সবলীকৰণ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ হেতু ক্ষমতাৰ উৎকৰ্ষ সাধন প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চন যোজনাৰ জৰিয়তে অগভীৰ নলী-নাদ আৰু অন্যান্য জলসিঞ্চন তথা জল বিভাজন ব্যৱস্থাৰে প্ৰতিখন খেতিপথাৰলৈ পানীৰ যোগান। দীন দয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনাৰ জৰিয়তে গাঁওসমূহৰ বিদ্যুতীকৰণ। এক লাখ ‘ছলাৰ পাম্প’ সংস্থাপনৰ বাবে অনুমোদন। ভূমিৰ উৰ্বৰতা বৃদ্ধিত সহায়ক হোৱাকৈ ‘ছইল হেলথ কাৰ্ড’। নীমৰ প্ৰলেপযুক্ত ইউৰিয়াৰ ব্যৱহাৰ- ‘নতুন ইউৰিয়া নীতি’ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে পূব-ভাৰতত সাৰ কাৰখানাসমূহৰ পুন:জীৱিতকৰণ। ঋণ প্ৰাপ্তিৰ সুবিধা নিশ্চিত কৰাৰ বাবে কৃষি ঋণৰ লক্ষ্য ৮.৫ লাখ কোটি টকালৈ বৃদ্ধি। ম’বাইল সেৱাৰ মাধ্যমত ৫৫০ কোটিতকৈ অধিক এছ এম এছৰ জৰিয়তে প্ৰায় ১ কোটি কৃষকক পৰামৰ্শ প্ৰদান। ‘কিষাণ টিভি’-বতৰৰ তৎকালীন বতৰা তথা কৃষি সন্দৰ্ভীয় বিভিন্ন শেহতীয়া তথ্য, সফলতাৰ কাহিনী ইত্যাদিৰে কৃষকৰ বাবে সমৰ্পিত ২৪×৭ টিভি চেনেল সমৃদ্ধি কৃষি প্ৰণালীক উজ্জীবিত আৰু ফলপ্ৰসূ কৰি সমৃদ্ধি সুনিশ্চিত কৰাৰ লক্ষ্য পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ জৰিয়তে জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি উদগণি। ৰাজ্যসমূহৰ সৈতে মিলি ৰাষ্ট্ৰীয় কৃষি বজাৰৰ স্থাপন। কুঁহিয়াৰ খেতিয়কসকলৰ সুবিধাৰ বাবে ইথানল ব্লেণ্ডিং ২৫% বৃদ্ধি কৰাৰ লগতে আমদানি শুল্কৰ হাৰ বৃদ্ধি। কৃষকৰ স্বাৰ্থ আৰু হিত সুনিশ্চিত কৰাৰ বাবে ‘বিশ্ব বাণিজ্য সংস্থা’ত দৃঢ় স্থিতি গ্ৰহণ সাহাৰ্য্য বিপদৰ সময়ত সহায়ৰ হাত নষ্ট হোৱা শস্যৰ বাবদ ক্ষতিপূৰণ ডেৰ গুণে বৃদ্ধি সাহাৰ্য্য লাভৰ বাবে নিৰ্ধাৰিত ক্ষতিৰ পৰিমাণ ৫০% ৰ পৰা ৩৩% লৈ হ্ৰাস। শস্য আহৰণৰ বাবে নিৰ্ধাৰিত নীতি-নিৰ্দেশনাৰ শিথিলকৰণ ঋণ ব্যৱস্থাৰ পুন:বিন্যাস আৰু নতুন সময়সীমা নিৰ্ধাৰণ ডিজেলৰ ছাবছিডিৰ লগতে বীজৰ ছাবছিডি ৫০% বৃদ্ধি। উৎস: দৈনিক অসম।