ৰস্তুত কৰাৰ সাধাৰণ নিয়মাৱলী ১)কোন শ্ৰেণীৰ কুকুৰাৰ বাবে দানা প্ৰস্তুত কৰিব সেইটো স্থিৰ কৰি ল’ব ৷ সামগ্ৰীবোৰ যাতে গুণবিশিষ্ট হয় তালৈ চকু ৰাখিব ৷ পুৰণা, ভেঁকুৰ আদি হোৱা দানা সামগ্ৰী কেতিয়াও ব্যৱহাৰ নকৰিব৷ ২)খলিহৈ মাকৈ আদি লাগতিয়াল জোখৰ ভাঙি সৰু কৰি লওক৷ পোৱালী কুকুৰাৰ বাবে খলিহৈ বা মাকৈ বোৰ ভাঙি লৈ চাউল চলা চালনিৰে চালি ল’ব৷ অৱশ্যে দানা প্ৰস্তুত কৰা যন্ত্ৰৰ দ্বাৰা এইবোৰ নিৰ্দ্দিষ্ট জোখতে তৈয়াৰ কৰি লোৱা হয় ৷ ৩)সকলোবোৰ দানা সামগ্ৰী জোখমতে লওক৷ ৪)দানা সামগ্ৰীবোৰ পৰিস্কাৰ মজিয়াত তৰপে তৰপে ঢালি লওক ৷ কম পৰিমাণৰ দানা সামগ্ৰীবোৰ যেনে: খাদ্যপ্ৰাণ, ঔষধ, লৱণ আদিবোৰ অন্য সামগ্ৰীৰ লগত মিহলাই দানাৰ ওপৰত ছটিয়াব দিব ৷ ৫)সকলোবোৰ দানা সামগ্ৰী যোগ কৰাৰ পাছত এখন বেলচাৰে দানাবোৰ এফালৰ পৰা লুটিয়াই পুনৰ আগৰ ঠাইলৈ লুটিয়াই ভালদৰে মিহলাই লওক ৷ এইদৰে দুই-তিনিবাৰ ভালদৰে প্ৰস্তুত কৰিব পাৰিব ৷ বহল ভিত্তিত কৰিবলৈ হ’লে দানা প্ৰস্তুত কৰা যন্ত্ৰৰ দ্বাৰা এইবোৰ কাম কৰা হয়৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।