ভগা বা ফটা কণীৰ সমস্যা-

পামত কুকুৰাই কণী পৰাৰে পৰা বিক্ৰী কৰা সময়লৈকে বিভিন্ন কাৰণৰ বাবে কণীৰ চোকোৰা ভাঙিব পাৰে। সাধাৰণতে কুকুৰাপালকসকলে কণী ভঙা বা ফটা সম্পৰ্কে প্ৰায়েই নিৰ্বিকাৰ হোৱা দেখা যায়। কিছুসংখ্যক কণী এনেয়ে ভাঙে বা ফাটে বুলি এটা ধাৰণা কৰি লোৱা দেখা যায়। কিন্তু এটা কথা মনত ৰখা উচিত যে ভঙা কণীৰ বাবে হোৱা লোকচানৰ গতি চোৰাং। ই সহজে চকুত নপৰে। প্ৰতিদিনে ভঙা কণীৰ হিচাপ ৰাখি বছৰৰ শেষত সৰ্বমুঠ কৰিলেহে দেখা যায় যে কিমান বৃহৎ অংকৰ টকা লোকচান হৈছে।

কণীৰ চোকোৰাটো যদিও দেখাত টান বা ডাঠ যেন অনুমান হয় দৰাচলতে ই অতি ঠুনুকা। অলপমান হেঁচা বা ঠেকা-ঠেকি হ’লেই কণীত সহজে ফাট মেলিব পাৰে। ভঙা বা সাধাৰণভাৱে ফটা কণীৰ পৰা কেতিয়াও উপযুক্ত দাম পোৱা নাযায়। দিনত সৰ্বমুঠ সংগৃহীত কণীৰ যদি শতকৰা দুই বা ততোধিক ভাঙে তেনেহ’লে বুজিব লাগিব যে কণী সংগ্ৰহ কৰা পদ্ধতি নতুবা পাম পৰিচালনা ত্ৰুটিপূৰ্ণ হৈছে। উল্লিখিত এই শতকৰা দুইভাগ কণীৰ হিচাপ কৰোতে কণী সংগ্ৰহৰ পৰা বিক্ৰী কৰালৈকে গোটেইখিনি সময় হিচাপত ৰখা উচিত।

কণী ভঙাৰ মূল কাৰণসমূহঃ

কণীৰ চোকোৰাৰ গুণাগুণৰ ওপৰতেই কণী ভঙা বা ফটাৰ পোনপটীয়া সম্বন্ধ থাকে। চোকোৰা যিমানেই টান আৰু মজবুত হয়, ফটা বা ভগাৰ পৰিমাণো সিমানে কমি যায়। কণীৰ চোকোৰা পাতল বা ডাঠ হোৱাটো বহুত কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ হ’ল-

চোকোৰা ডাঠ বা পাতল হোৱাটো কিছুমান প্ৰজাতিৰ বংশগত ক্ষমতা।

কুকুৰাবোৰে একেৰাহে ৪-৫টামান কণী উৎপাদন কৰাৰ পাছত ১-২ দিন কণী নাপাৰে। এই একেৰাহে কণী পৰা ঘটনাটোক ক্লাটচ্ বুলি কোৱা হয়। এটা ক্লাটচৰ প্ৰথম কণীৰ চোকোৰাটো তাৰ পাছৰটোতকৈ কিছু ডাঠ হয় আৰু একেৰাহে শেষৰটো ক্লাটচৰ ভিতৰতে আটাইতকৈ পাতল হয়। গতিকেই বুজা যায় যে এটা ক্লাটচৰ শেষৰ ফালৰ কণীকেইটা প্ৰথমে পৰা কণীকেইটাতকৈ সহজে ভঙাৰ সম্ভাৱনা থাকে।

গৰমকালিৰ দিনকেইটাত দিনৰ উষ্ণতা যিমানে বাঢ়ে কণীৰ চোকোৰাও সিমানে ঠুনুকা হ’বলৈ আৰম্ভ কৰে। ফলত গৰমৰ দিনত ভঙা কণীৰ সংখ্যা ঠাণ্ডা দিনতকৈ বেছি হোৱা দেখা যায়।

কুকুৰাৰ কিছুমান বেমাৰ বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে ব্ৰংকাইটিছ, চি আৰ ডি (ক্ৰ’নিক ৰেচপাইৰেট’ৰী ডিজিজ) ইত্যাদি আৰু ৰাণীখেত তথা ককচিদিয়াছিছ ৰোগত ভোগা কুকুৰাই পাতল চোকোৰাৰ কণী উৎপাদন কৰে।

কুকুৰাবোৰৰ কণী উৎপাদনৰ কাল যিমানে দীঘলীয়া হয় কণীৰ চোকোৰাবোৰো সিমানেই পাতল হোৱা দেখা যায়। উৎপাদন চক্ৰৰ প্ৰথম কেইমাহৰ কণীবোৰ উৎপাদনৰ শেষৰফালৰ বোৰতকৈ ডাঠ হয়। সেয়েহে উৎপাদন চক্ৰৰ শেষৰফালে ভঙা কণীৰ সংখ্যাও বঢ়া দেখা যায়।

সুষম দানাৰ অভাৱ বিশেষকৈ ভিটামিন ‘ডি’ৰ অভাৱতো ঠুনুকা চোকোৰাৰ কণী উৎপাদিত হয়।

লিটাৰত পোহা পদ্ধতিতকৈ সঁজাত পোহা পামবোৰত ভঙা কণীৰ সংখ্যা বেছি দেখা যায়।

অসাৱধানভাৱে কৰা কণী সংগ্ৰহ।

লেতেৰা কণী চাফা কৰোতে আৰু অনা-নিয়া কৰোতেও কণী ভাঙে।

(উৎসঃ অসমীয়া খবৰ, ড০ কুল প্ৰসাদ কলিতা)।