ইমু ৰেটাইট দলৰ অৰ্ন্তূক্ত আৰু ইয়াৰ মাংস, কণী, তেল, ছাল, পাখি অদিৰ বাবে উচ্চ অৰ্থনৈতিক মূল্য আছে। এই চৰাই বিলাক বিভিন্ন জলবায়ুত খাপ খায়। যদিও ইমু আৰু অ’চষ্ট্ৰিচ চৰাই ভাৰতত অনা হৈছে, ইমুৰ পালনে অধিক গুৰুত্ব লাভ কৰিছে। ৰেটাইট জাতৰ চৰাই বিলাকৰ যেনে ইমু, অ’চষ্ট্ৰিচ, ৰিয়া, কাচ’অৰি, আৰু কিৱি আদি, পাখি বিলাক ভালকৈ বৃদ্ধি নাপায়। ইমু আৰু অ’চষ্ট্ৰিচ চৰাই বিলাক ইহঁতৰ উচ্চ অথনৈতিক গুনৰ মাংস, তেল, ছাল আৰু পাখিৰ বাবে ব্যাৱসায়িক ভাবে পালন কৰা হয়। ইহঁতৰ দৈহিক আৰু শাৰিৰিক আকৃতি-প্ৰকৃতি বিলাক উঞ্চ আৰু নাতিষিতুঞ্চ অঞ্চলৰ জলবায়ুৰ লগত খাপ খায়। এই চৰাই বিলাকক উচ্চ আহ জাতীয় খাদ্য খুৱাই মুক্ত ভাবে চৰাৱো বা অৰ্ধ-মুক্ত অৰ্ধ-আৱদ্ধ পদ্ধতিত পালন কৰিব পাৰি। আমেৰিকা, অষ্ট্ৰেলিয়া, চীন ইমু পামত আগ্ৰ। ইমু চৰাই বিলাক ভাৰতীয় জলবায়ুত ভালকৈ খাপ খায়। ইমুৰ আকৃতি-প্ৰকৃতি ইমুৰ দীঘলীয়া ডিঙি, তুলনা-মুলক ভাবে সৰু নগ্ন মুৰ, ঠেংৰ আঙুলি তিনিটা, আৰু ইহতঁৰ গা পাখিৰে আবৃত থাকে। চৰাই বিলাকৰ গাত আৰম্ভনিতে দীঘলীয়া আঁচ থাকে (0-3 মাহ বয়সত), তাৰ পিছত এইবোৰ 4-12 মাহ বয়সত মূগা বৰণীয়া হয়।পূৰ্ণ বয়স্ক চৰাই বিলাকৰ নগ্ন ডিঙি আৰু ফুট-ফুটীয়া গা থাকে। প্ৰাপ্ত বয়স্ক চৰাই বিলাক 6 ফুট ওখ আৰু ইহঁতৰ গাৰ ওজন হয় 45-60 কি.গ্ৰাম।ঠেং বিলাক টান আৰু শুকান মাটিত খাপ খাব পৰাকৈ শুটোৰা চালেৰে ঢকা থাকে।ইমুৰ প্ৰাকৃতিক খাদ্য হল পোক- পৰুৱা, কোমল পাত আৰু ঘাঁহ। ইহঁতে বিভিন্ন ধৰনৰ শাক- পাচলি আৰু ফল-মুল যেনে – গাজৰ, তিয়ঁহ, অমিতা আদি খায়।মাইকী চৰাইটো, বিশেষকৈ প্ৰজননৰ ঋতুত, যেতিয়া মতাটোৱে নোখোৱকৈ থাকিব পাৰে, মতাতকৈ ডাঙৰ হয়। মাইকী চৰাইজনীৰ আচৰন মতাতটোতকৈ অধিক প্ৰৱাবশালী।ইহঁত 16 বছৰতকৈ অধিক কাললৈ কণী দিব পাৰে। চৰাই বিলাক যুগ্ম যোৰৰ পাল হিচাপে পালন কৰিব পাৰি। পোৱালিৰ তত্বাৱধনা ইমুৰ পোৱালিৰ ওজন কণীৰ আকাৰ অনুসাৰে 370 ৰ পৰা 450g (কণীৰ ওজনৰ প্ৰায় 67%) হব পাৰে।প্ৰথম 48-72 ঘন্টাত ইমুৰ পোৱালি বিলাকক ইনকুৱেটৰতে ৰখা হয় যাতে ই কুসুমটো ভালকৈ শুহি লব পাৰে আৰু শুকান হয়। পোৱালি বিলাক অহাৰ বহু আগতেই ওমণিশালা ভালকৈ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰিলৈ তাৰ ওপৰত লিটাৰ (তুঁহ গুৰি) চটিয়াই দি নতুন বস্তাৰে ঢাকি থব লাগে।ওমনিশালাটো প্ৰত্যেকটা পোৱালিৰ বিপৰীতে প্ৰথম তিনি সপ্তাহৰ বাবে 4 বৰ্গফুট ঠাই দিয়াকৈ 25-40 পোৱালিৰ বাবে সজাব লাগে।প্ৰথম 10দিনৰ বাবে 90 ডিগ্ৰি ফা. আৰু 3-4 সপ্তাহলৈকে 85 ডিগ্ৰি ফা. উঞ্চতাৰ ব্যবস্থা কৰিব লাগে।যথা যথ উঞ্চতাই উমণি সফল কৰে। উমণি শালত এক লিটাৰৰ পানীৰ পাত্ৰ আৰু সম-সংখ্যাৰ দানাৰ পাত্ৰ ৰাখিব লাগে। পোৱালি আৱৰা বেৰ (চিক গাৰ্ড) 2.5 ফুট ওখ হব লাগে যাতে ইয়াৰ ওপৰেদি পোৱালি বিলাক জাপ মাৰি ওলাই যাব নোৱাৰে।উমণি শালত প্ৰতি 100 বৰ্গফুট ঠাইৰ বিপৰিতে এটা 40 ৱাটৰ বাল্ব দিনে ৰাতিয়ে জ্বলি থাকিব লাগে। তিনি সপ্তাহৰ পিচত লাহে লাহে পোৱালি আৱৰা বেৰ বহলাই উমণি দিয়া ঠাইৰ ব্যাস বঢ়াই যাব লাগে আৰু পোৱালি বিলাক ছয় সপ্তাহ বয়স পোৱাৰ লগে লগে ইয়াক উঠাই দিব লাগে।প্ৰথম 14 সপ্তাহ বা ইহঁতে 10কি.গ্ৰাম ওজন পোৱালৈ ষ্টাৰটাৰ মেশ্ব দিব লাগে। পালন কৰা চৰাই বিলাকক উপযুক্ত ঠাই দিয়াটো নিশ্চিত হওঁক কাৰণ চৰাই বিলাকৰ স্বাস্থ্য ঠিকে থাকিবলৈ ইহঁতক দৌৰিবলৈ ঠাইৰ প্ৰয়োজন হয়। যদি বাহিৰৰ স্থান দিয়া হয় তেন্তে 30ফুট দৌৰাৰ ঠাইৰ প্ৰয়োজন হয়; সেয়াহে ইহঁতক 40ফুট x 30 ফুট ভূমিকালিৰ প্ৰয়োজন হয়। মজিয়াৰ সহজতে লেতেৰা বস্তু নিষ্কাষন কৰিব পৰা ধৰনৰ হব অৰু শুকান হব লাগে। কৰিব লগীয়া কাম সমূহ: ৰখা ঘৰটোত ৰাখিব পৰাতকৈ অধিক সংখ্যাত ৰাখিব নালাগে। প্ৰথম কেইদিন শুধিত পানী আৰু চাপ প্ৰতিৰোধী দিব লাগে। পানী দিয়া পাত্ৰবিলাক সদায় পৰিষ্কাৰ কৰিব লাগে, নহলে স্বয়ংক্ৰিয় পানীৰ ব্যৱস্থা কৰাটো উত্তম। তত্ক্ষনাত্ বিজুতি বিলাক ঠিক কৰিবলৈ চৰাই বিলাক প্ৰয়োজনীয় আৰামত আছে নে নাই, দানা-পানী ঠিক মতে খাইছে নে নাই, পাৰি দিয়া লিটাৰৰ অবস্থা কেনেকুৱা আদি পৰীক্ষা কৰি থাকিব লাগে। ঠেংৰ বিকৃতি যাতে নহয় তাৰ বাবে খাদ্যত খনিজ লৱন আৰু ভিটামিন থকাটো নিশ্চিত কৰক। জৈৱ-সুৰক্ষা নিশ্চিত কৰিবলৈ একেলগে চৰাই সোমোৱা আৰু একেলগে উলিওৱা পদ্ধতি অৱলম্ভন কৰক। নকৰিব লগীয়া কাম সমূহ:: গৰম পৰিবেশত চৰাই কেতিয়াও নধৰিব। চৰাই বিলাক সহজতে উত্তেজিত হয়।গতিকে চৰাইৰ বাসস্থানত সদায় শান্ত আৰু নিৰব পৰিবেশ থাকিব লাগে। চৰাই বিলাকে যিকোনো বস্তু উঠাই লয়, গতিকে চৰাইবিলাকৰ আশে-পাশে যাতে গজাল, সৰু শিলগুটি আদি নাথাকে। অকৰ্তিত্বশীল ব্যক্তি বা সামগ্ৰী পামৰ ভিতৰত সোমাব নিদিব।যথা-যথ জৈৱ সুৰক্ষা নিশ্চিত কৰক। ধানখেৰ সিঁচৰিত কৰি থোৱা আৰু মিহি পৃষ্ঠৰ মজিয়াত চৰাইৰ পোৱালি বিলাক নাৰাখিব, কাৰণ সৰু চৰাই পোৱালি বিলাক সহজতে উত্তেজিত হৈ দৌৰা-দৌৰি কৰোতে পিছল খাই ইহঁতৰ ঠেং ভাঙিব পাৰে। বৰ্ধনশীল চৰাইৰ তত্বাৱধনা বৃদ্ধি হৈ অহাৰ লগে লগে ইমু চৰাইক ডাঙৰ আকাৰৰ পানীৰ দানা- পানীৰ পাত্ৰ আৰু বৰ্দ্ধিত ঠাই লাগে। ইহঁতৰ লিংগ চিনাক্ত কৰক আৰু সেইমতে বেলেগে ৰখাৰ ব্যবস্থা কৰক। প্ৰয়োজন অনুযায়ী লিটাৰ শুকান আৰু পৰিষ্কাৰ ৰাখিবলৈ কোঠালিটোত যথেষ্ট পৰিমানৰ তুঁহগুৰি যোগ কৰক। চৰাই বিলাক 34 সপ্তাহ বয়স পোৱালৈ বা 25 কি.গ্ৰাম ওজন পোৱালৈ ইহতক গ্ৰ’ৱাৰ মেশ্ব খোৱাওক।চৰাই বিলাকক আঁহজাতীয় খাদ্যৰ ওপৰত আভ্যাস কৰাবলৈ মুঠ আহাৰৰ 10% সেউজীয়া খাদ্য বিষেশকৈ, সেউজীয়া পাত আদি দিয়ক। সদায়েই পৰিষ্কাৰ পানী যোগান আভ্যসত ৰাখক আৰু ইহঁতক যিমান খিনি প্ৰয়োজন খাদ্য যোগান ধৰক। চৰাই বিলাকৰ বৰ্ধনশীল অবস্থাত যাতে লিটাৰ শুকান অৱস্থাত থাকাটো নিশ্চিত হওঁক। প্ৰয়োজন অনুযায়ী কোঠালিটোত শুকান লিটাৰ যোগ কৰক।40 টা চৰাইৰ বাবে 40ফুট x 100 ফুট ঠাইৰ যোগান ধৰক। মজিয়াটো জেকা নহবলৈ সহজতে পৰিষ্কাৰ কৰিব পৰা ধৰনৰ হব লাগে সৰু চৰাইবিলাকক ধৰোতে ইহতৰ কাষৰ ফালৰ পৰা গাত টানকৈ ধৰিব লাগে। প্ৰাক-প্ৰাপ্ত বয়স্ক আৰু প্ৰাপ্ত বয়স্ক চৰাই বিলাকক কাষৰ পৰা পাখিত ধৰিলৈ ব্যক্তিজনৰ দুই ভৰিৰ কাষলৈ টানি আনিব লাগে। চৰাই বিলাকক ঠেং আচাৰিবলৈ দিব নালাগে। চৰাই বিলাকে কাষৰ ফালে আৰু সন্মুখৰ ফালে লাথ মাৰিব পাৰে। গতিকে ভালদৰে টানকৈ ধৰিলে ধৰা ব্যক্তিজন আৰু চৰাই দুয়োটাৰে হব পৰা সম্ভাৱ্য অনিষ্টৰ পৰা ৰক্ষা কৰে। কৰিব লগীয়া কাম সমূহ:: দিনত অন্ততঃ এবাৰ চৰাইবিলাকৰ সচেতনতা, দানা-পানীৰ পাত্ৰ পৰ্য্যবেক্ষণ কৰিব লাগে। ঠেংৰ বিকৃতি আৰু ইহঁতৰ শৌচ পৰ্য্যবেক্ষণ কৰক। বেমাৰত ভুগি থকা চৰাই বিলাকক চিনাক্ত কৰি পৃথক কৰি ৰাখক। একেলগে চৰাই সোমোৱা আৰু একেলগে উলিওৱা পদ্ধতি অৱলম্ভন কৰক। ডাঙৰ চৰাই বিলাকৰ ওচৰত নাৰাখিব। নকৰিব লগীয়া কাম সমূহ:: চুকা বস্তু, সৰু সৰু শিলগুটি চৰাই বিলাকৰ ওচৰত নাৰাখিব। চৰাই বিলাক দুষ্ট আৰু ঢুকি পোৱা যিকোনো বস্তু ইহঁতে বুটলে। গৰমৰ সময়ত চৰাই ধৰোতে বা ভেকচিন দিওঁতে চৰাই বিলাকক আমনি নকৰিব। গোটেই দিনজুৰি পৰিষ্কাৰ ঠাণ্ডা পানী দিয়ক। প্ৰজনন জাকৰ পৰিচালন ইমু চৰায়ে 18- 24 মাহত প্ৰাপ্ত বয়স্ক হয়। মতা-মাইকীৰ অনুপাত 1:1 ৰাখক। ঘৰৰ ভিতৰত প্ৰজনন ঘটোৱাৰ ক্ষেত্ৰত মিলাবোৰক যোৰ পাতি দি প্ৰজনন কৰাব লাগে। প্ৰজননৰ সময়ত যোৰায়ে প্ৰতি 2500 বৰ্গফুট(100 x 25) ঠাই দিয়ক। প্ৰজননৰ সময়ত গোপনীয়তা বজই ৰাকি মিলন সংগঠিত কৰাবলৈ গছ-গছনি আৰু জোপোহাৰ আঁৰ দিব পাৰি। প্ৰজনন ঘটোৱাৰ অন্ততঃ 3- 4 সপ্তাহ আগৰ পৰাই প্ৰজননৰ বাবে প্ৰস্তুত কৰা দানা খুৱাব লাগে আৰু উত্তম উৰ্ব্বৰতা আৰু কণী ফুটাই পোৱালি জগোৱাৰ হাৰ অধিক কৰিবলৈ, ভিটামিন আৰু খনিজ লৱন দানাত দিব লাগে। সাধাৰণতে প্ৰাপ্ত বয়স্ক চৰাইবোৰে প্ৰতিদিনে 1 কি.গ্ৰাম দানা খায়। কিন্তু প্ৰজননৰ ঋতুত দানা খুৱাটো সাংঘাতিক ভাবে কমি যায়। গতিকে যথা-যথ পুষ্টি পোৱাটো নিশ্চিত কৰিব লাগে। আঢ়ৈ বছৰ বয়সত প্ৰথম কণী দিয়ে। সাধাৰনতে বছৰটোৰ ঠাণ্ডাৰ দিনৰ ফালে, অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত কণী দিয়ে। কণী দিয়াৰ সময় মুটা-মুটি আবেলি 5.30 বজাৰ পৰা 7.00 টা বজালৈ, দিনত দুবাৰকৈ কণীবিলাক সংগ্ৰহ কৰিব লাগে যাতে কণী বিলাক নষ্ট হোৱাৰ পৰা বচাব পৰা যায়। সাধাৰনতে এজনী চৰায়ে প্ৰথম বছৰত 15 টা কণী দিয়ে। পৰৱৰ্ত্তী বছৰ সমূহত কণীৰ উতপাদন বাঢ়ি যায় আৰু সৰ্ব্বোচ্চ 30-40 টা কণীলৈকে যায়। গড়ে এজনী চৰায়ে এবছৰত 25 টা কণী দিয়ো। কণীৰ ওজন প্ৰায় 475-650 গ্ৰাম আৰু এবছৰৰ গড় কণীৰ ওজন 560 গ্ৰাম। কণী বিলাক দেখাত সেউজীয়া ধৰনৰ আৰু মাৰ্বলৰ দৰে খহটা হয। ৰঙৰ গাড়তা পাতল সেউজীয়াৰ পৰা পাতল, মধ্যমীয়াৰ পৰা গাড় সেউজীয়ালৈকে। পৃষ্ঠ খহটাৰ পৰা নিমজ হয়। গৰিষ্ঠ সংখ্যক কণীয়েই (42%) খহটা পিঠিৰে সৈতে মধ্যমীয়া সেউজীয়া। ইমুৰ কণী উতপাদিত কণীৰ কেলচিফিকেচন ভালকৈ হবলৈ আৰু খোলা টান হোৱাটো নিশ্চিত হবলৈ প্ৰজননৰ বাবে তৈয়াৰী দানাত যথেষ্ট পৰিমানৰ কেলচিয়াম (2.7%) থাকিব লাগে। কণী দিবলৈ আৰম্ভ কৰাৰ আগে আগে কেলচিয়াম অতি বেছি পৰিমানে খুৱালে কণী উতপাদন হ্ৰাস হয় আৰু ই মতা বিলাকৰ উৰ্ব্বৰতাতো প্ৰভাৱ পেলাব পাৰে। অতিৰিক্ত কেলচিয়াম গ্ৰীট বা কেলচাইট পাউডাৰ হিচাপে দানাৰ পাত্ৰত বেলেগকৈ ৰাখি খুৱাব পৰা যায়। ঘৰটোৰ পৰা সঘনে কণী সংগ্ৰহ কৰক।যদি কণীবিলাক লেতেৰা থাকে তেন্তে চেন্ড পেপাৰ আৰু কটনৰ দ্বাৰা পৰিষ্কাৰ কৰক। কণী বিলাক 60 ডিগ্ৰী ফাৰেনহাইটত ঠাণ্ডা কোঠালিত ৰাখক। কণী ফুটুৱাৰ হাৰ নিশ্চিত কৰিবলৈ কণীবিলাক 10 দিনতকৈ অধিক কাল নাৰাখিব। ভাল কণী ফুটুৱাৰ হাৰ পাবলৈ সাধাৰন কোঠালিৰ উঞ্চতাত ৰখা কণীবিলাক প্ৰত্যেক তিনি চাৰি দিনৰ মূৰে মূৰে উমনিত বহুৱাব পাৰি। ইনকুবেচন আৰু হেচ্চিং কোঠালিৰ উঞ্চতা ঠিক কৰাৰ পিছত কণীবিলাক হেচ্চিংৰ বাবে স্থাপন কৰক। ট্ৰে বিলাক সমান্তৰাল বা বেঁকা শাৰীত স্থাপন কৰক। কণীৰ ইনকুৱেটৰটো ভালকৈ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি সাজু ৰাখক। শুদ্ধ চেটিং উঞ্চতাত মেচিনটো ঠিক কৰি লওঁক অৰ্থাত, ড্ৰাই বা্ব্লৰ উঞ্চতা 96-97 ডিগ্ৰী ফা. আৰু ৱেট বাল্বৰ উঞ্চতা 78-80 ডিগ্ৰী ফা. হব লাগে(প্ৰায় 30-40% RH)। ইনকুৱেটৰটো নিৰ্দ্দিষ্ট উঞ্চতা আৰু আপেক্ষিক আৰ্দ্ৰতাত সাজু হোৱাৰ পিচত কণীৰ ট্ৰেবিলাক সাৱধানে চেটাৰত ৰাখক আৰু প্ৰয়োজন হলে তাৰিখ, জাত আদি নিৰ্দ্দেশ কৰা চিনাক্তকৰন স্লীপ লগাওক। 20 গ্ৰাম পটাছিয়াম পাৰমাংগানেট + 40 মি.লি ফৰ্মেলিনৰ ইনকুৱেটৰৰ প্ৰতি 100 চি.এফ.টি ঠাই সাপেক্ষে লৈ ইনকুবেটৰটো ফুমিগেট কৰক। ইনকুৱেচনৰ 48তম দিনালৈকে প্ৰতি ঘন্টাৰ মূৰে মূৰে কণীবিলাক ওলট পালট কৰি থাকিব লাগে। 49তম দিনত ওলট-পালট কৰোটো বন্ধ কৰি কণীফুটাৰ লক্ষণ চাওক। 52তম দিনত ইনকুবেচনৰ অন্ত পৰে। পোৱলিবিলাকক শুকাবলৈ দিব লাগে। মৃত্যুৰ হাৰ কমাবলৈ আৰু স্বাস্থ্যবান পোৱালিৰ পাবলৈ হেচ্চাৰ কৰ্ম্পাৰমেন্টত পোৱালি বিলাকক অন্ততঃ 24 ৰ পৰা 72 ঘন্টা ৰাখক। সাধাৰনতে কণী ফুটুৱাৰ হাৰ 70% বা তাতোধিক হব। নিম্ম কণী ফুটাৰ হাৰৰ কেবাটাও কাৰণ থাকিব পাৰে। যথা-যথ প্ৰজননৰ বাবে প্ৰস্তুত দানাই স্বাস্থ্যবান পোৱালি পোৱা নিশ্চিত কৰে। আহাৰ খুওৱা বাঞ্চিত বৃদ্ধি আৰু পোৱলি জল্ম দিয়াৰ বাবে ইমুক ভাল সন্তুলিত আহাৰৰ প্ৰয়োজন হয়। কিতাপৰ সহায়লৈ, কিছুমান পুষ্টিৰ পৰামৰ্শ আগবঢ়োৱা হল। (তালিকা 1 আৰু 3) সাধাৰনতে কুকুৰাৰ দানা তৈয়াৰ কৰিবলৈ ব্যাবহাৰ কৰা উপাদান সমূহৰ দ্বাৰা ইয়াৰ আহাৰ তৈয়াৰ কৰিব পাৰি (তালিকা2)। মুঠ উতপাদন খৰচৰ 60-70% হল দানাৰ খৰচ, গতিকে কম খৰচী দানাই উপাৰ্জনৰ মাত্ৰা বৃদ্ধি কৰিব। ব্যবসায়িক পাম বিলাকত প্ৰত্যেটা প্ৰজননৰত ইমুৰ যোৰৰ দানা খোৱাৰ পৰিমান 394-632 কি.গ্ৰামলৈকে যায়, আৰু ইয়াৰ গড় হল 527 কি. গ্ৰাম। প্ৰজনন ঋতু আৰু প্ৰজননহীন ঋতুত দানাৰ দাম ক্ৰমান্বয়ে 6.50 টকাৰ পৰা 7.50 টকালৈকে হয়। ইমুৰ বিভিন্ন বসয় অনুযায়ী পুষ্টিৰ প্ৰয়োজনীয়তাৰ নমুনা সীমা প্ৰৰম্ভৰিক 10-14 সপ্তাহ বা 10কি.গ্ৰাম ওজনলৈ বৰ্ধনশীল 15-34 স.বয়স বা 10-25 কি.গ্ৰামওজনলৈ প্ৰজননত থকা প্ৰ’টিন% 20 18 20 লাইছিন % 1.0 0.8 0.9 মিথিঅ’নিন% 0.45 0.4 0.40 ট্ৰিপ্টফেন % 0.17 0.15 0.18 থিয়’নিন % 0.50 0.48 0.60 কেলচিয়াম % 1.5 1.5 2.50 সৰ্বমুঠ ফচফৰাচ % 0.80 0.7 0.6 চ’ডিয়াম ক্ল’ৰাইড % 0.40 0.3 0.4 আহঁ (সৰ্ব্বোচ্চ) % 9 10 10 ভিটামিনA(IU/কি.গ্ৰা.) 15000 8800 15000 ভিটামিন D 3 (ICU/কি.গ্ৰা.) 4500 3300 4500 ভিটামিন E (IU/কি.গ্ৰা.) 100 44 100 ভিটামিন B 12 (µ g/kg) 45 22 45 ক’লিন (মি.গ্ৰা/কি.গ্ৰা.) 2200 2200 2200 ক’পাৰ (মি.গ্ৰা/kg) 30 33 30 জিঙ্ক (মি.গ্ৰা/কি.গ্ৰা.) 110 110 110 মেঙ্গানিজ(মি.গ্ৰা./কি.গ্ৰা.) 150 154 150 আয়’ডিন(মি.গ্ৰা./কি.গ্ৰা.) 1.1 1.1 1.1 ইমুৰ আহাৰ (কি.গ্ৰাম/100কি.গ্ৰাম) উপাদান প্ৰৰম্ভৰিক বৰ্ধনশীল শেষান্তৰত প্ৰজননত থকা নিয়মিত ওজন বাহালৰ বাবে মাকৈ 50 45 60 50 40 চ’য়াবিন মিল 30 25 20 25 25 চাপৰ 10 16.25 16.15 15.50 16.30 সূৰ্য্যমূথী ফুল 6.15 10 0 0 15 ডাই কেলচিয়ান ফচফেট 1.5 1.5 1.5 1.5 1.5 কেলচাইট পাউডাৰ 1.5 1.5 1.5 1.5 1.5 ছেল গ্ৰীট 0 0 0 6 0 নিমখ 0.3 0.3 0.3 0.3 0.3 অতি প্ৰয়োজনীয় খনিজ পদাৰ্থ 0.1 0.1 0.1 0.1 0.1 ভিটামিন 0.1 0.1 0.1 0.1 0.1 ক’কচিডিঅ’স্টেট 0.05 0.05 0.05 0 0 মিথিঅ’নিন 0.25 0.15 0.25 0.25 0.15 ক’লিন ক্ল’ৰাইড 0.05 0.05 0.05 0.05 0.05 স্বস্থ্যৰ যতন পৰিচালনা ৰেটাইট চৰাই বিলাক সাধাৰনতে মজবুত হয় আৰু বহুদিনলৈ বাচি থাকে (80% জীয়াই থকাৰ সম্ভাৱনা)। সাধাৰনতে ইমুৰ পোৱালি আৰু বৃদ্ধি প্ৰাপ্ত বিলাকৰ সমস্যা হয়। এইবিলাক হল লঘোণ, পুষ্টিহীনতে, পাকস্থলীৰ বন্ধতা, ঠেংৰ বিকৃতি, কলাই আৰু ক্লষ্ট্ৰিডিয়াম নামৰ বীজাণুৰ আক্ৰমন আদি। মূখ্য কাৰণ সমূহ হল, ওমনি দিয়াৰ সময়ত বিসংতি, পুষ্টি, চাপ, সঠিকভাবে চোৱামেলা নকৰা আৰু বংশগত বিসংগতি। আন বেমাৰ সমূহ হল,ৰাইনাইটিছ, কেনডিডায়াচিছ, চালম’নেল্লা, এচপাৰজিল্ল’চিচ, কক্সিডিঅ’চিচ, ওকনি হোৱা আৰু পেলুৰ সংক্ৰমন। এমাহ বয়সৰ পৰা আৰম্ভ কৰি এমাহৰ অন্তৰে অন্তৰে, আইভাৰমেক্টিন দি বাহিৰ আৰু ভিতৰৰ পৰজীৱি বিলাক নিয়ন্ত্ৰন কৰিব পাৰি। ইমুত পেটৰ বেমাৰ আৰু ভাইৰেল ইষ্টাৰ্ণ ইকুৱাইন এনচাফালাইটিচ হোৱাৰ তথ্য পোৱা গৈছে। ভাৰতত এতিয়লৈকে ৰানিখেত বেমাৰৰ সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে নিশ্চিত হোৱা নাই। সিযিকি নহওক, চৰাই বিলাকক এদিনিয়া পোৱালিক লাচ’টা, 4সপ্তাহত লাচ’টা বুষ্টাৰ, 8, 15 আৰু 40দিনত মোক্তেশ্বৰ ষ্ট্ৰেইন দ্বৰা ভেকচিন দিয়াৰ পিছত ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে। ইমুৰ পৰা পোৱা সামগ্ৰী ইমু আৰু অচষ্ট্ৰিচৰ মাংস উচ্চমানৰ প্ৰ’টিন সমৃব্ধ, কলেষ্টেৰ’লৰ মাত্ৰা কম, আৰু চিকাৰ কৰি অনা চৰাইৰ দৰে গোন্ধ থাকে। উৰু আৰু গাৰ ডাঙৰ মাংস পেশী, বা ঠেংৰ তলৰ অংশৰ পৰা ভাল মানৰ মাংস পোৱা যায়। ইমুৰ ছাল মিহি আৰু শক্তিশালী। ঠেংৰ ছালখিনি বিষেশ ধৰনৰ আকাৰৰ বাবে উচ্চ দাম পোৱা যায়। ইমুৰ চৰ্বিৰ পৰা তেল উলিওৱা হয় যাৰ খাদ্য, চিকিতসা (বাত বিষৰ বাবে), আৰু প্ৰসাধনৰ ক্ষেত্ৰত যথেষ্ট মূল্য আছে। অৰ্থনীতি ইমু পামৰ অৰ্থনৈতিক জৰিপত দেখা গৈছে যে ইমুৰ প্ৰজনন জাক ক্ৰয় কৰাটো সৰ্বাধিক ব্যয় বহুল(68%)। বাকীখিনি খৰচ পামত (13%) আৰু হেচ্চাৰিত হয় (19%)। প্ৰত্যেক যোৰৰ বাবে প্ৰজনন খৰচ 3600 টকা বুলি নিৰ্নয় কৰা হৈছে। ফুকোৱাব পৰা কণী আৰু এদিনিয়া পোৱালিৰ উতপাদনৰ খৰচ ক্ৰমান্বয়ে 793 আৰু 1232 টকা বুলি নিৰ্নয় কৰা হৈছে। যোৰে প্ৰতি বছৰি দানা খোৱাৰ খৰচ 524 কি.গ্ৰাম, যাৰ মূল্য 3578 টকা বুলি নিৰ্নয় কৰা হৈছিল। এদিনিয়া বিক্ৰীযোগ্য পোৱালিৰ দাম 2500-3000 টকা। ভাল কণী ফুকোৱাব পৰা (80%তকৈ অধিক), দানাৰ খৰচ কম কৰা আৰু নিম্মতম পোৱালিৰ মৃত্যুৰ হাৰ (10%তকৈ কম)হলেহে ইমু পামত ভাল লাভ আশা কৰা যায়। উৎস: আইএনডিজি দল।