গাহৰি পালনৰ জৰিয়তে আমি অৰ্থনৈতিকভাৱে প্ৰচুৰ পৰিমাণে লাভবান হ’ব পাৰো। কাৰণ গাহৰি পালনত যিমান খৰচ কৰিব লাগে তাৰ দুগুণ পৰিমাণৰ লাভাংশ গাহৰি পালন কৰি মাংসৰ দ্বাৰাই যে লাভ কৰিব পাৰি এনে নহয়। গাহৰিৰ মল কৃষিৰ বাবে বৰ উপযোগী। তদুপৰি গাহৰিৰ নোমৰ দ্বাৰা ব্ৰাছ, নাড়ি-ভুৰুৰ পৰাও ছ’ছেজ ইত্যাদি পাব পাৰি। এজনী মাইকী গাহৰিয়ে বছৰেকত দুবাৰ ৮-১০টাকৈ পোৱালি দিয়ে আৰু প্ৰতিপালনত যদি বিজ্ঞানসন্মতভাৱে আগবাঢ়িব পাৰে তেতিয়াহ’লে বেমাৰ-আজাৰৰ পৰাও যথেষ্ট আঁতৰত ৰাখিব পৰা যায়। গাহৰিৰ বেমাৰ আন জীৱ-জন্তুতকৈ বহুত কম। সেয়েহে আজিৰ নিবনুৱা সমস্যাৰ দিনত প্ৰতিজন পিক্ষিত লোকে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লৈ গাহৰি পালনত অগ্ৰসৰ হ’লে বহু পৰিমানে নিবনুৱা সমস্যা অকল গাহৰি পালনৰ জৰিয়তে আঁতৰ কৰিব পৰা যাব।মাথোন লাগিব ইচ্ছা, ধৈৰ্য আৰু দৃঢ়তা। আমি এই আগকথাৰ জৰিয়তে মূলতঃ তলৰ কথাকেইটালৈ লক্ষ্য কৰিলে সাময়িক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ম।

ক) গাহৰি পালন কৰিবলৈ অসমত যথেষ্ট পৰিমাণে উপযুক্ত মাটি আছে।

খ) অসমৰ জলবায়ু বিজ্ঞানসন্মতভাৱে গাহৰি প্ৰতিপালনৰ সহায়ক।

গ) প্ৰাকৃতিকভাৱে পোৱা খাদ্যও যথেষ্ট আছে।

ঘ) গাহৰিৰ বাঢ়ন ক্ষমতা বহুত বেছি।

ঙ) বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতাও যথেষ্ট বেছি।

চ) এবাৰত ৮-১০ টাকৈ পোৱালি একেজনী মাকৰপৰা পাব পাৰি।

ছ) প্ৰ’টিনৰ পৰিমাণ এই মাংসত প্ৰচুৰ।

জ) প্ৰতিপালনৰ বাবে ঘৰ-দুৱাৰ বিজ্ঞানসন্মতভাৱে সাজিব লাগে যদিও থলুৱাভিত্তিত কৰিলেও হয়।

মানুহৰ খাদ্য হিচাপে গাহৰিৰ মাংস:

গাহৰিৰ মাংস পুষ্টিকাৰক তথা মানুহৰ উপযোগী। ইয়াত প্ৰ’টিন, ভিটামিন-খ(খাদ্যপ্ৰাণ খ) আৰু ট্ৰেস-মৌল পোৱা যায়। ১০০ গ্ৰাম গাহৰি মাংসৰ পুষ্টিকাৰিতা তালিকা তলত দিয়া হ’ল।

পানীৰ ভাগ – ৫৭.2%
প্ৰ’টিন – ১৭.১ গ্ৰাম
শক্তি – ২৯৮ কেলৰি
চৰ্বি – ২৮.৮ গ্ৰাম
ফেটি এচিড – ৯.৫ গ্ৰাম
কলেষ্টৰল – ৭০ মিলিগ্ৰাম

খনিজ ধাতু:
কেলচিয়াম – ১০ মিলিগ্ৰাম
ফছফৰাছ – ২৩৬ মিলিগ্ৰাম
লো – ৩.০ মিলিগ্ৰাম
ছ’ডিয়াম – ৬৫ মিলিগ্ৰাম
মেগনেছিয়াম – ২৭ মিলিগ্ৰাম

ভিটামিন:
থিয়ামিন – ০.৫৪ মিলিগ্ৰাম
ৰিৱ’ফ্লেভিন – ০.২৩ মিলিগ্ৰাম
নিয়াচিন – ০.৪৬ মিলিগ্ৰাম
ভিটামিন-চি – ০.০০ মিলিগ্ৰাম

গাহৰি পালন এটা লাভজনক ব্যৱসায় -

অসমত অতীজৰেপৰা গাহৰি পালন আমাৰ সমাজৰ জনজাতি লোকৰ মাজত আৱদ্ধ হৈ আহিছে। বৰ্তমান আমাৰ সমাজৰ বৰ্দ্ধিত জনসংখ্যালৈ চাই জীৱিকাৰ পথ যথেষ্ট নহয়। আনহাতে নিবনুৱা সমস্যা দূৰীকৰণত গাহৰি পালনে যে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ মূলতে হ’ল-

ক) নিচেই কম সময়ৰ ভিতৰত গাহৰি পালনৰ জৰিয়তে উৎপাদন পোৱা যায়। উন্নত জাতৰ একোজনী গাহৰিয়ে প্ৰতিবাৰতে গড়ে ৮-১০টা পোৱালি দিয়ে। বছৰত দুবাৰ পোৱালি দিয়ে। মাইকী গাহৰিবোৰ জাকৰ মাজতে থাকি ডাঙৰ হয়। কম খাই অধিক বাঢ়ে, যেনে ৩-৪ কিলোগ্ৰাম দানা খাই এক কিলোগ্ৰাম ওজন বঢ়া দেখা যায়।

খ) ইহঁতে সচৰাচৰ পেলনীয়া খাদ্য খায়েই ডাঙৰ-দীঘল হয়।

গ) গাহৰি পামৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয়। কম সময়ৰ ভিতৰত(১-২) বছৰৰ ভিতৰতে উপাৰ্জনৰ মুখ দেখিবলৈ পোৱা যায়।

ঘ) অন্য জন্তুৰ তুলনাত গাহৰিৰ বেমাৰ-আজাৰো কম। নিয়মিতভাৱে প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিলে সুফল পোৱা যায়।

ঙ) গাহৰি পালনৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ সামান্য। বাঁহ, খেৰ আদিৰে ঘৰ সজাই গাহৰি পালন কৰিব পৰা যায়।

চ) গাহৰিৰ পৰা প্ৰস্তুত কৰা খাদ্য-বস্তু আৰু ব্যৱহাৰিক সামগ্ৰী আজিকালি জনপ্ৰিয় হৈ উঠিছে। যেনে – নাড়ি-ভূৰৰ পৰা – ছ’ছেজ
নোমৰ পৰা – ব্ৰাছ ইত্যাদি ।

আমাৰ ৰাজ্যৰ গাহৰি পালকসকল, উন্নত পদ্ধতিতে গাহৰি পালনৰ সম্যক জ্ঞানৰ অভাৱত নিজৰ পোহনীয়া গাহৰিকেইটা লেতেৰা পৰিৱেশত ৰাখি প্ৰয়োজনীয় খাদ্য যোগান দিব নোৱাৰাৰ বাবেই লাভবান হ’ব পৰা নাছিল। গাহৰি পালনৰ দৰে এটা লাভজনক ব্যৱসায়ৰ প্ৰতি ৰাইজৰ মনোযোগ আকৰ্ষণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

গাহৰি পামৰ স্থান নিৰ্বাচন -

ব্যক্তিগত বা চৰকাৰী পামৰ স্থান নিৰ্বাচন কৰোঁতে তলত উল্লেখ কৰা কথাকেইটা লক্ষ্য কৰা উচিত।

ক) ওখ ৰ’দ পৰা ঠাই হ’ব লাগে।

খ) পানী যোগানৰ সা সুবিধা থাকিব লাগে।

গ) বিজুলী যোগানৰ সু-ব্যৱস্থা থাকিব লাগে।

ঘ) ৰাস্তা-ঘাট যান-বাহনৰ বাবে সূচল হ’ব লাগে।

ঙ) বেচা-কিনাৰ বাবে বজাৰৰ সা-সুবিধা থাকিব লাগে।

গাহৰিৰ ঘৰ -

গাহৰি পালনৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে ঘৰ সজা প্ৰয়োজন। গাহৰিয়ে বেছি তাপ বা অধিক শীত সহ্য কৰিব নোৱাৰে। সহজে বতাহ,পোহৰ চলাচল কৰিব পৰা আহল-বহল ঘৰ গাহৰিৰ বাবে উপযোগী। আহল-বহল ঘৰত গাহৰিয়ে সহজে ঘূৰা-ফুৰা কৰিব পাৰে আৰু ডাঙৰ হয়। মজিয়াখন টান আৰু শুকান হ’ব লাগে যাতে পানী, মল-মূত্ৰ পৰি সেমেকি নাথাকে। মজিয়াখন কাঠেৰে সাজিলে ভালকৈ পৰিষ্কাৰ কৰিবলৈ অসুবিধা হয়, সেয়ে খহটাকৈ পকা কৰি ল’ব পাৰিলে বেছি ভাল হয়। নিমজ মজিয়াত গাহৰি পিছল খোৱাৰ আশংকা থাকে। বৰষুণৰ পানী সোমাব নোৱাৰাকৈ খেৰ, টিন বা এছবেছটছৰে চালখন দিয়া উচিত। ঘৰটোৰ চাৰিওফালৰ বেৰৰ উচ্চতা ৪-৫ ফুট হোৱা প্ৰয়োজন। দুৱাৰ-খিৰিকীসমূহ পানী সোমাব নোৱাৰাকৈ দিব লাগে। গাহৰিৰ গড়ালৰ ভিতৰত বা বাহিৰত দানা দিয়াৰ ব্যৱস্থা কৰা উচিত। দানাৰ পাত্ৰটো যথেষ্ট গধুৰ হোৱা উচিত যাতে দানা খোৱাৰ সময়ত পাত্ৰটো লুটি খুৱাই দানা নষ্ট কৰিব নোৱাৰে। স্থায়ীভাৱে পকা কৰিও দানাৰ পাত্ৰ সাজি দিব পাৰি। তেনে পাত্ৰ সাজিলে পাত্ৰৰ তলি এফালে এঢলীয়া কৰি দিব লাগে যাতে পৰিষ্কাৰকৈ ধুব পৰা যায়। পাত্ৰটো মজিয়াৰপৰা ৬ ইঞ্চিমান ওখ হোৱা উচিত।

বেলেগ বেলেগ গাহৰিৰ বাবে প্ৰয়োজনীয় ঠাইৰ পৰিমাণো বেলেগ বেলেগ। প্ৰাপ্তবয়স্কৰ বাবে ২০-২৫ বৰ্গফুট,ষাড় গাহৰিৰ বাবে ৭০-৮০ বৰ্গফুট হ’ব লাগে। পোৱালি দিয়া গাহৰিৰ বাবে কোঠালীটোৰ মজিয়া ৮০-১০০ বৰ্গফুট হোৱা ভাল।

উল্লেখ কৰা মজিয়াৰ বাদেও সমান বৰ্গফুটৰ মজিয়া গাহৰিৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে (গড়ালৰ লগতে) বেৰা দিয়া মুকলি ঠাই থাকিব লাগে।

গাহৰি পামৰ বাবে গাহৰি নিৰ্বাচন -

গাহৰি পাম প্ৰতিষ্ঠাৰ বাবে গাহৰি কিনোতে মওতা আৰু মাইকী গাহৰি ভালকৈ চাই কিনিব লাগে। গাহৰি কিনোতে সিহঁতৰ শৰীৰৰ গঠন চাব লাগে যাতে পিঠিৰ পৰা ককাললৈ বহল আৰু দীঘল হয়। মাইকী গাহৰি কিনাৰ ক্ষেত্ৰত সেই গাহৰিজনীয়ে আগতে কিমান পোৱালি দিছিল, কিমান পোৱালি জীয়াই আছিল সেইবোৰ জানি লোৱা ভাল। সম্ভৱ হ’লে গাহৰিৰ আগৰ ২/৩ বংশৰ ইতিহাস ভালকৈ জানি লোৱা ভাল। মতা গাহৰি কিনোতেও একে ধৰণে চোৱা উচিত। বয়স অনুসৰি মতাটোৰ ওজন সঠিক হোৱা উচিত। ৩/৪ মহীয়া মাইকী গাহৰি কিনিলে মতা গাহৰিটো ৫/৬ মহীয়া কিনা ভাল। মতাটোৰ বয়স অন্ততঃ ২ মাহ বেছি হোৱা উচিত।

অসমৰ বাবে গাহৰিৰ জাত -

অসমৰ থলুৱা গাহৰিবোৰ অৰ্থনৈতিকভাৱে কম উৎপাদনক্ষম। সেয়েহে অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আয়াৰলেণ্ড আদিৰপৰা বিশেষকৈ উন্নত জাতৰ মতা গাহৰি আনি থলুৱা জাতৰ লগত প্ৰজনন কৰাই উন্নত কৰাৰ চেষ্টা কৰা হৈছে। এনে কেইবিধমান উন্নত জাতৰ গাহৰি হ’ল-

হেম্পচায়াৰ, লাৰ্জ ব্লেক, চেডেলবেক, য়ৰ্কচায়াৰ, লাৰ্জ হোৱাইট আৰু লেণ্ডৰেচ।

বৰ্তমান অসমত লাৰ্জ ব্লেক, চেডেলবেক, হেম্পচায়াৰ জাত প্ৰজননত ব্যৱহাৰ কৰা হৈছে।

লাৰ্জ ব্লেক:

এই জাতৰ গাহৰিৰ গাৰ বৰণ সম্পূৰ্ণ ক’লা আৰু কাণ দুখন চকুৰ ওপৰত। শৰীৰৰ গঠন দীঘলীয়া, আটিল। এপিয়নত কেইবাটাও পোৱালি দিয়ে।

চেডলবেক:

এই জাতৰ গাহৰিৰ বৰণ ক’লা কিন্তু কাণ দুখন আগলৈ হালি পৰা। মূৰটো দীঘল আৰু নাকৰ আগভাগ চিধা। আকাৰত যথেষ্ট ডাঙৰ।

হেম্পচায়াৰ:

এই জাতৰ গাহৰিৰ বৰণ ক’লা। আগ ঠেঙৰ ওপৰলৈ কিছু অংশ বগা। গড়ে প্ৰায় ৮টা পোৱালি দিয়ে।

পশুপালন বিভাগৰ ৰাণীত অৱস্থিত মূল গাহৰি প্ৰজনন পামত এই তিনিটা জাতৰ গাহৰি পালন কৰা হৈছে।

প্ৰতিপালন -

গাহৰি পাম বা গাহৰি পালন উদ্যোগৰ সফলতাৰ গুৰিতেই হ’ল নিম্নোল্লেখিত ব্যৱস্থাসমূহ:

ক) গাহৰিবোৰক সুন্দৰ পৰিষ্কাৰ পৰিৱেশত ৰখা।

খ) উপযুক্ত সুষম খাদ্য যোগান ধৰা।

গ) সময়মতে প্ৰজনন কৰোৱা।

ঘ) ৰোগ-ব্যাধিৰ প্ৰতিষেধক আৰু চিকিৎসাৰ ব্যৱস্থা কৰা।

গাহৰিৰ দানা -

গাহৰি পালনৰ অন্য এটা আৱশ্যকীয় দিশ হ’ল দানা। গাহৰি সৰ্বভোক্ষী (OMNIVOROUS) জন্তু বাবে ই সকলো খাদ্য খায়। সেয়ে হোটেল, ৰান্ধনিঘৰৰ পেলনীয়া খাদ্য-বস্তু, ঘাঁহ, বন, আলু, কচু, পানীমেটেকা আদি খুৱাই গাহৰি পালন কৰিব পৰা যায়। গাহৰিৰ খাদ্যৰ মূল উপাদানসমূহ যেনে- প্ৰ’টিন, চৰ্বি, ধাতৱ লৱণ, ভিটামিন আদি থকা সুষম খাদ্যসমূহ যাতে খাবলৈ পায় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।

জন্ম হোৱাৰ পিচত কণ কণ গাহৰি পোৱালিবোৰক যথেষ্ট পৰিমাণে গাখীৰ খাবলৈ দিব লাগে আৰু ধাতৱ লোণৰ দ্ৰৱ খুৱাব লাগে। এইদৰে পোৱালিবোৰে ১০ দিন অতিক্ৰম কৰাৰ পিচত তোলনীয়া দানা খুৱাব লাগে। প্ৰতিটো পোৱালিক প্ৰথমে ২০০ গ্ৰামকৈ দানা দি পিচলৈ ৫০০ গ্ৰামকৈ যাতে খাবলৈ পায় তালৈ চকু দিব লাগে। দানাৰ পাত্ৰৰ ওচৰত সদায় পৰিষ্কাৰ পানী যোগান ধৰা প্ৰয়োজন।

পোৱালিবোৰে ৮ সপ্তাহ(২ মাহ) অতিক্ৰম কৰাৰ লগে লগে মাকৰ পৰা আঁতৰাই সুকীয়া(বাঢ়নীয়া) দানা, পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

গাহৰিৰ ৩৫ কিলোগ্ৰাম ওজন হ’লে পূৰ্ণবয়স্ক দানা খুৱাব লাগে। ৰাতিপুৱা আৰু আবেলি এইদৰে দুভাগ কৰি খুৱালে সুফল পোৱা যায়। ভিন ভিন গাহৰিৰ বাবে ভিন ভিন প্ৰকাৰে দানা প্ৰস্তুত কৰি খুৱাব লাগে।

ওপৰত দেখুওৱা প্ৰতি কুইন্টল দানাত ভিটামিন ক, খ আৰু গ প্ৰস্তুত কাৰকৰ নিৰ্দেশমতে মিহলাই খুৱাব লাগে।

অৰ্থনৈতিকভাৱে লাভবান হ’বলৈ মাংস উৎপাদনৰ বাবে পালন কৰা গাহৰিক ৰান্ধনিঘৰৰ পেলনীয়া ভাত, তৰকাৰী, শাক-পাচলিৰ পৰিত্যক্ত অংশ, হোটেল আদিৰ পেলনীয়া ভাত, তৰকাৰী, আলু, কচু, শিমলু আলু, পানীমেটেকা খুৱাব লাগে।পেলনীয়া বস্তুবোৰ ভালকৈ সিজাই খুৱালে বীজাণু আদিৰ আক্ৰমণৰপৰা হাত সাৰিব পৰা যায়। এনে খাদ্য খুৱালে দানাৰ খৰচ যথেষ্ট পৰিমাণে কমি যায়। ফলস্বৰূপে অধিক লাভ কৰিব পৰা যায়।

পানী:

গাহৰিক সদায় প্ৰয়োজনীয় পৰিমাণৰ যথেষ্ট পৰিষ্কাৰ পানী খাবলৈ দিব লাগে।

গাহৰিৰ প্ৰজনন -

গাহৰিৰ প্ৰজননৰ ওপৰতে গাহৰি পালকৰ অৰ্থনৈতিক লাভালাভ নিৰ্ভৰ কৰে। বিজ্ঞানসন্মতভাৱে সময়মতে প্ৰজনন কৰালে গাহৰিৰ বংশ বিস্তাৰত সহায়ক হ’ব। প্ৰজনন দুই ধৰণে কৰাব পাৰি - ক) প্ৰাকৃতিকভাৱে, খ) কৃত্ৰিম প্ৰজনন।

ক) প্ৰাকৃতিকভাৱে: অসমৰ ঠায়ে ঠায়ে চৰকাৰী বা ব্যক্তিগত উদ্যোগত গঢ়ি উঠা গাহৰিৰ পামত সুস্থ-সবল উন্নত জাতৰ মতা গাহৰি মেলি দি প্ৰজননৰ ব্যৱস্থা কৰা হয়। থলুৱা জাতৰ গাহৰিৰ লগত উন্নত জাতৰ মতা গাহৰি মেলি দি প্ৰজনন কৰা হয়। তিনিজনী বা দুইজনী মাইকী গাহৰিৰ লগত এটা মতা ৰাখি একোটা গোটা গঠন কৰি লোৱা হয়।

খ) কৃত্ৰিম প্ৰজনন: ই এটা আধুনিক বৈজ্ঞানিক পদ্ধতি। অসমৰ ৰাণী অঞ্চলত ভালেমান গাহৰি পামত কৃত্ৰিম প্ৰজনন পদ্ধতি অৱলম্বন কৰা হৈছে। প্ৰথমে এটা উন্নত সুস্থ-সবল প্ৰজননক্ষম মতা গাহৰিৰ পৰা কৃত্ৰিম যোনিৰ সহায়ত শুক্ৰ সংগ্ৰহ কৰা হয়। গাহৰিয়ে এবাৰত ২০০-৫০০ গ্ৰাম শুক্ৰ প্ৰদান কৰে। ইয়াৰ পিচত বিশেষ চেকনীৰ সহায়ত গোটেই বীৰ্য্যখিনিৰ পৰা শুক্ৰকীট সমৃদ্ধ অংশটো পৃথক কৰি উলিয়াই ইয়াক সংবৰ্দ্ধন কৰি কৃত্ৰিম প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়।

মাইকী গাহৰিবোৰ সাধাৰণতে ৫-৮ মাহৰ ভিতৰত গৰম হয়। কৃত্ৰিম পদ্ধতিৰে বিশেষ কেথেটাৰ ‘চিৰিঞ্জ’ আৰু হাত পাম্পৰ সহায়ত কৃত্ৰিম প্ৰজনন কৰা হয়। গাহৰিৰ কৃত্ৰিম প্ৰজননৰ বাবে ৫০ চি চি সংবৰ্দ্ধিত শুক্ৰ আৰু কমপক্ষেও ৫০ মিলিয়ন জীৱিত গতিশীল শুক্ৰকীটৰ দৰকাৰ।গাহৰিৰ গৰ্ভধাৰণ সময় তিনি মাহ তিনি সপ্তাহ আৰু তিনি দিন(মাত্ৰ ১১৪ দিন)।

গৰ্ভধাৰণ:

প্ৰাকৃতিক বা কৃত্ৰিম প্ৰজনন কৰাৰ পিচত যদি গাহৰিজনী পুনৰ গৰম নহয় তেতিয়া গৰ্ভধাৰণ কৰা বুলি বুজা যায়। এইক্ষেত্ৰত গাহৰিজনী নিৰোগী হ’ব লাগিব। পালখোৱাৰ তিনি মাহ, তিনি সপ্তাহ, তিনি দিনৰ পাছত গাহৰিজনীয়ে পোৱালি দিয়ে।

গাভিনী গাহৰিৰ যতন -

এজনী গাহৰি পালখোৱা সময়ৰপৰা পোৱালি দিয়াৰ সময়লৈকে সাৱধানে যত্ন লোৱা উচিত। পোৱালি মাকৰ গৰ্ভত ১১৪ দিন থাকে। এই সময়ছোৱাৰ ভিতৰত প্ৰথম ৩ মাহ ২/৩ জনী গাহৰি একেলগে ৰাখিব পাৰি। শেষৰফালে গাভিনী গাহৰিজনী পোৱালি দিয়া বিশেষ ঘৰত(FARROING PAN) ৰখা উচিত।

গাহৰি পোৱালি জন্ম দিয়া ঘৰত বিশেষ কেইটামান ব্যৱস্থা থকা প্ৰয়োজন।

1. পোৱালিবোৰ থকা আৰু খোৱাৰ ব্যৱস্থাসহ এটা ক্ৰীপ বক্স(CREEP BOX)ৰ প্ৰয়োজন।

2. মাকৰ গাৰ হেঁচাৰপৰা পোৱালিবোৰক ৰক্ষা কৰিবলৈ বেৰৰ দাঁতিত মজিয়াৰপৰা ৯ ইঞ্চি আৰু ৯ ইঞ্চিত লোহাৰ পাইপ বা পোন বাঁহৰ এক বিশেষ ব্যৱস্থা কৰা প্ৰয়োজন। এনে কৰিলে টোপনিৰ সময়ত মাকৰ গাৰ হেঁচাত হ’ব পৰা সম্ভাব্য মৃত্যুৰ পৰা পোৱালিবোৰক ৰক্ষা কৰিব পাৰি।

3. দানা-পানীৰ ব্যৱস্থা অন্যান্য গড়ালৰ দৰে হোৱা উচিত।

4. পোৱালি দিয়া ঘৰ সদায় পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে। গাভিনী গাহৰিজনী পোৱালি দিয়া ঘৰলৈ নিয়াৰ আগতে ভালদৰে ধুৱাই লৈ গাহৰিজনীৰ তলপেট, গাখীৰ উৎপাদন হোৱা অংশ ভালকৈ পৰিষ্কাৰ কৰি ল’ব লাগে।

পোৱালি দিয়া গাহৰিৰ যতন -

গৰ্ভধাৰণ কৰাৰ ১১৪ দিন হোৱাৰ আগৰেপৰা গাভিনী গাহৰিজনী ভালকৈ নিৰীক্ষণ কৰি থাকিব লাগে যাতে জন্মৰ সময়ত পোৱালি আৰু পোৱতীৰ ল’ব লগা যত্ন সময়মতে ল’ব পাৰি। গাভিনী গাহৰিজনীক পেনৰ ভিতৰত পৰিষ্কাৰ ধান-খেৰৰ বিছনা কৰি দিব লাগে। পোৱালি জন্ম হোৱাৰ পিচত লেতেৰা ধান-খেৰ সলনি কৰি পুনৰ ধান-খেৰ দিব লাগে।

পোৱালি দিয়াৰ সময়ত আৰু পোৱতী গাহৰিৰ যতন:

পোৱালি দিয়াৰ সময়ত গাহৰিজনীয়ে আমনি নোপোৱাকৈ এজন সহায়ক ওচৰতে থাকি লক্ষ্য ৰাখিব লাগে। জন্ম দিয়া শেষ হ’লে গৰ্ভৰপৰা ওলোৱা জলখন ভালকৈ মাটিত পুতি পেলাব লাগে। মাইকী গাহৰিজনীক পোৱালি দিয়াৰ ২৪ ঘন্টাৰ ভিতৰত কম পৰিমাণৰ দানা খাবলৈ দিব লাগে। ২ ঘন্টা অতিক্ৰম কৰাৰ পিচত মাকে পোৱালিবোৰক গাখীৰ খুৱাবলৈ মন কৰে। গাহৰিজনীক আৱশ্যকীয় ২৫০০-৩০০০ গ্ৰাম দানাৰ উপৰি প্ৰতিটো পোৱালিৰ বাবে ২০০ গ্ৰামকৈ অতিৰিক্ত দানা দিব লাগে।

সদ্যজাত পোৱালিৰ প্ৰতি যতন -

পোৱালি জন্ম হোৱাৰ সময়ত থকা ৰখীয়াজনে প্ৰতিটো পোৱালিৰ গাত লাগি থকা বিজলুৱা পদাৰ্থ (কাণ-নাক আদিৰ পৰাও)পৰিষ্কাৰ কাপোৰেৰে ভালকৈ চাফা কৰি দিব লাগে আৰু পোৱালি শুকান ঠাইত ৰাখিব লাগে।

জন্মৰ এঘন্টাৰ ভিতৰত নাভিৰ দীঘল অংশ কাটি দিব লাগে আৰু সেই ঠাইত টিনচাৰ আয়োডিন(Tr.lodine) লগাই দিব লাগে।

দুৰ্বল পোৱালিক মাকৰ বুকুৰ অংশত আৰু সবল পোৱালিবোৰক পেটৰ অংশত গাখীৰ খাবলৈ দিব লাগে। তেনে কৰিলে সকলো পোৱালিয়ে সম পৰিমাণে গাখীৰ খাবলৈ পাব আৰু দুৰ্বল পোৱালিবোৰো সবল হৈ উঠিব আৰু সময়ৰ এজাক সম ওজনৰ পোৱালি পোৱা যায়।

পোৱালিবোৰৰ, বেজীদাঁত(Needle teeth)জন্মৰ ৩/৪ দিন পিচত পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি কাটি দিব লাগে গাখীৰ খোৱাৰ সময়ত মাকে দুখ নাপায় বা ওহাৰত ঘাঁ লাগিব নোৱাৰে বা লগৰীয়াৰ লগত কাজিয়া কৰি শৰীৰত ঘাঁ লগাব নোৱাৰে।

গাহৰি পোৱালিক ৰক্তহীনতা(Piglet Anaemia) নামৰ এবিধ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ জন্মৰ ৭/৮ দিনত এটা আৰু ২ সপ্তাহত আন এটা মুঠ ২ টা বেজী পশুচিকিৎসকৰ পৰামৰ্শক্ৰমে দিব লাগে। এই দুটা বেজীয়ে পোৱালিবোৰ লোৰ অভাব(Iron Deficiency) হৈ মৃত্যুমুখত পৰাৰ পৰা বচাব।

গাহৰিৰ বেমাৰ আজাৰ আৰু প্ৰতিষেধকৰ ব্যৱস্থা -

গাহৰিৰ অন্য জন্তুৰ তুলনাত বেমাৰ আজাৰ কম। বিশেষকৈ টেটুৱা(Anthrax), গলফুলা(Haemorrhagic Septicaemia), চবকা(Foot and Mouth Disease), কলেৰা(Swine Fever), পি পি আৰ এছ(Porcine Reproductive & Respiratory Syndrom) আৰু ৰক্তহীনতা(Anaemia) আদি প্ৰধান।

টেটুৱা(Anthrax):

এই ৰোগ নামৰ বীজাণুৰপৰা হয়। এই বীজাণুবোৰ মাটিত বহুদিনলৈ বাচি থাকে আৰু ভাল গাহৰিৰ সংস্পৰ্শলৈ আহিলে ৰোগৰ সৃষ্টি কৰে। এই ৰোগ হ’লে অতিপাত জ্বৰ উঠে আৰু মুখেৰে লেলাউটি ববলৈ ধৰে। এই ৰোগত আক্ৰান্ত গাহৰিৰ নাক আৰু মুখেৰে তেজ ওলায়।

প্ৰতিষেধক ব্যৱস্থা -

গাহৰিবোৰক টেটুৱা ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। মৰা গাহৰি কেতিয়াও কাউৰী-শগুণক খাবলৈ এৰি দিব নালাগে।

গলফুলা(Haemorrhagic Septicaemia):

এই ৰোগ Pasteurella multocida নামৰ বীজাণুৰপৰা হয়। এই ৰোগত আক্ৰান্ত হ’লে অতিপাত জ্বৰ উঠে। কেতিয়াবা গল ফুলে আৰু কেতিয়াবা গল বেকা কৰি থাকে।

প্ৰতিষেধক ব্যৱস্থা:

ছমাহৰ মূৰে মূৰে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

জহৰ বাত(Black Quarter):

Clostridium chauvoei নামৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগৰ সৃষ্টি হয়। এই ৰোগ হ’লে জ্বৰ উঠে আৰু খোৰাবলৈ ধৰে। শেষৰফালে ভৰিৰ ওপৰভাগ ফুলি উঠে।

#প্ৰতিষেধক_ব্যৱস্থা:

ছমাহৰ মূৰে মূৰে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

চবকা ৰোগ(Foot and Mouth Disease):

Picorna Virus নামৰ বীজাণুৰ পৰা এই ৰোগ উদ্ভৱ হয়। এই ৰোগ হ’লে গাহৰিৰ মুখৰ ভিতৰত আৰু জিভাত ঘাঁ লাগে। খুৰাৰ মাজতো ৰঙা পৰি ঘাঁ হয়।

প্ৰতিষেধক ব্যৱস্থা:

এমাহৰ পৰা ছমাহৰ ভিতৰত এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে। প্ৰয়োজন সাপেক্ষে পুনৰ ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে।

কলেৰা(Swine Fever):

এই ৰোগ হ’লে জ্বৰ উঠে আৰু অতিপাত মলত্যাগ কৰে।

প্ৰতিষেধক ব্যৱস্থা:

এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে।

পি পি আৰ এছ(Porcine Reproductive & Respiratory Syndrom):

পি পি আৰ এছ গাহৰিৰ ভাইৰাচজনিত ৰোগ। এই ৰোগ হ’লে প্ৰজননৰ অক্ষমতা আৰু শ্বাস প্ৰশ্বাস লোৱাত বাধাৰ সৃষ্টি হয়। এই ৰোগে গাহৰি পালকক অৰ্থনৈতিক ভাৱে ক্ষতি কৰে। ইয়াক “ব্লু এয়াৰ” ৰোগ হিচাবেও জনাজাত। কাৰণ এই ৰোগ হ’লে কাণ দুখন নীলা হয়।

ৰোগৰ লক্ষণ সমূহ:

মাইকী গাহৰিৰ গৰ্ভপাত হয়। মৃত নৱজাতক পোৱালি প্ৰসৱ হয়। দুৰ্বল পোৱালি জন্ম। জ্বৰ হয় ১০৩° ফাৰেণহাইটৰ পৰা ১০৫° ফাৰেণহাইটলৈ। কাণ আৰু গাৰ ছালৰ ৰং সলনি হয়। সাধাৰণতে নীলা হোৱা দেখা যায়।

চিকিৎসা:

ভাইৰাছ জনিত ৰোগৰ কোনো চিকিৎসা নাই। আন কোনো বেক্টেৰিয়েল ইনফেকচন নহ’বৰ বাবে এন্টিবায়’টিক দিব পৰা যায়(চিকিৎসকৰ পৰামৰ্শমতে)।

প্ৰতিষেধক ব্যৱস্থা:

“Modified Live Vaccine আৰু Killed Virus Vaccine” ব্যৱহাৰ কৰা হয় যদিও আমাৰ ইয়াত উপলব্ধ নহয়।

ৰক্তহীনতা(Anaemia) -

গাহৰি পোৱালিবোৰে প্ৰায় ৰক্তহীনতা ৰোগত ভোগা দেখা যায়। এই ৰোগৰপৰা পোৱালিবোৰক মুক্ত কৰিবলৈ পশুচিকিৎসকৰ পৰামৰ্শক্ৰমে আইৰণ জাতীয় ঔষধৰ বেজি নিয়মিতভাৱে দিয়াব লাগে।

এটা কথা মনত ৰখা উচিত-“চিকিৎসাতকৈ প্ৰতিষেধক ব্যৱস্থাই উত্তম”। অৰ্থনৈতিকভাৱে লাভবান হ’বলৈ পাম স্থাপন কৰিলে পশুচিকিৎসকৰ পৰামৰ্শ নিয়মিতভাৱে গ্ৰহণ কৰা উচিত।

সামৰণি -

অসমৰ ভৌগালিক অৱস্থান আৰু জলবায়ুৰ বাবে গাহৰি পালন কৰাতো অতি সুবিধাজনক আৰু লাভজনক ব্যৱসায়। অতীজৰেপৰা অসমৰ বহুসংখ্যক আহোম লোকে বিশেষকৈ জনজাতি, চাহ বনুৱা, হৰিজন আৰু কিছুসংখ্যক আহোম সম্প্ৰদায়ৰ লোকে নিজাঘৰৰ চৌহদতে মুক্তভাৱে আৰু পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। পূৰ্বে গাহৰি পালনক এক নিকৃষ্ট ব্যৱসায়ৰূপে বিবেচনা কৰা হৈছিল।বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিলে ই এক লাভজনক ব্যৱসায় বুলি প্ৰমাণ কৰিব পাৰি। এতেকে পৌৰাণিক চিন্তাধাৰা পৰিৱৰ্তন কৰি কৃষক, পালক আৰু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে গাহৰি পালন কৰিবলৈ আগবাঢ়ি নিজে লাভবান হোৱাৰ উপৰিও দেশৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াব পাৰে। গাহৰি পালনৰ সফলতা নিৰ্ভৰ কৰে গৰ্ভাৱস্থাত গাহৰিজনীক লোৱা যতন, জন্ম হোৱা পোৱালিৰ সংখ্যা আৰু সিহঁতৰ যতনৰ ওপৰত।

আন এক মন কৰিবলগীয়া কথা হ’ল-আমাৰ স্থানীয় গাহৰি পালনৰ দ্বাৰা লাভবান হ’ব নোৱাৰি-যিহেতু স্থানীয় গাহৰি আকাৰত সৰু আৰু ওজনো নিচেই কম। স্থানীয় গাহৰিয়ে এবাৰত মাত্ৰ ৫-৬টা পৰ্যন্ত পোৱালি দিয়ে, আনহাতে বৰ্ণ-সংকৰ গাহৰিয়ে এবাৰত ১০-১২টা পৰ্যন্ত পোৱালি দিয়ে আৰু কম সময়ত ইহঁত ডাঙৰ-দীঘল হয়।

বিজ্ঞানসন্মৰ গাহৰি পালনৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া প্ৰধান দিশকেইটা -

উন্নত জাতৰ গাহৰি পালন। বিজ্ঞানসন্মত গড়াল নিৰ্মাণ। সঠিক সময়ত প্ৰজনন। নিয়মিতভাৱে প্ৰয়োজনীয় দানা-পানী যোগান। গাভিনী গাহৰিৰ যতনপোৱতী গাহৰিৰ যতন। জন্মৰ সময়ত ল’ব লগা যতন। পোৱালিৰ যতন। নিয়মিত স্বাস্থ্য ৰক্ষা আৰু ব্যৱস্থা গ্ৰহণ। পামৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা। পশুচিকিৎসকৰ নিয়মিত পৰামৰ্শ গ্ৰহণ।

অধিক আয় লাভৰ বাবে বৰ্তমান মীন পামৰ লগত গাহৰি পাম স্থাপন কৰি সংমিশ্ৰিত পাম খোলাৰ ব্যৱস্থাও আছে। মাছ পালন কৰা পুখুৰীৰ পাৰত বা পানীৰ ওপৰতে গাহৰিৰ গড়াল সাজি সংমিশ্ৰিত পাম খুলিব পাৰি। পুখুৰীৰ পাৰত গাহৰিৰ গড়াল সাজিলে পুখুৰীৰ পানীৰ ফালে গড়ালৰ মজিয়া এঢলীয়া কৰি দিব লাগে আৰু পানীৰ ওপৰত গড়াল সাজিলে মজিয়াখনত ফুটা কৰি দিব লাগে। এনেকৈ পাম স্থাপন কৰিলে গাহৰিৰ মল-মূত্ৰ আদি পুখুৰীৰ পানীত পৰিব আৰু মাছৰ আহাৰ হ’ব। ফলত মাছৰ বাবে প্ৰয়োজনীয় খাদ্যৰ খৰছো কমিব।

বৰ্তমান অসমত গাহৰি পালনে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু বহু লোক গাহৰি পালন কৰি লাভবান হৈছে। গণনা আৰু পৰিসংখ্যাৰ দ্বাৰা দেখা গৈছে যে অসমত গাহৰি পালন অধিক লাভজনক হৈ উঠাটো নিশ্চিত আৰু তাৰ বাবে আমাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ ধৈৰ্য আৰু একাগ্ৰতাৰ নিতান্ত প্ৰয়োজন।

উৎসঃ পশুপালন আৰু পশুচিকিৎসা বিভাগ অসম