এইটো পদ্ধতিত পুখুৰিৰ ওপৰত বা পাৰত কুকুৰা পুহি কেৱল কুকুৰাৰ বিষ্ঠা বা লিটাৰ ব্যৱহাৰ কৰি মাছ পালনটো সংযুক্ত কৰা হয়। এই পদ্ধতি অৱলম্বন কৰি প্ৰতি হেক্টৰ জোৰা পুখুৰিৰ পৰা এবছৰত 3500 ৰ পৰা 4000 কি.গ্ৰাম মাছ, 20000 তকৈ অধিক কণী আৰু প্ৰায় 1250 কি.গ্ৰাম (জীৱন্ত ওজন) কুকুৰাৰ মাংস পাব পাৰি। কুকুৰা পালন ব্যৱস্থাপনা : কুকুৰাৰ ঘৰ ঐক্যবদ্ধ কুকুৰা মাছ পালন পদ্ধতিত, কুকুৰাবিলাক ঘৰৰ ভিতৰত সম্পূণৰূপে আৱদ্ধ কৰি ৰখা হয় যাতে বাহিৰৰ মাটিৰ সংস্পত আহিব নোৱাৰে। এই ঐক্যবদ্ধ পদ্ধতি দুই ধৰনৰ, ডীপ লিটাৰ পদ্ধতি আৰু বেটেৰি পদ্ধতি (সজা পদ্ধতি)। ব্যৱহৃত লিটাৰৰ উচ্চ মান দণ্ডৰ সাৰৰ বাবে ডীপ লিটাৰ পদ্ধতিটো সজা পদ্ধতিতকৈ উত্তম বুলি বিবেচনা কৰা হয়। এই পদ্ধতিত লিটাৰেৰে মজিয়া ঢকা এটা কোঠালিত 250 লৈকে চৰাই ৰখা হয়। ডীপ লিটাৰৰ পদ্ধতিটো আৰম্ভ কৰিবলৈ কোঠালিৰ মজিয়াখন জৈৱ বস্তুৰে ঢাকি দিয়া হয়। কূটি লোৱা ধানখেৰ, শুকান পাত, কাঠৰ গুড়ি আদি 6 ইঞ্চি ডাঠকৈ পাৰি দিব লাগে। চৰাই প্ৰতি 0.3 ৰ পৰা 0.4 মিটাৰ মজিয়া কালিৰ প্ৰয়োজন হয়। লিটাৰত পৰা চৰাইৰ বিষ্ঠা বেক্টেৰিয়াৰ ক্ৰিয়াৰ বাবে লাহে লাহে লিটাৰৰ লগত মিহলি হৈ যায়। লিটাৰৰ গভীৰতা কমি যোৱাৰ লগে লগে আকৌ জৈৱ বস্তু যোগ কৰি লিটাৰৰ গভীৰতা বাহাল ৰখা হয়। লিটাৰ শুকান হৈ গলে চূণ বা চুপাৰ ফচফেট যোগ কৰি ইয়াক শুকানে ৰখা হয়। ভালকৈ বতাহ চলা-চল কৰিবৰ বাবে লিটাৰ সমূহ নিয়মিত ভাবে লৰ-চৰ কৰি দিয়া হয়। প্ৰায় 10-12 মাহত এইটো সম্পূণৰূপে উচ্চ গুণ সম্পন্ন সাৰ যুক্ত লিটাৰলৈ পৰিনত হয়। চৰাইৰ নিৰ্ব্বাচন এক হেক্টৰ জোৰা পানীৰ ঠাইৰ বাবে প্ৰায় 500 ৰ পৰা 600 চৰাই (কণী পাৰা) কুকুৰাৰ প্ৰয়োজন হয়। ভাইৰাচজনিত বেমাৰ আৰু আন আন উপলব্ধ বেমাৰৰ প্ৰতি ভেকচিন প্ৰয়োগ কৰি আৰু আন আন প্ৰতিশেধক মূলক ব্যবস্থা অৱলম্বন কৰি চৰাইবিলাক পুখুৰিৰ পাৰত থকা কুকুৰাৰ ঘৰত সুমুওৱা হয়। আহাৰ বৰ্দ্ধনশীল চৰাইৰ বাবে প্ৰস্তুত কৰা গুড়ি দানা প্ৰায় 9-20 সপ্তাহ বয়সৰ চৰাইক 50-70 গ্ৰাম/চৰাই/ দিন হিচাপত দিয়া হয়। আনহাতে, কণী পাৰা চৰাইৰ বাবে প্ৰস্তুত দানা 20 সপ্তাহ বয়সৰ ওপৰৰ চৰাইক 80-120 গ্ৰাম/চৰাই/দিন হিচাপত দিয়া হয়। দানা চৰাইৰ বাবে ৰখা দানাৰ পাত্ৰত দিয়া হয় যাতে লোকচান নহয়। প্ৰতিটো চৰাইৰ বাবে অব্যাহত পানীৰ যোগান ধৰা হয়। কণী পাৰা প্ৰতিটো কোঠালিত প্ৰতি 5-6 চৰাই বিপৰীতে এটা কণী পাৰা বাহৰ যোগান ধৰা হয়। 22 সপ্তাহ বয়সত কণী পাৰা আৰম্ভ হয় আৰু তাৰ পিচত লাহে লাহে কমি আহে। এবছৰত চৰাই বিলাকে প্ৰায় 240-250 টা কণী পাৰে। 18 মাহ বয়সৰ পিছত চৰাই বিলাকক বিক্ৰি কৰি দিয়া হয়। স্বাস্থ্যৰ যতন কুকুৰাৰ ঘৰ আৰু সা-সৰঞ্জাম বিলাক চৰাই সুমুৱাৰ 30 দিন আগতেই বীজাণুমুক্ত কৰি লব লাগে। চৰাই বিলাকক সোঁচৰা হাওঁফাওঁৰ বেমাৰ (infectious bronchitis), সংক্ৰমিত লেৰি়্ঞ্জ’ ট্ৰেকিয়াইটিচ (infected laryngo trancheitis), মাৰেক বেমাৰ, ৰানিখেত বেমাৰ, ফাউল পস্কচ, আদি বেমাৰৰ বিপৰীতে উপযুক্ত বয়সত ভেকচিন দিব লাগে। কিছুমান বেক্টেৰিয়াজনিত বেমাৰ যেনে, চালম’নেল্ল’চিচ, ক’ৰাইজা, ফাউল কলেৰা আদি বেমাৰ উপযুক্ত স্বাস্থ্য সন্মত ব্যৱস্থা অৱলম্বন কৰি নিয়ন্ত্ৰনত ৰাখিব পাৰি। অলপ মাত্ৰাৰ সংক্ৰমনত বহল বাবে কাম কৰা এন্টিবায়’টিক পানীত মিহলাই দিব পাৰি। খুব বেছি সংক্ৰমনৰ ক্ষেত্ৰত পশু চিকিত্সকৰ পৰামৰ্শ লব লাগে।সম্পূণৰূপে প্ৰস্তুত হোৱা লিটাৰ কুকুৰাৰ ঘৰৰ পৰা আঁতৰাই যথা-যথ স্থানত ৰাখিব লাগে আৰু 50 কি.গ্ৰাম/হে./দিন হাৰত বেলি ওলোৱাৰ পিচত প্ৰত্যেক দিনা ৰাতি পুৱা ভাগত প্ৰয়োগ কৰিব লাগে। পুখুৰিত শেলুৱৈ দেখা দিলে পুখুৰিত এইটো প্ৰয়োগ কৰিব নেলাগে। উতপাদন সতেজ মাছ : 3500 ৰ পৰা 4000 কি. গ্ৰাম/হেক্টৰ/বছৰকণী: 70000 সংখ্যা কোঠালিয়ে প্ৰতিকুকুৰাৰ মাংস : 1250 কি. গ্ৰাম (জীৱন্ত ওজন) প্ৰতি বছৰ। উত্স: আইএনডিজি দল।