ধান এবিধ অৰ্দ্ধ নিমজ্জিত উদ্ভিদ৷ ধানৰ গা-গছ জোপাৰ আধা অংশ পানীত ডুব গৈ থাকে৷ মাছ ধাননি পাৰিপাশ্বিক তন্ত্ৰৰ এক মুখ্য জৈৱিক উপাদান ৷ মাছ অবিহনে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ আজি কালি বিভিন্ন কাৰণত ধাননি পথাৰসমূহত মাছৰ সংখ্যা কমি আহিছে ৷ সেয়েহে ধাননিৰ পাৰিপাশ্বিক তন্ত্ৰ সম্পূৰ্ণ নহয়৷ ধাননি পথাৰত সমন্বিত পদ্ধতিৰে মীন পালন কৰিলে ধান আৰু মাছ উভয়েই উপকৃত হয়৷ সমন্বয়ৰ উপকাৰীতা ১)পুখুৰী খান্দি খেতি মাটিৰ স্হায়ী বিলুপ্তি নকৰাকৈ মীন পালন৷ ২)একে ডৰা মাটিতে ধান আৰু মাছৰ উৎপাদনৰ ফলত কৃষকৰ বাৰ্ষিক আয় বৃদ্ধি৷ ৩)ধানৰ গা-গছত জন্ম হোৱা পেৰিফাইটন নামৰ অপকাৰী উদ্ভিদ মাছৰ দ্বাৰা নিয়ন্ত্ৰণ৷ ৪)মাছৰ দ্বাৰা ধাননিডৰাৰ অপতৃণ নিয়ন্ত্ৰণ ৷ ৫)মাছে ধানৰ গুৰি খুচৰি থকাৰ ফলত ধাননিত বাতন (Aeration) ক্ৰিয়া সম্পন্ন হয়৷ তাৰ ফলত ধানত লৌহ বিষক্ৰিয়া ৰোধ ৷ ৬)মাছে ধাননিৰ মাটি খুচৰি থকাৰ ফলত লোহাৰ অনুলগত ভৌতিক ভাবে লগ হৈ থকা ফচফৰাচ পানীলৈ মুকলি হৈ ধান আৰু শেলাইৰ বাবে উপলভ্য হয় ৷ ৭)শেলায়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন অধিগ্ৰহন কৰি পৰৱৰ্তী শস্যৰ বাবে মাটিডৰাৰ উৰ্বৰতা বঢ়ায়৷ ৮)মাছৰ মলে ধানক পুষ্টি যোগায় ৷ ৯)ধানৰ উৎপাদন ১৫-৩০% বৃদ্ধি পায় ৷ উপযোগী ধানৰ জাত সমন্বিত ধান-মীন পাম পদ্ধতিৰ বাবে তলত দিয়া গুণ বিশিষ্ট জাতৰ ধান নিৰ্বাচন কৰিব লাগে ৷ ১) উচ্চ উৎপাদনক্ষম ২) সৱল গা-গছ যুক্ত ৩) সহজে বাগৰি নপৰা জাতৰ আহু : ৰঙাদৰীয়া, ফাপৰী, কালচাৰ-১, গোবিন্দ, লাচিত, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷ শালি : মনোহৰ শালি, মনিৰাম, কুশল, শিয়াল শালল, ৰঙা শালি, গুডুমনি, বাহাদুৰ, ইত্যাদি জাতসমূহ ওপৰৰ গুণ বিশিষ্ট ৷ বাও : পি. জে. এন. বি ৯৫-২, পি. জে. এন. বি ৯৬-১০, নেঘেৰী বাও, পদ্মপানি, পানীকেকোঁৱা, ৰূপহী, মাগুৰী, তৰা বাও, ইত্যাদি ৷ উপযোগী মাছৰ প্ৰজাতি সমন্বিত ধান-মীন পাম পদ্ধতিত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প আৰু কমন কাৰ্প মাছ পালন কৰা হয় ৷ এইবোৰ মাছৰ লগতে জাভা পুঠি আৰু ভাঙোন মাছো পালন কৰিব পাৰি ৷ গ্ৰাছ কাৰ্প মাছ এই পদ্ধতিত অতি ডাঙৰ হয় যদিও ই ধানৰ অনিষ্ট সাধন কৰে ৷ সেয়েহে, এই পদ্ধতিত গ্ৰাছ কাৰ্প মাছৰ পালন অনুমোদিত নহয় ৷ সমন্বয়ৰ কৌশল মাটিৰ ভৌগলিক অৱস্থান আৰু ভুমি পৃষ্ঠৰ বৈশিষ্টৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানত: তিনিটা পদ্ধতিত ধান খেতিৰ সমন্বয়ত মীন পালন কৰা হয় ৷ ১) বৰ্ষাকালীন পদ্ধতি (Perennial system) ২) আৱেষ্টনী পদ্ধতি (Enclosure system) ৩) তুল্যকালীন পদ্ধতি (Synchronous system) উৎস: অসম কৃষি বিশ্ববিদ্যালয়।