ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে পৰাগ যোগৰ আৱশ্যক। এই কাৰ্য্যত মৌমাখিয়ে বিশেষভাৱে সহায় কৰে। সেয়ে মৌপালন উদ্যোগ ভাৰতবৰ্ষৰ বাবে বিশেষ উপযোগী। মৌপালন উদ্যোগৰ দৰে অন্য কোনো বিকেন্দ্ৰীয় উদ্যোগে শস্যৰ উৎপাদন বৃদ্ধিত সহায় নকৰে। এই উদ্যোগে কোনো প্ৰদূষণৰ সৃষ্টি নকৰে, বৰং প্ৰদূষণ নিৰ্মূল কৰে। প্ৰতিটো পৰিয়ালে মৌপালন উদ্যোগ স্থাপন কৰি বিভিন্ন প্ৰকাৰে লাভৱান হ’ব পাৰে। দেশৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ মৌপালন উদ্যোগ স্থাপন কৰা জৰুৰী হৈ পৰিছে। বন্ধৰ সময়, চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছৰ সময় আৰু আংশিক জিৰণিৰ সময়বোৰৰ সৎ আৰু উন্নয়নমূলক ব্যৱহাৰ মৌপালন উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি কৰিব পাৰি।

মৌপালন উদ্যোগৰ বিশেষত্বঃ

মৌপালন উদ্যোগৰ বহুতো বিশেষত্ব আছে। তাৰে প্ৰধান বিশেষত্ববোৰ এনেধৰণৰ-

মৌপালন উদ্যোগ স্থাপনৰ কোনো পৰম্পৰা নাই।

ইয়াৰ বাবে কোনো কেঁচামালৰ যোগান ধৰিব নালাগে।

শস্য উৎপাদন বৃদ্ধিত সহায় কৰে।

অতি কম মূলধন বিনিয়োগ কৰি এই উদ্যোগ স্থাপন কৰিব পাৰি।

সুবিধা অনুসৰি স্থান পৰিৱৰ্তন কৰিব পাৰি।

অতি কম সময়ৰ ভিতৰত মূলধন ঘূৰাই পোৱা যায়।

প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰে।

ঘৰতে এই উদ্যোগ স্থাপন কৰি লাভৱান হ’ব পাৰি।

মৌপালন উদ্যোগৰ থলঃ

ভাৰতবৰ্ষত প্ৰায় ৫ কোটি হেক্টৰ মাটিত তেল শস্য, মাহ শস্য, লতা শস্য আদিৰ খেতি কৰা হয়। এইবোৰ শস্য মৌপালন উদ্যোগৰ বাবে অতি উপযোগী। আনহাতে মৌপালন উদ্যোগ এইবোৰ শস্যৰ বাবে আৱশ্যক। এই উদ্যোগ আৰু কৃষি পৰস্পৰ নিৰ্ভৰশীল। ইয়াৰ উপৰি দেশৰ ছয় কোটি মাটি নানা হাবি-বননিৰে পৰিপূৰ্ণ হৈ আছে। এই বিশাল এলেকাত প্ৰায় ১ কোটি মৌবাহ পালন কৰিব পাৰি। এই উদ্যোগৰ যোগেদি মৌপালক আৰু খেতিয়ক উভয়ে উপকৃত হ’ব পাৰে। বৰ্তমান ভাৰতবৰ্ষত প্ৰায় ৪ লাখ মৌবাহ আছে। প্ৰায় ২ লাখ লোক এই উদ্যোগৰ যোগেদি উপকৃত হৈছে। এই উদ্যোগৰ পৰা বছৰি ৪৫ লাখ কেজি মধু উৎপাদন হয় আৰু ৪৫ কোটি টকা উপাৰ্জন হয়। অসমত বছৰি ২৮০ লাখ কেজি মৌ উৎপাদন হয়। ইয়াৰ পৰা ৰাজ্যই ২.৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মৌপালন উদ্যোগৰ পৰা সুস্বাদু মধু, মৌসিতা আদি উৎপাদন কৰি মৌপালকসকল লাভৱান হোৱাৰ লগতে কৃষকসকলেও মৌমাখিৰ যোগেদি পৰাগ যোগ কাৰ্য কৰাই অধিক শস্য উৎপাদন কৰিব পাৰে। এই উদ্যোগে প্ৰদূষণ নিয়ন্ত্ৰণ কৰে আৰু স্বাৱলম্বী হোৱাত সহায় কৰে। মৌপালন উদ্যোগৰ বহুমুখী উপকাৰিতাৰ কথা বিবেচনা কৰি কৃষি বিজ্ঞানীসকলে মৌক কৃষকৰ পৰম বন্ধু বুলি অভিহিত কৰিছে। সেয়ে চৰকাৰে কৃষি, বন, শিক্ষা আদি বিভাগৰ যোগেদি মৌপালন উদ্যোগৰ উন্নয়ন আৰু সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে।

উৎসঃ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত পুস্তিকাৰ পৰা উদ্ধৃত,অসমীয়া খবৰ