অসমৰ সেমেকা বতৰ আৰু জহৰ দিনত গৰম বাবে পেলু, কীট, ওকনি, বেক্টেৰীয়া, ভাইৰাছ, ভেঁকুৰ, প্ৰট’য’ৱা আৰু পুষ্টিহীন জনিত বিভিন্ন বেমাৰে দেখা দিবৰ বাবে আশংকা থাকে৷ গতিকে বৈজ্ঞানিক প্ৰথাত কুকুৰা পোহা খেতিয়ক হিচাবে আপোনাৰ মুলমন্ত্ৰ হব লাগে কুকুৰাৰ জাকত বেমাৰে দেখা নিদিবৰ কাৰণে সকলো প্ৰকাৰ আৱশ্যকীয় স্বাস্থ্য ৰক্ষা আৰু চাফ- চিকুণতা অৱলম্বন কৰা৷ ঠিক সময়ত আপোনাৰ কুকুৰাৰ জাকক ৰোগৰ প্ৰতিষেধক বেজী দিয়াই থাকিলে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত পালন কৰিলে কাৎচিৎহে ৰোগে দেখা দিব পাৰে৷ কুকুৰা পালক সকলৰ জ্ঞাতাৰ্থে কুকুৰাৰ বিভিন্ন বেমাৰৰ চমু পৰিচয় তলত দিয়া হ’ল ১)ওকনি, চিকৰা আদিৰ আক্ৰমণ কেতিয়াবা কেতিয়াবা পামৰ কুকুৰাবোৰৰ আক্ৰমণ কৰি ৰক্তহীনতা কৰি কণী উৎপাদন কমাই দিয়ে৷ এই বোৰ পৰজীৱি পামত দেখা দিলে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে৷ ২) পেলু জনিত ৰোগ কুকুৰাৰ সচৰাচৰ দুই ৰকমৰ পেলু হোৱা দেখা যায়৷ যেনে: ঘূৰণীয়া কৃমি আৰু ফিটা পেলু৷ ইয়াৰ প্ৰতিষেধক হিচাবে মাহে মাহে কৃমিৰ ঔষধ খুৱোৱাৰ ব্যৱস্থা কৰিব লাগে৷ ৩)প্ৰট’য’ৱা জনিত ৰোগ মজিয়াত প্ৰতিপালন কৰা পদ্ধতিৰ পামবোৰত কক়চিদিয়াচিচ নামৰ বেমাৰ এটা ডাঙৰ সমস্যা৷ সাধাৰণতে ৩-১৫ সপ্তাহ বয়সৰ কুকুৰাৰ এই বেমাৰ বেছিকৈ হোৱা দেখা যায়৷ আজিকালি পামত এই ৰোগ নহবৰ বাবে কুকুৰাৰ দানাত পোৱালী বয়সৰে পৰা বাঢ়নীয়া বয়সৰ ঔষধ ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ঔষধ দিয়াৰ ব্যৱস্থা কৰা হয়৷ ৪) ভেঁকুৰ জনিত ৰোগ এচপাকগিলচিচ্ ৰোগ এইপাৰগিলাচ ফিউমিগেটাচ নামৰ এবিধ ভেঁকুৰে সৃষ্টি কৰে৷ ৩-৪ সপ্তাহ বয়সৰ কুকুৰাত ই বেছিকৈ দেখা দিয়ে৷ উপযুক্ত প্ৰতিপালনৰ সহায়ত এই বেমাৰ নোহোৱাকৈ ৰাখিব পৰা যায়৷ আফ্লাটাকচিক'চিচ্ বেমাৰ আনবিধ ভেঁকুৰে (এচ্পাৰগিলাচ ফ্লেভাচ) সৃষ্টি কৰে৷ উপযুক্ত সাৱধানতাৰে এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়৷ ৫) অপুষ্টিজনিত ৰোগ কুকুৰাৰ খাদ্যত সিহঁতৰ দেহৰ বাবে দৰকাৰ হোৱা ভিটামিন আৰু খনিজ পদাৰ্থ সমূহৰ অভাৱ ঘটিলে কুকুৰা জাকৰ অপুষ্টি জনিত ৰোগে দেখা দিয়ে ৷ পামত এই ধৰণৰ ৰোগ সমূহে দেখা দিলে কুকুৰাজাকৰ দানা, খোৱা পানীত এই উপাদান সমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ৬) বেক্টেৰিয়াৰ জনিত ৰোগ কুকুৰাৰ বেক্টেৰিয়া জনিত ৰোগ সমূহৰ ভিতৰত- পুলবাম, ফাউল টাইফইদ, ফাউল কলেৰা, কৰাইজা আদিয়ে প্ৰধান৷ এই ৰোগ বোৰ নহবৰ বাবে কুকুৰাৰ দানাত সদায় এন্টিবায়টিক ঔষধ মিশ্ৰণ কৰা হয়৷ মাজে মাজে কুকুৰাৰ খোৱা পানীতো এই ঔষধবোৰ ব্যৱহাৰ কৰা হয়৷ ৭) ভাইৰাচজনিত ৰোগ কুকুৰাৰ ভাইৰাচজনিত ৰোগ সমূহ অতি মাৰাত্মক আৰু ধ্বংসকাৰী ৷ ভাইৰাচে কৰা বেমাৰৰ কোনো চিকিৎসা নাথাকে বাবে কুকুৰাক এইবোৰ বেমাৰৰ বাবে আগতীয়াকৈ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ভাইৰাচ জনিত কুকুৰাৰ বেমাৰ সমূহ যেনে : ৰাণীখেত, কুকুৰা বসন্ত, মেৰেকচ্, গাম্বোৰো আদিয়ে প্ৰধান৷ পামৰ এই বেমাৰ সমূহ নহবৰ বাবে কুকুৰাজাকক উপযুক্ত সময়ত ছিটা দিয়াৰ ব্যৱস্থা বেছি উপযোগী৷ কুকুৰাৰ বয়স ছিটাৰ নাম বেমাৰৰ নাম ছিটা দিয়াৰ পদ্ধতি ৫ ৰ পৰা ৭ দিন লাচোতা এফ্ - ১ ৰাণীখেত চকু বা নাকৰ বিন্ধাত এটোপাল ১৮ ৰ পৰা ২১ দিন গাম্বোৰা লাইভ্ গাম্বোৰা বেমাৰ কুকুৰাৰ খোৱা পানীত মিহলাই দিয়া হয় কুকুৰাৰ বয়স ছিটাৰ নাম বেমাৰৰ নাম ছিটা দিয়াৰ পদ্ধতি এদিনীয়া এমৰেক্ ছিটা এমৰেক বেমাৰ মঙহত বা ছালৰ তলত ৫ ৰ পৰা ৭ দিন লাচোতা এফ্ - ১ ৰাণীখেত চকু বা নাকৰ বিন্ধাত এটোপাল ১৮ ৰ পৰা ২১ দিন গাম্বোৰা লাইভ্ গাম্বোৰা বেমাৰ কুকুৰাৰ খোৱা পানীত মিহলাই দিয়া হয় ৩৫ ৰ পৰা ৪০ দিন লাচোতা এফ্ - ১ (পুনৰ বাৰ) ৰাণিখেত বেমাৰ চকু বা নাকৰ বিন্ধাত এটোপাল ৬ ৰ পৰা ৭ সপ্তাহ ফাউল পক্স ছিটা কুকুৰা বসন্ত ছালত খোচমাৰি ৮ ৰ পৰা ৯ সপ্তাহ আৰ ২ বি লাইভ ৰাণী খেত ছালৰ তলত বা মঙহত ১৬ ৰ পৰা ১৭ সপ্তাহ ফাউল পক্স ছিটা কুকুৰা বসন্ত ছালত খোচমাৰি উৎস: অসম কৃষি বিশ্ববিদ্যালয়।