কুকুৰা পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ কৰি অতি কম খৰছত মাছ উৎপাদনৰ লগতে কুকুৰাৰ কণী উৎপাদন কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷ কুকুৰাৰ মলত ১.৬০ শতাংশ নাইট্ৰ’জেন আৰু ০.৭০ ফচফৰাচ আৰু ০.৭ শতাংশ পটাছ থাকে ৷ সঠিক হাৰত কুকুৰাৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু মাছৰ খাদ্য প্ৰয়োগৰ প্ৰয়োজন নেথাকে ৷ এই আৱৰ্জনাই মাছৰ প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰাৰ উপৰিও কুকুৰাক যোগান ধৰা খাদ্যৰ অৱশিষ্ট আৰু কুকুৰাৰ মল মাছে খাদ্য হিচাবেও গ্ৰহন কৰে ৷ উপযোগী কুকুৰাৰ জাত যি কোনো উন্নত জাতৰ কণী পৰা কুকুৰা এই পদ্ধতিত পালনৰ উপযোগী ৷ কুকুৰাৰ সংখ্যা: প্ৰতি হেক্টৰ পানী কালিৰ বাবে ৫০০-৬০০ টা কুকুৰাৰ প্ৰয়োজন ৷ পুখুৰী নিৰ্মাণ ১) নিম্নতম: ২ কঠা ২) উচ্চতম: ২ বিঘা কুকুৰাৰ গঁৰাল ১)পুখুৰীৰ যি কোনো এটা চুকত গঁৰালটো নিৰ্মাণ কৰিব লাগে ৷ ২)খেৰ, বাঁহেৰে অস্থায়ী ভাবে অথবা পকী খুটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্থায়ী ভাবে গঁৰালটো নিৰ্মাণ কৰিব পাৰি ৷ ৩)স্হায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই মজিয়াখন ছিদ্ৰযুক্ত হোৱা উচিত ৷ অস্থায়ী গঁৰালৰ ক্ষেত্ৰত মজিয়া খন বাঁহৰ চিলিঙি আৰু স্থায়ী গঁৰালৰ ক্ষেত্ৰত লোৰ তাঁৰৰ চিলিঙি বা ছিদ্ৰযুক্ত লোহাৰ পাটেৰে সাজিব পাৰি ৷ মজিয়াৰ ছিদ্ৰসমূহ ৪.০০ – ৬.০০ বৰ্গ ছে: মি: আকাৰৰ হ’ব লাগে ৷ ৪) প্ৰত্যেক কুকুৰাৰ বাবে ০.৩ – ০.৫ বৰ্গ মিটাৰ হিচাবত মজিয়াখন আহল-বহল হব লাগে ৷ ৫) মজিয়া খন পানীৰ পৰা ১.০ মিটাৰ উচ্ছতাত থাকিব লাগে ৷ গঁৰালৰ উচ্ছতা মজিয়াৰ পৰা মুধচলৈ ৩.৬ মিটাৰ আৰু চটিলৈকে ২.৭২ মিটাৰ হব লাগে ৷ ৬) গঁৰালটোত উপযুক্ত দুৱাৰৰ ব্যৱস্থা থাকিব লাগে ৷ ৭) বেৰসমূহৰ তলফালে একতৃতীয়াংশ বতাহ সোমাব নোৱাৰা আৰু ওপৰৰ দুইতৃতীয়াংশ বতাহ চলাচল কৰিব পৰাকৈ চিলিঙি যুক্ত হ’ব লাগে ৷ ৮) গঁৰাললৈ বিজুলী সংযোগ থকাটো বাঞ্চনীয় ৷ পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ ১) উষ‶তা: ২৬০ – ৩২০ চেলচিয়াচ ২) পিএইচ (pH): ৭.৫ – ৮.৫ ৩) মুঠ ক্ষাৰকতা: ৭৫ – ১৫০ পি.পি.এম ৪) দ্ৰৱীভূত অম্লজান: ৫-১০ পি.পি.এম ৫) নাইট্ৰেট: ০০০ ৬) ফচফেট: ০০০ ৭) মুক্ত এমাৰ: ০.১ – ১.০ পি.পি.এম ৮) আৱিলতা: ২০ পি.পি.এমতকৈ কম ৯) কঠিনতা: ২০ পি.পি.এমতকৈ বেছি পুখুৰীৰ প্ৰস্তুতি ১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷ ২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷ ৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে ৷ ৪) পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷ ৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷ ৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSP) প্ৰয়োগ কৰিব লাগে ৷ ৭)ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে৷ পুখুৰীত মোলাৰ উপযোগী পোণা ১)আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷ ২)চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷ ৩)পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷ মাছ পোণাৰ সংমিশ্ৰণ এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০-৫৫০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি৷ ১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ প্ৰজাতি শতকৰা হাৰ ৰৌ ৪০ বাহু ৩০ মিৰিকা ৩০ মুঠ ১০০ ২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ প্ৰজাতি শতকৰা হাৰ ৰৌ ৩৫ বাহু ২৫ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাৰ্প ২০ বাহু ১৫ ৰৌ ১৫ গ্ৰাছ কাৰ্প ১০ মিৰিকা ২০ কমন কাৰ্প ২০ মুঠ ১০০ ৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ: প্ৰজাতি শতকৰা হাৰ চিলভাৰ কাপ ১৮ বাহু ১৪ ৰৌ ১৪ গ্ৰাছ কাৰ্প ৯ জাভা পুঠি ৯ মিৰিকা ১৮ কমন কাৰ্প ১৮ মুঠ ১০০ পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম ১)অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয়৷ ২)মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয়৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷ ৩)অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ‶তা আৰু পুখুৰীৰ পানীৰ উষ‶তা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে৷ গঁৰাললৈ কুকুৰাৰ পোৱালী অনাৰ এমাহৰ পিচত পুখুৰীত মাছৰ পোণা মেলিব লাগে৷ কুকুৰাৰ প্ৰতিপালন এই পদ্ধতিত ৬ – ৮ সপ্তাহ বয়সৰ কুকুৰা পোৱালী গঁৰাললৈ আনিব লাগে৷ পুখুৰীত মাছৰ পোণা মেলাৰ ৩০ দিন আগতে গঁৰাললৈ কুকুৰাৰ পোৱালী আনিব লাগে৷ কুকুৰাৰ পোৱালীৰ বয়স অনুযায়ী বেলেগ বেলেগ পুষ্টিমূল্যৰ খাদ্য যোগান ধৰা উচিত ৷ পোৱালীৰ খাদ্য আঠ (৮) সপ্তাহ বয়সলৈকে ২১-২২% প্ৰ’টিন যুক্ত ‘শ্বিক মেছ’ খুৱাব লাগে৷ প্ৰতিটো পোৱালীক দৈনিক ৪০-৪৫ গ্ৰাম খাদ্য ৩-৪ বাৰত ভগাই দিব লাগে ৷ বাঢ়নৰ খাদ্য ওঠৰ (১৮) সপ্তাহ বয়সলৈকে ১৫-১৬% প্ৰ’টিন যুক্ত ‘গ্ৰোৱাৰ্চ মেশ্ব’ খোৱাব লাগে৷ প্ৰতিটো কুকুৰাক দৈনিক ৫০-৭০ গ্ৰাম খাদ্য ৫-৬ বাৰত ভগাই দিব লাগে৷ কণী পৰা কুকুৰাৰ খাদ্য: ওঠৰ সপ্তাহ বয়সৰ পিচত ১৮-১৯% প্ৰ’টিন যুক্ত ‘লেয়াৰ্চ মেশ্ব’ নামৰ খাদ্য খুৱাব লাগে ৷ প্ৰতিটো কুকুৰাক দৈনিক ১২০-১২৫ গ্ৰাম খাদ্য ৩-৪ বাৰত ভগাই খুৱাব লাগে ৷ কুকুৰাৰ খাদ্য শ্বিক ফিডাৰ নামৰ আহিঁলাত যোগান ধৰিব লাগে ৷ খাদ্য যোগানৰ সময়তে ড্ৰিংকাৰ নামৰ আঁহিলাত বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগে ৷ কুকুৰাৰ কণী পৰাৰ ক্ষমতা পোহৰৰ ওপৰত নিৰ্ভৰশীল ৷ বয়স ২০ সপ্তাহত প্ৰৱেশ কৰাৰ লগে লগে গঁৰালত পোহৰৰ ব্যৱস্হা কৰিব লাগে৷ বিজুলী বাতি বা হাৰিকেন লেম্পৰ সহায়ত কুকুৰাৰ গঁৰালত পোহৰৰ ব্যৱস্থা কৰিব পাৰি ৷ বয়স অনুযায়ী পোহৰৰ প্ৰয়োজনীয়তা তলৰ তালিকাত দিয়া হৈছে ৷ কণী পৰা কুকুৰাৰ গঁৰালত বয়স অনুযায়ী প্ৰয়োজনীয় পোহৰৰ মাত্ৰা৷ বয়স (সপ্তাহ) পোহৰ (ঘন্টা) আন্ধাৰ (ঘন্টা) মন্তব্য ২০ ১৪.০০ ১০.০০ ১৯ সপ্তাহ বয়সলৈকে দিনৰ পোহৰেই যথেষ্ট ৷ ২২ ১৪.৩০ ০৯.৩০ ২৪ ১৫.০০ ০৯.০০ ২৬ ১৫.৩০ ০৮.৩০ ২৮ ১৬.০০ ০৮.০০ ৩৪ সপ্তাহ বয়সৰ পৰা পোহৰৰ মাত্ৰা একে ৰাখিব লাগে ৷ ৩০ ১৬.৩০ ০৭.৩০ ৩২ ১৭.০০ ০৭.০০ ৩৪ ১৭.৩০ ০৬.৩০ কুকুৰাৰ ৰোগ প্ৰতিষেধক ব্যৱস্থা গঁৰালটো পৰিষ্কাৰ পৰিছন্নকৈ ৰখাটো কুকুৰাক ৰোগ প্ৰতিৰোধক প্ৰাথমিক ব্যৱস্থা৷ গঁৰালত সোমাওতে পটাছ পানী নাইবা ফেনাইল পানীৰে হাত-ভৰি ধুই লব লাগে৷ গঁৰালৰ মজিয়া সময়ে সময়ে লোৰ বুৰুজেৰে পৰিষ্কাৰ কৰিব লাগে৷ খাদ্য আৰু পানী যোগান পাত্ৰ প্ৰতি দিনে ধুব লাগে৷ ভাইৰাচ, বেক্টেৰিয়া, ভেঁকুৰ, আদ্য প্ৰাণী আৰু কৃমিয়ে কুকুৰাৰ নানান ৰোগ সৃষ্টি কৰে৷ ৰাণীখেট, ফউল প’ক্স, লেৰিংগোট্ৰেক্টাইটিচ, মাৰেক্স আদি কুকুৰাৰ প্ৰধান ভাইৰাচজনিত ৰোগ৷ এই ৰোগৰ প্ৰতিষেধক হিচাবে সময়মতে ছিটা দিব লাগে৷ এচ্পাৰগিল’চিচ আৰু এফ্লাট’ক্সিক’চিচ ভেঁকুৰে সৃষ্টি কৰা প্ৰধান ৰোগ৷ ভেকুৰজনিত ৰোগৰ হাত সাৰিবলৈ গঁৰালটো ফিউমিগেট (Fumigate) কৰিব লাগে৷ ককচিডিঅ’চিচ নামৰ আদ্যপ্ৰাণীজনিত ৰোগৰ হাত সাৰিবলৈ গঁৰালটো পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ কৃমিৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মাহেকত এবাৰ কৃমিনাশক দৰৱ খুৱাব লাগে৷ কুকুৰাৰ ৰোগ প্ৰতিৰোধৰ বাবে নিয়মিত ভাবে পশুচিকিৎসকৰ পৰামৰ্শ লব লাগে৷ ১০ আৰু ১৮ সপ্তাহ বয়সত কুকুৰাৰ ঠোঁট কটাব লাগে ৷ এই কামত পশু চিকিৎসকৰ সহায় লোৱা উচিত ৷ কুকুৰাৰ কণী সংগ্ৰহৰ ব্যৱস্থা কুকুৰাই ১৮-২০ সপ্তাহ বয়সত কণী পাৰিবলৈ আৰম্ভ কৰে ৷ ২২ সপ্তাহৰ পৰা কণীৰ উৎপাদন নিয়মীয়া হয় ৷ প্ৰতি ৫-৬ জনী কুকুৰাৰ বাবে ৩০.৫০ x ৩০.৫০ x৩০.০০ ছে: মি: আকাৰৰ একোটা কণী পৰা বাকচ গঁৰালত ৰাখিব লাগে ৷ কুকুৰাই সাধাৰণতে দিনত কণী পাৰে ৷ দিনটোত দুবাৰকৈ কণী সংগ্ৰহ কৰিব লাগে ৷ গঁৰালৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ: ১)প্ৰতি দিনে ৰাতিপুৱা গঁৰালৰ মজিয়াখন সাৰি সকলো আৱৰ্জনা পুখুৰীত পৰিব দিব লাগে ৷ ২)মাজে সময়ে পুখুৰীত জমা হোৱা আৱৰ্জনাৰ দ’মটো ঘোন্দালি ভাঙি দিব লাগে ৷ ৩)পুখুৰীত উদ্ভিদ প্লৱকৰ অতিচাৰ বৃদ্ধি পৰিলক্ষিত হ’লে গঁৰালৰ মজিয়াৰ তলত চ’টি বা প’লিথিন স্ক্ৰীন আৰি দি গঁৰালৰ আৱৰ্জনা পুখুৰীত পৰাটো সাময়িকভাবে বন্ধ কৰিব লাগে ৷ পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ ১)এই পদ্ধতিত পানীৰ pH ৰ উত্থান-পতন অতি সঘনে হব পাৰে ৷ সেয়েহে, পানীৰ pH নিয়ন্ত্ৰণ কৰাটো নিতান্তই জৰুৰী৷ ২)পানীৰ pH নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে৷ সঞ্চালন ব্যয় আৰু আয় প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল৷ তালিকৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ৮২,০০০.০০ টকাৰ প্ৰয়োজন৷ এবছৰ পালনৰ পিচত ৪,০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ২,০০,০০০০.০০ টকা পাব পাৰি ৷ অৰ্থাৎ, ৮২,০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ১,১৮,০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ১৪৩.৯০%৷ সঞ্চালন ব্যয় খৰছৰ শিতান পৰিমাণ/সংখ্যা হাৰ খৰছ (টকা) চূণ ২০০০ কি: গ্ৰা: ৫.০০/কি: গ্ৰা: ১০০০০.০০ কেঁচা গোৱৰ ২০০০ কি: গ্ৰা: ০.৫০/কি: গ্ৰা: ১০০০.০০ পোণা ৫০০০ টা ৫.০০/ পোণা ২৫০০০.০০ খাদ্য ২০০০ কি: গ্ৰা: ১০.০০/ কি: গ্ৰা: ২০০০০.০০ বনুৱা ১ জন ২০০০.০০/ মাহ ২৪০০০.০০ মাছ ধৰা খৰছ - - ১০০০.০০ অন্যান্য খৰছ - - ১০০০.০০ সৰ্বমুঠ খৰছ ৮২০০০.০০ আয় আয়ৰ শিতান পৰিমাণ/সংখ্যা বিক্ৰীৰ হাৰ আয় (টকা) মাছ ৪০০ কি: গ্ৰা: ৫০.০০/ কি: গ্ৰা: ২০০০০০.০০ সৰ্বমুঠ আয় ২০০০০০.০০ ব্যয় আৰু আয়ৰ বিশ্লেষণ এক হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ এখন এট্ৰেপ্ৰিউনাৰশ্বিপ আঁচনিৰ ব্যয় আৰু আয়ৰ বিশ্লেষণ তলত দিয়া হ’ল ৷ এই বিশ্লেষণৰ পৰা দেখা যায় যে আচঁনি খন ৰূপায়নৰ বাবে ২,৪১,০০০.০০ টকা মূলধন আৰু সঞ্চালন ব্যয়ৰ বাবে ৮২,০০০.০০ টকা, সৰ্বমুঠ ৩,২৩,০০০.০০ টকাৰ প্ৰয়োজন ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।