ই সাধাৰণতে চহৰৰ দুগ্ধশালাৰ লগত জড়িত হৈ থাকে। উদ্দেশ্য যোগান ধৰা কেঁচা গাখীৰৰ গুণাগুণ নষ্ট নোহোৱাকৈ ৰখা। কেন্দ্ৰীয় দুগ্ধশালালৈ গাখীৰ সুচল আৰু খৰতকীয়া প্ৰেৰণ নিশ্চিত কৰা। প্ৰধান সা-সঁজুলি গাখীৰ ওজন কৰা টেংক আৰু স্কেল। ঢাকনি সহ ডাম্পটেংক কেন ওৱাচাৰ গাখীৰ পাম্প চাৰ্ফেচ/প্লেট কুলাৰ উপযুক্ত ক্ষমতাৰ ৰেফ্ৰিজাৰেচন শাখা শীতল কক্ষ গাখীৰৰ পৰীক্ষাগাৰ কাৰ্য্যকৰণ পদ্ধতি কেন্দ্ৰত গাখীৰ অহাৰ লগে লগে ইয়াৰ গ্ৰহণযোগ্যতা অথবা অগ্ৰাহ্যকৰণৰ বাবে গ্ৰেডিং কৰা হয়। তাৰ পিছত গাখীৰৰ ওজন কৰা হয়। গাখীৰ পৰীক্ষাৰ কাৰণে নমুনা লোৱা হয়। ইয়াক ঠাণ্ডা কৰা হয় আৰু কেন্দ্ৰীয় দুগ্ধশালালৈ পঠিওৱাৰ বাবে নিম্ন-উষ্ণতাত ইয়াক জমা কৰি থোৱা হয়। দুগ্ধশালাত পৰিকল্পিতভাৱে এটা নিৰ্দিষ্ট সময়ত গাখীৰ জমা হোৱা উচিত যাতে ভিতৰৰ কামবোৰ লৰালৰিকৈ হয়। এইটো বিশেষকৈ আৱশ্যক য’ত বৃহৎ পৰিমাণৰ গাখীৰ জমা হয়। পলমকৈ অহা গাখীৰ নিম্নমানৰ হয়, বনুৱাৰ খৰচো বৃদ্ধি হয় আৰু কেন ওৱাচাৰৰ খৰচো বৃদ্ধি হ’ব পাৰে। যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ৰমান্বয়ে গাখীৰ জমা হয় তেন্তে দুগ্ধশালাৰ কাৰ্য্যকৰণত কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু কৰ্মচাৰীসকলকো বিভিন্ন শাখাত সকলো প্ৰকাৰে পোৱা যায়। ৩-৪ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ গাখীৰ জমা হোৱাটোৱেই লক্ষ্য হোৱা উচিত। গাখীৰৰ শীতলীকৰণ পদ্ধতি দুগ্ধ পামত যেতিয়া গাখীৰ খীৰোৱা হয় তেতিয়া গাখীৰত জীৱাণু পোৱা যায়। পিছত জীৱাণু ইফালে সিফালে অনা নিয়া কৰাৰ সময়ত ইহঁতৰ সংখ্যা ২০ ছেন্টিগ্ৰেড আৰু ৪০ ছেণ্টিগ্ৰেডৰ মাজত বৃদ্ধি হয়। জীৱাণুৰ বৃদ্ধিৰ বাবে গাখীৰত অম্লতাৰ বিকাশ ঘটে আৰু গাখীৰ নিম্ন মানৰ হয়। গাখীৰ নষ্ট নোহোৱাকৈ ৰখাৰ এটা পদ্ধতি হৈছে নিম্ন উষ্ণতালৈ ইয়াক তৎক্ষণাত শীতল কৰা। পদ্ধতি কেন ডুবাওন পদ্ধতি এই পদ্ধতিত গাখীৰ বৰ লাহে লাহে চেঁচা হয়। গাখীৰত টেংকৰ পানী সোমালে গাখীৰ দূষিত হোৱাৰ সম্ভাৱনা থাকে। চাৰ্ফেচ কুলাৰ এইবিধ যন্ত্ৰ আকাৰত জাপিটুপীয়া অথবা পাকখোৱা ধৰণৰ।এইবিধ আপেক্ষিকভাৱে কম খৰচী। এই ব্যৱস্থাত বতাহৰ পৰা গাখীৰ দূষিত হোৱাৰ সম্ভাৱনা বেছি। বাল্ক কুলাৰ ইয়াত যান্ত্ৰিক শীতলীকৰণ পদ্ধতিৰে চলোৱাৰ ব্যৱস্থা থাকে। গাখীৰ ৫ ছেণ্টিগ্ৰেড উষ্ণতা অথবা তাৰ তললৈ চেঁচা কৰা হয়। আৰু আপোনা আপুনি এই উষ্ণতা জমা থোৱা কালছোৱাত বৰ্ত্তি থাকে। কুলাৰৰ ভিতৰত গাখীৰ প্ৰত্যক্ষভাৱে ঢালা হয় আৰু শীতল কৰা হয়। তাৰ পিছত পাম্পেৰে গাখীৰখিনি টেংকাৰত ভৰাই কেন্দ্ৰীয় দুগ্ধশালালৈ পঠিয়াব পাৰি। গাখীৰ শীতলীকৰণ কেন্দ্ৰ আজিকালি প্ৰায়বোৰ গাঁৱতে বিদ্যুত পোৱা যায়। গাঁৱত গাখীৰ উৎপাদন প্ৰায়ে সিচৰতি হৈ থকা দেখা যায়। আমাৰ দেশত সংগঠিত দুগ্ধ পামৰ সংখ্যাও কম। ফলস্বৰুপে এই কেন্দ্ৰবিলাকে গাঁৱসমূহৰ গাখীৰৰ স্ংগ্ৰহ আৰু শীতলীকৰণৰ এটা বিকল্প সমাধান দিব পাৰিছে। দুগ্ধ উৎপাদকসকলৰদ্বাৰা নিজস্বভাৱে সমবায় সংগঠনৰ জৰিয়তে এইবোৰ লাভজনক ভাৱে চলাব পৰা যায়। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম