পাম বৰ্জ্জিত পদাৰ্থ বিলাকৰ উৎপাদনমূখী কামত পুনঃ ব্যৱহাৰ কৰাৰ নীতিৰ ওপৰত উদ্ভূত সংহত মাছ-পশুধন পালন পদ্ধতিটো মাছ পালনৰ বাবে অতিকৈ নিশ্চিত প্ৰযুক্তি বুলি চিহ্নিত হৈছে। এই প্ৰযুক্তিত পুখুৰীৰ পাৰত পালন কৰা পশুধনৰ পৰা পোৱা বৰ্জ্জিত পদাৰ্থখিনি পুখুৰীত ব্যাৱহাৰ কৰি অইন একো পুষ্টি ব্যৱহাৰ নকৰাকৈ লাভজনক ভাৱে মাছ পালন কৰিব পাৰি। ইয়াত দুটা প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে সংহত গাহৰি আৰু মাছ পালন সংহত গাহৰি আৰু মাছ পালনটো আটাইতকৈ লাভজনক মাছ পালন পদ্ধতি, য’ত পুখুৰীৰ ওচৰত বা পাৰত গাহৰি পালন কৰা হয় আৰু গাহৰি পামৰ পৰা গাহৰিৰ গোঁৱৰ, মূত্ৰ, এৰা খাদ্য পানীলৈ বোৱাই নিয়া হয়। মাছৰ এটা উৎপাদন চক্ৰত প্ৰত্যেক জাকৰ বাবে ছমাহকৈ দুটা গাহৰিৰ জাক পালন কৰিব পৰা যায়। এই প্ৰত্যক্ষ সংহত চক্ৰটো, পৰোক্ষ সংহত চক্ৰতকৈ, য’ত গাহৰিবিলাক অইন কৰবাত পালন কৰা হয় আৰু গাহৰি পামৰ বৰ্জনীয় পদাৰ্থবিলাক দৈনিক কঢ়িয়াই আনি পূৰ্ব নিধাৰিত হাৰত পুখুৰীত প্ৰয়োগ কৰা হয়, তুলনামূলকভাৱে অধিক লাভজনক। ১) গাহৰি- মাছ পালনৰ উপকাৰিতা (প্ৰত্যক্ষভাৱে ঐক্যবদ্ধ কৰা): মাছে ইয়াৰ বাবে অতিশয় জৰুৰী পুষ্টিবোৰ গাহৰিৰ গোৱৰ, পেলনীয়া খাদ্যৰ পৰা আহৰণ কৰিব পাৰে। গাহৰিৰ গোৱৰ পুখুৰীৰ বাবে প্ৰয়োজনীয় সাৰৰ অভাৱ পূৰণ কৰে আৰু কিছুমান মাছৰ বাবে ই পৰিপূৰক খাদ্য, গতিকে মাছ পালনৰ খৰচ প্ৰায় ৬০ শতাংশ মান কমি যায়। গাহৰি পালনৰ বাবে অতিৰিক্ত মাটিৰ প্ৰয়োজন নাই। গাহৰিৰ ঘাঁহ আৰু গ্ৰাছ কাপ মাছ খলপা-খলপি কৰি লোৱা পুখুৰীৰ পাৰত পুহিব পাৰি। গাহৰিৰ মৃত্যুৰ হাৰ কমি যায়, কাৰণ গাহৰি আৰু গাহৰিৰ ধোৱা-পখলা কৰা অতিশয় লাগতিয়াল কামটো পুখুৰিৰ পানীৰে কৰিব পাৰি। গাহৰিৰ গোবৰ সদায় প্ৰয়োগ কৰাৰ ফলত পুখুৰিৰ তলত জমা হোৱা চামনিটো শাক-পাচলি, আন শস্য, ঘাঁহ আদিৰ বাবে উত্তম সাৰ হিচাপে ব্যাৱহাৰ কৰিব পাৰি। শ্ৰম শক্তি উপযুক্তভাৱে ব্যাৱহাৰ হয়। ২) পদ্ধতি ২.১. গাহৰি পালন ব্যৱস্থাপনা: গাহৰিৰ বৰ্দ্ধন জাতি-প্ৰজাতি অদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল,কিন্তু উপযুক্ত পালন ব্যৱস্থাপনাই আকাংখিত উৎপাদন পোৱাত সহায় কৰে। ২.১.১. গাহৰিৰ বাসস্থান সজোৱা : গাহৰিৰ ঘৰ থলুৱাভাবে উপলব্ধ সামগ্ৰীৰে, যেনে বাঁহ, খেৰ আদিৰে তৈয়াৰ কৰিব পাৰি কিন্তু মজিয়াখন চিমেন্টেৰে খহটাকৈ লেপা হ’ব লাগে যাতে ই পিচল নহয়। এটা আৱদ্ধ খোলা অঞ্চল খাকিব লাগে যাতে গাহৰি বিলাকে যথেষ্ট পৰিমানে মুকলি বতাহ, সূৰ্য্যৰ পোহৰ আৰু পায়খানা কৰিবলৈ যথেষ্ট ঠাই পায়। বেৰ বিলাক ১.০ মিটাৰ ওখ হ’ব লাগে আৰু ই ইটাৰে গঁথা হব লাগে। বেৰৰ ওপৰৰ অংশ তাৰেৰে গঁথা হ’ব লাগে। গাহৰিৰ ঘৰৰ উচ্চতা ১.৫ মিটাৰ ওখ হ’ব লাগে। মজিয়াখন নলাৰ ফাললৈ অকন মান হেলনীয়া হব লাগে। নলা বিলাক পুখুৰীৰ লগত সংযুক্ত হ’ব লাগে। নলা বিলাক অকৌ পকা গাত এটাৰ লগত সংযুক্ত থাকে যাতে পুখুৰীত শেলুৱৈৰ সমস্যা চলি থকা সময়ত পামৰ বৰ্জ্জিত পদাৰ্থ বিলাক ইয়াত সংৰক্ষন কৰি ৰাখিব পাৰি। বৰ্জ্জ পদাৰ্থবিলাক বোৱাটো নিয়ন্ত্ৰন কৰিবলৈ নলাত আভ্যন্তৰীণ ভাবে এটা দুৱাৰ লগোৱা থাকে। প্ৰতিটো গাহৰিৰ বাবে প্ৰয়োজন হোৱা স্থানৰ পৰিমান ১.৫ বৰ্গমিটাৰ। ঘৰৰ চাল খেৰৰ বা এচবেচট’চৰ দ্বাৰা বনাব পৰা যায়। এটাৰ পিচত এটাকৈ দানা আৰু পানীৰ পাত্ৰবিলাক ঘৰৰ ভিতৰতে বেৰৰ লগত সংযোগ কৰি বনাই লোৱা হয়। খোলা ঠাই খিনিত বেৰৰ গাত লগাই গাহৰিৰ বাবে এটা গা-ধোঁৱা টাবো বনাই ল’ব পৰা যায়। ২.১.২. গাহৰি নিৰ্ব্বাচন: বংশগত ভাবে ৭৫ শতাংশ বা ৫০ শতাংশ বিশুদ্ধ হেম্পচায়াৰৰ তেজ থকা গাহৰি এই পদ্ধতিৰ বাবে উত্তম বুলি প্ৰমানিত হৈছে। লেণ্ডৰেচ, লাৰ্জব্লেক আদি প্ৰজাতিও ব্যৱহাৰ কৰিব পাৰি কৰিব পাৰি যদিও থলুৱা প্ৰজাতি কেতিয়াও ব্যাৱহাৰ কৰা নাযায়। গাহৰিৰ গড়ালত দুই-তিনি মাহ বয়সৰ পোৱালি ছমাহ পুহিবৰ বাবে অনা হয়। ২)১)৩) গাহৰিৰ সংখ্যা: ৪০ ৰ পৰা ৪৫ টা গাহৰিৰ পোৱালি/ হেক্টৰ মাটিজুৰি থকা পুখুৰিত ছমাহ পুহিবলৈ আনিব পাৰি। ২.১.৪. গাহৰিৰ দানা: প্ৰতিদিনে প্ৰতিটো গাহৰিক ১.৫ কি.গ্ৰাম হাৰত গাহৰিৰ বাবে প্ৰস্তুতকৰা সন্তুলিত গুড়ি দানা-পি.এম.চি (মেশ্ব দানা) খুওৱা হয়। খনিজ লৱনৰ অভাৱ দূৰ কৰিবলৈ সপ্তাহত এদিন ছ’ড (‘Sod’ )(মাটি লাগি থকা শিপাৰে সৈতে ৩০ চে.মি. × ৩০ চে.মি ঘাঁহৰ থোপা) খাবলৈ দিয়া হয়।তালিকা-১ ত দেখুৱা দৰে পি.এম.চি খৰচী হোৱা বাবে পি.এম.চি খুৱাই গাহৰি পোহাটো লাভজনক হোৱা নাই। বিভিন্ন পৰ্য্যবেক্ষনৰ জৰিয়তে কল’কেচিয়াৰ শিপা, মিঠা আলু, হোটেলৰ বৰ্জ্জ, চাপৰ, জুবিলি আদি ব্যাৱহাৰ কৰি গাহৰিৰ দানা এটা প্ৰস্তুত কৰা হৈছে (তালিকা-২)। তালিকা-১ : গাহৰিৰ সন্তুলিত গুড়ি দানা মিশ্ৰন (পি.এম.চি.): ক্ৰ.নং উপাদান ভাগ (%) ১ তুঁহ গুড়ি ৩০ ২ চাউলৰ গুড়ি ১৫ ৩ চাপৰ ২৭ ৪ মাকৈৰ গুড়ি ১০ ৫ বাদামৰ খলিহৈ ১০ ৬ মাছৰ গুড়ি ০৪ ৭ খনিজ লৱনৰ মিশ্ৰন ০৩ ৮ সাধাৰন নিমখ ১ মুঠ ১০০ ভিটামিন যোগান @ ২০ গ্ৰাম/ ১০০ কি.গ্ৰাম দানাতালিকা-২ : কলেজ আফ ফিচাৰিছ, ৰহাই থলুৱা কম খৰচী উপাদানেৰে উলিওৱা দানা ক্ৰ.নং উপাদান ভাগ (%) ১ ৰান্ধনী শালৰ বৰ্জ্জ ৪০ ২ ক’লকেচিয়াৰ পাত, ঠাৰি,আৰু মূল ১০ ৩ তুঁহ গুড়ি ১৬ ৪ জুবিলি ৮ ৫ চাহ দোকানৰ বৰ্জ্জ ২ ৬ কল গছৰ গা-গছ ১ ৭ মাছৰ গুড়ি ৫ ৮ শাক পাচলিৰ অৱশিষ্ট,অমিতা, গেলা আলু, মিঠা আলু, বন্ধা কবি, কেঁচা কল আৰু শিমলু আলু আদি ৫ ৯ সাধাৰন নিমখ ১ মুঠ ১০০ ২)১)৪)১) তালিকা -২ ত দিয়া উপাদান সমূহৰে গাহৰিৰ দানা প্ৰস্তুত কৰাৰ পদ্ধতি কল’কেচিয়াৰ পাত, ঠাৰি আৰু মূল কূটিলৈ ওপৰৰ তালিকাত দিয়া উপাদান বিলাকৰ ভিতৰত তুহ গুড়ি আৰু জুবিলিৰ বাহিৰে বাকীবিলাৰ লগত মিহলাই ভালকৈ সিজাব লাগে। গাহৰিক দিয়াৰ সময়ত তুঁহ গুড়ি আৰু জুবিলি মিহলাই ল’ব লাগে। খুওৱাৰ হাৰ: গাহৰিয়ে যিমান খায় দিব লাগে। গাহৰি বিলাকক দিনত দুবাৰ, ৰাতিপুৱা আবেলি দানা দিব লাগে। ইয়াৰ ওপৰিও, গাহৰি বিলাকক নিয়মিতভাবে মেটেকা খুৱাব লাগে। গৰুৰ ঘাঁহ, শিমলু আলুৰ পাত, কল গছ আদি টুকুৰা-টুকুৰ কৰি গাহৰিক দিব লাগে। ২)১)৫) স্বাস্থ্যৰ যতন পৰিচালনা গৰমৰ দিনত দুবাৰকৈ আৰু ঠাণ্ডা দিনত এবাৰকৈ গাহৰিৰ গড়াল নিয়মিতভাবে পৰিষ্কাৰ কৰিব লাগে। গাহৰিবিলাকক গৰমৰ দিনত দুবাৰকৈ আৰু ঠাণ্ডা দিনত এবাৰ গা-ধুৱাই দিব লাগে। চূণ পানী আৰু পটাচৰ দ্বাৰা গাহৰিৰ গড়াল বিলাক নিয়মিত ভাবে বীজানুমুক্ত কৰিব লাগে। ধোৱা পানীখিনি পুখুৰীলৈ বৈ গৈ দুটা উদ্দেশ্য সম্পন্ন কৰে। পোৱালি বিলাকক গাহৰি জ্বৰৰ (চোৱাইন ফিভাৰ)ভেকচিন দিব লাগে। তিনি চাৰি মাহ বয়সত ইহঁতৰ পেলু নিবাৰন কৰিব লাগে। ২)১)৬) বিক্ৰী ছমাহ পালন কৰাৰ পিছত গাহৰি বিলাক খোৱাৰ যোগ্য পূৰ্ণতা পায় (জীৱন্ত ওজন ৬০-৭০ কিলোগ্ৰাম)। এইবিলাক বিক্ৰি কৰি নতুনকৈ গাহৰি পোৱালি গড়ালত সুমুৱাব লাগে। ২)২) মাছৰ পুখুৰী পৰিচালন কৰা কামসমূহ ২)২)১) আকাৰ ০.৪ ৰপৰা ১.০ হেক্টৰ আকাৰৰ পুখুৰি এখনৰ পৰা এনে সংহত উৎপাদনৰ দ্বাৰা লাভ পাব পাৰি। পুখুৰীত মাছ ভৰোৱাৰ আগতে লব লগা যতন পৰিচালনা কম্প’জিট মাছ পালনৰ ক্ষেত্ৰত কৰাৰ দৰে মাছ এৰাৰ আগতে অনাকাংখিত মাছবিলাক আতঁৰোৱা, অপতৃণ গুছোৱা, চূণ দিয়া আদি কাৰ্য্য বিলাক কৰিব লাগে। ২.২.৩. মাছ এৰা প্ৰত্যক্ষ সংহত পদ্ধতিত গাহৰি বিলাক গড়ালত ভৰোৱাৰ ২০ দিন পিচত মাছ এৰিব লাগে। পৰোক্ষ সংহত পদ্ধতিত এবাৰত প্ৰতি হেক্টৰত ১০০০ কিলোগ্ৰাম হাৰত গাহৰিৰ বৰ্জ্জ পদাৰ্থ দিব লাগে। ২০ দিনৰ পিছত পুখুৰিটো মাছ এৰাৰ বাবে প্ৰস্তুত হৈ যায়। মাছৰ পোণা এৰাৰ হাৰ হল হেক্টৰ প্ৰতি ৯০০০ টা, পৰাপক্ষত অলপ ডাঙৰ আকাৰৰ মাছৰ পোণা এৰিব লাগে। ক্ৰ.নং প্ৰজাতি শতকৰা হাৰ সংখ্যা/ হে. কাতল ২০ ১৮০০ ৰৌ ২০ ১৮০০ মিৰিকা ২০ ১৮০০ চিলভাৰ কাৰ্প ২৫ ২২৫০ গ্ৰাছ কাৰ্প ১০ ৯০০ কমন কাৰ্প ৫ ৪৫০ মুঠ ১০০ ৯০০ আধা মাছ ধৰাৰ পাচত একে জাতিৰ সমান সংখ্যক পোনা এৰি পুখুৰীটোত মাছৰ সংখ্যা পৰি-পূৰন কৰা হয়। এবছৰৰ পিছত সম্পূৰ্ণ মাছ চপাব লাগে। পলস খিনি ৰ’দত শুকুৱাবৰ বাবে পুখুৰিটোৰ পানী আধালৈকে আঁতৰাই লোৱা হয়। বাহৰ পাচিৰ সহায়ত এইবোৰ উলিয়াই আনা হয়। ভালকৈ চূণ প্ৰয়োগ কৰাৰ পিচত নতুনকৈ পোনা মেলা হয়। দ্বিতীয় বছৰতো আংশিক ভাবে পানী আঁতৰাই পলস খিনি শুকোৱাই লোৱা হয়। তৃতীয় বছৰ সম্পূৰ্ণ হলে তলিখন শুকুৱাবলৈ পনী সম্পূৰ্ণৰূপে আঁতৰাই লোৱা হয়।পলস খিনি সম্পূৰ্ণৰূপে শুকোৱাৰ পিচত চূণ প্ৰয়োগ কৰা হয়। ইয়াৰ পিচত গাহৰিৰ গড়ালত গাহৰি সোমোৱাৰ ২০ দিন পিচত মাছ এৰা হয়। সাৱধানতা: ৰাতিপুৱা ভাগত অক্সিজেন দ্ৰৱীভূত হোৱাটো (DO), বিশেষকৈ গৰমৰ দিন বিলাকত, পৰ্য্যবেক্ষন কৰাটো অতিশয় জৰুৰী। অক্সিজেন দ্ৰৱীভূত হোৱাটো (DO) ৩.০ মি.গ্ৰাম/ লিটাৰ পানীতকৈ কম হলে, বিশেষকৈ গৰমৰ দিন বিলাকত, অধিক গাহৰিৰ গোবৰ প্ৰয়োগ কৰাৰ প্ৰতি ইয়াক সতৰ্কতাৰ সংকেত বুলি গণ্য কৰিব লাগে। ডাঙৰ পুখুৰিবিলাকত (=০.৫ হে.), গাহৰিৰ গোবৰ বিলাক একে ঠাইতে পৰিবলৈ দিব নালাগে. সংগ্ৰহ কৰা গোবৰ খিনি ৫-৬ ভাগত ভাগ কৰি আগতিয়াকৈ বাছি লোৱা অঞ্চলবিলাকত প্ৰয়োগ কৰিব লাগে।. পানীৰ ওপৰিভাগত যদি অত্যাধিক শেলুৱৈ গজা যেন দেখা যায় তেন্তে, গাহৰিৰ গোবৰ পুখুৰিত প্ৰয়োগ কৰাৰ পৰিবৰ্ত্তে পকা গাতত সংগ্ৰহ কৰি ৰাখিব লাগে। ৩) আয় প্ৰত্যক্ষ সংহত ব্যাৱস্থাত প্ৰতি হেক্টৰজোৰা পানী প্ৰতি মাছ : ৩০০০-৩৫০০ কিলোগ্ৰাম/ হেক্টৰ.গাহৰি : ৪০০০-৫০০০ কিলোগ্ৰাম (জীৱন্ত ওজন)/ ৮০ গাহৰি/ হেক্টৰ সংহত পদ্ধতিত গাই আৰু মাছ পালন সংহত পদ্ধতিত গাই আৰু মাছ পালনটো হল সৰু পুখুৰিৰ (<০.১ হে.) ক্ষেত্ৰত মাছ উত্পাদনৰ নিশ্চিত পদ্ধতি। এইটো প্ৰযুক্তিত গৰুবিলাক পুখুৰিৰ পাৰত বা আন সুবিধাজনক স্থানত ৰাখি মাছ পালন কৰিব পৰা যায়। ১) গৰুৰ পাম 1.1. গৰুৰ গোহালি প্ৰত্যক্ষ সূয্যৰ পোহৰ মজিয়া, নলা, আৰু ঘাঁহ দিয়া স্থান বিলাকৰ ওপৰত পৰিব পৰাকৈ গৰুৰ গোহালি ওখ-ৰ ঠাইত সজাব লাগে। মজিয়া পকা হব লাগে আৰু ই অকনমান হেলনীয়া হৈ ড্ৰেইনত লগ লাগিব লাগে আৰু ড্ৰেইনটো ছ’ক পিটত সংযুক্ত হৈ থাকে। ঢাকনিযুক্ত গাত এটা গোৱৰ সংগ্ৰহ কৰাৰ বাবে ওচৰতে বনাই লব পৰা যায়। গৰুৰ গোহালিৰ চালৰ বাবে খেৰেই উত্কৃষ্ট কিন্তু এচবেচট’চো ব্যৱহাৰ কৰিব পাৰি। মজিয়া খন দমৰা-দামুৰি, ডেকেৰি আৰু গাইৰ বাবে নিৰ্ধাৰিত হাৰত বনাব লাগে। মজিয়া কালিৰ প্ৰয়োজনীয়তা তলত দিয়া ধৰনৰ:- সংকৰ জাতৰ গাই ঠাইৰ প্ৰয়োজনীয়তা থিয় হোৱা ঠাই 1.2 × 1.2 বগ মিটাৰ প্ৰতিটো পশুধনৰ বাবে মেনজাৰ দৈৰ্ঘ : 0.6 মিটাৰ প্ৰতিটো পশুধনৰ বাবেপুতল : 0.6 মিটাৰ প্ৰতিটো পশুধনৰ বাবেগভীৰতা : 30 চে.মি. গাত পুতল : 20- 30 চে.মি.গভীৰতা:2.5 চে.মি.মূখ্য ড্ৰেইনৰ ফালে হেলনীয়া দমৰা- দামুৰি কোঠালিৰ আকাৰ :আবৃত অঞ্চলঃখোলা ঠাই: 1 × 1 বৰ্গ মিটাৰ দমৰা-দামুৰিয়ে প্ৰতি2 × 1 বৰ্গ মিটাৰ বৰ্গ মিটাৰ দমৰা-দামুৰিয়ে প্ৰতি ডেকেৰি গৰুৰ বাবে : কোঠালিৰ আকাৰ :আবৃত অঞ্চলখোলা ঠাই: 2 × 1 বৰ্গ মিটাৰ বৰ্গ মিটাৰ দমৰা-দামুৰিয়ে প্ৰতি2 × 2 বৰ্গ মিটাৰ বৰ্গ মিটাৰ দমৰা-দামুৰিয়ে প্ৰতি 1.2. সংখ্যা 0.1 হেক্টৰ অঞ্চলজোৰা পানীৰ বাবে, পোৱালিৰে সৈতে এজনী গাইয়েই যথেষ্ট। পুখুৰিত মাছ এৰাৰ দুমাহ আগতে গাই আনিব লাগে। 1.3. আহাৰ কেচা ঘাঁহ 30 – 40 কি.গ্ৰাম/ দিন/ গাই ধান খেৰ 3 - 4 কি.গ্ৰাম/ দিন/ গাই দানা (চাপৰ+ চাউলৰ গুৰি+তেলৰ খলিহৈ+ খনিজ লৱন মিশ্ৰন+ নিমখ) 2 কি.গ্ৰাম/ দিন/ গাই 1.4. স্বাস্থ্যৰ যতন পৰিচালনা গাইৰ গোহালিত স্বাস্থ্য সন্মত ব্যৱস্থা ৰখাটো অত্যন্ত জৰুৰী।পশু চিকিতসকৰ লগত পৰামৰ্ৰ্শ কৰি ক’কচিডিঅ’চিচ, পৰজীৱিৰ সংক্ৰমন আদিৰ বিপৰীতে প্ৰতিৰোধমূলক ব্যাৱস্থা লওক। চবকা, গলফুলা বেমাৰ(haemorrhagic septicaemia) এনথ্ৰাক্স আৰু ব্লেক কোৱাৰ্টাৰ বেমাৰৰ ভেকচিল সময়মতে দিব লাগে।ভেকচিন আৰু ভেকচিনৰ সময় তালিকাৰ বাবে পশু চিকিত্সকৰ পৰামৰ্শ লওক। 2. মাছ পালন সংসত পদ্ধতিত কৰা মাছ-গাহৰি পলনত কৰা পৰিচালন ব্যবস্থাৰ দৰে ইয়াৰ পৰিচানলন ব্যৱস্থা একেই। এনে পুখুৰিত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগে। পুখুৰিত মাছ এৰাৰ দুমাহ আগতেই গৰুৰ গোহালিত গৰু আনিব লাগে। গাইৰ মূত্ৰ ছ’ক পিটত জমা কৰিব লাগে আৰু গোবৰ পুখুৰিৰ পানীত পৰিব দিব লাগে।আনহাতে, আৰম্ভনিতে মাছ এৰাৰ আগতে গোটেই পুখুৰিটো গৰুৰ গোবৰেৰে লেপি দিব লাগে। ঘাঁহৰ বাহিৰে বেলেগ আহাৰৰ প্ৰয়োজন নোহোৱা গ্ৰাছ কাৰ্প পুখুৰিত এৰিব লাগে। ৩) উত্পাদন মাছ : 3500 কি.গ্ৰাম/ হেক্টৰগাখীৰ : 24000 লিটাৰ.গৰুৰ পোৱালি : 10 টা প্ৰতি হেক্টৰ উত্স: আইএনডিজি দল।