ছাগলীক ভাৰতবৰ্ষত ’দুখীয়া মানুহৰ গাই’ বুলি জনা যায় আৰু শুকান জলবায়ুৰ কৃষি পদ্ধতিৰ ই এটা গুৰুত্বপূৰ্ণ অংশ। আন পশুধন যেনে গৰু বা ম’হ আদি পোহাৰ বাবে অনুপযুক্ত উপান্ত আৰু খলা-বমা ঠাইত ছাগলি পালন কৰাটো হ’ল আটাইতকৈ উত্তম বিকল্প। অতিশয় কম বিনিয়োগেৰে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে ছাগলি পালনটো লাভদায়ক উপায় ৰূপে গঢ়ি তুলিব পাৰি। কোনে কৰিব পাৰে? • ক্ষুদ্র আৰু উপান্ত কৃষকসকলে • ভূমিহীন শ্রমিকসকলে • যিসকলৰ চৰোৱা ঠাই আছে কিয় কৰিব - • অলপ মূলধন বিনিয়োগ আৰু দ্রুত লাভ। • সহজ-সৰল আৰু সৰু চালিঘৰতেই পুহিব পাৰি। • গোহালিত ৰাখি লালন-পালন কৰাটো লাভজনক। • ছাগলীৰ অধিক পোৱলি দিয়াৰ ক্ষমতা। • গোটেই বছৰ জুৰি কাম। • মাংস চর্বিহীন আৰু কম মেদযুক্ত আৰু সকলোৰেই পছন্দনীয়। • যিকোনো সময়ত বিক্ৰী কৰি টকা পোৱা যাব পাৰে। আপোনাৰ বাবে কোনটো জাত সঠিক হ’ব? যমুনাপাৰী। • যথেষ্ট ওখ। • যথেষ্ট পৰিমানে বক্ৰ ৰোমান নাক যুক্ত আৰু দীঘল কাণযুক্ত পূর্ণবয়স্ক যমুনাপাৰীৰ ক্ষেত্রত কাণৰ দৈৰ্ঘ্য প্ৰায ১২ ইঞ্চি হয়। • পঠাৰ ওজন প্রায় ৬৫-৮৫ কিলোগ্ৰাম আৰু ছাগলীৰ ওজন প্রায় ৪৫-৬০ কিলোগ্ৰাম। • প্রত্যেক পিয়নত এটি পোৱালি দিয়ে। • ছমাহ বয়সৰ পোৱালিৰ ওজন প্রায় ১৫ কিলোগ্ৰাম। • গাখীৰ উৎপাদন দৈনিক প্রায় ২-২.৫ লি. তেল্লিচেৰি • ছাগলিবিলাক বগা, বাদামী বা ক’লা ৰঙৰ হয়। • প্রতি পিয়নত ২-৩ টা পোৱালি হয়। • পঠাৰ ওজন প্রায় ৪০-৫০ কিলোগ্ৰাম আৰু ছাগলীৰ ওজন প্রায় ৩০ কিলোগ্ৰাম বোয়াৰ • গোটেই পৃথিৱী জুৰি মাংসৰ বাবে পালন কৰা হয়। • বৃদ্ধিৰ হাৰ খুব দ্রুত। • পঠাৰ ওজন প্রায় ১১০-১৩৫ আৰু ছাগলীৰ ওজন প্রায় ৯০-১০০ কিলোগ্ৰাম। • ৯০ দিন বয়সত পোৱালিৰ ওজন প্রায় ২০-৩০ কিলোগ্ৰাম হয়। প্রজননৰ বাবে ছাগলী নির্বাচন - মাইকী ছাগলী • প্রতি পিয়নত ২-৩ টি পোৱালি পোৱা হ’ব লাগে। • ৬-৯ মাহত পূর্ণতা প্রাপ্ত হ’ব লাগে। পঠা ছাগলী • ওখ, বহল বুকু আৰু লাহী শৰীৰ • ৯-১২ মাহ বয়সত পূর্ণতা পায় • ৬ মাহ বয়সত ভাল ওজন প্ৰাপ্ত হোৱা পোৱালি বাচনি কৰা উচিত • ২-৩ টি পোৱালি হোৱা মাকৰ পোৱলি বাচনি কৰিব লাগে খাদ্য পৰিচালন ব্যৱস্থাপন - চৰিবলৈ নিয়া আৰু লগতে দানা খুৱালে বৃদ্ধি ভাল হয়। প্র’টিন সমৃদ্ধ সেউজীয়া পশুখাদ্য যেনে একেছিয়া, লিউচার্ন আৰু শিমলু আলু আদি নাইট্র’জেনযুক্ত আহাৰ খুৱাব লাগে৷ কৃষকসকলে পামৰ কাষে-কাষে বকফুল, চুবাবুল আৰু গ্লেৰাইচিডিয়া গছ লগাব পাৰে যি সেউজীয়া পশু খাদ্য হিচাবে ব্যৱহাৰ হ’ব। এক একৰ মাটিত কৰা পশুখাদ্য আৰু গছৰ দ্বাৰা ১৫-৩০ টা ছাগলীৰ খাদ্যৰ চাহিদা পুৰাবৰ বাবে পর্যাপ্ত। দানা নিম্নলিখিতভাৱে তৈয়াৰী কৰিব পৰা যায়৷ উপাদান ছাগলী পোৱালিৰ খাদ্য বাড়ন্ত অৱস্থাৰ ছাগলীৰ খাদ্য গাখীৰ দিয়া ছাগলীৰ খাদ্য গর্ভৱতী ছাগলীৰ খাদ্য মাকৈ ৩৭ ১৫ ৫২ ৩৫ দালি জাতীয় শস্য ১৫ ৩৭ --- --- খলিহৈ ২৫ ১০ ৮ ২০ চাপিছত ২০ ৩৫ ৩৭ ৪২ খনিজ মিশ্রণ ২.৫ ২ ২ ২ সাধাৰণ নিমখ ০.৫ ১ ১ ১ মুঠ ১০০ ১০০ ১০০ ১০০ প্রথম ১০ সপ্তাহত পোৱালিবিলাকক ৫০-১০০ গ্রাম দানা দিব লাগে৷ বাড়ন্ত পোৱালিবিলাকক ৩-১০ মাহলৈকে দৈনিক ১০০-১৫০ গ্রাম দানা দিব লাগে৷ গর্ভৱতী ছাগলীবিলাকৰ বাবে দৈনিক প্রায় ২০০ গ্রাম পর্যন্ত দানা দিব পৰা যায়৷ ১ কিলোগ্ৰাম গাখীৰ দিয়া গাখীৰতী ছাগলীক দৈনিক ৩০০ গ্রাম দানা দিব লাগে ছাগলীৰ গোহালিত তাম সমৃদ্ধ(৯৫০-১২৫০ পি.পি.এম) খনিজৰ খণ্ড ৰাখিব লাগে৷ প্রজনন পৰিচালন ব্যৱস্থাপন লাভদায়কভাৱে ছাগলী পুহিবলৈ ২ বছৰত তিনিটা পিয়ন দিব লাগে। • প্রজননৰ বাবে দ্রুত বর্ধনশীল আৰু ডাঙৰ আঁকাৰৰ ছাগলী ব্যৱহাৰ কৰিব লাগে৷ • প্রজননৰ বাবে এবছৰ বয়সৰ পঠা ছাগলী ব্যবহাৰ কৰিব লাগে৷ • পিয়নৰ ৩ মাহ পিছত ছাগলীৰ পুনঃপ্রজনন কৰাব লাগে, তেতিয়াহলেহে ২ বছৰত ৩টা পোৱালি পোৱা যাব পাৰে৷ • মোটামুটি প্রতি ১৮ পৰা ২১ দিনৰ মূৰে মূৰে ছাগলিৰ ঋতুকাল আহে আৰু এই ঋতুকাল ২৪-৭২ ঘণ্টা থাকে৷ • কামোত্তেজনাৰ সময়ত ছাগলী সৰৱ হৈ উঠে আৰু কিছুমানে ভেবাই থাকে৷ • চঞ্চলতা, নেজডাল ইফালে-সিফালে ঘূৰুৱাটোও কামোত্তেজনাৰ আৰু এটি লক্ষণ৷ ইয়াৰ উপৰিও যোনিদ্বাৰ সামান্য ফুলে আৰু ৰঙচুৱা দেখা যাব আৰু যোনিৰ পৰা স্রাৱ ওলোৱা বাবে নেজৰ চাৰিওকাষে ভিজা-ভিজা আৰু লেতেৰা দেখা যাব পাৰে৷ ভোক কমি যায় আৰু মূত্রত্যাগ বাঢ়ে আৰু ঘন ঘন হয়৷ কামোত্তেজনাৰ সময়ত ছাগলী পঠা ছাগলীৰ নিচিনা আন এটা ছাগলীৰ পিঠিত উঠিব পাৰে বা অন্য ছাগলীক নিজৰ পিঠিত উঠিব দিব পাৰে৷ • ঋতুকালৰ লক্ষণ দেখা দিয়াৰ ১২-১৮ ঘণ্টাৰ পিছত ছাগলীৰ প্রজনন কৰোৱাটো উচিত। • কোনো কোনো ছাগলীৰ ঋতুকাল ২-৩ দিনলৈকে স্থায়ী হয়৷ সেয়ে সেইবিলাকক আকৌ পিছৰ দিনা প্রজনন কৰোৱাটো উচিত৷ গর্ভধাৰণ কাল মোটামুটি ১৪৫-১৫০ দিন, তথাপিও এসপ্তাহলৈকে ইফাল-সিফাল হোৱাটো স্বাভাৱিক৷ আগৰে পৰাই প্ৰস্তুত থকাটো ভাল৷ পেলু বিতাৰণ • প্রজনন কৰোৱাৰ আগতে ছাগলীৰ কৃমিনাশ কৰিব লাগে৷ কৃমি আক্রান্ত ছাগলীবিলাক বেমাৰী আৰু নিস্তেজ হয়। • পোৱালিবিলাকৰ এমাহ বয়সত কৃমিৰ ঔষধ দিব লাগে৷ কৃমিৰ জীৱনচক্র তিনি সপ্তাহ, সেয়ে দুমাহ বয়সত আকৌ এবাৰ কৃমি নাশ কৰাৰ পৰামর্শ দিয়া হয়৷ • গর্ভৱতী ছাগলীৰ পিয়নৰ ২-৩ সপ্তাহ আগতে কৃমিনাশ কৰিব লাগে৷ • গর্ভপাত নহ’বৰ বাবে গর্ভাৱস্থাৰ প্রথমৰ ফালে (২ মাহলৈকে) ছাগলীৰ কৃমিনাশ নকৰাই ভাল৷ চিটা • পোৱালিবালাকৰ এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ প্রথম দ’জ ৮ সপ্তাহ বয়সত আৰু তাৰ পিছত আকৈ ১২ সপ্তাহ বয়সত দিব লাগে। • ছাগলীৰ প্রজননকালৰ ৪-৬ সপ্তাহ আগতে আৰু পিয়নৰ ৪-৬ সপ্তাহ আগতে এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ চিটা দিব লাগে৷ • পঠাবিলাকক বছৰত এবাৰ এণ্টাৰ’ট’ক্সেমিয়া আৰু টিটেনাচৰ চিটা দিব লাগে৷ ছাগলীৰ বাসস্থান ডীপ লিটাৰ পদ্ধতি • ভাল বতাহ চলাচল কৰিব পৰা সৰু চালিঘৰ এটি সৰু জাক পালনৰ বাবে পর্যাপ্ত৷ • লিটাৰৰ উচ্চতা অন্ততঃ ৬ ছেন্টিমিটাৰ হ’ব লাগে। • লিটাৰ কাঠৰ গুঁড়ি, ধানৰ তুঁহ গুৰি বা বাদামৰ খোলা দি তৈয়ৰী কৰিব পৰা যায়৷ • গোহালিৰ দূর্গন্ধ আঁতৰাবলৈ মাজে মাজে লিটাৰ উলট-পালট কৰি দিব লাগে৷ • প্রতি ২ সপ্তাহত এবাৰকৈ লিটাৰ বদলাব লাগে৷ • প্রতিটি ছাগলীৰ বাবে প্রায় ১৫ বর্গ ফুট ঠাইৰ প্ৰয়োজন হয়৷ • বাহিৰৰ পৰা পৰজীৱিৰ উপদ্রব কমোৱাৰ যত্ন ল’ব লাগে৷ • এটি পূর্ণবয়স্ক ছাগলীয়ে বছৰত প্রায় এক টন সাৰ উৎপন্ন কৰে৷ চাংঘৰ পদ্ধতি • মাটিৰ পৰা প্রায় ৩-৪ ফুট উচ্চতাত কাঠৰ তক্তা বা তাৰৰ জাল বহোৱা হয়। এই পদ্ধতিত বাহিৰৰ পৰজীৱিৰ উপদ্রৱ সাধাৰণতঃ কম হয়। পালন পদ্ধতি আংশিক আৱদ্ধ পদ্ধতি • যি বিলাক অঞ্চলত চৰাবলৈ ঠাই কম থাকে সেইবিলাক ঠাইত ছাগলী চৰি অহাৰ পিছত বিষেশভাবে সেউজীয়া পশুখাদ্য আৰু দানা খুৱাব লাগে। আৱদ্ধ পদ্ধতি • ছাগলীৰ গোহালিত সেউজীয়া পশুখাদ্য আৰু দানা খোৱাব লাগে৷ • চৰিবলৈ নিয়া নহয়। • থকাৰ ঠাই ডিপ লিটাৰ পদ্ধতিৰো হ’ব পাৰে বা চাং পদ্ধতিৰো হ’ব পাৰে। ছাগলীৰ বীমা • ৪ মাহ বয়সৰ পৰা সাধাৰণ বীমা সংস্থাৰ জৰিয়তে ছাগলীৰ বীমা কৰাব পৰা যায়। • আকস্মিক দুর্ঘটনা বা বেমাৰত মৃত্যু হ’লে বীমা দাবি কৰিব পৰা যায়৷ ভাৰতৰ ছাগলী পামসমূহ • নাডুৰ ছাগলী পাম • শিবাজী পার্ক ছাগলী পাম • ভাৰতীয় ছাগলী পাম উৎস: আইএনডিজি দল