চবকা(ফুট এণ্ড মাউথ ডিজিজ) ৰোগৰ লক্ষণঃ প্ৰথমে জ্বৰ উঠে আৰু এদিনমান পাছতেই মুখৰ ভিতৰ আৰু খুৰাৰ মাজত পানীজোলা বান্ধে। পাছলৈ জোলাবোৰ ফাটি ঘা হয় আৰু খাবলৈ নোৱাৰা হয়। ঘাবোৰত মাখিয়ে কণী পাৰিলে ঘা সোনকালে নুশুকায়। প্ৰতিষেধক ছিটা(এফ এম ডি ভেকছিন)ঃ প্ৰথম চাৰিমাহ বয়সত আৰু দ্বিতীয় ছিটা আঠ মাহত্ দিয়া হয়। প্ৰতি ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে। টেটুৱা (এনথ্ৰাক্স) ৰোগৰ লক্ষণঃ ৰোগাক্ৰান্ত জন্তুবোৰৰ জ্বৰ উঠে, খাবলৈ অনিহা হয় আৰু অতি কম সময়তেই খৰতকীয়া গতিৰে উশাহ নিশাহ লৈ মৃত্যু মুখত পৰে। মৰাৰ পিছত নাক, মুখ আৰু শৌচ দ্বাৰাৰে ক’লা তেজ ওলায়। মৃত জীৱ জন্তু দ গাঁত কৰি পুতিব লাগে যাতে ইয়াৰ ইয়াৰ স্ংক্ৰমণ হ’ব নোৱাৰে। প্ৰ্তিষেধক ছিটাঃ(এনথ্ৰাক্স স্পৰ ভেকচিন)ঃ ডাঙৰ গৰু-ম’হ- ১ মিলিলিটাৰ সৰু গৰু-ম’হ -০.৫ মিলিলিটাৰ প্ৰতি বছৰ মাঘ ফাগুন মাহত এই ৰোগৰ ছিটা দিয়া হয়। গলফুলা(হেম’ৰেজিক চেপ্টিচেমিয়া)ৰোগৰ লক্ষণঃ আক্ৰান্ত জন্তুবোৰৰ ডিঙিৰ ভিতৰভাগ ঘাইকৈ জিভাৰ গুৰিটো ফুলি জিভাখন মুখৰপৰা বাহিৰলৈ ওলাই আহে, মুখেৰে ডাঠ লেলাউটি দীঘলকৈ মাটিলৈ বৈ পৰে। উশাহ নিশাহত কষ্ট পায় আৰু মৃত্যুমুখত পৰে। প্ৰতিষেধক ছিটাঃ (হেম’ৰেজিক চেপ্টিচেমিয়া ভেকচিন) ছিটাৰ পৰিমাণঃ ডাঙৰ -৪ মিলিলিটাৰ সৰু -২ মিলিলিটাৰ প্ৰতি বছৰ মাঘ ফাগুণ মাহত এই ছিটা দিব লাগে। জহৰ বাত(ব্লেক কুৱাৰ্টাৰ)ঃ এই ৰোগ সাধাৰণতে ছমহীয়াৰ পৰা দুবছৰীয়া ম’হৰ ক্ষেত্ৰত দেখা যায়। ৰোগৰ লক্ষণ প্ৰথম জ্বৰ উঠে।পিছলৈ ফুলা ঠাইৰ মাংসপেশী ক’লা পৰে আৰু পিহি দিলে মৰমৰকৈ শব্দ কৰে। এইদৰে থাকি দুদিনমানৰ ভিতৰত ৰোগাক্ৰান্ত জন্তুটোৰ মৃত্যু হয়। প্ৰতিষেধক ছিটা(ব্লেক কুৱাৰ্টাৰ ভেকচন) ছিটাৰ পৰিমাণঃ ডাঙৰ -৪ মিলিলিটাৰ সৰু এমহীয়া পোৱালি-২ মিলিলিটাৰ ৮-৯ মাহৰ মূৰে মূৰে পুনৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম