জৈৱিক পদ্ধতিৰে কলখেতি আৰু ইয়াৰ সমান্তৰালকৈ অনাদৃত কৃষিভূমি কেনেকৈ উপাৰ্জনমুখী কৰি তুলিব পাৰি-ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ সাংবাদিক দম্পতী মহেন্দ্ৰ দুৱৰা আৰু তেওঁৰ পত্নী বৰ্ণালী বৰুৱাই ।

প্ৰাকৃতিকভাৱেই শিৱসাগৰ জিলা জৈৱিক বৈশিষ্ট্যপূৰ্ণ । ২ বিঘা মাটিৰ ৭৫০ ফুট দীঘল পুখুৰীত ৰৌ, বাহু,কুঢ়ি, মিৰিকা আৰু অন্য থলুৱা জাতৰ মাছ পুহিছে । তাৰোপৰি পুখুৰীৰ পাৰত কল, কুঁহিয়াৰ, ভোট জলকীয়া, তামোল, পাণ, অমিতা আদিৰ খেতি কৰি নিজ গৃহতে এক সেউজ বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে পুখুৰীৰ পাৰত ৫০০ জোপা কলগছ, ২০০ জোপা তামোল আৰু চাৰিবাহ মৌ পালন কৰিছে ।

২০১২ চনৰ পৰা ৩০০ ৰ অধিক উন্নত জাতৰ হাঁহৰ কণী কেৰালাৰ পৰা আনি গোলাঘাটৰ চৰকাৰী হাঁহ-কুকুৰা পামত পোৱালি জগাই পালন কৰিবলৈ লৈছে । দৈনিক গড়ে ৫০ টা কণী উৎপাদন হয় ।

ৰাজ্যৰ কৃষিবিভাগে জলসিঞ্চন ঋণ প্ৰদান, ব্যৱসায়িক ভিত্তিত মীনপালন, হাঁহ-কুকুৰা পালন আদিৰে আজিৰ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ বাট দেখুৱাব পাৰে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰ্ণালী বৰুৱাৰ ‘সাহিত্যৰ কৰণি’ শীৰ্ষক এখন গ্ৰন্থও প্ৰকাশ হৈছে । ২০০১ চনত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে । ২০০৭ চনত কনক চন্দ্ৰ শৰ্মা সাংবাদিকতা বঁটা, মহিলা বিষয়ক শ্ৰেষ্ঠ সংবাদ পৰিৱেশন বঁটা, কুঞ্জবালা সোঁৱৰণী বঁটা, ২০০৮ চনত সদৌ অসম সাংবাদিকতা বঁটা, ২০০৯ চনত আমেৰিকাৰ সৰোজিনী নাইডু বঁটা, ২০০৯ চনত গোলাপ মিশ্ৰ সোঁৱৰণী বঁটা আদি লাভ কৰে ।

উৎস :- নন্দিনী