বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে প্ৰতিপালন কৰাকে মিশ্ৰিত মীন পালন বোলা হয় ৷ মিশ্ৰিত মীন পালনৰ দ্বাৰা মীন পালক সকলে একেখিনি পানীকালিৰ পৰা বৰ্দ্ধিত হাৰত মাছ উৎপাদন কৰি অধিক লাভৱান হব পাৰে ৷ এই পদ্ধতিত বিভিন্ন মাছৰ খাদ্যাভাস অনুসৰি আৰু বিচৰণ ক্ষেত্ৰ অনুযায়ী, উৎকৃষ্ট অনুপাতত সংমিশ্ৰণ কৰি পুখুৰীৰ পানীৰ প্ৰতিটো স্তৰ আৰু প্ৰাকৃতিক ভাবে মজুত থকা খাদ্যৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰোউপৰি, স্তৰ অনুযায়ী মাছৰ বিভাজন হোৱা বাবে মাছৰ মাজত দ্ৰবীভূত অক্সিজেন, খাদ্য আৰু বিচৰণ ক্ষেত্ৰৰ বাবে প্ৰতিযোগীতা কমি সমানে বঢ়াৰ সুযোগ পায়, ফলত মাছ মুঠ উৎপাদন বৃদ্ধি হয় ৷ পুখুৰীৰ প্ৰস্তুতি সাধাৰণতে ব্যৱহৃত পুখুৰীয়ে মিশ্ৰিত মীন পালনৰ বাবে উপযোগী ৷ পুখুৰীৰ গভীৰতা ২-৩ মিটাৰ ৷ খৰালি কালত নিম্নতম গভীৰতা ২ মিটাৰ ৷ পুখুৰীৰ পানী ওলোৱা- সোমোৱা ব্যৱস্থা থাকিব লাগে ৷ দৰকাৰ হ’লে বাহিৰৰ পৰা পানী দিব পৰা ব্যৱস্থা থাকিব লাগে ৷ পানী ওলোৱা – সোমোৱা পথত ঘন তাঁৰৰ জালি দিব লাগে যাতে বাহিৰৰ পৰা মাছ ভক্ষক আহিব নোৱাৰে ৷ পুখুৰীৰ পাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ পাৰত ওখ ডাঙৰ গছ থাকিব নালাগে ৷ গোটেই পুখুৰীত পোনপতীয়াকৈ ৰ’দ পৰা হব লাগে ৷ পুখুৰীৰ পৰা মাছ ভক্ষক যেনে: কাৱৈ, গৰৈ, ছেং, শাল, শ’ল, বৰালী, ৰিঠা, আৰি, মাগুৰ, শিঙি, কান্দুলি, চিতল, কেকোঁৰা, সাপ, বেং, ভেকুলী, কীট আদি থাকিলে পানী সিঁচি তলি শুকুৱাই বা বাৰে বাৰে জাল মাৰি সম্পূৰ্ণৰূপে আতৰাই পেলাব লাগে ৷ পুখুৰীত জাবৰ-জোথৰ, গছ-গছনিৰ ডাল আদি পেলোৱা, গৰু বা মানুহে গা-ধোৱা, কাপোৰ- বাচন ধোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ৷ চূণ প্ৰয়োগ মাটি ও পানীৰ ক্ষৰকতা, বিজাণুমুক্ত পৰিবেশ আৰু আৰ্বজনাৰ খৰতকীয়া পচন কাৰ্য্যৰ বাবে নিয়মিত চূন প্ৰয়োগ কৰা অত্যন্ত আৱশ্যকীয় ৷ সাধাৰণতে পানী ফৎ৬.৫-৮.৫ ৰ ভিতৰত থাকিব লাগে ৷ সাধাৰণতে পুখুৰীৰ চূণৰ পৰিমাণ: ৪০০ কেজি প্ৰতি হেক্টৰত প্ৰাৰম্ভিক পৰিমাণ ১০০ কেজি প্ৰতি হে. (পোনা মেলাৰ ১৫ দিন আগত) মাহিলী পৰিমাণ ২৭ কেজি প্ৰতি হে. শেষৰ মাহৰ পৰিমাণ চূণ প্ৰয়োগ কৰিব নালাগে (সাধাৰণতে যিটো মাহত জাল মৰা হয়) ৷ বিশেষ পৰিমাণ ২০০ কেজি প্ৰতি হে. (ৰোগাক্ৰান্ত হ’লে) সাৰ প্ৰয়োগ : সাৰ্ পৰিমাণ (কেজি প্ৰতি হে.) মন্তব্য গোৱঁৰ ২০০০ প্ৰৰম্ভিক পৰিমাণ (পোনা মেলাৰ ১৫ দিন আগত) গোঁৱৰ (১১টা ভাগত) ১০০০ প্ৰতি মাহে ইউৰীয়া (pH ৬.৫-৭.৫) ২৫ প্ৰতি মাহে বা এমোনিয়াম ফচফেট (pH > ৭.৫) ৩০ প্ৰতি মাহে বা কেলচিয়াম এমোনিয়াম ৩০ প্ৰতি মাহে নাইট্ৰেট (pH ৫.৫-৬.৫) ২০ প্ৰতি মাহে এচএচপি ২০ প্ৰতি মাহে বা টিএচপি ৮ প্ৰতি মাহে মাছৰ প্ৰজাতিৰ অনুপাত ভকুঁৱা + ৰৌ + মিৰিকা = ৪ + ৩ + ৩ ভকুঁৱা + ৰৌ + মিৰিকা + ক’ম’ন কাৰ্প = ৩ + ৩ + ২ + ২ (গভীৰ পানীত) = ৩.৫ + ১.৫ + ২.৫ + ২.৫ (বাম পানীত) ভকুঁৱা + চিলভাৰ কাৰ্প + ৰৌ + মিৰিকা + ক’ম’ন কাপ + গ্ৰাছ কাৰ্প = ১.৫. + ২.৫ + ১.৫ + ২ + ১.৫ + ১ (গভীৰ পানীত) = ১.৫ + ২ + ২ + ১.৫ + ২ + ১ (বাম পানীত) পোনা মেলাৰ হাৰ : ৫০০০-৬০০০ ফিংগাৰ লিং (১০-১৫ ছে:মি:) প্ৰতি হেক্টৰত ৷ মাছৰ খাদ্য : সম পৰিমাণৰ টুহঁগুৰিৰ লগত খলিহৈ মিহলি কৰি খুৱাব লাগে ৷ খাদ্যৰ হাৰ: মাছৰ দেহৰ ওজনৰ ২-৩% ৷ খাদ্যৰ তালিকা : (এবছৰত প্ৰতি হেক্টৰত ৫০০০ ফিংগাৰলিংৰ বাবে) প্ৰথম মাহত প্ৰতিদিনে ৪ কে:জি: আৰু দ্বিতীয় মাহত ৫ কে:জি: খাদ্যৰ প্ৰয়োজন ৷ তৃতীয় মাহৰ পৰা প্ৰতিদিনে ৬ কে:জি:, ৪ৰ্থ মাহত ৮ কে:জি: ক্ৰমে এবছৰৰ মাহিলী ২ কে:জি: হাৰত খাদ্য বঢ়াই যাব লাগে৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।