স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ) গৰ্ভপাত হৈছীটা ভয়াবহ স্ংক্ৰামক ৰোগ। এইটো ৰোগত সাধাৰণতে আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয় আৰু গৰ্ভধাৰণ ক্ষমতাও বহু গুণে কমি যায়। ৰোগৰ লক্ষণসমূহ · আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয়। · মৃত পোৱালিটোৰ গাত ৰঙা ৰঙা দাগ দেখা যায় আৰু মাজে মাজে পানী জোলা বন্ধা দেখা যায়। · গৰ্ভপাত হোৱাৰ পাছতো জলখন সময়মতে নসৰে। প্ৰতিকাৰ · আক্ৰান্ত জন্তুক অনতিপলমে অন্য জন্তৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে। · চাৰি-পাঁচ মাহ বয়সৰ চেঁউৰী পোৱালিক ছিটা দিয়াব লাগে। · গৰ্ভপাত হোৱাৰ বস্তুখিনি জ্বলাই দিব লাগে বা গাঁতত ভালদৰে পুতি তাৰ ওপৰত চূণ ছটিয়াই দিব লাগে। · গৰ্ভপাত হোৱা ঠাইখিনিত কীটনাশক দ্ৰব্য-ফেনাইল আদি দি চাফা কৰিব লাগে। চিকিৎসা এনে ৰোগৰ লক্ষণ দেখা মাত্ৰকে ওচৰৰ পশু-চিকিৎচকৰ পৰামৰ্শ ল’ব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম