ব্ৰুছেল’ছিছ এবিধ জীৱ-জন্তৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগ। এই ৰোগ ব্ৰুছেলা নামৰ বেক্টেৰিয়াৰ দ্বাৰা বিয়পে। মানুহৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ সমূহ কেনেকুৱা হয়? পানী লাগে আৰু কপি কপি জ্বৰ উঠে। মুৰ, চকু, ডিঙি, বুকু আৰু গাঠিঁৰ বিষ হয়। শুক্ৰকোষ ফুলা, গৰ্ভপাত, জণ্ডিছ, স্নায়ু দুৰ্বল ইত্যাদি লক্ষণো দেখা দিয়ে। জীৱ-জন্তৰ ব্ৰুছেল’ছিছ কেনে ধৰণে দেখা দিয়ে? যোনিৰ পৰা ৰঙচুৱা, লেতেৰা, বীজলুৱা পদাৰ্থ বাহিৰ হয়। গৰ্ভধাৰণৰ ৬ ৰপৰা ৮ মাহৰ ভিতৰত গৰ্ভপাত হয়। প্ৰসৱৰ পিছত ফুলা বা জল সময় মতে ওলাই নাহে। গৰ্ভতে মৃত বা দুৰ্বল পোৱালি জন্ম হয়। ওহাৰ আৰু ভৰিৰ গাঁঠি ফুলে। গাই জনী প্ৰজননৰ পিছতো বাৰে বাৰে গৰ্ভধাৰণত বিফল হয়। গাখীৰ উৎপাদন লক্ষণীয় ভাৱে কমি যায়। মানুহৰ দেহলৈ ব্ৰুছেল’ছিছ কেনেকৈ বিয়পে? গোহালিত কাম কৰা ব্যক্তি সকলে হাত নুধুৱাকৈ ত৬আমোল-ধপাত আদি খালে। বিনাশ দিয়া গাই জনীৰ ফুল, মৃত পোৱালি ইত্যাদি পেলাই পৰিষ্কাৰ-পৰিচন্ন নহ’লে। দেহৰ কটা-ছিঙা অংশৰ লগত গাই জনীৰ গৰ্ভপাতৰ অৱশিষ্ট অংশ সংস্পৰ্শলৈ আহিলে। কেচাঁ গাখীৰ বা কেচাঁ গাখীৰৰ উৎপাদিত খাদ্য-সামগ্ৰী খালে। ব্ৰুছেল’ছিছ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কেনেকৈ কৰিব? মানুহৰ ক্ষেত্ৰত : যি কোনো বস্তু খোৱাৰ আগতে হাত দুখন পৰিষ্কাৰকৈ ধুব লাগে। গাখীৰ ভালকৈ উতলাই খাব লাগে। ব্ৰুছেল’ছিছৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। জীৱ-জন্তৰ ক্ষেত্ৰত : গাখীৰ আৰু তেজৰ নমুনা সময়ে সময়ে পৰীক্ষা কৰা উচিত। নতুন চেউৰী বা গাই আছুতীয়াকৈ ৰাখি ব্ৰুছেলা ৰোগৰ পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে। সদায় কৃত্ৰিম প্ৰজননৰ বৱস্থা কৰিব লাগে। ষাড় গৰু প্ৰজননৰ বাবে ব্যৱহাৰ কৰিলে ব্ৰুছেল’ছিছৰ পৰীক্ষা কৰিব লাগে। প্ৰসৱ বা গৰ্ভপাতৰ পাছত বাহিৰ হোৱা ফুল, মৃত পোৱালি ইত্যাদি ভালকৈ দ’ গাত খান্দি চূণ দি পুতি থ’ব লাগে। ব্ৰুছেল’ছিছৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। লেখক: ড° ডি. প. বৰা, মূখ্য গৱেষক, ডি. বি. টি. প্ৰজেক্ট, অনুজীৱ বিজ্ঞান বিভাগ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী