কিছু বছৰৰ পৰা উত্তৰ-পূব ভাৰতত সংহত মাছ পালনে দৃষ্টি আকৰ্ষণ কৰিছে। পশুপালন ভিত্তিক বিভিন্ন পদ্ধতিৰ ভিতৰত মাছ আৰু হাঁহ একেলগে পালন কৰাটো মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা পাইছে। মাছ- হাঁহ একেলগে পালন কৰাৰ উপকাৰিতা হাঁহৰ বিষ্ঠা মাছৰ বাবে সাৰ আৰু খাদ্য হিচাপে কাম কৰে। হাঁহে ইহঁতৰ দানাৰ ৫০ শতাংশ প্ৰাকৃতিকভাৱে পুখুৰীৰ পৰা সংগ্ৰহ কৰে। হাঁহে পানী পৰিষ্কাৰ কৰি ৰাখে আৰু পানীত ঠোঁটেৰে কৰা কাৰ্য্যৰ দ্বৰা অক্সিজেন দ্ৰৱীভূত হোৱা প্ৰক্ৰিয়া খৰ কৰে। হাঁহৰ বাবে পুখুৰিৰ বান্ধত বা পানীৰ ওপৰত ঘৰ সজাব পাৰি, গতিকে ইহঁতৰ বাবে বেলেগ ঠাইৰ প্ৰয়োজন নাই। হাঁহে এৰা দানা মাছৰ পৰিপূৰক খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। এটা কৃষি খণ্ডৰ পৰাই হাঁহৰ কণী, মাংস, মাছ আৰু উদ্যান শস্য পাব পাৰি। মাছৰ প্ৰজাতিৰ বাচনি এনে সংসত পামত মাছৰ জাত বাচনি কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়, য’ত প্লেংট’ন ফিডাৰ ৬০ শতাংশ আৰু শাক-মাংসসাৰী মাছ ৪০ শতাংশ হব লাগে। হেক্টৰ প্ৰতি ৩৫০০ কিলোগ্ৰাম উৎপাদনৰ লক্ষ্যৰে কাতল (২০ শতাংশ), চিলভাৰ কাৰ্প (২০ শতাংশ), ৰৌ (২০শতাংশ), ম্ৰিগাল (১৫শতাংশ), গ্ৰাচ কাৰ্প (১০ শতাংশ), আৰু কমন কাৰ্প (১৫ শতাংশ) মিলাই ৮০০০ ৰ পৰা ৮৫০০ ফিঙ্গাৰ লিংগ প্ৰতি হেক্টৰ হিচাপত এৰিব লাগে। এনে সংসত উপায় কেৱল ১২ গ্ৰামতকৈ অধিক ওজনৰ মাছ থকা পুখুৰীতহে সম্ভৱ। হাঁহৰ বাচনি আৰু ইহতৰ ৰক্ষনাবেক্ষণ হাঁহৰ কিছুমান জাত হ’ল নাগেশ্বৰী, চিলহেট মিট, ইণ্ডিয়ান ৰানাৰ, চাৰা-চাম্বেলি আৰু খাকী কেম্বেল। এইবিলাকৰ ভিতৰত খাকী কেম্বেলৰ পাতি হাঁহৰ লগত কৰা সংকৰ জাত অসমৰ বাবে উত্তম। এই বিলাক চৰকাৰী পামৰ পৰা ক্ৰয় কৰি আনিব লাগে আৰু সংক্ৰামক বেমাৰ যেনে কলেৰা, ডাক প্লেগ আদি বেমাৰৰ প্ৰতিষেধকৰ বাবে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লব লাগে৷ • প্ৰতি হেক্টৰ পুখুৰীত ২০০-৩০০ হাঁহৰ পোৱালী ৰাখিব পাৰি। প্ৰতিটো হাঁহৰ বিষ্ঠাৰ পৰা বছৰি প্ৰায় ৪৫-৫৫ কি.গ্ৰাম সাৰ পোৱা যায়, যিটো পুখুৰীত ব্যৱহাৰ কৰাৰ উপৰিও প্ৰত্যক্ষভাৱে মাছৰ দানা হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও দৈনিক প্ৰতিটো হাঁহে নষ্ট কৰা ১০-২০ শতাংশ দানা পুখুৰীত ব্যৱহাৰ কৰিব পাৰি। হাঁহৰ বিষ্ঠাত ৮১ শতাংশ জলীয় বাষ্প, ০.৯১ শতাংশ নাইট্ৰ’জেন আৰু ০.৩৮ শতাংশ পি২০৫ থাকে। হাঁহৰ ঘৰ: হাঁহৰ ঘৰ পুখুৰীৰ পাৰত, বা পানীৰ ওপৰত থলুৱা বাবে উপলব্ধ সামগ্ৰী যেনে বাঁহ, বেত, খেৰ আদিৰে সজাব পৰা যায়। যদি হাঁহৰ ঘৰ পানীৰ ওপৰত সজা হয় তেন্তে কণী সংগ্ৰহ কৰিবলৈ, দানা দিবলৈ ইয়াৰ পৰা পাৰলৈকে এটা সৰু বাহৰ দলং বনাই লোৱা হয়। অন্য এটা দলং হাঁহৰ ঘৰৰ পৰা পানীলৈ সজোৱা হয় যাতে হাঁহবিলাক পানীত উঠা-নমা কৰাত সহায় হয়। আকৌ, হাঁহৰ ঘৰত বতাহ সৰবৰাহ ভাল হ’ব লাগে আৰু ইয়াত যাতে প্ৰত্যক্ষ সূৰ্য্যৰ পোহৰ পৰা তাৰ ব্যাৱস্থা কৰিব লাগে। হাঁহ বিলাকৰ সুৰক্ষাৰ বাবে পুখুৰীৰ পাৰ বিলাক ভালকৈ বেৰৰে আঁৱৰি দিব লাগে। হাঁহবিলাকৰ বাবে ঘৰত প্ৰতি হাঁহৰ বাবে প্ৰায় ০.৩-০.৫ বৰ্গ মিটাৰ স্থান থাকিব লাগে। প্ৰতি ৫-৬ মাইকী হাঁহৰ বাবে এটা মতা হাঁহ ৰাখিব লাগে। হাঁহৰ পোৱালি বিলাক বিশেষকৈ ৩-৪ সপ্তাহ বয়সত সহজতে বেমাৰত পৰিব পাৰে, গতিকে এইটো বয়সত অধিক যতন ল’ব লাগে। হাঁহৰ দানা: সচৰাচৰ চাউলৰ গুৰি, কুকুৰাৰ মেশ্ব দানা আদি প্ৰতিটো হাঁহৰ বাবে দৈনিক ১০০ গ্ৰাম হাৰত দিয়া হয়। হাঁহৰ দানা ঠাণ্ডা আৰু শুকান পৰিবেশত ৰাখিব লাগে। ভাল ফলা-ফলৰ বাবে সম্ভব হ’লে মেঙ্গানিজ চালফেটৰ মিশ্ৰণ ১০ গ্ৰাম/১০০কিলোগ্ৰাম হিচাপত মিহলাব লাগে। ইয়াৰ উপৰিও পানীত হোৱা তৃণ যেনে লেমনা, ওলফিয়া, ‘এজ’লা আদিও হাঁহক খুৱাব পৰা যায়। হাঁহে লালুকি, জিঁয়াৰ লাৰ্ভা আদিও খায়। প্ৰকৃতিকভাৱে পুখুৰীত পোৱা প্ৰ’টিনজাত সমগ্ৰীও হাঁহে বহু পৰিমানে খায়। গতিকে, পুখুৰীত পালন কৰা হাঁহৰ দানাত হ’ব পৰা প্ৰ’টিনৰ খৰচ হ্ৰাস কৰে আৰু পুখুৰীত চৰিবলৈ নিদিয়া হাঁহৰ তুলনাত বহু বেছি কণী দিয়ে। এৰি যোৱা দানা মাছক দিয়া হয় আৰু হাঁহৰ বিষ্ঠাই মাছৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ ৫৯ শতাংশ পূৰণ কৰে। পুখুৰীত শেলুৱৈ দেখা দিলে হাঁহৰ ঘৰৰ তলত মাজে সময়ে প্লাষ্টিকৰ বস্তা দি বিষ্ঠা জমা কৰি ৰখাব পৰা যায়। চূণ প্ৰয়োগ: এনেকুৱা সংহত পদ্ধতিত খাৰ জাতীয় সাৰৰ বাহিৰে অইন কোনো জৈৱ বা অজৈৱ সাৰ বাহিৰৰ পৰা প্ৰয়োগ কৰিব নালাগে। কেৱল চূণ ২৫০-৩০০ কিলোগ্ৰাম/হেক্টৰ/বছৰ প্ৰয়োজনীয় সময়ৰ অন্তৰালত দিব লাগে। উৎপাদন এনে সংহত ব্যৱস্থাত একো উপৰুৱা সাৰ বা দানা নোহোৱাকৈ বছৰি ৩৫০০-৪০০০ কিলোগ্ৰাম মাছ, ১৮০০০-১৮৫০০ কণী, আৰু ৫০০-৬০০কিলোগ্ৰাম হাঁহৰ মাংস পাব পাৰি আৰু খৰচ সাধাৰণ অৱস্থাতকৈ ৬০ শতাংশ কম। উৎপাদন এনে সংহত ব্যৱস্থাত একো উপৰুৱা সাৰ বা দানা নোহোৱাকৈ বছৰি ৩৫০০-৪০০০ কিলোগ্ৰাম মাছ, ১৮০০০-১৮৫০০ কণী, আৰু ৫০০-৬০০কিলোগ্ৰাম হাঁহৰ মাংস পাব পাৰি আৰু খৰচ সাধাৰণ অৱস্থাতকৈ ৬০ শতাংশ কম। উত্স: আইএনডিজি দল।