গাহৰি পালনৰ সুবিধাসমূহ গাহৰিয়ে খোৱাৰ অনুপযোগী খাদ্য যেনে, ঘাঁহ-বন, কিছুমান শস্যজাতীয় দানা, মিলৰ পৰা পোৱা শস্যজাতীয় উপজাত, মাংসৰ উপজাত, গেলা-পঁচা দানা, পেলনীয়া বস্তু আদি পুষ্টিকৰ মাংসলৈ পৰিৱৰ্ত্তিত কৰে। ইয়াৰ মাজৰ বহু খাদ্যয়েই মানুহে খোৱাৰ অনুপযোগী বা সোৱাদযুক্ত নহয়। গাহৰি অতি সোনকালে বৃদ্ধি প্ৰাপ্ত হয় আৰু এবাৰত বহুকেইটা, এবাৰত ১০ ৰ পৰা ১২ লৈকে পোৱলি দিয়ে। নিয়মীত পালন ব্যৱস্থাত ইয়াৰ বছৰেকত ১২ টা পোৱালিৰ জন্ম দিয়াৰ ক্ষমতা আছে। ইয়াৰ পৰা পোৱা মাংসৰ পৰিমাণ বহু বেছি, প্ৰায় জীৱন্ত ওজনৰ ৬০ ৰ পৰা ৮০ শতাংশ। ঘৰ আৰু অন্নান্য সা-সৰজ্ঞামত কম বিনিয়োগ আৰু উপযুক্ত দানা পানী আৰু ভাল বেমাৰ প্ৰতিৰোধ কাৰ্য্যসূচীৰে কৃষক এজনে তেওঁৰ সময়, শ্ৰমেৰে ফলপ্ৰসুভাৱে পৰিপূৰক আয় পাব পাৰে। গাহৰিৰ গোবৰ খেতিৰ বাবে ভাল সাৰ। গাহৰি পালনৰ দিহা গাহৰি পাম কাৰ বাবে ক্ষুদ্ৰ আৰু ভূমিহীন কৃষকৰ বাবে। কৃষি কৰ্মক জীৱিকা হিচাপে লোৱা শিক্ষিত যুৱকৰ বাবে বাহিৰা আয়। অশিক্ষিত যুৱক পামত কাম কৰা মহিলাসকলৰ বাবে। গাহৰিৰ জাত পূৰ্বৰে পৰাই গাহৰি উৎপাদনত থলুৱা প্ৰজাতিৰ গাহৰিক মূল হিচাপে লৈ থকা হৈছে। এইবিলাক আঁকাৰত সৰু। এতিয়া উন্নত জাতৰ গাহৰিবিলাকক গ্ৰাম্য অঞ্চলৰ গাহৰিক উন্নত কৰি উৎপাদন বঢ়াবলৈ ব্যৱহাৰ কৰা হৈ আছে। ভাৰতত পোহপাল কৰি থকা বিদেশৰ পৰা আমদানিকৃত গাহৰিৰ জাতসমূহ তলত দিয়া ধৰণৰ: লার্জ হোয়াইট ইয়র্কছায়াৰ ভাৰতত সকলোতকৈ অধিক ব্যৱহৃত জাত। গাৰ ৰং ডাঠ বগা, মাজে মাজে ক’লা দাগো থাকে। কাণবিলাক থিয়, নাক মজলীয়া দৈৰ্ঘ্যৰ, থালাকৃতিৰ মুখ। সংকৰ প্ৰজাতি উৎপাদনৰ বাবে ব্যৱহাৰ কৰিবলৈ উত্তম। বহু পোৱালি দিয়ে। পূৰ্ণবয়স্ক মতা গাহৰিৰ ওজন ৩০০–৪০০ কিলোগ্ৰাম। পূৰ্ণবয়স্ক মাইকী গাহৰিৰ ওজন ২৩০ – ৩২০ কিলোগ্ৰাম। লেন্ডৰেচ ক’লা দাগেৰে সৈতে বগা ৰঙৰ। দীঘলীয়া গা, পৰি থকা ডাঙৰ ডাঙৰ কাণ আৰু দীঘলীয়া নাক। বহু পোৱালি দিয়া আৰু দানাক মাংসত পৰিৱৰ্ত্তিত কৰাত অতিকৈ সক্ষম। মাংসৰ উৎপাদন ইয়ৰ্কছায়াৰৰ সৈতে একে। সংকৰকৰণৰ বাবে উত্তম জাত। পূৰ্ণবয়স্ক মতা গাহৰিৰ ওজন ২৭০ – ৩৬০ কিলোগ্ৰাম। পূৰ্ণবয়স্ক মাইকী গাহৰিৰ ওজন ২০০ – ৩২০ কিলোগ্ৰাম। মিডল হোৱাইচ ইয়ৰ্কছায়াৰ ভাৰতৰ কিছুমান ঠাইত ব্যৱহাৰ কৰা হয়। ক্ষীপ্ৰ বৃদ্ধি, মাংসৰ উৎপাদন ভাল হয়। লাজ হোৱাইট ইয়কছায়াৰৰ দৰে বেছি পোৱালি জন্ম নিদিয়ে। মতা বিলাকৰ ওজন ২৫০- ৩৪০ কিলোগ্ৰাম। উত্তৰ পূৰ্ব্বাঞ্চলৰ বাবে গাহৰিৰ জাত উত্তৰ পূৰ্ব্বাঞ্চলৰ বাবে গাহৰি পালন এটা অতি প্ৰয়োজনীয় উপাদান। ভাৰতবৰ্ষৰ সৰ্বমুঠ গাহৰিৰ ২৮ শতাংশ এই অঞ্চলত আছে। সচৰাচৰ পালন কৰা জাতসমূহ তলত দিয়া ধৰণৰ। উত্তৰ পূ্ৰ্ব্বাঞ্চলৰ বাবে আই.চি.এ.আৰ.ৰিচাৰ্চ কমপ্লেস্ক, বৰাপানী-৭৯৩১০৩, মেঘালয়ত উপলব্ধ উন্নত মানদণ্ডৰ জাতসমূহ: হেম্পচায়াৰ এইচ.এছ X১ লাজহোৱাইচ ইয়ৰ্কচায়াৰ ড’ৰক লেম্ডৰেচ থলুৱা গুনগ্ৰু গাহৰিঃ থলুৱা কৃষকসকলৰ বাবে এটা সম্ভাৱনাপূৰ্ণ প্ৰজাতি অধিক পোৱালি দিব পৰা আৰু কম যতনত বৰ্ত্তি থাকিব পৰা বাবে জনপ্ৰিয় থলুৱা জাতৰ গাহৰি গুনগ্ৰু প্ৰথমতে উত্তৰবঙ্গত পোৱা গৈছিল। এই প্ৰজাতিৰ গাহৰিয়ে কৃষি উপাজাত আৰু ৰান্ধনিশালৰ বৰ্জ খাই উৎকৃষ্ট মানদণ্ডৰ মাংস তৈয়াৰ কৰে। গুনগ্ৰু সাধাৰণতে কলা ৰঙৰ, মুখখন বোলডগৰ দৰে, ইহঁতে এবাৰত দিয়া পোৱালিৰ সংখ্যা ৬-১২, প্ৰতিটো পোৱালিৰ জন্মৰ সময়ত ওজন ১.০ আৰু মাকক এৰাৰ সময়ত ইহঁতৰ ওজন ৭.০–১০.০ কিলোগ্ৰাম হয়। মতা-মাইকী দুয়োটাই অতিশয় ঘৰচীয়া আৰু চোৱা-চিতা কৰাত সহজ। ইহঁত সাধাৰণতে চৰনীয়া আৰু কৃষি নিৰ্ভৰ অঞ্চলত ইঁহতক বীমা হিচাপে ব্যৱহাৰ কৰা হয়। গুৱাহাটীৰ ৰাণীত থকা এন.আৰ.চি পিগত গুনগ্ৰু গাহৰিক আৱদ্ধ পদ্ধতিত মানক প্ৰজনন, পুষ্টি আৰু পৰিচালন পদ্ধতিত ৰখা হৈছে। ভৱিষ্যতৰ প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিবলৈ ইহঁতৰ প্ৰজনন সম্ভাৱনাৰ মূল্যায়নে অগ্ৰগতি লাভ কৰিছে। কিছুমান বাঁচনি কৰি লোৱা মাইকী গাহৰিয়ে প্ৰতিষ্ঠানটোৰ পামত পালন কৰা আন থলুৱাজাতৰ গাহৰিৰ তুলনাত ১৭ টা লৈকে পোৱালি জন্ম দিছে। প্ৰজনন জাকৰ বাঁচনি ভাল মাইকী গাহৰিৰ জাক বাঁচনিৰ বাবে বিবেচনা কৰিবলগীয়া প্ৰয়োজনীয় লক্ষণসমূহ • এবাৰত কিমানটি পোৱালি দিয়ে। • পোৱালি বিলাকৰ শক্তি আৰু সক্ৰিয়তা। • গাখীৰ খুৱাব পৰাৰ সক্ষমতা। • সাধাৰণ আচাৰ। কোনো বিশেষ জাত বাঁচনি কৰাতকৈ কোনো জাকৰ পৰা বৃদ্ধিৰ হাৰৰ ক্ষমতা, দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰিব পৰা সক্ষমতা, গাভিনী হোৱাৰ সক্ষমতা আদিৰ ওপৰত ভিত্তি কৰি বাঁচনি কৰটো উত্তম। নিজা পাম আৰম্ভ কৰাৰ সময়ত কৃষকে গাহৰি নিৰ্ভৰযোগ্য, বেমাৰমুক্ত জাকৰ পৰা কিনিব লাগে আৰু যিমানদুৰ সম্ভৱ সকলো ধনৰ তথ্য সংগ্ৰহ কৰিব লাগে। পাম আৰম্ভ কৰাৰ পিছত, জাকটোত পিছলৈ প্ৰজননৰ বাবে সলনি কৰিবলৈ, মতা আৰু মাইকী গাহৰি ইহঁতৰ প্ৰকাৰ আৰু উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰি কৰিব লাগে। মাইকী গাহৰিৰ বাচনি ইয়’ৰ্কচায়াৰ মাইকী গাহৰি • প্ৰজননৰ বাবে বাঁচনি কৰা মাইকী গাহৰিৰ ওজন ৯০ কিলোগ্ৰাম হ’ব লাগে। • একেদৰে বহু পোৱালি দিয়া মাতৃৰ পৰাহে প্ৰজননৰ বাবে মাইকী গাহৰি বাঁচনি কৰিব লাগে। • কম সময়ৰ ভিতৰত বজাৰ উপযোগী প্ৰকাৰ আৰু ওজন লাভ কৰিব পৰা হ’ব লাগে। • যিবিলাকৰ একে মাতৃৰ সন্তানে দৈনিক ওজন প্ৰাপ্তি আৰু দানা অনুপাতে ভাল মাংস উৎপাদন কৰিছে, সেইবিলাক জাকৰ পৰা মাইকী গাহৰি বাঁচনি কৰাটো পচন্দনীয়। মতা গাহৰিৰ বাচনি ইয়’ৰ্কচায়াৰ মতা গাহৰি • বিশেষকৈ সৰু প্ৰজনন পাম বা গোটৰ বাবে মতা গাহৰি বাঁচনি কৰাটো অত্যন্ত জৰুৰী। • গাহৰি উৎপাদন কৰা(breeder) বা পামৰ উন্নতি প্ৰৰ্দশনৰ যথেষ্ট তথ্য ৰখা পামৰ পৰাহে মতা গাহৰি কিনিব লাগে। • একেধাৰে বহু পোৱালি দিয়া মাতৃৰ পৰাহে প্ৰজননৰ বাবে মতা গাহৰি বাঁচনি কৰিব লাগে। • ভাল মতা গাহৰিয়ে ৫-৬ মাহত ৯০ কি.গ্ৰাম ওজন প্ৰাপ্ত হ’ব আৰু শক্তিশালী ঠেং আৰু পতাৰে ভাল প্ৰকাৰৰ হ’ব। • মাতৃৰ পৰা আঁতৰোৱাৰ পিছত ৯০ কি.গ্ৰাম ওজন পোৱালৈ ইয়াৰ দানা মাংসলৈ পৰিৱৰ্ত্তিত কৰাৰ সক্ষমতা উত্তম হ’ব লাগে। প্ৰজননৰ বাবে মতা আৰু মাইকী গাহৰি সলনি কৰোতে বিবেচনা কৰিবলগীয়া বিষয়সমূহ • গাহৰিটোৰ মাতৃয়ে দিয়া পোৱালিৰ সংখ্যা আঠ বা তাতোধিক হ’ব লাগে। মাতৃৰ পৰা আতঁৰোৱা সময়ত মাতৃৰ ওজন (৫৬ দিনত) মাইকী গাহৰিৰ ক্ষেত্ৰত ১২০ কিলোগ্ৰাম আৰু মতা গাহৰিৰ ক্ষেত্ৰত ১৫০ কিলোগ্ৰামৰ তলত হ’ব নালাগে। • মতা বা মাইকী গাহৰিয়ে ছমাহত ৯০ কি.গ্ৰাম ওজন প্ৰাপ্ত হৈছে। • গাহৰিবিলাকৰ গা যথেষ্ট পৰিমানে দীঘল আৰু গভীৰ, শকত, মজবুত তপিনা, চিকুন মাংসৰে পূৰ্ণ হ’ব লাগে। • গাহৰিবিলাকৰ ঠেং আৰু ঠেংৰ পতাবিলাক সুস্থ হ’ব লাগে। • বৰ্ত্তমান আমাৰ দেশত কঁকালৰ চৰ্বিৰ পৰীক্ষা কৰা নহয়। মাইকী গাহৰিৰ ক্ষেত্ৰত কঁকালৰ চৰ্বিৰ গভীৰতা ৪ ছে.মি. বা তাতকৈ কম আৰু মতা গাহৰিৰ ক্ষেত্ৰত ই ৩.২ ছে.মি. বা তাতকৈ কম হ’ব লাগে। • মাইকী গাহৰিবিলাকৰ নুন্যতম ১২ টা সমান দূৰত্বত অৱস্থিত কাৰ্য্যকৰী ওহাৰ বাট থাকিব লাগে। ওহাৰ বাটত ফুটা নথকা জন্তু পৰিহাৰ কৰিব লাগে কাৰণ এনে বাটৰ পৰা গাখীৰ নোলায় আৰু ই এটি বংশগত দোষ। • তেজ পৰীক্ষাত ব্ৰুচেল্ল’চিচ আৰু লেপ্ট’স্পাইৰ’চিচৰ ঋণাত্মক ফলাফল পাব লাগে আৰু গাহৰি জ্বৰৰ (চোৱাইন ফিভাৰ) প্ৰতিষেধক ভেকচিন দিয়া হ’ব লাগে। • গাহৰিবিলাকক অন্যান্য বেমাৰ আৰু শাৰিৰিক দোষমুক্ত হ’ব লাগে খাদ্যৰ ব্যৱস্থাপন পৰিচালনা খাদ্য মিশ্ৰণ প্ৰস্তুত কৰোতে বিবেচনা কৰিবলগীয়া বিষয়সমূহ: • আটাইতকৈ কম খৰচী উপাদান বাচি ল’ব লাগে। • শস্যৰ গুটি- মাকৈ, চ’ৰঘম, অ’ট, ঘেঁহু আৰু চাউল আদি হ’ব লাগে মূল উপাদান। • প্ৰ’টিনৰ যোগান – তেলৰ খলিহৈ আৰু মাছ-মাংসৰ গুৰি। • কোনো ভিটামিনৰ যোগানৰ আৱশ্যকতা নহয় যদি গাহৰিবিলাকক মুকলিভাৱে চৰিবলৈ বা সেউজীয়া ঘাঁহ খাবলৈ দিয়া হয়। যদি কোনো প্ৰাণীজাত প্ৰ’টিন খুওৱা নহয় তেন্তে ভিটামিন বি-১২ যোগানৰ প্ৰয়োজন হ’ব পাৰে। • প্ৰতি কিলোগ্ৰাম দানাত ১১ মিলিগ্ৰাম হিচাপত এন্টিবায়’টিক দিব লাগে। • খনিজ পদাৰ্থৰ যোগান ধৰিব লাগে। তলৰ তালিকাখনে পোৱালি, বৰ্ধনশীল, আৰু বৰ্দ্ধিত গাহৰিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন খাদ্য মিশ্ৰণ দেখুৱাইছে পুষ্টি পোৱালি দানা(গাখীৰ এৰুৱালৈকে) বৰ্ধনশীলৰ দানা মিশ্ৰণ (২০-৪০কি.গ্ৰাম) বৰ্দ্ধিতৰ দানা মিশ্ৰণ (৪০-৯০কি.গ্ৰাম) প্ৰ’টিনৰ যোগান(শতাংশ) ক) তেলৰ খলিহৈ ১৬-১৮ ১৪-১৬ ১৩-১৪ খ. মাংস প্ৰ’টিন ৮-১০ ৪ ২ শস্যৰ গুটি (মাকৈ, চ’ৰঘম,মিলেট বা শস্যদানাৰ মিশ্ৰন) (শতাংশ) ৬০-৬৫ ৫০-৫৫ ৪০-৫০ ঘেঁহু বা চাউলৰ ভুচি (শতাংশ) ৫ ১০ ২০ লিউচাৰ্নৰ মিল (শতাংশ) যদিহে আছে -- ৫-৮ -- খনিজ লৱণৰ মিশ্ৰণ (শতাংশ) ০.৫ ০.৫ ০.৫ এন্টিবায়’টিৰ যোগান (মি.গ্ৰাম) ৪০ ২০ ১০ বিভিন্ন বয়সৰ গাহৰি জাকৰ বাবে দানা মিশ্ৰনৰ অনুপাত: উপাদান পোৱালিৰ দানা (১৪ ৰ পৰা ৫৬) দিনলৈ বৰ্ধনশীলৰ দানা ( ৪০ কি.গ্ৰাম ওজনলৈকে) বৰ্দ্ধিতৰ দানা (৪০-৯০ কি.গ্ৰাম) গৰ্ভৱতী আৰু গাখীৰতী মাকৈ বা চ’ৰঘম বা ঘেঁহুৰ গুৰি, চাউলৰ গুৰি আৰু বাৰ্লি সুবিধাজনক মিশ্ৰণত ৬৫ ৫০ ৫০ ৫০ তেলৰ খলিহৈ (বাদামৰ, চ’য়াবিন, তিল, লিনচেড খলিহৈ) ১৪ ১৮ ২০ ২০ গুৰ ৫ ৫ ৫ ৫ ঘেঁহু বা চাউলৰ গুৰি ১০ ১.৫ ২৫ ১৮ মাছৰ বা মাংসৰ গুৰি বা সিজোৱা নাড়ী-ভূড়, গাখীৰজাত বস্তুৰ বৰ্জিত পদাৰ্থ বা স্কীম মিল্ক পাউডাৰ ৫ ৫ ৩ ৫ খনিজ লৱণ মিশ্ৰণ ২ ১.৫ ১.৫ ১.৫ নিমখ -- ০.৫ ০.৫ ০.৫ পামত পালন কৰা পশুধনক খাদ্য দিয়াৰ আটাইতকৈ সুবিধাজনক উপায় হ’ল বিভিন্ন বয়সৰ বাবে নিৰ্দ্দেশ কৰা হিচাপত বিভিন্ন শ্ৰেণীৰ বাবে সম্পূৰ্ণ খাদ্য প্ৰস্তুত কৰা আৰু গাহৰিবিলাকে নষ্ট নকৰাকৈ সম্পূৰ্ণৰূপে যাতে খায় সেই হিচাপত দিনত দুই বা তিনিবাৰত দিয়া। তলত গাহৰিয়ে খাব পৰা খাদ্য শুকান ওজন হিচাপত দিয়া হ’ল: গাহৰিৰ ওজন (কিলোগ্ৰাম) দৈনিক গাহৰিয়ে প্ৰতি খাব পৰা খাদ্যৰ পৰিমান (কিলোগ্ৰাম) ২৫ ২.০ ৫০ ৩.২ ১০০ ৫.৩ ১৫০ ৬.৮ ২০০ ৭.৫ ২৫০ ৮.৩ খাদ্যত মিশ্ৰন কৰা সকলো শস্যৰ গুটি গুৰি কৰি দিব লাগে।সাধাৰনতে পানীত তিয়াই খুওৱাটো, শুকানে শুকানে খুওৱাতকৈ উত্তম নহয়। পানীত তিয়াই খুওৱা কাৰ্য্যত অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয়।যদি খাদ্য মিশ্ৰনটোত যথেষ্ট পৰিমানৰ আঁহ থাকে তেন্তে, পেলেটৰ ৰূপত দানা দিলে ওজন পোৱাৰ হাৰ আৰু পাৰদৰ্শিতা বৃদ্ধি পাব। পেলেটৰ ৰূপত দিলে দানা নষ্ট হোৱাৰ পৰিমানো কমিব। প্ৰজনন কৰোৱা মাইকী গাহৰিক অধিক দানা দিব নালাগে। অধিক দানা খুওৱা মাইকী গাহৰিয়ে দুৰ্বল পোৱালি জন্ম দিয়াৰ আৰু পিয়নৰ সময়ত পোৱালি গচকি মাৰাৰ সম্ভাৱনা অধিক থাকে। মাতৃ গাহৰিয়ে আৰু প্ৰথম পোৱালি দিয়া গাহৰিয়ে প্ৰজনৰ পৰা পোৱালি দিয়ালৈ ক্ৰমান্বয়ে প্ৰায় ৩৫ কিলোগ্ৰাম আৰু ৫৫ কিলোগ্ৰাম ওজন প্ৰাপ্ত হ’ব লাগে। গাহৰিৰ বাসস্থান প্ৰতিকূল জলবায়ুৰ বিপৰীতে আশ্ৰয়,বেমাৰৰ প্ৰতি প্ৰতিৰোধ, পৰজীৱি প্ৰতিৰোধ আৰু শ্ৰমৰ প্ৰয়োজনীয়তা কম কৰিবলৈ যথাযথ ঘৰ আৰু সা-সৰঞ্জামৰ প্ৰয়োজন হয়। সাধাৰণতে এটা গাহৰিৰ ঘৰত বিভিন্ন শ্ৰেণীৰ গাহৰিৰ বাবে প্ৰয়োজন হোৱা মজিয়াৰ পৰিমাণ, পানী আৰু বায়ুৰ বাবে স্থান তলত দিয়া হ’ল। পশুধনৰ শ্ৰেণী প্ৰতি পশুধনে আৱৰি থকা মজিয়াৰ কালি (বৰ্গ মিটাৰ) প্ৰতি পশুধনে চৰিবলৈ খোলা স্থান (বৰ্গ মিটাৰ) পানীৰ প্ৰয়োজনীয়তা (লিটাৰ) মতা গাহৰি ৬.২৫-৭.৫ ৮.৮-১২.০ ৪৫.৫ পিয়নৰ বাবে ৭.৫-৯.০ ৮.৮-১২ ১৮-২২ মাতৃৰ পৰা আঁতৰোৱা পোৱালি ০.৯৬-১.৮ ৮.৮-১২ ৩.৫-৪ শুষ্ক মাতৃ গাহৰি ১.৮-২.৭ ৮.৮-১২ ৪.৫-৫ নিৰাপদ আশ্ৰয় পানীৰ প্ৰতিৰোধী চিমেন্টেৰে বনোৱা মজিয়াখন ওখোৰা-মোখোৰা হ’ব লাগে। সহজতে বৰ্জ পদাৰ্থ পৰিবহণ কৰিব পৰা ড্ৰেইন খাকিব লাগে। গ্ৰাম্য অঞ্চলৰ পৰিৱেশত ৩ মিটাৰ X ২.৪ মিটাৰ বা ৩ মিটাৰ X ৩ মিটাৰ জোখৰ কোঠালি যুক্ত আৰু ইয়াৰ সমান জোখৰ বা তাতকৈ অলপ দীঘল, খোলা চৰিব পৰা ঠাইৰ সৈতে গাহৰিৰ ঘৰ সজাব পৰা যায়। বেৰবিলাক মজিয়াৰ পৰা ১.২-১.৫ মিটাৰ ওখ হ’ব লাগে। পোৱালি জগোৱাৰ বাবে কিছুমান কোঠালিত ৫ ছে.মি. ব্যাসাৰ্ধৰ জি.আই পাইপৰ দ্বাৰা মজিয়াৰ পৰা ২০-২৫ ছে.মি. ওপৰত বেৰৰ সৈতে গাৰ্ড বনাই পোৱালি জগোৱা কোঠালিলৈ পৰিৱৰ্ত্তিত কৰিব পাৰি। এই গাৰ্ড ৰেইলৰ উপৰিও বেৰৰ লগত বা এচুকত পৃথককৈ ভাগ কৰি পোৱালিবিলাকে সোমোৱা দুৱাৰ বেলেগ কৰি পোৱালি বিলাকৰ বাবে নিৰাপদ আশ্ৰয় বনাব পৰা যায়। এই ঠাই ডোখৰ সাধাৰণতে ০.৭৫ মিটাৰ X ২.৪ জোখৰ। বহুতো পামত মুকলিভাৱে চৰা ঠাই ডোখৰো পকি কৰা হয়। আনকি সাধাৰণ বতৰতো বিদেশীজাতৰ গাহৰি পোৱালিবিলাক বেছি সময় ৰ’দত থাকিলে ইহঁতৰ গাৰ উত্তাপ বৃদ্ধি পায়। বাসস্থানে মৃত্যু কমায় আৰু গৰম বতৰতো উৎপাদনশীলতা বৃদ্ধি কৰে। তাপমান নিয়ন্ত্ৰণত ৰাখিবলৈ পামৰ চৰিওকাষে গছ-গছনি ৰোৱাটো অতিশয় জৰুৰী। কিন্তু গছ-গছনি ৰুই তাৰ তলত নিয়মীত আশ্ৰয় দিয়াটো কাম্য নহয় কিয়নো ইহঁতে পৰজীৱি বৃদ্ধি কৰিব। পোৱালি জগোৱা কোঠালি গা-তিওৱা ঠাই গাহৰিৰ ঘৰ্ম গ্ৰন্থিৰ সংখ্যা কম থাকে। গৰম জলবায়ু অঞ্চলসমূহত প্ৰজননৰ বাবে ৰখা পূৰ্ণবয়স্ক গাহৰি আৰু মাংসৰ বাবে পোহা গাহৰিক গৰমৰ দিনত গা-তিওৱাৰ প্ৰয়োজন হয়। অস্বাস্থ্যসন্মতভাৱে গা-তিয়াবলৈ এৰি দিয়াতকৈ যথা-যথা ড্ৰেইনযুক্ত গা-তিওৱাৰ ঠাইৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। গা-তিওৱা ঠাইডোখৰৰ আঁকাৰ পশুধন বিলাকৰ আকাৰ আৰু সংখ্যাৰ ওপৰত নিৰ্ভৰশীল। প্ৰজনন পৰিচালন মাইকী গাহৰি প্ৰথমবাৰ প্ৰজনন কৰোৱাৰ বয়স ৮ মাহ মাইকী গাহৰি প্ৰথমবাৰ প্ৰজনন কৰোৱাৰ সময়ত ওজন ১০০-১২০ কিলোগ্ৰাম ঋতুকালৰ (গৰমৰ) স্থায়িত্ব ২-৩ দিন ঋতুকালত প্ৰজনন কৰোৱাৰ সময় ডেকেৰি – প্ৰথম দিনা মাতৃ গাহৰি- দ্বিতীয় দিনা গাহৰিয়ে প্ৰতি দিব লগা যৌন মিলনৰ সংখ্যা ২ বাৰ ১২-১৪ ঘন্টাৰ অন্তৰালত ঋতু চক্ৰৰ সময়কাল ১৮-২৪ দিন (গড়ে ২১ দিন) মাতৃৰ পৰা পোৱালি আঁতৰোৱাৰ পিচত পুণৰায় ঋতুত অহা সময় ২-১০ দিন গৰ্ভকালিন সময় ১১৪ দিন প্ৰজননত থকা জাকৰ বয়সসমূহ ভালকৈ বৃদ্ধিপ্ৰাপ্ত ডেকেৰি গাহৰিক সাধাৰণতে ১২-১৪ মাহ বয়সতে প্ৰজনন কৰাব পাৰি। ই বয়সতকৈ বৃদ্ধিৰ ওপৰত বিষেশকৈ নিৰ্ভৰশীল। প্ৰজনন কৰোৱাৰ আগত ডেকেৰি গাহৰিৰ ওজন অন্ততঃ১০০ কিলোগ্ৰাম হ’ব লাগে। প্ৰাপ্তবয়স্ক হোৱাৰ পৰা পিছৰ পৰ্য্যায়ৰ ঋতু চক্ৰবিলাকত (পঞ্চমবাৰ পোৱালি দিয়ালৈকে) ইহঁতৰ ডিম্ব নিঃসৰনৰ হাৰ বৃদ্ধি পায়। সেয়ে ডেকেৰি গাহৰিৰ প্ৰথম প্ৰজনন দুই বা তিনিবাৰ ঋতুচক্ৰ পোৱাৰ পিছতহে কৰিলে উত্তম ফল পোৱা যায়। গড় হিচাপত পিছৰ পৰ্য্যায়ৰ গৰ্ভাৱস্থাত ইঁহতৰ পোৱালিৰ সংখ্যা পঞ্চমৰ পৰা ষষ্ঠলৈ পিয়নলৈকে বৃদ্ধি পায়। সেয়েহে মাতৃ গাহৰি কোনো ব্যৱসায়িক পাম বা ব্ৰীডিং পামৰ জাকৰ পৰা পঞ্চম বা পৰা ষষ্ঠ পিয়নৰ পিছত বাতিল কৰাটো লাভদায়ক কাৰণ ইয়াৰ পিছত ই জন্ম দিয়া পোৱালিৰ সংখ্যা কমি যাব। ঋতু কালিন অৱস্থাৰ নিৰূপন গাহৰিৰ ক্ষেত্ৰত ঋতুচক্ৰৰ দৈৰ্ঘ ২১ দিন। যৌনাঙ্গৰ ওষ্ঠ ফুলা আৰু তাৰ পৰা বীজলুৱা পদাৰ্থৰ নিঃসৰনৰ পৰা আৰম্ভ কৰি ঋতুকালিন অৱস্থাৰ লক্ষণ পাঁচৰ পৰা সাত দিনলৈকে থাকে। সঁচা ঋতুকালীন অৱস্থাত, সঘনাই মূত্ৰ ত্যাগ কৰা, খাদ্য কমকৈ খোৱা, অন্য গাহৰিৰ ওপৰত আৰোহন কৰা, যৌন মিলনৰ বাবে প্ৰস্তুত হোৱাটো কাণ থিয় হৈ থকা আৰু পিঠিত চাপ দিলেও লৰচৰ নকৰা আদি লক্ষণৰ পৰা নিৰূপন কৰিব পাৰি। পিঠিত চাপ দিয়া পদ্ধতিৰ দ্বাৰা প্ৰজননৰ সঠিক সময় নিৰূপন কৰিব পাৰি। যিবিলাক মাইকী গাহৰিয়ে ঋতুকালিন সময়ৰ লক্ষণ কমকৈ প্ৰদৰ্শন কৰে, সেই বিলাকক মতা গাহৰিৰ ওচৰত আনি ইয়াক নিৰ্ণয় কৰিব পাৰি। প্ৰজনন কৰোৱাৰ উত্তম সময় হ’ল ঋতু দেখা দিয়াৰ দিনা পিচবেলা বা পিছদিনা ৰাতিপুৱা ভাগত।বহু ক্ষেত্ৰত মাতৃ গাহৰি আৰু ডেকেৰি গাহৰিয়ে পিছদিনালৈকে যৌন মিলনৰ বাবে প্ৰস্তুতিৰ লক্ষন দেখায়। এনে ক্ষেত্ৰত পুনৰাই প্ৰজনন কৰাব লাগে আৰু দুটা প্ৰজননৰ মাজত সময়ৰ ব্যৱধান ১২-১৪ ঘন্টা হ’ব লাগে। এইটো প্ৰক্ৰিয়াই জাকটোত উচ্চ গৰ্ভধাৰনৰ হাৰ নিশ্চিত কৰিব। মাতৃ গাহৰি বিলাক পিয়ন দিয়াৰ চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত পুনৰায় ঋতুকালীন অৱস্থা পায় কিল্তু এই সময়ত ইহঁতক প্ৰজনন কৰাব নালাগে। মাতৃ গাহৰিবিলাক ইহঁতৰ পৰা পোৱালি আঁতৰোৱাৰ আকৌ দুইৰ পৰা দহ দিনৰ ভিতৰত পুনৰায় ঋতুকালত আহিব পাৰে আৰু এই সময়ত ইহঁতক প্ৰজনন কৰাব পৰা যায়। কিন্তু পিয়নৰ পিছত দ্বিতীয়বাৰ অহা ঋতুকালত প্ৰজনন কৰালে ভাল ফল পোৱা যয়। এবাৰ প্ৰজনন কৰোৱাৰ পিছতো ইয়াৰ আকৌ ঋতুকাল আহে নেকি লক্ষ্য ৰাখিব লাগে। যদি দুটা ক্ৰমান্বয় ঋতুচক্ৰত মতা গাহৰিৰে ফলপ্ৰসুভাৱে প্ৰজনন কৰোৱাৰ পিছতো গৰ্ভৱতী নহয় তেন্তে ইহঁতক পালৰ পৰা বাতিল কৰোটোৱে উত্তম। ফ্লাছিং ই হ’ল প্ৰজনন কৰোৱাৰ আগত ডেকেৰি আৰু মাতৃ গাহৰিক খুওৱা পদ্ধতি। বৰ্ধিত গাহৰিৰ বাবে তৈয়াৰ কৰা ভাল খাদ্য প্ৰজনন কৰোৱাৰ সাতৰ পৰা দহ দিন আগত ডেকেৰি আৰু মাতৃ গাহৰিক খুৱালে ডিম্ব নি:সৰনৰ হাৰ বাঢ়ে। প্ৰজনন কৰোৱাৰ পিছত মাতৃ আৰু ডেকেৰি গাহৰিক ছয় সপ্তাহলৈক সীমিত পৰিমাণৰ সন্তুলিত খাদ্য খুৱাব লাগে, আৰু ইয়াৰ পিছত পূৰ্ণ খাদ্য আৰম্ভ কৰিব পাৰি। গৰ্ভৱতী গাহৰিৰ যতন পৰিচাৰ্য্য গাহৰিৰ গৰ্ভাৱস্থাৰ সময়কাল ১০৯-১২০ দিনলৈ ব্যপ্ত আৰু গড়ে ১১৪ দিন। গৰ্ভৱতী গাহৰিবিলাক জাক হিচপে বেলেগে ৰাখিব লাগে আৰু নতুন কোনো গাহৰি এইটো জাকত দিব নালাগে কাৰণ কেতিয়াবা নতুল গাহৰিৰ লগত ইহঁতে যুঁজ দিব পাৰে যাৰ ফলত গৰ্ভপাত ঘটিব পাৰে। গৰ্ভৱতী ডেকেৰি আৰু মাতৃ গাহৰিকো বেলেগে ৰখাৰ বাবে পৰামৰ্শ দিয়া হয়। প্ৰায় ৩ বৰ্গ মিটাৰৰ দুটা শুকান কোঠালি প্ৰত্যেক গৰ্ভৱতী গাহৰিৰ বাবে থকা প্ৰয়োজন। গৰ্ভৱতী গাহৰিবিলাকক প্ৰত্যেকদিনা ৰাতিপুৱা ভাগত মুক্তভাৱে চৰিবলৈ দিব লাগে বা যদি আছে তেন্তে ঘাঁহ খাবলৈ দিব লাগে। মুকলি ঘাঁহচৰা যদি খেতি কৰা হৈছিল তেন্তে পৰিষ্কাৰ বুলি ধৰি লোৱা হয়। পিয়নৰ পৰিচাৰ্য্য পৰিচালনা পিয়নৰ সময়টো হ’ল গাহৰি উৎপাদনৰ এটা অতিশয় সংকটৰ সময়। পিয়নৰ সময়ত আৰু পিয়নৰ পৰা এসপ্তাহ সময়ৰ ভিতৰত মৃত্যুৰ হাৰ সৰ্বাধিক। মাতৃ গাহৰিক গাৰ্ড ৰেইল আৰু পোৱালিৰ বাবে নিৰাপদ স্থান যুক্ত কোঠালি বা বিশেষ পিয়ন ঘৰত পোৱালি দিবৰ বাবে নিব পাৰি। গাৰ্ড ৰেইল আৰু পোৱালিৰ বাবে নিৰাপদ স্থান যুক্ত কোঠালিও পিয়নৰ বাবে যথেষ্ট। পোৱালিবিলাকৰ বয়স তিনিৰ পৰা চাৰি দিন হোৱলৈ কোঠালিটোৰ উষ্ণতা ২৪ ডিগ্ৰী ছেলছিয়াছ ৰ পৰা ২৮ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত আৰু এসপ্তাহ বয়স হোৱালৈ ১৮ ডিগ্ৰী ছেলছিয়াছ ৰ পৰা ২২ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত ৰাখিব লাগে। তাপ দিয়া লেম্প মজিয়াৰ পৰা ৪৫ ছে.মি. উচ্চতাত ভালধৰে ৰক্ষনাবেক্ষণ দি ৰাখিব লাগে। পিয়ন দিয়া কোঠালিটো পোৱালি দিবলৈ গাহৰি আনাৰ আগতে ভালকৈ চাফ-চিকুন কৰি ল’ব লাগে। ই পোৱলিবিলাকক হ’ব পৰা বহু বেমাৰৰ পৰা ৰক্ষা কৰিব। পিয়ন দিব লগা গাহৰিক সম্ভাব্য পিয়নৰ সময়ৰ পৰা অন্ততঃ এসপ্তাহ আগতেই পিয়ন কোঠালিত আনিব লাগে যাতে ই নতুন পৰিৱেশৰ লগত পৰিচিত হ’ব পাৰে। পিয়ন কোঠালিত আনোতে ইয়াক ভালকৈ ধুই চাফা কৰি ল’ব লাগে। সচৰাচৰ দিয়া দানা মিশ্ৰনৰ এক তৃতিয়াংশ চাপৰ যোগ দি খাদ্যখিনি অধিক আঁহযুক্ত কৰিব লাগে।পোৱলি দিয়ালৈকে দানাৰ মাত্ৰাও এক তৃতীয়াংশ কমাব লাগে। মাতৃ গাহৰিক পিয়নৰ সঠিক সময়ৰ বাবে নিৰিক্ষণ কৰিব লাগে আৰু পিয়নৰ ১২ ঘন্টা আগলৈকে কোনো খাদ্য দিব নালেগে। পিয়নৰ সময়কানত যতন পিয়নকালত এজন সহায়কাৰী উপস্থিত থাকিব লাগে। অন্যথা বহু পোৱালি মৃত্যু মুখত পৰিব পাৰে। সাধাৰণতে ২ ৰ পৰা ৪ ঘন্টাৰ ভিতৰত পিয়ন সম্পূৰ্ণ হয়। সম্পূৰ্ণ পোৱলি ওলোৱাৰ লগে লগে পোৱালি বোৰক নিৰাপদ ঠাইত সঠিক উঞ্চতাত ৰাখিব লাগে। প্ৰত্যেক পোৱলিৰে বীজলুৱা পদাৰ্থবোৰ আঁতৰাব লাগে যাতে উশাহ-নিশাহ লোৱাৰ পথবোৰ মুকলি হোৱাটো নিশ্চিত হ’ব পৰা যায়। নাভিডাল গুৰিৰ পৰা ২-৫ ছে.মি দূৰত বান্ধি লৈ বীজাণুমুক্ত কেচিৰে কাটিলৈ আয়’ডিন লগাই দিব লাগে। পোৱালিবিলাক জন্মৰ পিছতেই মাকৰ গাখীৰ খাবলৈ দিব লাগে। দুদিনৰ ভিতৰতে ইহঁতে নিজ পচন্দৰ ওহাৰ বাটটো নিজৰ বাবে স্থায়ী কৰি লয়। প্ৰথম প্ৰথম ইহঁতে ২৪ ঘন্টাত প্ৰায় ৮-১০ বাৰ গাখীৰ খায়। আৰম্ভণিৰ দুই সপ্তাহ মাতৃৰ দ্বাৰা হেঁচা মৰাটো প্ৰতিৰোধ কৰিব লাগে। গাখীৰ দাঁত (নিডল টিথ)আতঁৰোৱা প্ৰত্যেক হনুৰ ফালে দুই যোৰকৈ চাৰিযোৰ চোকা দাঁতলৈ পোৱালিবিলাকৰ জন্ম হয়। ইহঁতৰ কোনো বাস্তৱিক মূল্য নাই আৰু এইবোৰে গাখীৰ খোৱাৰ সমযয়ত মাতৃৰ ওহাৰত বা আন পোৱালিক আঘাত দিব পাৰে। জন্মৰ লগে লগে এইবোৰ উলিয়াই দিলে গাখীৰ খোৱাৰ সময়ত মাতৃৰ ওহাৰত হ’ব পৰা আঘাতৰ পৰা হাত সাৰি খাকিব পাৰি। গাহৰি পোৱালিৰ ৰক্তহীনতা এনিমিয়া বা ৰক্তহীনতা হ’ল গাহৰি পোৱালিবিলাকৰ সচৰাচৰ হোৱা পুষ্টিজনিত বেমাৰ। এই অৱস্থাটো আয়ৰণ খুৱাই বা বেজীৰে গাত সুমুৱাই দি প্ৰতিৰোধ কৰিব পাৰি। মাতৃগাহৰিৰ ওহাৰত ফেৰাচ চালফেটৰ সংপিক্ত(০.৫ কিলোগ্ৰাম ফেৰাচ চালফেট ১০ লিটাৰ পানীত মিহলাই) দ্ৰৱ চটিয়াই বা মোহাৰি দি গাহৰি পোৱলিৰ খোৱাৰ সুবিধা কৰি দিব পাৰি। এই দ্ৰৱটো পোৱালি জন্ম হোৱাৰ পৰা পোৱালিবিলাকে ইহঁতৰ বাবে বনোৱা খাদ্য খোৱালৈকে দি থাকিব লাগে। মাংসপেশীত আয়ৰণ ডেস্কট্ৰান বেজী দিয়াটোও ৰক্তহীনতা প্ৰতিৰোধ কৰাৰ এটা ফলপ্ৰসু উপায়। মাউৰা গাহৰি পোৱালিৰ লালন-পালন পোৱলি জন্ম দিয়াৰ পিছতে মাতৃ গাহৰিৰ মৃত্যু, ওহাৰ ফুলা বেমাৰ, মাতৃ গাহৰিয়ে পৰাতকৈ অধিক পোৱালিক পোহপাল দিয়াৰ অপৰাগতা আদিৰ বাবে পোৱলি বিলাক মাউৰা হয়। যদি অলপ আগতে আন এটা গাহৰিয়ে পিয়ন দিছে তেন্তে পোৱালিবিলাক সেইটো গাহৰিৰ তত্বৱধানত দিব পাৰি। এই স্থানান্তৰ পোৱলি জন্মৰ অলপ দিনৰ ভিতৰতে কৰিব লাগে কাৰণ যিটো গাহৰিলৈ স্থানান্তৰ কৰিব পৰা খোজা হৈছে তাৰ ব্যৱহাৰ নোহোৱা ওহাৰৰ অংশ খিনিৰ পৰা অতি সোনকালে গাখীৰ ওলোৱা বন্ধ হৈ যাব। নতুনকৈ যোগ দিয়া পোৱলিবিলাক নতুন মাতৃৰ গ্ৰহণযোগ্যতাৰ বাবে মাতৃ গাহৰিক অলপ সময়ৰ বাবে পোৱালি জাকটোৰ পৰা আঁতৰাই আনি পোৱালিবিলাক যোগ দি গোন্ধ ধৰি ৰাখিবলৈ ইহঁতৰ ওপৰত বীজাণুনাশক বা অইন কিবা দ্ৰৱ চটিয়াই দিব লাগে। গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰৰ জৰিয়তেও মাউৰা পোৱালি পুহিব পৰা যায়। গাখীৰৰ পৰিৱৰ্ত্তিত আহাৰ কণীৰ কুসুম এক লিটাৰ গৰুৰ গাখীৰত মিহলাই বনাব পৰা যায়। আয়’ৰনৰ বাহিৰে এই মিশ্ৰন সম্পুৰ্ণ ৰূপে সন্তুলিত। আয়ৰণহীনতা পৰিপূৰণ কৰিবলৈ এক লিটাৰ গাখীৰত আঠ ভাগৰ এভাগ চামুচ ফেৰাচ চালফেট যোগ দিব পাৰি। আয়ৰণৰ বেজীও ব্যৱহাৰ কৰিব পাৰি। খাচীকৰা তিনি বা চৰি সপ্তাহ বয়সত প্ৰজননৰ বাবে বাচনি নকৰা মতা গাহৰি পোৱালি বিলাকক খাহী কৰিব পাৰি। দুগ্ধ দানৰ সময়ৰ ব্যৱস্থাপন মাতৃ গাহৰি আৰু ডেকেৰিবিলাকক দুগ্ধ দানৰ সময়ত ভালকৈ আহাৰ যোগান ধৰিব লাগে। সম্পূৰ্ণৰূপে খুওৱাৰ সময়ত মাতৃ গাহৰিক ইয়াৰ বাবে দিয়া খাদ্যৰ উপৰিও ই পোহপাল দি থকা প্ৰত্যেক পোৱালিয়ে প্ৰতি ০.৫ কি.গ্ৰাম হিচাপত অধিক দানা লাগে। মাতৃৰ পৰা পোৱালি পৃথক কৰা সাধাৰণতে 8 সপ্তাহত পোৱলিবিলাকক মাকৰ পৰা পৃথক কৰা হয়। পৃথক হোৱাৰ ফলত হোৱা হেঁচা কম কৰিবলৈ পোৱলিবিলাকক প্ৰত্যেক দিনাই অলপ সময়ৰ বাবে মাতৃৰ পৰা পৃথক কৰা হয় আৰু খুৱাটো কমাই দিয়া হয়। পৃথক কৰাৰ দুই সপ্তাহৰ ভিতৰত পোৱলিবিলাকৰ পেলু নিবাৰন কৰা হয়। দুই সপ্তাহৰ ভিতৰত পোৱালি বিলাকক ১৮ শতাংশ প্ৰ’টিনযুক্ত পোৱালি দানাৰ পৰা ২০ শতাংশ প্ৰ’টিনযুক্ত বৰ্ধনশীল গাহৰিৰ দানালৈ পৰিবৰ্ত্তিত কৰিব লাগে লাগে।সমান বা প্ৰায় একে বয়সৰ ২০ টা পোৱালিৰ জাকক এটা কোঠালিত ৰাখিব পাৰি। গাহৰিৰ বেমাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সকলো গাহৰিকে চোৱাইন ফিভাৰ বেমাৰ প্ৰতিৰোধী ভেকচিন ২-৪ সপ্তাহৰ ভিতৰত দিব লাগে। প্ৰদজননৰ বাবে ব্যৱহাৰ কৰিবলগীয়া গাহৰিবিলাকৰ ব্ৰু’চেল্ল’চিচ আৰু লেপ্ট’স্পাইৰ’চিচ বেমাৰৰ পৰীক্ষা কৰিব লাগে। পোৱালিবিলাকক মাতৃৰ পৰা পৃথক কৰোতে ইহঁতক চোৱাইন ফিভাৰ বেমাৰৰ প্ৰতিৰোধক দিব লাগে। মৰ বাবে ক্ৰয় কৰা গাহৰিবিলাক বেমাৰ মুক্ত জাকৰ পৰা কিনিব লাগে। নতুনকৈ কিনি অনা গাহৰি বিলাক পামত থকা অন্য গাহৰিৰ পৰা অন্তত তিনি চাৰি সপ্তাহ পৃখকে ৰাখিব লাগে।পামত বাহিৰা মানুহ প্ৰৱেশ কৰিব দিব নালাগে। গাহৰি উলিয়াই দিয়া কোঠালিবিলাক বেমাৰ সৃষ্টি কৰিব পৰা বীজানুনাশকৰ বাবে অন্তত তিনি চাৰি সপ্তাহ খালী ৰাখিব লাগে। বিজ্ঞানভিত্তিক গাহৰি পালন উৎস: আইএনডিজি দল।