গাখীৰ আৰু ইয়াৰ উপকাৰিতা: গাখীৰ এবিধ পুষ্টিকৰ খাদ্য।ইয়াৰ প্ৰধান উপাদনবোৰ হ’ল-পানী চৰ্বী(ফেট),মাংসসাৰ,শৰ্কৰা আৰু ধাতবলোণ।তাৰোপৰি ফছফ’লিপিদছ,ভিতামিন,এনজাইম,পিগমেন্টছ আদি অন্যান্য উপাদানেৰে ই পৰিপুষ্ট।এইটো প্ৰমাণিত হৈছে যে গাখীৰৰ দ্বাৰা ৰোগ সৃষ্টিকাৰী জীৱাণুৰ পৰিবহন ঘটিব পাৰে।গাখীৰত সেই জীৱাণুবোৰ কেনেদৰে প্ৰৱেশ কৰে তাৰ বিৱৰণ- ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ গাই গৰুৰ ওহাৰৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰে।সেই কাৰণে খীৰোৱাৰ আগতে ওহাৰখন পৰিষ্কাৰ পানীৰে অথবা জীবাণু নাশক দ্ৰব্যৰে ধুই চাফা কৰি লব লাগে। খীৰোৱা ব্যক্তিজনে যদি মলিয়ন হাতেৰে গাখীৰ খীৰায় আৰু মলিয়ন বস্ত্ৰ পৰিধান বা মলিয়ন বাচন-বৰ্ত্তন ব্যৱহাৰ কৰে তেন্তে তাৰ পৰা জীৱাণুবোৰ গাখীৰত প্ৰৱেশ কৰি গাখীৰ দূষিত কৰিব পাৰে।সেই কাৰণে গাখীৰ খীৰোৱা ব্যক্তিজনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে হাত ধুই গাখীৰ খীৰোৱা উচিত। ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ দূষিত বাচন-বৰ্ত্তন,দূষিত পানী,কীট-পতঙ্গ অথবা ধূলিকণাৰ জৰিয়তে গাখীৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিব লাগে।গোহালি আৰু চৌ-দিশৰ পাৰিপাৰ্শ্বীকতা তথা পৰিবেশ যাতে প্ৰদূষণ মুক্ত হয় তাৰ প্ৰতি চকু ৰখা উচিত। গাখীৰ দূষিত হোৱাৰ উৎস আৰু নিৰাময়ৰ উপায়: দূষিত হোৱাৰ উৎস নিৰাময়ৰ উপায় ওহাৰখন: ক)মাষ্টাইটিজৰ কাৰণে পৰীক্ষা, খ)খীৰোৱাৰ আগে আগে দুই অলপ গাখীৰ পেলাই দিব লাগে। ওহাৰৰ বৰ্হিভাগ: ক)পৰিষ্কাৰকৈ ধুই লব লাগে, খ)ওহাৰত ক্লিপ লগোৱা দৰ্কাৰ। ধূলি আৰু বতাহ: গাখীৰ ঢাকি ৰখা উচিত। মাখি,পোক-পৰুৱাৰ পৰা ৰক্ষা: স্প্ৰে,জাল বা বিচনী ব্যৱহাৰ কৰিব লাগে। খীৰোৱা ব্যক্তি: পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা দৰ্কাৰ। চৌদিশৰ পৰিবেশ: গোহালি আৰু তাৰ চৌদিশৰ পৰিৱেশ চাফ-চিকুণ কৰি ৰখা দৰ্কাৰ। গাখীৰ সংগ্ৰহ কৰা পদ্ধতি: উৎপাদন কেন্দ্ৰৰ পৰা গাখীৰ সংগ্ৰহ কৰি চহৰ-নগৰৰ বিতৰণ কেন্দ্ৰ বা দুগ্ধ শীতলীকৰণ কেন্দ্ৰলৈ তলত দিয়া ধৰণে সৰবৰাহ কৰা হয়: সমবায় সংঘৰ দ্বাৰা, কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা, ব্যক্তিগত দুগ্ধ উৎপাদকৰ দ্বাৰা। সংগৃহীত গাখীৰ দুগ্ধ শীতলীকৰণ কেন্দ্ৰলৈ প্ৰেৰণ: ক)দুগ্ধ শীতলীকৰণ কেন্দ্ৰত যোগান ধৰা গাখীৰৰ গুণাগুণ নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰিব পাৰি।সেয়েহে উৎপাদিত গাখীৰ শীতলীকৰণ কেন্দ্ৰলৈ আনি বহু পৰলৈ নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰিব পাৰি। খ)দুগ্ধশালালৈ গাখীৰ সুচল আৰু খৰতকীয়াকৈ প্ৰেৰণ নিশ্চিত কৰা উচিত। শীতলীকৰণৰ পদ্ধতি: গোহালিত যেতিয়া গাখীৰ খীৰোৱা হয় তেতিয়া গাখীৰত জীৱাণু পোৱা যায়।গাখীৰ সৰবৰাহৰ সময়ত 20° চে: পৰা 40° চে:ৰ ভিতৰত এই জীৱাণুবোৰৰ সংখ্যা বৃদ্ধি হয়।ফলত গাখীৰত অম্লতা বাঢ়ে।সেয়েহে শীতলীকৰণ পদ্ধতিৰে গাখীৰ শীতল কৰি ইয়াৰ মানদণ্ড নষ্ট নোহোৱাকৈ ৰাখিব পাৰি।কেইবাটাও পদ্ধতিৰে গাখীৰ শীতলীকৰণ কৰিব পাৰি যেনে-গাখীৰ ৰখা পাত্ৰ বুৰণ পদ্ধতি,চাৰ্ফেচ কুলাৰ পদ্ধতি,বাল্ককুলাৰ পদ্ধতি। গাখীৰ শীতলীকৰণ কেন্দ্ৰ: আজিকালি প্ৰায়বোৰ গাঁৱতে বিদ্যুতৰ যোগান আছে।আমাৰ দেশত সংগঠিত দুগ্ধ পামৰ সংখ্যা কম।সেয়েহে এই কেন্দ্ৰবিলাকে গাওঁসমূহৰ গাখীৰৰ সংগ্ৰহ আৰু শীতলীকৰণৰ এটা বিকল্প সমাধন দিব পাৰিছে।দুগ্ধ উৎপাদকসকলে,আগ্ৰহী যুৱক-যুৱতীসকলে নিজস্বভাৱে সমৱায় সংঘৰ জৰিয়তে গাখীৰ সংগ্ৰহ তথা সৰবৰাহ কৰি জীৱিকা উপাৰ্জনেৰে ইয়াক ব্যৱসায় হিচাবে হাতত লব পাৰে। গাখীৰৰ মান নিৰ্দ্ধাৰণৰ উপায়: গাখীৰৰ প্ৰধান উপাদান হৈছে,চৰ্ব্বী আৰু (চৰ্ব্বী বিহীন গোটা পদাৰ্থ এচ-এন-এফ।চৰ্বী আৰু (এচ-এন-এফ)ওপৰত ভিত্তি কৰি গাখীৰৰ মান আৰু মূল্যনিৰূপন কৰা হয়।সাধাৰণতে চৰ্বী আৰু এচ-এন-এফ ভিত্তিত দুই-অক্ষিক পদ্ধতিৰে গাখীৰৰ মূল্য নিৰ্দ্ধাৰণ কৰা হয়। স্বয়ংক্ৰীয় মেচিনৰ দ্বাৰা গাখীৰৰ মান নিৰূপন,সংগ্ৰহ আৰু শীতলীকৰণ কেন্দ্ৰলৈ প্ৰেৰণ: বৰ্তমান অত্যাধুনিক স্বয়ংক্ৰীয় মেচিনৰ জৰিয়তে দুগ্ধ উৎপাদক সকলে উৎপাদিত গাখীৰ সমবায় সমিতিৰ কাৰ্য্যালয়,সংঘলৈ আনি তাত স্বয়ংক্ৰীয় মেচিনৰ দ্বাৰা গাখীৰৰ গুণাগুণ নিৰ্দ্ধাৰণ কৰি শীতলীকৰণ কেন্দ্ৰলৈ সৰবৰাহৰ দিহা কৰিব পাৰে।দুগ্ধ উৎপাদক সকলে যাতে চৰ্বী আৰু এচ-এন-এফ মানৰ ওপৰত গাখীৰৰ উচিত মূল্য পাব তাৰবাবে তেনে ব্যৱস্থা লোৱা হৈছে। উৎস: দুগ্ধ উন্নয়ন সঞ্চালকালয়,অসম আৰু অসম কৃষি সামৰ্থ্য বৰ্দ্ধন প্ৰকল্প খানাপাৰা,গুৱাহাটী-22