পৰম্পৰাগত কৃষি বিকাশ যোজনা পৰম্পৰাগত কৃষি বিকাশ যোজনা (প.ক.বি.যো) হ’ল ৰাষ্ট্ৰীয় সুনিশ্চিত কৃষি বিকাশ যোজনাৰ অন্তৰ্গত ভুমি স্বাস্থ্য নিয়ন্ত্ৰণ যোজনাৰ এক বৃহত্তৰ অংশ বিশেষ| এই পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত ক্লাষ্টাৰ বিশেষে জৈৱক গাওঁৰ সৃষ্টিৰ জৰিয়তে জৈৱিক কৃষিৰ সম্প্ৰসাৰণ কৰা আৰু পি.জি.এচ্ প্ৰমাণ-পত্ৰ প্ৰদান কৰা| পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ সম্ভাৱনীয়তা আঁচনি খনৰ ৰুপৰেখাপ্ৰমাণিত জৈৱিক কৃষিৰ জৰিয়তে ব্যৱসায়ীক ভিত্তিত জৈৱিক কৃষিৰ উৎপাদনক সম্প্ৰসাৰণ কৰা|উৎপাদিত সামগ্ৰী ৰাসায়নিক কীটনাশকৰ অৱশিষ্ট যুক্ত যিয়ে উপভোক্তাৰ সুস্বাস্থ্য বৰ্ধনত সহায়ক হ’ব|ই কৃষক অধিক লাভাম্বিত কৰিব আৰু ব্যৱসায়ী সকলৰ বাবে বজাৰৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব|ই কৃষক সকলক প্ৰাকৃতিক সম্পদৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ উদ্ধুদ্ধ কৰিব| যোজনাৰ ৰুপায়ন পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কৃষক গোট বিলাকক জৈৱিক কৃষিৰ বাবে উদ্ধুদ্ধ কৰা| এই আঁচনিৰ অধীনত ৫০ বা ততোধিক কৃষকৰ এটা ক্লাষ্টাৰ গঠন কৰা-যিসকলৰ অধীনত জৈৱিক কৃষিৰ বাবে নুন্যতম ৫০ একৰ মাটি আছে| এই ধৰণে ৩ বছৰৰ ভিতৰত ১০,০০০ ক্লাষ্টাৰ গঠনৰ জৰিয়তে ৫ লাখ একৰ কৃষি ভুমিত জৈৱিক কৃষি কৰা| জৈৱিক কৃষিৰ প্ৰমাণ-পত্ৰৰ বাবদ হোৱা খৰচৰ বাবে কৃষক সকল দায়বদ্ধ নহব| তিনি বছৰত বীজ সিঁচাৰ পৰা শস্য চপোৱা আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ পৰিবহণ কৰাৰ বাবদ প্ৰতিজন কৃষকক প্ৰতি একৰ ভুমিৰ বিপৰীতে ২০,০০০ টকাকৈ প্ৰদান কৰা হ’ব| থলুৱা সম্পদ ব্যৱহাৰ কৰি জৈৱিক কৃষি কৰাৰ বাবে উদ্ধুদ্ধ কৰা আৰু জৈৱিক ভাৱে উৎপাদিত সামগ্ৰী বজাৰৰ লগত সংযোজন কৰাই দিয়া| ই ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব আৰু কৃষক সকলৰ সহযোগিতাৰে জৈৱিক সামগ্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা| অংশ বিশেষ আৰু সহায়ক সবিশেষ ১)ক্লাষ্টাৰ ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণকাৰী নিশ্চিত পদ্ধতি প-পত্ৰ প্ৰদান| কৃষকৰ সম্প্ৰসাৰণ/ পি.জি.এচ প্ৰমাণপত্ৰৰ বাবে স্থানীয় বাসিন্দাৰ ৫০ একৰ ভুমি ক্লাষ্টাৰ গঠন| নিৰ্বাচিত অঞ্চলত জৈৱিক কৃষি (ক্লাষ্টাৰ) গোট গঠনৰ বাবে কৃষক সভা, পৰ্যালোচনা, প্ৰতিজন কৃষকৰ বাবে ২০০ টকা| জৈৱিক কৃষি ক্ষেত্ৰত গোট সদস্য সকলৰ প্ৰদৰ্শনমুলক ভ্ৰমণ: প্ৰতিজন কৃষকৰ বাবে ২০০ টকা| গোট গঠন, পি.জি.এচৰ বাবে কৃষক প্ৰেৰিত কৰা আৰু গোটৰ পৰা নেতৃত্ব দিব পৰা সমল (LRP) ব্যক্তি চিনাক্ত কৰা জৈৱিক কৃষিৰ ওপৰত গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া( ৩ টা প্ৰশিক্ষণ @ ২০,০০০ টকা প্ৰতি প্ৰশিক্ষণ) পি.জি.এচ্ প্ৰ-পত্ৰ আৰু মানদণ্ড নিয়ন্ত্ৰণ:- পি.জি.এচ্ প্ৰ-পত্ৰৰ বাবে দুদিনীয়া প্ৰশিক্ষণ @ ২০০ টকা প্ৰতিজন সমক ব্যক্তি (LRP) প্ৰশিক্ষকৰ প্ৰশিক্ষণ (২০) নেত্ৰীয় সমল ব্যক্তি (LRP) @ ২৫০ টকা প্ৰতিদিন/ প্ৰতি গোট ৩ দিনৰ বাবে| অন্লাইন নাম ভৰ্তিকৰণ @ ১০০ টকা প্ৰতি সদস্য গোট x ৫০ মাটিৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ (২১ নমুনা/প্ৰতি বছৰ/ প্ৰতি গোট) @ ১৯০ টকা প্ৰতি নমুনা তিনি বছৰৰ বাবে| জৈৱিক পদ্ধতিলৈ পৰিৱৰ্তন, দ্ৰব্যৰ ব্যৱহাৰ, শস্যৰ উৎপৰিৱৰ্তন, জৈৱিক সাৰৰ প্ৰয়োগ ইত্যাদিৰ লিখিত খট্পত্ৰ প্ৰস্তুত কৰিব লাগে| পি.জি.এচ্ প্ৰ-পত্ৰৰ বাবে ২০০ টকা প্ৰতি সদস্য x ৫০ পথাৰ পৰিদৰ্শন সদস্য গোটৰ বাবে ৪০০ টকা প্ৰতি পৰিদৰ্শন x ৩(বছৰত ৩ বাৰ পৰিদৰ্শন কৰা হ’ব) NABL ত নমুনাৰ অৱশিষ্ট বিশ্লেষণ (৮ টা নমুনা প্ৰতি বছৰ প্ৰতি গোট) @ ১০,০০০ টকা প্ৰতি নমুনা| প্ৰমাণ পত্ৰ মাননী প্ৰশাসনিক খৰচৰ প্ৰমাণ পত্ৰৰ| ২) জৈৱিক গাওঁ গ্ৰহণৰ জৰিয়তে পচন সাৰ পৰিচালনা/ নিয়ন্ত্ৰণ আৰু জৈৱিক নাইট্ৰজেন সংশ্লেষণ গোট বিশেষে গোটে প্ৰতি জৈৱিক কৃষিৰ বাবে কাৰ্যকৰী আঁচনি| জৈৱিকলৈ ভুমি পৰিৱৰ্তন @ ১০০০ টকা/ প্ৰতি একৰ x ৫০ কৃষি প্ৰণালীৰ উপস্থাপন; জৈৱিক বীজ সংগ্ৰহ বা জৈৱিক নাৰ্চাৰীৰ ব্যৱস্থাপন @ ১৫০০ টকা/ অংশ/ একৰ x ৫০ একৰ থলুৱা জৈৱিক উপাদান উৎপাদন ক্ষেত্ৰ যেনে- পঞ্চগব্য, বীজমুৰ্থা, জীৱমুৰ্থা ইত্যাদি @ ১৫০০ টকা/ ক্ষেত্ৰ/ একৰ x ৫০ একৰ জৈৱিক নাইট্ৰ’জেন সংশ্লেষণ শস্য (গ্লাইৰিচিডিয়া, চেচবেনীয়া ইত্যাদি) @ ২০০০ টকা/ একৰ x ৫০ একৰ সংহত পচন সাৰ পৰিচালনা/ নিয়ন্ত্ৰণ পনীয়া জীৱাণু সাৰ (নাইট্ৰজেন সংগৃহীত/ ফছফৰাছ দ্ৰৱনীয়/ পটাছ পৰিবাহী জীৱাণু সাৰ) @ ৫০০ টকা/ একৰ x ৫০ পনীয়া জৈৱ কীটনাশক (ট্ৰাইক’ডাৰমা ভিৰিডি, চিউডম’নাচ্ ফ্লৰ’চেনচ্, মেটাৰহাইজিয়াম, বীভেৰিয়া বেচিয়ানা, পেচিল’ও মাইচিচ্, ভাৰ্টিচিলিয়াম) @ ৫০০ টকা/ একৰ x ৫০ নীম খলিটহ/ নীম তেল @ ৫০০ টকা/ একৰ x ৫০ ফছফৰাচযুক্ত জৈৱিক সাৰ/ জাইম দানা @ ১০০০ টকা প্ৰতি একৰ x ৫০ কেচু সাৰ (৭’x৩’x১’) @ ৫০০০ টকা/ ক্ষেত্ৰ x50 কাষ্টম হায়ৰিং চেণ্টাৰ (CHC) মাননী কৃষি সজুলি (SMAM নিয়মাৱলী অনুসৰি)-পাৱাৰটিলাৰ, ক’ন’উইদাৰ, পেদী থ্ৰেচাৰ, ফাৰ’ওপেনাৰ, স্প্ৰেয়াৰ, ৰোজকেন, টপ পেন বেলেনচ উদ্যান শস্যৰ বাবে খোজ কাঢ়িব পৰা নলা (MIDH ৰ নিয়মাৱলী মতে) গোহালি/ হাঁহ-কুকুৰা গড়াল/ গাহৰী গড়াল- জীৱ-জন্তুৰ পচন সাৰ (গোখুল আঁচনিৰ নিয়মাৱলী মতে) পেকিং, লেৱেলিং আৰু ব্ৰেডিং গোটৰ জৈৱিক দ্ৰৱ্যৰ বাবে- পেকিং সামগ্ৰী পি.জি.এচ্ ল’গ’+ হ’ল’গ্ৰাম @ ২৫০০ টকা প্ৰতি একৰ x ৫০ জৈৱিক দ্ৰব্যৰ পৰিবহণ (চাৰিচকীয়া বাহন ১.৫ টন বহন ক্ষমতা সম্পন্ন) @ ১,২০,০০০ টকা সৰ্বাধিক, প্ৰতি গোটৰ বাবে ১ খন জৈৱিক মেলা (সাহাৰ্য সৰ্বাধিক @ ৩৬,৩৩০ টকা প্ৰতি গোট) উৎস: Department of Agriculture,Cooperation and Farmers Welfare