খূৰা ফটা জন্তু যেনে গৰু, ছাগলি,ভেৰা,গাহৰি, আদিৰ ঠেং আৰু মুখত এই অতিশয় সংক্ৰামক চবকা বেমাৰ(FMD)হোৱাৰ সম্ভাবনা থাকে ৷এই ৰোগ ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পে আৰু তাৰ ফলত প্রচুৰ অর্থনৈতিক ক্ষতি হয় কাৰণ এই ৰোগ বিয়পিলে পশুৰ ৰপ্তানি নিষিদ্ধ হয় আৰু ইহঁতৰ জনসংখ্যাও কমি যায়৷ কি কি লক্ষণ দেখা যায় ? অতিপাত জ্বৰ গাখীৰৰ উত্পাদন কমি যায় ঠেং, মুখৰ ভিতৰত আৰু ওহাৰত জোলোঙা বান্ধে ঠেংত জোলোঙা বন্ধাৰ বাবে লেঙেৰায় মুখৰ ভিতৰত জোলোঙা বন্ধাৰ বাবে খুব বেছি ফেন যুক্ত লালটি নিঃসৰন হয়। এই ৰোগ কিদৰে বিয়পে? ৰোগগ্রস্ত পশুৰ মল-মুত্রত এই ৰোগৰ ভাইৰাছ নিঃসৰন হয়, আনকি পুঁজ,লালটি,গাখীৰৰ দ্বাৰাও ই বিয়পে৷ এই ৰোগৰ ভাইৰাছ এঠাইৰ পৰা আন ঠাইলৈ বতাহৰ দ্বাৰা, বিশেষকৈ অধিক আৰ্দ্র বতাহৰ দ্বাৰা সিঁচৰিত হয়৷ ৰোগগ্রস্ত পশুৰ দানা,পানী, আনকি পামকর্মী,কুকুৰ,চৰাই ইত্যাদিৰ দ্বাৰাও এই বেমাৰৰ ভাইৰাছ সিচঁৰিত হব পাৰে৷ ৰোগগ্রস্ত ভেড়া আৰু গাহৰিয়ে প্রচুৰ পৰিমাণে সংক্ৰামক ভাইৰাছ নিঃসৰন কৰি এই বেমাৰ সিঁচৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই বেমাৰৰ দ্বাৰা সঙ্কৰ জাতৰ পশুধন থলুৱাজাতৰ পশুধনতকৈ বেছিকৈ আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে। এঠাইৰ পৰা আনঠাইলৈ পশুধন লৈ যাওঁতেও এই বেমাৰ সিচঁৰিত হ’ব পাৰে। এই ৰোগ হৈ যোৱাৰ পিছত কি কি প্রভাব দেখা যায় ? এই ৰোগত আক্ৰান্ত পশুধন সহজতে ওহাৰ ফুলা, প্রজনন ক্ষমতা কমি যোৱা,গৰম সহ্য কৰিব নোৱাৰা আদি বেমাৰত আক্ৰান্ত হয় আৰু গাখীৰ উত্পাদন কমি যায়। ৰোগ সিচঁৰিত হোৱাটো কেনেকৈ ৰোধ কৰিব পৰা যায়? সুস্থ, সহজতে আক্রান্ত হ’ব পৰা পশুধন বেমাৰ থকা অঞ্চলত লৈ নোযোৱা। ৰোগ গ্রস্ত অঞ্চলৰ পৰা পশুধন ক্ৰয় নকৰা। ৰোগসংক্রমন প্রতিৰোধ কৰিবলৈ নতুনকৈ কিনা পশুধনক ২১ দিনলৈকে অন্য পশুধনৰ পৰা বেলেগে ৰাখিব লাগে। চিকিৎসা ৰোগাক্ৰান্ত পশুধনক ১% প’টাচিয়াম পাৰম্যাঙ্গানেট ছলিউচ’নৰ দ্বাৰা মুখৰ ভিতৰত আৰু ঠেং ধুওৱা৷ ঠেংৰ জোলেঙা বিলাকত এন্টিছেপ্টিক লোচন লগাব লাগে৷ মুখৰ ভিতৰৰ জোলেঙাবিলাকত ব’ৰিক এছিড আৰু গ্লিচাৰিন পেস্ট লগাব পৰা যায়৷ ৰোগগ্রস্ত পশুধনক উপশামক খাদ্য দিয়া দৰকাৰ আৰু অন্য সুস্থ পশুধনৰ পৰা বেলেগে ৰখা দৰকাৰ৷ টিকাকৰণ সময়তালিকা প্রত্যেক ৬ মাহৰ মূৰে মূৰে এবাৰ FMD ভেকচিন দিব লাগে ৷এই ভেকচিন গাখীৰতী গাই, ভেড়া, ছাগলি আৰু গাহৰিকো দিয়া প্ৰয়োজন৷ পোৱালি বিলাকক চতুর্থ মাহত প্রথম ভেকচিন আৰু পঞ্চম মাহত দ্বিতীয় ভেকচিন দিব লাগে৷ তাৰ পিছত প্রত্যেক ৪ ৰ পৰা ৬ মাহৰ ভিতৰত বুস্টাৰ ড’জ দিব লাগে৷ উৎস: আইএনডিজি দল